শিক্ষকতা আৰু ব্যৱসায়ৰ উপাৰ্জনেৰে সমাজ সলনিৰ সপোন ড০ ছোনিয়া ইয়াছমিনৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
ড০ ছোনিয়া ইয়াছমিন
ড০ ছোনিয়া ইয়াছমিন
 
অপৰ্ণা দাস / গুৱাহাটী
 
মানুহ এগৰাকী, পেছা দুটা; কিন্তু সমাজৰ বাবে কিবা এটা কৰাৰ অদম্য হেঁপাহ মাথোঁ এটাই। তেওঁৰ পৰিচয় এক, অথচ সেই পৰিচয়ৰ মাজতেই যেন বিলীন হৈ আছে একাধিক সত্তা। এফালে শ্ৰেণীকোঠাত থিয় দি জ্ঞানৰ পোহৰেৰে গঢ়ি তুলিছে কাইলৈৰ ভৱিষ্যত, আনফালে নিজ হাতেৰে গঢ়ি তোলা ব্যৱসায়ৰ উপাৰ্জনৰ একাংশ ব্যয় কৰিছে সমাজৰ অসহায় মানুহৰ সহায়ৰ অৰ্থে। কাৰোবাৰ পঢ়া-শুনাৰ বাবে সহায়ৰ হাত আগবঢ়াইছে, কাৰোবাৰ বিয়াৰ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছে, আকৌ কেতিয়াবা নীৰৱে তেনে মানুহৰ কাষত থিয় দিছে, যাৰ দুখৰ কথা হয়তো কেতিয়াও পোহৰলৈ নাহে।
 
দুৰ্গাপুৰৰ ড০ ছোনিয়া ইয়াছমিনৰ জীৱন যেন এই দুটা সত্তাৰেই এক উজ্জ্বল প্ৰতিচ্ছবি। সেয়েহে তেওঁৰ কাহিনী কেৱল সফলতাৰ সৰল পথেৰে আগুৱাই যোৱাৰ সাধাৰণ কাহিনী নহয়; একেলগে দুখন নদীৰ দৰে বৈ যোৱা এক জীৱনৰ কাহিনী, যাৰ এটা সোঁত শিক্ষকতা আৰু আনটো ব্যৱসায়। পথ দুটা সুকীয়া হ’লেও গন্তব্যস্থান একেটাই- মানুহৰ কাষলৈ যোৱা। তেওঁৰ বাবে শিক্ষকতা কেৱল এক পেছা নহয় আৰু ব্যৱসায়ো কেৱল উপাৰ্জনৰ মাধ্যম নহয়। দুয়োটাই তেওঁৰ সপোন, ভালপোৱা আৰু মানুহৰ বাবে কিবা এটা কৰি যোৱাৰ দুটা সুকীয়া পথ।
 
 
অৱশ্যে এই দুয়োটা পথৰ আৰম্ভণি একেখন ঠাইৰ পৰাই, শৈশৱৰ এটা সপোনৰ পৰা। ‘আৱাজ–দ্য ভইচ’-ৰ সৈতে হোৱা এক কথোপকথনত ড০ ছোনিয়া ইয়াছমিনৰ এই যাত্ৰাৰ বহু দিশ উন্মোচিত হ'ল। এগৰাকী নাৰীয়ে কেনেকৈ নিজৰ সপোনক কেৱল নিজৰ মাজতে সীমাবদ্ধ কৰি নাৰাখি, সেই সপোনৰ সৈতে আন মানুহৰ প্ৰয়োজনকো সাঙুৰি লৈছে, সেই কাহিনীয়েই তেওঁৰ জীৱন যাত্ৰাৰ অন্যতম বৈশিষ্ট্য। সৰুকালৰ শিক্ষক হোৱাৰ সপোনৰ লগতে লাহে লাহে স্থান অধিকাৰ কৰিছে ব্যৱসায়ে আৰু নিজৰ সফলতাৰ সমান্তৰালকৈ নীৰৱে সংযুক্ত হৈছে আনৰ কাষত থিয় দিয়াৰ এক নিঃস্বাৰ্থ ইচ্ছা।
 
