থাইলেণ্ডত জিলিকিল অসমৰ জীয়ৰীঃ টাইকোৱাণ্ডোত স্বৰ্ণ পদক লাভেৰে গৌৰৱ কঢ়িয়ালে হাইলাকান্দিৰ হামিদাই

Story by  atv | Posted by  [email protected] • 55 m ago
হামিদা নুৰ লস্কৰ
হামিদা নুৰ লস্কৰ
 
শতানন্দ ভট্টাচাৰ্য
 
প্ৰতিভা কেতিয়াও কোনো দুৰ্গম গাঁৱৰ চাৰিসীমাত আৱদ্ধ হৈ নাথাকে। কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলে যে সকলো বাধা অতিক্ৰম কৰি বিশ্বৰ দৰবাৰত নিজক প্ৰতিষ্ঠা কৰিব পাৰি, তাকেই প্ৰমাণ কৰিলে অসমৰ এগৰাকী জীয়াৰীয়ে। হাইলাকান্দিৰ দৰে এক প্ৰত্যন্ত অঞ্চলৰ পৰা গৈ সুদূৰ থাইলেণ্ডত উজলি উঠিছে হামিদা নুৰ লস্কৰ।
 
যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত পিছপৰা উত্তৰ নাৰায়ণপুৰ দ্বিতীয় খণ্ড গাঁৱৰ বাসিন্দা হামিদাই টাইকোৱানডোৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰি সমগ্ৰ অসমৰ নাম উজলাই তুলিছে। বৰ্তমান হামিদাই গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত স্নাতক শাখাত অধ্যয়নৰত। কৃষিকাৰ্য আৰু ক্ৰীড়া— এই উভয় ক্ষেত্ৰতে কাম কৰি হামিদাই বহু আগতেই হাইলাকান্দিত নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।
 
থাইলেণ্ডৰ পাট্টায়া চহৰত অনুষ্ঠিত হোৱা নৱম হিৰ’জ টাইকোৱাণ্ডো আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত হামিদাই ভাৰতক প্ৰতিনিধিত্ব কৰি নিজৰ শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।
 

খেলি উঠি পদক লৈছে হামিদাই
 
হামিদাৰ এই আন্তঃৰাষ্ট্ৰীয় সাফল্যত এতিয়া হাইলাকান্দি জিলাৰ আলগাপুৰ-কাটলিচেৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ নাৰায়ণপুৰ দ্বিতীয় খণ্ড গাঁৱৰ সৰ্বস্তৰৰ ৰাইজ গৌৰৱান্বিত হৈ পৰিছে।
 
হামিদা নুৰ লস্কৰৰ পিতৃ হানান উদ্দিন লস্কৰ আৰু মাতৃ জাহানাৰা বেগম লস্কৰ দুয়োগৰাকীয়েই এই সফলতাত অত্যন্ত আনন্দিত। যিটো খেলত তেওঁলোকৰ কন্যাই স্বৰ্ণ পদক লাভ কৰিছে, সেই খেলবিধৰ বিষয়ে তেওঁলোক দুয়ো অজ্ঞ। সকলোৰে আগত তেওঁলোকে এই কথা স্বীকাৰো কৰিছে; তথাপি তেওঁলোক কন্যাৰ এই সাফল্যত গৌৰৱান্বিত, কাৰণ তেওঁলোকৰ কন্যাই আজি এখন প্ৰত্যন্ত গাঁও, জিলা তথা সমগ্ৰ ৰাজ্যৰে নাম উজলাই তুলিছে।
 
পঢ়া-শুনাৰ সমান্তৰালকৈ ক্ৰীড়াৰ ক্ষেত্ৰখনতো কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ জৰিয়তে হামিদাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক জয় কৰি প্ৰমাণ কৰি দিলে যে দৃঢ় ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰমৰ বলত যিকোনো সাফল্যই সম্ভৱ। পিতৃ-মাতৃকে ধৰি গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়েই একেই মন্তব্য প্ৰকাশ কৰিছে।
 
হামিদা নুৰ লস্কৰ সমগ্ৰ হাইলাকান্দি জিলা তথা অসমৰ ৰাইজৰ বাবে এক গৌৰৱৰ প্ৰতীক বুলি মন্তব্য কৰে গাঁৱৰেই এজন বাসিন্দা ছাইদুৰ ৰহমান চৌধুৰীয়ে। তেওঁ কয় যে ইমান এক পিছপৰা অঞ্চলৰ পৰা গৈ যদি এজনী ছোৱালীয়ে বিদেশত স্বৰ্ণ পদক লাভ কৰিব পাৰে, তেন্তে আন বিভিন্ন ক্ষেত্ৰতো ছোৱালীয়ে নিশ্চয়কৈ সফলতা অৰ্জন কৰিব পাৰিব। অৱশ্যে ইয়াৰ বাবে প্ৰয়োজন হ'ব পৰ্যাপ্ত পৰিমাণৰ শিক্ষা আৰু দক্ষতা অৰ্জন কৰাৰ।
 
আনহাতে, হামিদাই তেওঁৰ এই সফলতাৰ আঁৰত পিতৃ-মাতৃ আৰু প্ৰশিক্ষকৰ যথেষ্ট অৱদান আছে বুলি উল্লেখ কৰে। হামিদাই প্ৰথমে নিজৰ গাঁৱৰেই এখন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত হাইলাকান্দিৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ বৰ্তমান তেওঁ গুৱাহাটীত স্নাতক স্তৰত পঢ়া-শুনা কৰি আছে। টাইকোৱাণ্ডোতে ভৱিষ্যতে অধিক সফলতা অৰ্জন কৰাৰ লক্ষ্যৰে বৰ্তমান তেওঁ অনুশীলন অব্যাহত ৰাখিছে।
 
হামিদাৰ এই যাত্ৰা কেৱল এক ব্যক্তিগত সাফল্যই নহয়, ই অসমৰ প্ৰতিগৰাকী সপোন খেদি ফুৰা যুৱক-যুৱতীৰ বাবে এক শক্তিশালী নিদৰ্শন। সীমাবদ্ধতা আৰু প্ৰতিকূলতা নেওচি একাগ্ৰতাৰে আগবাঢ়িলে যে আকাশ চুমিব পাৰি, হামিদাই তাৰেই এক জ্বলন্ত উদাহৰণ দাঙি ধৰিলে।