পুনৰ বহিস্কাৰ হ'ল NTAৰ অৰ্ধ শতাধিক বিষয়া-কৰ্মচাৰীক

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাত ধাৰাবাহিকভাৱে সংঘটিত হৈ থকা অনিয়মেৰে ভাৰাক্ৰান্ত নেচনেল টেষ্টিং এজেন্সী চমুকৈ NTAত আৰম্ভ হৈছে চাফাই অভিযান। UGC-NETৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল কৰাৰ পিছদিনাই সংস্থাটোৰ কেইবাজনো বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে শিক্ষা মন্ত্ৰালয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
 
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ নেতৃত্বত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ বৈঠকৰ পিছতে সংস্থাৰ অৰ্ধ শতাধিক বিষয়া-কৰ্মচাৰীক আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে সংস্থাৰ গোপনীয় কাম-কাজ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে নতুন পেছাদাৰী নেতৃত্বৰ পদৰ বাবে বিজ্ঞাপন জাৰি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বিজ্ঞাপন ৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ বিশেষজ্ঞসকলক NTAত অন্তৰ্ভূক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে।
 
সংস্থাৰ পৰা পৰীক্ষা পৰিচালনা, নিৰাপত্তা আৰু গোপনীয়তাৰ ক্ষেত্ৰত হোৱা গাফিলতি আৰু ত্ৰুটিৰ বাবে অৰ্ধ শতাধিক বিষয়া-কৰ্মচাৰীক আঁতৰোৱা হৈছে । লগতে পৰীক্ষা সংস্থাটোক প্ৰযুক্তিগতবাৱে অদিক উন্নত আৰু সুৰক্ষিত কৰিবলৈ ১০ টা নতুন পদত ডমেইন বিশেষজ্ঞ নিয়োগ কৰা হৈছে।
 
উল্লেখযোগ্য যে, চাইবাৰ সুৰক্ষা, প্ৰশ্নকাকত প্ৰস্তুতকৰণ আৰু চাইক’মেট্ৰিক্সৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ শীৰ্ষস্থানীয় বিশেষজ্ঞসকলক সংস্থাটোত অন্তৰ্ভুক্ত কৰা হৈছে।