দিল্লীৰ কনট প্লেচত প্ৰতিবাদৰ পূৰ্বেই চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেক আটক; নেহা বৰাক মুকলি

Story by  atv | Posted by  [email protected] • 1 h ago
 অভিজিত দীপকে আৰু নেহা বৰা
অভিজিত দীপকে আৰু নেহা বৰা
 
নতুন দিল্লী
 
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ পূৰ্বেই ক’কৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেক দিল্লী আৰক্ষীয়ে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে আটক কৰিছে। জানিব পৰা মতে, দিল্লীৰ কনট প্লেচত দলটোৱে আয়োজন কৰা ‘লহৰা দো ত্ৰিৰংগা’ নামৰ এক পূৰ্বনিৰ্ধাৰিত প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বেই তেওঁক আৰক্ষীয়ে নিজৰ জিম্মাত লয়।
 
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই নিৰ্ধাৰিত প্ৰতিবাদৰ বাবে কনট প্লেচৰ চেণ্ট্ৰেল পাৰ্কলৈ নাযাবলৈ আৰক্ষীৰ তৰফৰ পৰা চিজেপিৰ প্ৰতিষ্ঠাপকগৰাকীলৈ পূৰ্বেই দুখনকৈ জাননী প্ৰেৰণ কৰা হৈছিল। পিছে আৰক্ষীৰ এই নিৰ্দেশনাক তেওঁ অমান্য কৰে। উল্লেখযোগ্য যে, আৰক্ষীয়ে সদৰী কৰা মতে, তেওঁ পূৰ্বতে ৫০,০০০ টকাৰ এক বণ্ড জমা দি আগন্তুক এবছৰলৈ কোনো ধৰণৰ জনশান্তি ভংগ নকৰাৰ আইনী চৰ্তত আৱদ্ধ আছিল।
 
বৰ্তমান আৰক্ষীয়ে অভিজিত দীপকেৰ বিৰুদ্ধে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১২৬ আৰু ১৭০ ধাৰাৰ অধীনত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। এই প্ৰক্ৰিয়াৰ অংশস্বৰূপে, আজি অৰ্থাৎ ১৭ অক্টোবৰ ২০২৬, শনিবাৰে তেওঁক বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ সমুখত হাজিৰ কৰোৱা হ'ব বুলি প্ৰশাসনে জানিবলৈ দিছে।
 
আনহাতে, এই একেটা ঘটনাৰ সৈতে জড়িত নেহা বৰাক পৰৱৰ্তী সময়ত মুকলি কৰি দিয়া হয়। দিল্লী আৰক্ষী আইনৰ ৬৫ নম্বৰ ধাৰাৰ অধীনত প্ৰয়োজনীয় সকলো আইনী প্ৰক্ৰিয়া সুকলমে সম্পূৰ্ণ কৰাৰ পিছতেই আৰক্ষীয়ে তেওঁক যাবলৈ অনুমতি প্ৰদান কৰে।


শেহতীয়া খবৰ