দুৰ্গাপুৰতেই জন্ম আৰু ডাঙৰ-দীঘল হৈছিল ড০ ছোনিয়া ইয়াছমিন। দ্বাদশ শ্ৰেণীলৈকে দুৰ্গাপুৰৰ এখন স্থানীয় বিদ্যালয়ত পঢ়া-শুনা কৰাৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে যাদৱপুৰ বিশ্ববিদ্যালয়লৈ যায়। তাৰ পৰাই বঙালী বিষয়ত স্নাতক, স্নাতকোত্তৰ আৰু বি এড ডিগ্ৰী সম্পন্ন কৰে। বি এড শেষ কৰাৰ লগে লগেই ছোনিয়াই এখন মহাবিদ্যালয়ত শিক্ষকতাৰ সুযোগ লাভ কৰে। বৰ্তমান সুদীৰ্ঘ সময় ধৰি তেওঁ সেই মহাবিদ্যালয়খনতেই অধ্যাপনা কৰি আছে। কিন্তু তেওঁৰ শিক্ষা জীৱনৰ যাত্ৰা তাতেই থমকি ৰোৱা নাছিল। চাকৰিৰ সমান্তৰালকৈ তেওঁ ৰবীন্দ্ৰভাৰতী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত শিক্ষাবিজ্ঞানত ৰাষ্ট্ৰীয় অৰ্হতা পৰীক্ষাত অৱতীৰ্ণ হৈ অধ্যাপনাৰ বাবে অৰ্হতা অৰ্জন কৰে। পৰৱৰ্তী সময়ত ঝাৰখণ্ডৰ পৰা পিএইচডি ডিগ্ৰীও সম্পূৰ্ণ কৰে। তেওঁৰ গৱেষণাৰ বিষয় আছিল সমাজৰ প্ৰান্তীয় শিশুসকল। অনাথ আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্ত শিশুৰ ক্ষেত্ৰত চৰকাৰ আৰু বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ ভূমিকা সন্দৰ্ভত তেওঁ গৱেষণা কৰিছিল।
 
বৰ্তমান বি এড মহাবিদ্যালয়ত অধ্যাপনা কৰাৰ উপৰি বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীকো বঙালী বিষয় পঢ়ুৱায় ছোনিয়াই। বিশেষকৈ ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বঙালী ভাষাৰ দুৰ্বলতা দূৰ কৰিবলৈ তেওঁ দীৰ্ঘদিন ধৰি শিক্ষা প্ৰদান কৰি আহিছে। দুৰ্গাপুৰৰ বিভিন্ন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে দূৰ-দূৰণিৰ পৰাও তেওঁৰ ওচৰলৈ বঙালী পঢ়িবলৈ আহে। কাৰণ, শিক্ষকতা তেওঁৰ বাবে নিছক এটা পেছা নহয়। সৰুৰে পৰাই তেওঁ শিক্ষয়িত্ৰী হোৱাৰ সপোন দেখিছিল। তেওঁৰ ভাষাত, “প্ৰথম ভালপোৱা বুলি ক'বলৈ গ'লে, সেয়া নিশ্চিতভাৱে শিক্ষকতা। সৰুৰে পৰা শিক্ষকতা মোৰ সপোন আছিল। অৱশ্যে এতিয়া দুয়োটাকে বেলেগ কৰিব নোৱাৰোঁ, শিক্ষকতা আৰু মোৰ ব্যৱসায়- দুয়োটাই এতিয়া মোৰ অস্তিত্বৰ সৈতে মিলি গৈছে।”
 
ডাঃ ছোনিয়া ইয়াছমিন তেওঁৰ কলেজত
 
সৰুকালত ছোনিয়াৰ তিনিটা সপোন আছিল- তেওঁ শিক্ষয়িত্ৰী হ'ব, নিজৰ এখন বুটিক থাকিব আৰু এদিন নিজৰ এখন কেফে খুলিব। আজি সেই তিনিটা সপোনৰ ভিতৰত দুটাই বাস্তৱত ৰূপায়িত হৈছে। শিক্ষকতা তেওঁৰ পেছা আৰু ‘SY Collections’ হৈছে তেওঁৰ নিজ হাতেৰে গঢ়ি তোলা সপোনৰ বাস্তৱ ৰূপ। তৃতীয় সপোনটো এতিয়াও ভৱিষ্যতৰ বুকুত সাঁচতীয়া হৈ আছে।
 
