গুৱাহাটী
ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ হোৱা ভয়ংকৰ বানপানী আৰু চলি থকা লোকপিয়ল কাৰ্যৰ পৰিপ্ৰেক্ষিতত দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ নোহোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ব’ৰ্ডে দশম আৰু দ্বাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদানৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ব'ৰ্ডে ৮ ছেপ্টেম্বৰ জাৰি কৰা এক জাননীত উল্লেখ কৰা অনুসৰি, দশম শ্ৰেণীৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ বাবে ২০২৭ বৰ্ষৰ ২২ ফেব্ৰুৱাৰী পৰ্যন্ত নিয়মীয়া পাঠদান চলিব পাৰিব। আনহাতে, দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ বাবে ২০২৭ বৰ্ষৰ ৮ মাৰ্চ পৰ্যন্ত নিয়মীয়া পাঠদান চলাব পাৰিব।
জাননীত উল্লেখ কৰা হৈছে যে, এই ব্যৱস্থাৰ সৈতে সংগতি ৰাখি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী নিৰ্ধাৰণ কৰা হ’ব। অৰ্থাৎ, পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ বাবে বৃদ্ধি কৰা সময়সীমাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আগন্তুক হাইস্কল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সূচী চূড়ান্ত কৰা হ’ব।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে সংশ্লিষ্ট সকলো বিদ্যালয় আৰু কৰ্তৃপক্ষক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে।