মুম্বাইৰ সাগৰৰ পাৰৰ পৰা আৱৰ্জনাৰ বিৰুদ্ধে অকলে যুঁজ আৰম্ভ কৰা আফ্ৰোজ শ্বাহৰ নীৰৱ বিপ্লৱৰ এক দশক
নিকুঞ্জ নাথ
"এজন মানুহে অকলে কি পৰিৱৰ্তন আনিব পাৰে?" - এই প্ৰশ্নটোৰ আটাইতকৈ সুন্দৰ আৰু উৎকৃষ্ট উত্তৰটোৱেই হৈছে আফ্ৰোজ শ্বাহ। যেতিয়া পৃথিৱীৰ অধিকাংশ লোকে পৰিৱেশ প্ৰদূষণৰ ভয়াৱহতাৰ বিষয়ে কেৱল ড্ৰয়িং ৰুমত বহি আলোচনা কৰিছিল আৰু হুমুনিয়াহ কাঢ়িছিল, তেতিয়া এজন ব্যক্তিয়ে সাগৰৰ পাৰত নীৰৱে নিজৰ দুহাতেৰে আৱৰ্জনা বুটলি এক নীৰৱ বিপ্লৱৰ সূচনা কৰিছিল।
২০১৫ চনত মুম্বাইৰ ভাৰ্ছোভা সাগৰৰ পাৰত আৰম্ভ হোৱা সেই সৰু প্ৰয়াসটোৱে আজি ২০২৬ চনত এক গৌৰৱোজ্জ্বল দশক অতিক্ৰম কৰিছে। মুম্বাইৰ সেই যুৱ অধিবক্তাজনৰ সপোন আজি কেৱল এখন সাগৰৰ পাৰতে আৱদ্ধ হৈ থকা নাই। বৰ্তমান এই প্ৰয়াস এক বিশাল গোলকীয় আৰ্হিত পৰিণত হৈছে, যিয়ে কেৱল আৱৰ্জনা পৰিষ্কাৰ কৰাই নহয়, মানুহৰ জীৱনশৈলী আৰু চিন্তাধাৰাত এক আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।
আফ্ৰোজ শ্বাহৰ জন্ম মুম্বাইত। শৈশৱত পিতৃৰ সৈতে পাৱাই হ্ৰদ আৰু ভাৰ্ছোভা সাগৰৰ পাৰত কটোৱা মুহূৰ্তবোৰ তেওঁৰ মনত সজীৱ হৈ আছিল। কিন্তু ডাঙৰ হৈ যেতিয়া তেওঁ পুনৰ সাগৰৰ কাষলৈ গুচি আহে, তেতিয়া তেওঁৰ শৈশৱৰ সেই ধুনীয়া স্মৃতিবোৰৰ স্থান লৈছিল প্ৰদূষণৰ ভয়ংকৰ বাস্তৱে। সাগৰৰ পাৰ একোটা আৱৰ্জনা পেলোৱা স্থানলৈ ৰূপান্তৰিত হোৱা দেখি তেওঁ থমকি ৰোৱা নাছিল।
আফ্ৰোজ শ্বাহ
দেশৰ পিতৃপুৰুষসকলৰ জীৱন-দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ দেশমাতৃৰ সেৱা কৰাৰ উদ্দেশ্যে আইন অধ্যয়ন কৰিছিল। তেওঁৰ ভাষাত, "আইনৰ ছাত্ৰ হিচাপে, আমি সংবিধান সভাৰ বিতৰ্কবোৰ অধ্যয়ন কৰোঁ আৰু স্বাধীনতা সংগ্ৰামীসকলৰ সংগ্ৰামৰ বিষয়ে পঢ়িবলৈ পাওঁ। তেওঁলোকে আমাৰ দেশৰ বাবে যি কৰিছিল আৰু আমাৰ সংবিধানে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আমাক যি কৰ্তব্য নিৰ্ধাৰণ কৰি দিছে, সেই দুয়োটাৰ মাজৰ সম্পৰ্কটোৱেই মোৰ অনুপ্ৰেৰণাৰ মূল উৎস হৈ পৰিছিল।"