পশ্চিমবংগত চৰকাৰী চাকৰিৰ পৰীক্ষাৰ অনিশ্চয়তাৰ সময় পাৰ কৰি তেওঁ বেচৰকাৰী বি এড মহাবিদ্যালয়ত কৰ্মসংস্থাপনৰ সুযোগ পায়। সেই কৰ্মজীৱনৰ মাজতেই লাহে লাহে নিজৰ শিক্ষাগত অৰ্হতা বৃদ্ধি কৰিছে, পদোন্নতি লাভ কৰিছে আৰু নিজৰ পেচাগত অৱস্থান সুদৃঢ় কৰিছে। চৰকাৰী চাকৰি নোপোৱাৰ আক্ষেপ হয়তো কৰবাত থাকি গৈছে, কিন্তু শিক্ষকতাৰ পথ তেওঁ কেতিয়াও এৰি দিয়া নাই। তেওঁ কয়, “এই দুয়োটা পেছাত মই কোনো পৰিস্থিতিৰ বাধ্যবাধকতাত পৰি অহা নাই। দুয়োটাই মোৰ অত্যন্ত ভাললগা ঠাই। শিক্ষকতা মোৰ প্ৰথম ভালপোৱা আৰু ব্যৱসায়টোও মোৰ বৰ প্ৰিয় কাম।”
 
ব্যৱসায়ৰ আৰম্ভণিৰ কথা শুনিলে বৰ্তমানৰ অৱস্থানৰ সৈতে তাৰ কোনো মিল বিচাৰি পোৱা টান। মাত্ৰ ৫০০ টকাৰে আৰম্ভ হৈছিল ছোনিয়াৰ এই উদ্যোগ। বজাৰৰ পৰা কেইযোৰমান কাণফুলি কিনি আনি নিজৰ পছন্দ অনুসৰি সজাই তেওঁ বিক্ৰী কৰিছিল। তেওঁৰ প্ৰথম গ্ৰাহক আছিল তেওঁৰে এগৰাকী ছাত্ৰী। ইয়াৰ পিছত দুৰ্গাপুৰৰ বিভিন্ন সাংস্কৃতিক গোষ্ঠীৰ কেইগৰাকীমান মহিলাই তেওঁক উৎসাহ দিয়ে। তেওঁলোকৰ অনুষ্ঠানৰ বাবে গহণা, কাণফুলি, ডিঙিৰ হাৰ আদি যোগান ধৰোঁতে ধৰোঁতে লাহে লাহে তেওঁৰ পৰিচয় বাঢ়িবলৈ ধৰে। ইয়াৰ পিছত ২০১৮ চনৰ শেষৰ ফালে ব্যৱসায়ত কাপোৰো সংযোগ কৰা হয়। তাৰ পিছৰে পৰা লাহে লাহে এই সৰু উদ্যোগটোৰ পৰিসৰ বৃদ্ধি পাবলৈ ধৰে।
 
 
ব্যৱসায়ৰ ক্ষেত্ৰতো ছোনিয়াৰ চিন্তাধাৰা আৰম্ভণিৰে পৰাই কিছু সুকীয়া। তেওঁৰ ভাষাত, “আমি যিসকল মধ্যবিত্ত পৰিয়ালত ডাঙৰ হৈছোঁ, কোনো বস্তু কিনাৰ আগতে ভাবিবলগীয়া হয়, এইটো আমি কিনিব পাৰিমনে? সেয়েহে মই সদায় চেষ্টা কৰোঁ দামটো এনেদৰে ৰাখিবলৈ, যাতে সকলোৱে কিনিব পাৰে। বিশাল লাভ ৰাখি কম বস্তু বিক্ৰী কৰাটো মোৰ উদ্দেশ্য নাছিল। মোৰ মূল উদ্দেশ্য আছিল অধিক মানুহৰ কাষলৈ যোৱা।” তেওঁৰ সামগ্ৰীৰ প্ৰধান বৈশিষ্ট্য হৈছে গুণগত মান আৰু মূল্য। বজাৰ মূল্যৰ ওপৰত তেওঁ নিজেই চকু ৰাখে। একে ধৰণৰ সামগ্ৰী য’ত বেছি দামত বিক্ৰী হয়, তাত তুলনামূলকভাৱে কম দামত ভাল মানৰ সামগ্ৰী দিয়াৰ চেষ্টা কৰে। অৱশ্যে তেওঁৰ বাবে সামগ্ৰীতকৈয়ো ডাঙৰ হৈ পৰিছে গ্ৰাহকৰ বিশ্বাস।
 
