বন্দুকৰ উপত্যকাত পোহৰৰ ৰেঙনিঃ মুদাচ্ছৰ ডাৰে কেনেকৈ সলনি কৰিলে পুলৱামাৰ 'ব্লেক ভিলেজ'ৰ ছবি

Story by  atv | Posted by  [email protected] • 13 m ago
মুদাছিৰ আহমদ দাৰ
মুদাছিৰ আহমদ দাৰ
 
অনিকা মহেশ্বৰী/নতুন দিল্লী
 
২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ সেই ভয়াৱহ পুলৱামা আক্ৰমণৰ যন্ত্ৰণা আজিও দেশবাসীৰ মনত সজীৱ হৈ আছে। সেই আক্ৰমণৰ পিছত প্ৰশাসন আৰু নিৰাপত্তাৰক্ষীৰ নথিত উপত্যকাটোৰ পাঁচখন গাঁও ক্ৰমে ললহাৰ (কাকাপুৰা), কৰিমাবাদ, গুলজাৰপুৰা-অৱন্তীপুৰা আৰু দৰবগামক গভীৰ ক’লা ৰঙেৰে চিহ্নিত কৰা হৈছিল। এইবোৰেই আছিল সেইখন গাঁও যাক 'ব্লেক ভিলেজ' বা ক’লা গাঁও বুলি জনা গৈছিল, য’ত ৰিয়াজ আহমেদ, সমীৰ টাইগাৰ আৰু আয়ুব লালহাৰীৰ দৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ ৰাজত্ব চলিছিল।
 
সন্ত্ৰাসৰ পৰিৱেশ এনেকুৱা আছিল যে সাধাৰণ নাগৰিকে মুখত 'ভাৰত'ৰ নাম পৰ্যন্ত ল'ব নোৱাৰিছিল। সন্ত্ৰাসবাদীয়ে মুকলি ফৰমান জাৰি কৰিছিল: "যদি কোনো গাঁৱৰ মানুহ আৰক্ষী বা প্ৰশাসনৰ ওচৰলৈ যায়, তেওঁক আমাৰ শত্ৰু বুলি গণ্য কৰা হ’ব আৰু তাৰ একমাত্ৰ শাস্তি হ'ব মৃত্যু।"
 
মুদাছিৰ আহমদ দাৰ
 
এই ফৰমানৰ ভয়ত মানুহে নিজৰ মৌলিক সুবিধা আৰু সমস্যাৰ বাবেও চৰকাৰী কাৰ্যালয়ৰ সীমা গছকিবলৈ ভয় কৰিছিল। শীতকালত বৰফৰ বাবে যেতিয়া এই অঞ্চলটো বিচ্ছিন্ন হৈ পৰে, তেতিয়া ল'ৰা-ছোৱালীৰ টিউচন বন্ধ হৈ গৈছিল আৰু তেওঁলোকে পঢ়া-শুনা এৰিবলগীয়া হৈছিল। বুৰহান ৱানিৰ মৃত্যুৰ পিছত জ্বলি উঠা জুইত সন্ত্ৰাসবাদী ৰিয়াজ আহমেদে যুৱকসকলক সন্ত্ৰাসবাদৰ আন্ধাৰ কুঁৱাত পেলাই দিছিল।
 
কিন্তু, আটাইতকৈ গভীৰ আন্ধাৰৰ মাজতেই প্ৰায়ে পোহৰৰ প্ৰথমটো কিৰণ বিচ্ছুৰিত হয়। এই কাহিনীত সেই কিৰণ হৈ থিয় দিলে ৩১ বছৰীয়া MBA ডিগ্ৰীধাৰী মুদাচ্ছৰ আহমেদ ডাৰ।
 
অপমানৰ পৰা জন্ম লোৱা পৰিৱৰ্তনৰ সংকল্প
 
মুদাচ্ছৰ নিজেই আছিল সন্ত্ৰাসবাদৰ প্ৰত্যক্ষ বলি। পুলৱামা আক্ৰমণৰ পিছত তেওঁ যেতিয়া কোনো কামৰ বাবে দিল্লীলৈ গৈছিল, এখন হোটেলেই তেওঁক কেৱল এইবাবেই কোঠা দিবলৈ অস্বীকাৰ কৰিছিল কাৰণ তেওঁৰ পৰিচয় পত্ৰত ঠিকনা হিচাপে 'পুলৱামা' বুলি লিখা আছিল। সেইদিনা পোৱা অপমানে তেওঁৰ মনত কোনো ঘৃণাৰ সৃষ্টি কৰাৰ পৰিৱৰ্তে নিজৰ মাতৃভূমিক সলনি কৰাৰ এক অটল সংকল্পৰহে জন্ম দিলে।
 