এই প্ৰেৰণাৰ বলতেই তেওঁ সমগ্ৰ মহাৰাষ্ট্ৰত বৃত্তীয় অৰ্থনীতিৰ কাৰ্যসূচীৰ নেতৃত্ব দি আহিছে, জলাশয়সমূহৰ পৰা ৫,০০,০০০ কিলোগ্ৰামতকৈয়ো অধিক একক ব্যৱহাৰযোগ্য প্লাষ্টিক আঁতৰাই ৰাখিবলৈ সক্ষম হৈছে আৰু ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ বঁটা 'চেম্পিয়ন অৱ দ্য আৰ্থ' সন্মানেৰে বিভূষিত হৈছে।
তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল ভাৰ্ছোভাৰ তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ সাগৰৰ পাৰৰ পৰা। আৰম্ভণিতে ইয়াৰ প্ৰায় এক কিলোমিটাৰ অংশ আৱৰ্জনাৰে সম্পূৰ্ণৰূপে আবৃত আছিল। সমস্যাটোৰ গভীৰতা বুজিবলৈ তেওঁ গৱেষণাপত্ৰ অধ্যয়ন কৰি তিনিটা মূল অংশীদাৰ বাচি উলিয়াইছিল৷ সেইসমূহ হ’লঃ ১. বিধানমণ্ডলঃ যিয়ে আইন প্ৰস্তুত কৰে। ২. চৰকাৰঃ যিয়ে সেই আইন কাৰ্যকৰী কৰে আৰু ৩. সাধাৰণ ৰাইজঃ যাৰ সামূহিক প্ৰচেষ্টা পৰিৱৰ্তনৰ বাবে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ।
২০১৫ চনৰ ২ অক্টোবৰত তেওঁ প্ৰথমটো চাফাই অভিযান আৰম্ভ কৰিছিল। কিন্তু পৰৱৰ্তী বছৰৰ জানুৱাৰী মাহলৈকে এজন মানুহো তেওঁৰ লগত যোগদান কৰা নাছিল। এই নিঃসংগ যাত্ৰাত তেওঁ গোটেই জীৱন অকলেই কাম কৰি যোৱাৰ সংকল্প লৈছিল। কিন্তু তেওঁ উপলব্ধি কৰিছিল যে প্ৰণালীবদ্ধ পৰিৱৰ্তনৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন। সেয়ে তেওঁ মানুহক সাগৰৰ পাৰলৈ আহি আৱৰ্জনাৰ ভয়াৱহতা নিজ চকুৰে চাবলৈ আমন্ত্ৰণ জনাবলৈ ধৰিলে। তেওঁ এটা কলনীৰ পৰা আনটোলৈ গৈ সজাগতা সৃষ্টি কৰিলে। সামূহিক কাৰ্যৰ প্ৰভাৱ সঁচাকৈয়ে বাস্তৱ। এই সামূহিক প্ৰচেষ্টা ইমানেই প্ৰভাৱশালী আছিল যে, ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ (UNEP) কাৰ্যবাহী সঞ্চালক এৰিক ছোলহেইমে ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ বিশ্বজুৰি 'ক্লিন ছিজ কেম্পেইন' আৰম্ভ কৰিছিল।

আৱৰ্জনা পৰিষ্কাৰ কৰি থকা অৱস্থাত আফ্ৰোজ শ্বাহ
আনহাতে, ভাৰতীয় সমাজত খাদ্যই মানুহক একত্ৰিত কৰে বুলি তেওঁ গভীৰভাৱে বিশ্বাস কৰে। সেয়ে আজিও প্ৰতি শনিবাৰে চাফাই অভিযানৰ অন্তত কমেও ৫০ জন স্বেচ্ছাসেৱক তেওঁৰ ঘৰত পুৱাৰ আহাৰৰ বাবে গোট খায়।