২০১৭ চনৰ পৰাই সৰু পৰিসৰত অনলাইন ব্যৱসায় আৰম্ভ কৰিছিল ছোনিয়াই। ফলত মহামাৰীৰ সময়ত যেতিয়া অনলাইন ব্যৱসায় দ্ৰুতগতিত জনপ্ৰিয় হ'বলৈ ধৰে, তেতিয়ালৈকে তেওঁৰ গ্ৰাহকসকলৰ সৈতে এক সুদৃঢ় সম্পৰ্ক গঢ়ি উঠিছিল। মহামাৰীৰ পিছত বহুতেই নতুনকৈ অনলাইন ব্যৱসায়লৈ আহিছিল। কিন্তু ছোনিয়াই সেই সময়ত নতুনকৈ বিশ্বাসযোগ্যতা গঢ়ি তুলিবলগীয়া হোৱা নাছিল। তেওঁ কয়, “২০-৩০ হাজাৰ টকা দামৰ শাৰীও মানুহে মোক মনত ৰাখি বা মোৰ ওপৰত বিশ্বাস কৰি অৰ্ডাৰ কৰে। এই বিশ্বাসৰ ঠাইকণ মই অনলাইনত গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ, এয়াই মোৰ বাবে এক ডাঙৰ প্ৰাপ্তি।”
 
অৱশ্যে সফলতাৰ এই যাত্ৰা মুঠেই কণ্টকহীন নাছিল। ব্যৱসায়ৰ আৰম্ভণিৰ সময়ত পৰিচিত এগৰাকী গ্ৰাহকে বৃহৎ পৰিমাণৰ সামগ্ৰী ল'ম বুলি কৈ তেওঁক সেইবোৰ জমা কৰি ৰাখিবলৈ কৈছিল। বাৰে বাৰে আশ্বাস পোৱাৰ পিছত ছোনিয়ায়ো বিশ্বাস কৰি সামগ্ৰী সংগ্ৰহ কৰিবলৈ ধৰে। কিন্তু পিছত সেই গ্ৰাহকগৰাকীয়ে জনায় যে সেই মুহূৰ্তত তেওঁৰ পক্ষে সামগ্ৰী লোৱা সম্ভৱ নহয়। সেই অভিজ্ঞতাই তেওঁক ব্যৱসায়ৰ এক গুৰুত্বপূৰ্ণ শিক্ষা দিলে। তেওঁৰ ভাষাত, “সেই ঘটনাৰ পিছৰ পৰা ধন নোলোৱাকৈ কাৰো বাবে কোনো সামগ্ৰী বুকিং নকৰোঁ। প্ৰথম অৱস্থাত এটা ডাঙৰ ধাক্কা খাইছিলোঁ। তাৰ পিছত বুজিলোঁ, বিশ্বাসৰ লগতে ব্যৱসায়ত নিজৰ আৰ্থিক নিৰাপত্তাটোও চাব লাগে।”
 
ড° ছোনিয়া ইয়াছমিনৰ বুটিক 'SY Collections'ৰ কিছু দৃশ্য
 
ব্যৱসায় আৰম্ভ কৰিবলৈ বৃহৎ পৰিমাণৰ ঋণ ল'বই লাগিব, এই ধাৰণাৰ সৈতে একমত নহয় ছোনিয়া। তেওঁৰ মতে, “ব্যৱসায় কৰিবলৈ হ'লে ঋণ ল'বই লাগিব, এই চিন্তা বহু মানুহৰ মনত থাকে। কিন্তু নিজৰ হাতত যিমানখিনি ধন আছে, তাকে বুদ্ধি খটুৱাই ভালদৰে ব্যৱহাৰ কৰি পুনৰ ব্যৱসায়ত বিনিয়োগ কৰিব পাৰি। মই আজিলৈকে কোনো ঋণ নোলোৱাকৈ ব্যৱসায় কৰিছোঁ। নিজৰ ধনকেই ঘূৰাই-পকাই ব্যৱসায়ত ব্যৱহাৰ কৰিছোঁ।”
 