সন্ত্ৰাসবাদীৰ হত্যাৰ বিৰুদ্ধে শোভাযাত্ৰা উলিওৱা পুলৱামাৰ যুৱকসকল
 
কাশ্মীৰলৈ উভতি আহি মুদাচ্ছৰে ইতিবাচক চিন্তাধাৰাৰ যুৱকসকলক নিজৰ লগত একত্ৰিত কৰিলে আৰু এই পাঁচখন 'ব্লেক ভিলেজ'ত নামি পৰিল। তেওঁ শিক্ষাক নিজৰ প্ৰথম আৰু আটাইতকৈ শক্তিশালী অস্ত্ৰ হিচাপে গঢ়ি তুলিলে।
 
শীতৰ মাহবোৰত যেতিয়া ছান্দাজী, কেটচন আৰু ৰেশৱাৰীৰ দৰে দুৰ্গম অঞ্চলবোৰ সমগ্ৰ বিশ্বৰ পৰা বিচ্ছিন্ন হৈ পৰে, তেতিয়া মুদাচ্ছৰ আৰু তেওঁৰ দলে স্বেচ্ছামূলকভাৱে তিনিটা 'উইণ্টাৰ কমিউনিটী লাৰ্নিং চেণ্টাৰ' আৰম্ভ কৰিছিল।
 
পি জি আৰু স্নাতক যুৱকসকলৰ সহায়ত ৩০০-ৰ পৰা ৪০০ শিশুক বিনামূলীয়াকৈ পাঠদান কৰা হয়। তেওঁলোকে 'ছানডে ফৰ ছ'চাইটি' অভিযান চলাইছিল, য’ত ব্যক্তিগত একাডেমীৰ শিক্ষকসকলে দেওবাৰে আহি ছাত্ৰ-ছাত্ৰীসকলক ব্যক্তিত্ব বিকাশ, যোগাযোগ আৰু নেতৃত্বৰ দক্ষতা শিকাইছিল। ইয়াৰ লগতে ৫৪০ গৰাকীতকৈয়ো অধিক আৰ্থিকভাৱে পিছপৰা আৰু জনজাতীয় শিশুক বিনামূলীয়াকৈ পঢ়া-শুনাৰ সামগ্ৰী বিতৰণ কৰা হৈছিল।
 
ভাবুকি আৰু বন্দুকৰ ছাঁত নিৰন্তৰ প্ৰয়াস
 
পৰিৱৰ্তনৰ এই পথটো মুঠেই সহজ নাছিল। প্ৰথম অৱস্থাত সন্ত্ৰাসবাদীয়ে মুদাচ্ছৰক 'ভাৰতৰ এজেণ্ট' আৰু 'চৰকাৰী চোৰাংচোৱা' বুলি কৈ প্ৰাণে মৰাৰ ভাবুকি দিছিল। ২০২০ চনত যেতিয়া তেওঁ ললহাৰপুৰাত এখন ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰিছিল, তেতিয়া এজন সন্ত্ৰাসবাদীয়ে তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ পৰ্যন্ত ৰচিছিল।
 
