কেন্দ্ৰৰ অনুমতি পালেই সাহায্য লৈ নেপাললৈ ৰাওনা হ'ব বিধায়ক বদৰুদ্দিন আজমলৰ নেতৃত্বত ৫০ জনীয়া দল

Story by  atv | Posted by  [email protected] • 1 h ago
বিধায়ক বদৰুদ্দিন আজমল
বিধায়ক বদৰুদ্দিন আজমল
 
আৱাজ-দ্য ভইচ অসম ব্যুৰ'
 
উজনি অসমৰ ভয়ংকৰ বানপানীৰ সময়ত দুৰ্গত ৰাইজক সহায় কৰি বিশেষ চৰ্চা লাভ কৰা এ আই ইউ ডি এফৰ সভাপতি তথা বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলে এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ বান বিধ্বস্ত লোকসকলৰ কাষত থিয় দিয়াৰ সিদ্ধান্ত লৈছে। নেপালত সৃষ্টি হোৱা অভূতপূৰ্ব প্ৰাকৃতিক দুৰ্যোগৰ পৰিস্থিতিক লৈ তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।
 
মঙলবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক আনুষ্ঠানিক বিবৃতিত বিধায়কগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ কৰিলেই তেওঁ নেপাললৈ যাবলৈ সম্পূৰ্ণ সাজু। তেওঁৰ নেতৃত্বত ৫০ জনীয়া এটা বিশেষ স্বেচ্ছাসেৱকৰ দলে নেপালৰ বান বিধ্বস্ত অঞ্চলত উপস্থিত হৈ উদ্ধাৰ অভিযান, সাহায্য প্ৰদান আৰু অন্যান্য মানৱীয় সেৱামূলক কাম-কাজত আত্মনিয়োগ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে।
 
উজনি অসমত বান সাহায্য বিতৰণ কৰা মুহূৰ্তত বদৰুদ্দিন আজমল
 
বিবৃতিটোত আৱেগিক হৈ আজমলে কয়, "নেপালৰ এই ভয়াৱহ দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকসকল আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে সন্মুখীন হোৱা অবৰ্ণনীয় দুখ-কষ্ট আৰু অনিশ্চয়তাৰ খবৰে মোৰ হৃদয়ত গভীৰ আঘাট সানিছে। নেপাল কেৱল আমাৰ চুবুৰীয়া ৰাষ্ট্ৰই নহয়, তেওঁলোক আমাৰ বন্ধু আৰু সমগ্ৰ মানৱ জাতিৰ এক অবিচ্ছেদ্য অংগ। এনে এক চৰম শোকৰ সময়ত আমি সকলোৱে সহানুভূতি আৰু সংহতিৰে তেওঁলোকৰ কাষত থিয় দিয়াটো নিতান্তই প্ৰয়োজনীয়।"
 
য'তেই সহায়ৰ প্ৰয়োজন হ'ব, তাতেই তেওঁৰ দলটোৱে সেৱা আগবঢ়াব বুলিও তেওঁ দোহাৰে। লগতে, তেওঁ দুৰ্গত পৰিয়ালসমূহক ধৈৰ্য্য ধৰিবলৈ শক্তি প্ৰদান কৰিবলৈ আৰু দিন-ৰাতি একাকাৰ কৰি জীৱন ৰক্ষাৰ যুঁজত নামি পৰা উদ্ধাৰ তথা সাহায্য কৰ্মীসকলৰ নিৰাপত্তাৰ বাবে সৰ্বশক্তিমানৰ ওচৰত প্ৰাৰ্থনা জনায়।
উল্লেখযোগ্য যে, যোৱা ২৬ আগষ্ট, বুধবাৰে তিব্বতৰ পৰা উৎপত্তি হোৱা ভয়ংকৰ আকস্মিক বানে মধ্য নেপালৰ বিস্তীৰ্ণ অঞ্চলত প্ৰলয়ৰ সৃষ্টি কৰে। কেইবাখনো চহৰ আৰু গাঁও এই ধ্বংসলীলাৰ কৱলত পৰি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।
 
নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ হ্ৰাস আৰু ব্যৱস্থাপনা কৰ্তৃপক্ষই মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰা এক চাঞ্চল্যকৰ প্ৰতিবেদন অনুসৰি, এই প্ৰলয়ংকাৰী বানত বৰ্তমানলৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ১০৫০ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও নিৰাপত্তাৰক্ষী, শুল্ক আৰু অনুপ্ৰৱেশ বিভাগৰ বিষয়া, জলবিদ্যুৎ প্ৰকল্পৰ কৰ্মচাৰী আৰু বিদেশী নাগৰিককে ধৰি মুঠ ৩,৯১৬ জন লোক এতিয়াও সন্ধানহীন হৈ আছে, যিয়ে দুৰ্যোগটোৰ ভয়াবহতা অধিক স্পষ্ট কৰি তুলিছে।