দুয়োটা পেছা একেলগে চলাই নিয়াৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো কি? ড০ ইয়াছমিনৰ উত্তৰ অতি সৰল- সময়। এগৰাকী শিক্ষক হিচাপে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি তেওঁৰ দায়িত্ব আছে। পঢ়া-শুনা সন্দৰ্ভত কোনো সমস্যাত পৰিলে ছাত্ৰ-ছাত্ৰীয়ে তেওঁক কাষত বিচাৰে। আনপিনে ব্যৱসায়ত আছে গ্ৰাহকৰ সৈতে যোগাযোগ, অৰ্ডাৰ লোৱা, সামগ্ৰী নিৰ্বাচন, গুণগত মান পৰীক্ষা কৰা, পেকিং কৰা আৰু সৰবৰাহ কৰাৰ কাম। তেওঁ জনায়, “মই পঢ়ুৱাই থকা অৱস্থাত যদি ঘৰলৈ কোনো গ্ৰাহক আহে, ছাত্ৰ-ছাত্ৰীসকলে এতিয়া সেইটো বুজি পায়। তেওঁলোকে কয়, আগতে তেওঁলোকৰ লগত কথা পাতি লওক, তাৰ পিছত ক্লাছ আৰম্ভ কৰিব। দুটা কাম একেলগে চলাবলৈ গ'লে অলপ টনা-আঁজোৰাতো থাকিবই।” তেওঁ কয়, “নিজৰ বাবে সময় একেবাৰেই কম পাওঁ। কিন্তু দুয়োটা কামকেই ভালপাওঁ বাবে এইবোৰ মোৰ বাবে বৰ এটা বোজা যেন নালাগে।”
 
ছোনিয়াৰ ব্যৱসায় কেৱল তেওঁৰ নিজৰ উপাৰ্জনৰ পথেই নহয়। ব্যৱসায়ৰ পৰা উপাৰ্জন কৰা ধনৰ একাংশ তেওঁ সামাজিক কামতো ব্যয় কৰে। দৰিদ্ৰ পৰিয়ালৰ কোনো ছোৱালীৰ বিয়াত প্ৰয়োজনীয় শাৰী আৰু অন্যান্য সামগ্ৰী দিয়া, কাৰোবাৰ পঢ়া-শুনাৰ বাবে সহায় কৰা বা কোনো পৰিয়াল বিপদত পৰিলে কাষত থিয় দিয়া- নিজৰ সামৰ্থ্য অনুসৰি তেওঁ বিভিন্ন ধৰণে মানুহক সহায় কৰে৷
 
এখন প্ৰদৰ্শনীত ড° ছোনিয়া ইয়াছমিন
 
দুৰ্গাপূজাৰ সময়ত তেওঁ পুঁজিয়ো সংগ্ৰহ কৰে। তাত কোনোবাই ৫০ টকা, কোনোবাই ১০০ টকা, যিয়ে যিমান পাৰে সিমান দান কৰে। যিহেতু সেই ধন আন মানুহৰ পৰা সংগ্ৰহ কৰা হয়, সেয়েহে সেই কামৰ কথা তেওঁ ৰাজহুৱা কৰে। কিন্তু নিজৰ উপাৰ্জনৰ ধনেৰে কৰা বহু সহায়ৰ কথা তেওঁ সামাজিক মাধ্যমত প্ৰকাশ নকৰে। তেওঁৰ ভাষাত, “যিসকলৰ সঁচাকৈয়ে প্ৰয়োজন, তেওঁলোকৰ কাষত থিয় দিবলৈ মই বৰ ভাল পাওঁ। চাকৰিৰ দৰমহাৰে বা পৰিয়ালৰ ফালৰ পৰা সকলো সময়তে সেইটো সম্ভৱ হৈ উঠা নাছিল। সেয়ে ব্যৱসায়ৰ পৰা যি উপাৰ্জন কৰোঁ, তাৰ এটা অংশ এনেধৰণৰ সামাজিক কামত ব্যৱহাৰ কৰোঁ। অৱশ্যে সকলো কথা প্ৰকাশ নকৰোঁ।”
 