কেৱল ভাৰততে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আফ্ৰোজে নিজৰ কৰ্মৰ চিন ৰাখিছে। বিদেশ ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণনা কৰি তেওঁ কয়, "ইউৰোপৰ বহুতো দেশ বহনক্ষমতাৰ দিশত যথেষ্ট আগবঢ়া। তথাপি, মাল্টাৰ এখন সন্মিলনত বক্তব্য ৰখাৰ সময়ত মই এখন আশ্চৰ্যজনক নীলা সাগৰত প্লাষ্টিক ভাহি থকা দেখিছিলোঁ। মই ওচৰতে সাঁতুৰি থকা যুৱক-যুৱতীসকলৰ সৈতে মিলি সাগৰ পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ। একেদৰে ৱাশ্বিংটন ডিচিত প্লাষ্টিকৰ দ্বাৰা প্ৰদূষিত পোটোমেক নদীৰ এখন উপনৈ পৰিষ্কাৰ কৰাতো মই সহায় কৰিছিলোঁ। মই ফিঅৰ্ডবোৰ পৰিষ্কাৰ কৰিবলৈ প্ৰতিবছৰে নৰৱেলৈও যাওঁ।"
তেওঁৰ দৰ্শন একেবাৰে সৰলঃ প্ৰকৃতিক ঘূৰাই দিয়া আৰু পৃথিৱীখনক এখন বাসোপযোগী ঠাই হিচাপে গঢ়ি তোলাত অৱদান আগবঢ়োৱা।
তেওঁৰ অন্যতম স্মৰণীয় প্ৰকল্প হৈছে 'মিঠি নদী পুনৰুজ্জীৱন কাৰ্যসূচী'। ইতিমধ্যে প্ৰায় চাৰি কিলোমিটাৰ নদী পৰিষ্কাৰ কৰি তেওঁলোকে পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িছে। এই প্ৰকল্পত তেওঁলোকে তিনিটা মূল সমস্যাৰ সৈতে যুঁজিছেঃ ১. কঠিন আৱৰ্জনা, ২. তৰল আৱৰ্জনা আৰু ৩. জনসাধাৰণৰ মানসিকতা৷
কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰে কাম আৰম্ভ কৰি, তেওঁলোকে মানুহক আৱৰ্জনা হ্ৰাস কৰিবলৈ প্ৰশিক্ষণ দিছে। তদুপৰি, একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিকল্প আৰু প্লাষ্টিকমুক্ত সামগ্ৰী উপলব্ধ কৰাবলৈ সংৰক্ষণ স্থান স্থাপন কৰিছে। মুম্বাইত চলাই থকা 'প্ৰজেক্ট টাপ্ৰি'ৰ জৰিয়তে তেওঁলোকে ৰাস্তাৰ দাঁতিত বড়াপাও আৰু চাহ বিক্ৰী কৰা ব্যৱসায়ীসকলক পুনৰ ব্যৱহাৰযোগ্য পাত্ৰ বিতৰণ কৰি 'শূন্য-আৱৰ্জনা' অভিযানৰ দিশে আগবাঢ়িছে।
বৰ্তমান আফ্ৰোজৰ এই আন্দোলনৰ মূল মন্ত্ৰ হৈ পৰিছে 'চক্ৰীয় অৰ্থনীতি'। চক্ৰীয় অৰ্থনীতি (Circular Economy) হৈছে এনে এক উৎপাদন আৰু ব্যৱহাৰৰ আৰ্হি য'ত সামগ্ৰী আৰু সম্পদসমূহ যিমান সম্ভৱ সিমান বেছি সময়ৰ বাবে ব্যৱহাৰ কৰা হয় আৰু আৱৰ্জনা একেবাৰে ন্যূনতম পৰ্যায়লৈ হ্ৰাস কৰাৰ প্ৰয়াস কৰা হয়। সহজ কথাত ক'বলৈ গ'লে, প্ৰাকৃতিক সম্পদৰ পৰা বস্তু এটা বনাই, ব্যৱহাৰ কৰি পেলাই দিয়াৰ সলনি, সেই বস্তুটোক পুনৰ ব্যৱহাৰযোগ্য কৰি তোলাৰ যি ব্যৱস্থা, সেয়াই হ'ল চক্ৰীয় অৰ্থনীতি।
তেওঁৰ স্বেচ্ছাসেৱী দলটোৱে কেৱল আৱৰ্জনা সংগ্ৰহ কৰিয়েই ক্ষান্ত থকা নাই, সেই প্লাষ্টিকবোৰ কেনেদৰে পুনৰ ব্যৱহাৰযোগ্য কৰি তুলিব পাৰি তাৰ ওপৰত গুৰুত্ব দিছে।
মুম্বাইৰ মিঠি নদী আৰু উপকূলীয় বস্তি অঞ্চলৰ সহস্ৰাধিক পৰিয়ালক আধুনিক বৰ্জ্য ব্যৱস্থাপনাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এই প্ৰশিক্ষণে প্লাষ্টিকৰ আৱৰ্জনাবোৰক পেলনীয়া সামগ্ৰীৰ পৰিৱৰ্তে অৰ্থনৈতিক উপাৰ্জনৰ এক নিৰ্ভৰযোগ্য উৎসলৈ ৰূপান্তৰিত কৰিছে। ইয়াৰ ফলত সাগৰলৈ বৈ যোৱা আৱৰ্জনাৰ পৰিমাণ আশাতীতভাৱে হ্ৰাস পোৱাৰ লগতে স্থানীয় দৰিদ্ৰ লোকসকলৰ জীৱন-ধাৰণৰ মানো যথেষ্ট উন্নত হৈছে।
এজন সচেতন নাগৰিক হিচাপে আফ্ৰোজে নিজৰ দৈনন্দিন জীৱন প্ৰণালীৰ মাজেৰে সকলোকে আদৰ্শ দেখুৱাইছে। সঘনাই ভ্ৰমণ কৰা সত্ত্বেও তেওঁৰ সৰু সৰু অভ্যাসসমূহে এক বৃহৎ বাৰ্তা কঢ়িয়ায়৷ পানী যিহেতু সকলোতে পোৱা যায়, তেওঁ সদায় নিজৰ বটলটো লগত ৰাখে। বাহিৰৰ পৰা খাদ্য ল'লে তেওঁ প্লাষ্টিকৰ সলনি নিজৰ টিফিন বক্সত পেক কৰি দিবলৈ অনুৰোধ কৰে। আনহাতে, একক ব্যৱহাৰযোগ্য কাপৰ আৱৰ্জনা ৰোধ কৰিবলৈ তেওঁ সদায় নিজৰ মগ ব্যৱহাৰ কৰে। এনে সৰু অথচ ধাৰাবাহিক কাৰ্যই সামূহিকভাৱে পৃথিৱীৰ বাবে এক ডাঙৰ পৰিৱৰ্তন আনিব পাৰে।
আফ্ৰোজ শ্বাহৰ এই আন্দোলনে আজি সমগ্ৰ ভাৰতবৰ্ষতে পৰিৱেশ সচেতনতাৰ এক নৱজাগৰণৰ সৃষ্টি কৰিছে। তেওঁৰ আৰ্হি অনুসৰণ কৰি বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত, আনকি উত্তৰ-পূবৰ অসমৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰে বিশাল নদীৰ পাৰতো যুৱপ্ৰজন্ম আৰু স্বেচ্ছাসেৱী গোটসমূহে নিজাববীয়াকৈ স্বচ্ছতা অভিযান আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আফৰোজ শ্বাহৰ এই যাত্ৰাই আমাক সোঁৱৰাই দিয়ে যে পৃথিৱীখনক বচাবলৈ কোনো ঐশ্বৰিক বা যাদুকৰী শক্তিৰ প্ৰয়োজন নাই; প্ৰয়োজন কেৱল সদিচ্ছা আৰু নিৰন্তৰ সৰু সৰু প্ৰচেষ্টাৰ।