গুৱাহাটী
গুৱাহাটীত ১৫ আগষ্টত আই ই ডি উদ্ধাৰ হোৱা ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই এক গুৰুত্বপূৰ্ণ আইনী পদক্ষেপ গ্ৰহণ কৰিছে। এই গোচৰৰ ভিত্তিত, নিষিদ্ধঘোষিত সংগঠন আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকে ধৰি মুঠ ৫ জন অভিযুক্তৰ বিৰুদ্ধে যোৱা শুকুৰবাৰে এন আই এ-এ আনুষ্ঠানিকভাৱে অভিযোগনামা দাখিল কৰে।
প্ৰকাশিত এক চৰকাৰী বিবৃতিত জানিবলৈ দিয়া মতে, নিষিদ্ধঘোষিত সংগঠন আলফা (স্বাধীন)-ৰ অধ্যক্ষ তথা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিৰুদ্ধে গুৱাহাটীস্থিত এন আই এৰ বিশেষ আদালতত এই অভিযোগনামাখন দাখিল কৰা হৈছে।
উল্লেখযোগ্য যে, ২০২৪ চনৰ ১৫ আগষ্টত গুৱাহাটী মহানগৰীত উদ্ধাৰ হোৱা আই ই ডি-ৰ ঘটনাৰ এক বিস্তৃত তদন্তৰ অন্তত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে অভিযুক্তসকলৰ বিৰুদ্ধে আদালতত এই অভিযোগনামা প্ৰস্তুত কৰিছে।