ড০ ইয়াছমিনৰ দীৰ্ঘ যাত্ৰাত তেওঁৰ নিজৰ পৰিশ্ৰমৰ লগতে পৰিয়ালৰ অৱদানো অত্যন্ত গুৰুত্বপূৰ্ণ। মাক-দেউতাকে কেৱল মানসিকভাৱে কাষত থকাই নহয়, ব্যৱসায়ৰ প্ৰায় প্ৰতিটো সৰু-বৰ কামতেই তেওঁক সহযোগিতা আগবঢ়ায়। ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় পেকেট আৰু অন্যান্য সামগ্ৰী লৈ অহা, সামগ্ৰী পেক কৰা, ঘৰলৈ গ্ৰাহক আহিলে সামগ্ৰী দেখুওৱা- সকলোতে তেওঁলোকে সহায় কৰে। ছোনিয়াৰ ভাষাত, “পৰিয়ালৰ সমৰ্থন নথকাহেঁতেন হয়তো মই আজি ইমানখিনি কৰিব নোৱাৰিলোঁহেঁতেন। মই নথকা সময়ত মা-দেউতাই মোৰ মেৰুদণ্ড হৈ থিয় দিয়ে। যি পৰিমাণৰ পৰিশ্ৰম মই কৰিবলগীয়া হয়, তেওঁলোকৰ সহায় অবিহনে দুটা কাম একেলগে চলাই নিয়াটো অসম্ভৱ আছিল।”
 
আজিৰ তৰুণ প্ৰজন্মক পোনে পোনে চাকৰি এৰি ব্যৱসায়ত নামি পৰাৰ পৰামৰ্শ নিদিয়ে ছোনিয়াই। তেওঁৰ মতে, সম্ভৱ হ'লে দুয়োটা পথেই খোলা ৰখা উচিত। “চাকৰি আৰু ব্যৱসায়, দুয়োটাই একেলগে চলি থাকক। ভৱিষ্যতে ব্যৱসায় যদি ইমানেই ডাঙৰ হয় যে চাকৰিত সময় দিয়াটো সম্ভৱ নহয়গৈ, তেতিয়াহে চাকৰি এৰাৰ কথা ভাবিব পাৰি। কিন্তু আৰম্ভণিতে দুয়োটা পথ খোলা ৰখাটো অতি জৰুৰী।” তেওঁৰ মতে, ব্যৱসায়ত লোকচান হ'লেও চাকৰিয়ে নিৰাপত্তাৰ এক স্থান গঢ়ি তুলিব পাৰে। বিশেষকৈ যিসকলৰ হাতত ডাঙৰ মূলধন নাই, তেওঁলোকৰ ক্ষেত্ৰত চাকৰিৰ সমান্তৰালকৈ ব্যৱসায় আৰম্ভ কৰাটো তুলনামূলকভাৱে নিৰাপদ পথ হ'ব পাৰে।
 
ভৱিষ্যতে ব্যৱসায় আৰু অধিক প্ৰসাৰিত হ'লে চাকৰিৰ সৈতে ব্যৱসায়ৰ সময় মিলোৱাটো কঠিন হৈ পৰিব পাৰে- এই সম্ভাৱনাও উলাই কৰা নাই ছোনিয়াই। তেওঁ জনায়, “ভৱিষ্যতে হয়তো চাকৰিৰ ঠাই সলনি হ'ব পাৰে। হয়তো আন ক’ৰবাত কাম কৰিম। কিন্তু শিক্ষকতা মই কেতিয়াও নেৰোঁ। কাৰণ এইটো মোৰ প্ৰথম ভালপোৱা।”
 
৯ বছৰ ধৰি অনলাইন ব্যৱসায় কৰাৰ পিছত যোৱা দুবছৰ ধৰি অফলাইন প্ৰদৰ্শনীও কৰি আছে ছোনিয়াই। শেহতীয়াকৈ নিজৰ এখন অফলাইন বুটিক ‘SY Collections’ আৰম্ভ কৰিছে। পিছে ইয়াতেই ৰৈ যাব নিবিচাৰে তেওঁ। ভৱিষ্যতে এটা পাইকাৰী বিক্ৰীকেন্দ্ৰ গঢ়ি তোলাৰ ইচ্ছা আছে তেওঁৰ। এনে এখন ঠাই, যাৰ পৰা নতুন উদ্যোগীসকলে ভাল মানৰ সামগ্ৰী তুলনামূলকভাৱে কম দামত কিনি নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব। অৰ্থাৎ, নিজৰ ব্যৱসায়ৰ প্ৰসাৰ কৰাৰ লগতে আনকো ব্যৱসায়লৈ অহাৰ সুযোগ গঢ়ি দিব বিচাৰে ছোনিয়াই।
 