আৰক্ষীয়ে পুলৱামাৰ এখন কৃষ্ণাংগ গাঁৱত স্থানীয় লোকৰ সৈতে মত বিনিময় কৰা মুহূৰ্তত
 
কিন্তু মুদাচ্ছৰ পিছহুহুকি নগ'ল। তেওঁ ব্যক্তিগতভাৱে এনে ১৭ জন বিপথগামী যুৱকক কাউঞ্চেলিং কৰিছিল, যিসকলে উগ্ৰবাদৰ পথত ভৰি দিছিল। মুদাচ্ছৰে কয় যে, যিজন ল'ৰাই আগতে তেওঁক 'চোৰাংচোৱা' বুলি ভাবুকি দিছিল, একেৰাহে কৰা বাৰ্তালাপ আৰু কোৰানৰ এই পৱিত্ৰ বাৰ্তা- "এজন নিৰ্দোষীৰ প্ৰাণ ৰক্ষা কৰাটো সমগ্ৰ মানৱতাক ৰক্ষা কৰাৰ দৰে"- শুনাৰ পিছত তেওঁৰ হৃদয়ৰ পৰা ঘৃণা নাইকিয়া হৈ গৈছিল। সেই একেজন ল'ৰাই পিছলৈ তেওঁক 'দাদা' বুলি মাতিবলৈ ধৰিছিল আৰু হিংসাৰ পথ এৰি সমাজৰ মূল সুঁতিলৈ উভতি আহিছিল।
 
য’ত দেশ-বিৰোধী শ্ল’গান অনুৰণিত হৈছিল, তাত উৰিল তিৰংগা
 
লালহাৰপুৰাৰ সেই খেলপথাৰখন, য’ত এদিন নিহত সন্ত্ৰাসবাদীৰ জানাজাত শিলগুটি দলিওৱা লোকৰ ভিৰ হৈছিল, পাকিস্তানী পতাকা উৰুওৱা হৈছিল আৰু ভাৰত-বিৰোধী শ্ল’গান অনুৰণিত হৈছিল, আজি মুদাচ্ছৰৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাত সেয়া এখন জীৱন্ত ক্ৰিকেট ষ্টেডিয়ামত পৰিণত হৈছে। আজি তাত গৌৰৱেৰে উৰিছে ভাৰতৰ গৌৰৱৰ প্ৰতীক 'তিৰংগা'।
 
ওচৰতে থকা 'শ্বহীদৰ কবৰস্থান'ত ১৯৯০-ৰ দশকৰ এজন বৃহৎ সন্ত্ৰাসবাদীৰ কবৰত আজি এডাল মমবাতি জ্বলাবলৈকো কোনো মানুহ নাই। ষ্টেডিয়ামত যেতিয়া আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ বিষয়াসকলে মেচ উদ্বোধন কৰিবলৈ উপস্থিত হৈছিল, তেতিয়া যিবোৰ হাতত এদিন শিলগুটি আছিল, সেইবোৰ হাতেৰেই বিষয়াসকলৰ ওপৰত পুষ্পবৃষ্টি কৰা হৈছিল।
 
মানৱ অধিকাৰৰ ভুৱা প্ৰতিবেদনৰ উচিত প্ৰত্যুত্তৰ

মুদাচ্ছৰৰ পৰিসৰ কেৱল খেলপথাৰ আৰু কিতাপৰ মাজতেই আৱদ্ধ নাছিল। তেওঁ কাশ্মীৰৰ ৬খন জিলাৰ ২০৫ টাতকৈও অধিক দুখীয়া পৰিয়ালক ঈদৰ খাদ্যৰ টোপোলা যোগান ধৰিছিল, দৰিদ্ৰ কন্যাৰ বিয়াৰ খৰচ বহন কৰিছিল, মেডিকেল আৰু নাৰ্চিং ছাত্ৰ-ছাত্ৰীৰ মাছুল পৰিশোধ কৰিছিল আৰু গুৰেজৰ মহিলা উদ্যোগীসকলৰ সামগ্ৰীক ডিজিটেল পৰিচয় প্ৰদান কৰিছিল।
 
