এতিয়া সেই অভিযোগনামাত উল্লেখ কৰা প্ৰতিটো গুৰুত্বপূৰ্ণ তথ্য আৰু অভিযোগ আদালতৰ মজিয়াত উপযুক্ত প্ৰমাণেৰে প্ৰতিষ্ঠা কৰাটোৱেই ৰাজ্য চৰকাৰ আৰু তদন্তকাৰী পক্ষৰ বাবে অন্যতম ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। অসমৰ ৰাইজে বিচাৰিছে, কেৱল ৰাজহুৱা বক্তব্য বা আশ্বাস নহয়, আদালতত তথ্য-প্ৰমাণৰ ভিত্তিত দোষীসকলক চিনাক্ত কৰি আইনৰ অধীনত শাস্তি প্ৰদান কৰা হওক।
ইয়াৰ মাজতে ৯ অক্টোবৰৰ পৰা এসপ্তাহ অতিক্ৰম কৰাৰ কথা উল্লেখ কৰি ক্ষোভ প্ৰকাশ কৰিছে গৰিমা শইকীয়া গাৰ্গে। তেওঁ কয়, "উচ্চ ন্যায়ালয়ৰ কোনো সিদ্ধান্ত গ্ৰহণযোগ্য নহ'লে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ আইনী সুবিধা থকাৰ কথা স্মৰণ কৰাই দি তেওঁ প্ৰশ্ন উত্থাপন কৰে যে 'State of Assam vs Accused' গোচৰটোত বৰ্তমান যি পৰিস্থিতিৰ সৃষ্টি হৈছে, সেয়া ৰাজ্যৰ অভিজ্ঞ এছআইটি দলৰ বাবে গ্ৰহণযোগ্য নেকি?"
গৰিমাই প্ৰশ্ন কৰে, "জুবিন গাৰ্গৰ প্ৰতি এইখিনিয়েই দায়িত্ব আৰু কৰ্তব্য নে? ইমানকণেই মাথোঁ আবেগ আৰু অনুভৱ নে?"
শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ গোচৰ উচ্চতম ন্যায়ালয়লৈ নিয়াৰ প্ৰসংগ উল্লেখ কৰি গৰিমাই কয় যে, এই দুগৰাকী অভিযুক্তৰ লগতে আন অভিযুক্তসকলেও যাতে কোনোপধ্যেই আইনৰ সুৰুঙাৰে ৰেহাই পাব নোৱাৰে, সেই দিশত চৰকাৰে সতৰ্কতা অৱলম্বন কৰিব লাগিব।
গৰিমা শইকীয়া গাৰ্গৰ দাবী যে, মানি ল'ব নোৱাৰা ন্যায়িক সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হওক চৰকাৰ। অন্যথা জুবিন গাৰ্গৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক লৈ প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক বুলি তেওঁ মন্তব্য কৰে।
তেওঁ কয়, "অন্যথা আমি ভাবি ল'ম যে আপোনালোকে 'অসম অসমকৈ' নিজৰ সৰ্বস্ব উজাৰি দিয়া প্ৰাণৰ শিল্পীজনৰ এইয়াই প্ৰাপ্য বুলি নীৰৱে ঘোষণা কৰিলে আৰু অপৰাধীৰ আগত পৰাজয় স্বীকাৰ কৰিলে।"
ইফালে, আছুৰ সভাপতি উৎপল শৰ্মায়ো এই বিষয়ত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁৰ মতে, অমৃতপ্ৰভা মহন্তৰ পিছত সন্দীপন গাৰ্গেও জামিন লাভ কৰা ঘটনাক অসমবাসীয়ে অসহায়ভাৱে চাই থাকিবলগীয়া হৈছে। এই পৰিস্থিতি সমগ্ৰ জাতিটোৰ বাবে দুখজনক।
উৎপল শৰ্মাই অসম চৰকাৰক অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাৰ বাবে প্ৰয়োজনীয় আইনী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
আছুৰ সভাপতিগৰাকীয়ে কয় যে, এছআইটিৰ অভিযোগনামাৰ ভিত্তিত গোচৰটোৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত চলি আছে। সেয়েহে মুখ্যমন্ত্ৰীয়ে অভিযোগনামাৰ আধাৰত জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত বুলি ৰাজহুৱাভাৱে উল্লেখ কৰা বিষয়সমূহ আদালতৰ মজিয়াত তথ্য-প্ৰমাণসহকাৰে প্ৰতিষ্ঠা কৰাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব লাগিব।