এখন প্ৰদৰ্শনীত ড° ছোনিয়া ইয়াছমিন
 
সেয়েহে ড০ ছোনিয়া ইয়াছমিনৰ কাহিনীৰ সামৰণি কেৱল কোনো সফলতাৰ পৰিসংখ্যাৰে জুখিব নোৱাৰি। এগৰাকী শিক্ষক হিচাপে তেওঁ শ্ৰেণীকোঠাত থিয় দি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ চেষ্টা কৰে। আনহাতে, এগৰাকী ব্যৱসায়ী হিচাপে উপাৰ্জিত ধনৰ একাংশৰে কেতিয়াবা কোনো দৰিদ্ৰ পৰিয়ালৰ ছোৱালীৰ বিয়াৰ প্ৰয়োজন পূৰায়, কেতিয়াবা কাৰোবাৰ পঢ়া-শুনাৰ দায়িত্ব লয়, আকৌ কেতিয়াবা এনে কাৰোবাৰ হাতলৈ সহায় আগবঢ়ায়, যাৰ কথা হয়তো কেতিয়াও বাতৰিৰ শিৰোনাম নহয়। তেওঁৰ বাবে সফলতাৰ সংজ্ঞাত কেৱল ‘মই কিমান পালোঁ’ এই প্ৰশ্নটোৱেই নাই; বৰং তাত স্থান পাইছে ‘মোৰ বাবে আন কোনোবাই কিবা অকণমান পালে নেকি’- এই মহান চিন্তাই।
 
হয়তো ইয়াতেই তেওঁৰ কাহিনীটো আন সকলোতকৈ ব্যতিক্ৰম হৈ পৰে। তেওঁ একেধাৰে মানুহ গঢ়ে আৰু মানুহৰ কাষত থিয় দিয়ে। শ্ৰেণীকোঠাত তেওঁৰ শ্ৰমৰ ফল ফুলে ভৱিষ্যতৰ দিনবোৰত আৰু ব্যৱসায়ৰ উপাৰ্জনৰ একাংশৰে তেওঁৰ মানৱিকতাৰ স্পৰ্শ গৈ পৰে আজিৰ প্ৰয়োজনত থকা মানুহৰ কাষত। এফালে শিক্ষা, আনফালে সহায়- দুয়োটা পথৰ গন্তব্যস্থান যেন শেষত গৈ একেটাই।
 
সৰুকালত দেখা তিনিটা সপোনৰ ভিতৰত দুটা ইতিমধ্যেই বাস্তৱ- শিক্ষকতা আৰু নিজৰ ব্যৱসায়। তৃতীয় সপোনটো এতিয়াও অপেক্ষাত, নিজৰ এখন কেফে। হয়তো সেয়াও এদিন বাস্তৱত ৰূপায়িত হ'ব। কাৰণ ছোনিয়াৰ কাহিনীয়ে আমাক অন্ততঃ এইখিনি শিকায় যে, সপোন পূৰণৰ বাবে সদায় বৃহৎ মূলধনৰ প্ৰয়োজন নহয়। কেতিয়াবা মাত্ৰ ৫০০ টকাই যথেষ্ট, যদিহে তাৰ লগত থাকে সাহস, পৰিশ্ৰম, ধৈৰ্য্য আৰু মানুহৰ বিশ্বাস।
 
ড০ ছোনিয়া ইয়াছমিনৰ আটাইতকৈ ডাঙৰ পৰিচয়টো হয়তো এগৰাকী অধ্যাপক নতুবা এগৰাকী উদ্যোগীও নহয়। তেওঁৰ আটাইতকৈ ডাঙৰ পৰিচয়টো হ’ল- তেওঁ নিজৰ সপোনৰ মাজতো আন মানুহৰ বাবে অকণমান ঠাই সযতনে ৰাখি থৈছে। আৰু সেই অকণমান ঠায়েই তেওঁৰ জীৱন গাঁথাক কেৱল এক সফলতাৰ কাহিনীৰ পৰা উত্তৰণ ঘটাই এক অনবদ্য মানৱীয় কাহিনীলৈ ৰূপান্তৰিত কৰিছে।