পুলৱামাৰ গাঁৱৰ মহিলাসকল
 
অকল ইমানেই নহয়, আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতক বদনাম কৰাৰ ষড়যন্ত্ৰৰো তেওঁ যুক্তিসংগত উত্তৰ দিছিল। তথাকথিত মানৱ অধিকাৰ কৰ্মী খুৰৰাম পাৰভেজৰ দ্বাৰা ৰাষ্ট্ৰসংঘত দাখিল কৰা সেই পক্ষপাতমূলক প্ৰতিবেদনখনক মুদাচ্ছৰে তীব্ৰ বিৰোধিতা কৰিছিল, যাৰ আধাৰত ভাৰতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী জনোৱা হৈছিল আৰু কোৱা হৈছিল যে 'অচিনাক্ত কবৰ'বোৰত সাধাৰণ কাশ্মীৰী নাগৰিকক সমাধিস্থ কৰা হৈছে। মুদাচ্ছৰৰ দলে ৬ বছৰ ধৰি গভীৰ গৱেষণা চলাই এখন তথ্যভিত্তিক প্ৰতিবেদন প্ৰকাশ কৰিলে আৰু প্ৰমাণ কৰি দিলে যে সেই কবৰবোৰত স্থানীয় নাগৰিক নহয়, বৰং সীমান্ত পাৰ হৈ অহা অনুপ্ৰৱেশকাৰী সন্ত্ৰাসবাদীকহে সমাধিস্থ কৰা হৈছিল।
 
সামাজিক বান্ধোন শক্তিশালী কৰিবলৈ তেওঁ পুলৱামা ষ্টেডিয়ামত এখন ঐতিহাসিক আন্তঃধৰ্মীয় আলোচনাৰ আয়োজন কৰিছিল, য’ত চাৰিওটা ধৰ্মৰ প্ৰায় ১৪,০০০ লোক একেখন মঞ্চত সমবেত হৈছিল। এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈছিল জম্মু-কাশ্মীৰৰ মাননীয় উপ-ৰাজ্যপাল (LG) শ্ৰী মনোজ সিনহাও।
 
এখন নতুন পুলৱামা, এক নতুন প্ৰভাত
 
পাঁচ বছৰৰ অক্লান্ত পৰিশ্ৰমৰ ফলাফল আজি সকলোৰে সন্মুখত। এই প্ৰাক্তন 'ব্লেক ভিলেজ'সমূহত আজি না কোনো সক্ৰিয় সন্ত্ৰাসবাদী বাকী আছে, না এই অঞ্চলবোৰ এতিয়া সন্ত্ৰাসবাদীৰ নিযুক্তিৰ ঘাটি হৈ আছে। য’ত এদিন বাৰুদৰ গোন্ধ বিয়পি আছিল, তাত এতিয়া এখন অত্যাধুনিক 'মেডিচিটী' গঢ় লৈ উঠিছে আৰু উন্নয়নমূলক কাম-কাজ বুলেট ট্ৰেইনৰ বেগত চলি আছে।
 
পুলৱামাত ক্ৰিকেট খেলত স্থানীয় লোকৰ বিপুল সমাগম
 
গাঁৱৰ ল'ৰা-ছোৱালী আৰু বয়োজ্যেষ্ঠসকলেও এতিয়া তেওঁক মৰম আৰু সন্মানেৰে 'মুদাচ্ছৰ ভাইয়া' বুলি মাতে। তেওঁৰ এই দেশসেৱাৰ বাবে তেওঁক ৰাষ্ট্ৰীয় ৰাষ্ট্ৰপতি বঁটা (২০১২), ১৫ সংখ্যক ভাৰতৰত্ন ড০ বি আৰ আম্বেদকাৰ বঁটা (২০২৫), আন্তঃৰাষ্ট্ৰীয় বুদ্ধ শান্তি বঁটা (২০২৫) আৰু কেইবাটাও 'ইউথ আইকন বঁটা'ৰে সন্মানিত কৰা হৈছে।
 
মুদাচ্ছৰ আহমেদ ডাৰৰ এই জীৱন-গাথা এই কথাৰেই এক জীৱন্ত প্ৰমাণ যে সন্ত্ৰাসবাদ আৰু ঘৃণাক বন্দুকৰ গুলীৰ শব্দৰে নহয়, বৰং মানৱতা, শিক্ষা, অটল সাহস আৰু পাৰস্পৰিক বিশ্বাসৰ চাকি জ্বলাইহে চিৰদিনৰ বাবে নিচিহ্ন কৰিব পাৰি। আন্ধাৰ যিমানেই গভীৰ নহওক কিয়, পোহৰৰ এটি সৰু স্ফুলিংগই সমগ্ৰ সমাজখনক উদ্ভাসিত কৰিব পাৰে, সেয়াই প্ৰমাণ কৰি দেখুৱালে কাশ্মীৰৰ এইগৰাকী সুযোগ্য সন্তানে।