এছিয়ান গেমছৰ মহিলাৰ ৭৫ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ অসমকন্যা লাভলীনা বৰগোঁহাইৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
লাভলীনা বৰগোঁহাই
লাভলীনা বৰগোঁহাই
 
গুৱাহাটী 
 
এছিয়ান গেমছৰ ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতীয় বক্সাৰ তথা অসম কন্যা লাভলীনা বৰগোঁহায়ে৷ অলিম্পিক পদক জয়ী লাভলীনাই বুধবাৰে ছেমি ফাইনেলত বর্তমান বিশ্ব চেম্পিয়ন কাজাখস্তানৰ নাটালিয়া ব'গদান'ভাক ৩-২ পইণ্টত পৰাস্ত কৰি মহিলাৰ ৭৫ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰে৷  
 
লাভলীনা এছিয়ান গেমছৰ ফাইনেলত একেৰাহে প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা বক্সাৰ। তেওঁ ইয়াৰ পূৰ্বে ২০২২ চনত হাংঝুত অনুষ্ঠিত এছিয়ান গেমছত একেটা শাখাতে ফাইনেলত প্ৰৱেশ কৰি লাভলীনাই ৰূপৰ পদক অৰ্জন কৰিছিল৷ ভাৰতীয় বক্সাৰগৰাকীয়ে ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতামূলক যুঁজত ব'গদান'ভাৰ কঠিন প্ৰত্যাহ্বান অতিক্ৰম কৰি স্বৰ্ণ পদকৰ মেচখনত নিজৰ স্থান নিশ্চিত কৰে। 
পোনপটীয়াকৈ এছিয়ান গেমছত ছেমিফাইনেলত প্ৰৱেশ কৰা অসমকন্যা লাভলীনাই সোমবাৰে দক্ষিণ কোৰিয়াৰ ছুয়ন ছঙক ৫-০ত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল৷ লাভলীনাই ২ অক্টোবৰত চীনৰ জি ঈৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ’ব৷ 
 
ইফালে, মহিলাৰ ৬০ কেজি শাখাৰ ছেমি ফাইনেলত ভাৰতৰ প্ৰিয়া ঘাংঘাছ চীনৰ ইয়াং চেংগিউৰ হাতত ১-৪ত পৰাস্ত হয় আৰু তেওঁ ব্ৰঞ্জৰ পদতে সন্তুষ্ট হ’বলগীয়া হয়।


শেহতীয়া খবৰ