তেওঁ লগতে কয় যে, গোচৰটো আদালতৰ বিচাৰাধীন হৈ থকাৰ বাবে ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা নাই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে, জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অসমবাসীৰ বুকুত জ্বলি থকা ক্ষোভৰ জুই নিৰ্বাপিত হৈছে। চৰকাৰে সেই জুইৰ উত্তাপ উপলব্ধি কৰক বুলি মন্তব্য কৰি উৎপল শৰ্মাই অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন বাতিল কৰোৱাৰ বাবে আইনী ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ দাবী জনায়।
অৱশ্যে, উচ্চ ন্যায়ালয়ে প্ৰদান কৰা জামিনৰ সিদ্ধান্ত এক আইনী প্ৰক্ৰিয়াৰ অংশ। জামিন লাভ কৰাটোৱেই কোনো অভিযুক্তৰ দোষ বা নিৰ্দোষিতা চূড়ান্তভাৱে নিৰ্ধাৰণ নকৰে। আদালতৰ সিদ্ধান্তক সন্মান জনোৱাৰ লগতে বিচাৰাধীন গোচৰটোৰ আইনী প্ৰক্ৰিয়াৰ প্ৰতিও সন্মান অটুট ৰখাটো সমানেই গুৰুত্বপূৰ্ণ। অভিযুক্তসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আদালতত প্ৰমাণিত হোৱাৰ পিছতহে তেওঁলোকক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰিব পৰা যাব।
কিন্তু একে সময়তে অসমৰ ৰাইজৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টি আৰু আৱেগকো ৰাজ্য চৰকাৰে গুৰুত্বসহকাৰে বিবেচনা কৰাটো প্ৰয়োজনীয়। এজনৰ পিছত আন এজন অভিযুক্তই জামিন লাভ কৰা বিষয়টো ৰাইজৰ একাংশই সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। সেয়েহে চৰকাৰ আৰু তদন্তকাৰী পক্ষই অধিক দায়িত্বশীল ভূমিকা পালন কৰি এছআইটিৰ অভিযোগনামাত উল্লেখ কৰা তথ্য-প্ৰমাণসমূহ আদালতত শক্তিশালীভাৱে উপস্থাপন কৰাটো অত্যন্ত জৰুৰী।
লগতে, অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আইনী প্ৰত্যাহ্বান জনোৱাৰ ভিত্তি আছে নে নাই, সেই বিষয়টোও চৰকাৰে গুৰুত্বসহকাৰে পৰীক্ষা কৰাৰ দাবী উত্থাপিত হৈছে। আইন অনুসৰি উপযুক্ত ভিত্তি থাকিলে জামিন বাতিলৰ বাবে প্ৰয়োজনীয় আবেদন দাখিল কৰাৰ পথ মুকলি আছে। অৱশ্যে সেই আবেদনৰ চূড়ান্ত সিদ্ধান্ত সংশ্লিষ্ট আদালতৰ ওপৰত নিৰ্ভৰ কৰিব।
অসমৰ ৰাইজে বিচাৰিছে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সত্য উদ্ঘাটন হওক, প্ৰকৃত দোষী চিনাক্ত হওক আৰু আদালতত দোষ প্ৰমাণিত হোৱা ব্যক্তিসকলে আইনৰ অধীনত উপযুক্ত শাস্তি পাওক। কেৱল আশ্বাস নহয়, ন্যায় নিশ্চিত কৰাৰ দিশত চৰকাৰৰ দৃশ্যমান আৰু ফলপ্ৰসূ আইনী পদক্ষেপৰ ওপৰতে এতিয়া ৰাইজৰ দৃষ্টি নিৱদ্ধ হৈ আছে।