সুদীপ শৰ্মা চৌধুৰী আৰু আৰিফুল ইছলাম / গুৱাহাটী
মাটিৰে কেৱল দেৱ-দেৱীৰ প্ৰতিমাই নগঢ়ে, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা এক সাংস্কৃতিক ঐতিহ্যকো জীয়াই ৰাখে তেওঁলোকে। পিছে সেই শিল্পক খামুচি ধৰি জীৱন নিৰ্বাহ কৰিবলৈ যাওঁতে মৃৎশিল্পীসকলে প্ৰতিদিনে সংগ্ৰাম কৰিবলগীয়া হৈছে। নতুন নতুন আৰ্হিৰ সৈতে ফেৰ মৰাৰ পৰা আৰম্ভ কৰি আৰ্থিক অনিশ্চয়তালৈকে— প্ৰত্যাহ্বানৰ কোনো শেষ নাই। ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত অসমৰ আমিনগাঁৱত পূৰ্বপুৰুষৰ বৃত্তিক আপোন কৰি লৈ সেই যুঁজ অব্যাহত ৰাখিছে সন্দীপ পালে।
পঢ়া-শুনা শেষ কৰি পৰিয়ালৰ এই পৰম্পৰাগত বৃত্তিত যোগ দিয়ে সন্দীপে। বংশপৰম্পৰাগতভাৱে চলি অহা প্ৰতিমা নিৰ্মাণৰ এই শিল্পক আগুৱাই লৈ যোৱাই হ’ল তেওঁৰ লক্ষ্য। অৱশ্যে সময়ৰ লগে লগে গ্ৰাহকৰ চাহিদা সলনি হৈছে। বিভিন্ন ঠাইৰ পৰা পূজাৰ উদ্যোক্তাসকলে নতুন নতুন আৰ্হি লৈ আহে। সেই চাহিদা পূৰণ কৰিবলৈ শিল্পীসকলেও অনবৰতে নিজৰ দক্ষতা বৃদ্ধি কৰিবলগীয়া হয়। ফলত এই বৃত্তিত তিষ্ঠি থাকিবলৈ অভিজ্ঞতা, ধৈৰ্য আৰু নতুন কিবা এটা শিকাৰ মানসিকতাৰ খুবেই প্ৰয়োজন।
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সন্দীপ পালে কয়; "মাৰ মূৰ্তি বনাই মোৰ বহুত ভাল লাগে। মই এই শিল্পৰ সৈতে জড়িত হোৱাৰ কাৰণটো হৈছে আমাৰ পৰম্পৰা। যুগ-যুগ ধৰি মোৰ পিতৃ, কঁকা, আজুকঁকা সকলোৱেই এই বৃত্তিৰ সৈতে জড়িত আছিল। বৰ্তমান মই আৰু মোৰ দেউতাই কৰি আছো একেলগে। সময়ৰ লগে লগে মানুহৰ পছন্দও সলনি হৈছে। গ্ৰাহকে যি হিচাপত বিচাৰে, সেই হিচাপতে আমি তেওঁলোকক প্ৰতিমা তৈয়াৰ কৰি দিওঁ।"
"আমাৰ মৃৎশিল্পীসকলে ভাৰতৰ একেবাৰে পুৰণি সভ্যতা-সংস্কৃতি ধৰি ৰাখি আহিছোঁ। চৰকাৰে আমাৰ দৰে লোকসকলক সহায় কৰাৰ প্ৰয়োজন আছে। বৰ্তমান সময়ত আমাৰ দৰে শিল্পীসকলে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰতিমা প্ৰস্তুত কৰাৰ বাবে যিবোৰ সামগ্ৰীৰ প্ৰয়োজন হয়, সামগ্ৰীবোৰ দাম বৃদ্ধিয়ে আমাক যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। চৰকাৰে সেইবোৰ বস্তুত চকু দিলে নিশ্চিতভাৱে আমি লাভম্বিত হম", সন্দীপ পালে কয়।
সন্দীপৰ মতে, যিসকলে ভৱিষ্যতে মৃৎশিল্পক বৃত্তি হিচাপে বাছি ল’ব বিচাৰে, তেওঁলোকে যিমান পাৰি সোনকালে কাম শিকা আৰম্ভ কৰা উচিত। আৰম্ভণিৰে পৰা হাতে-কামে অভিজ্ঞতা অৰ্জন কৰিব পাৰিলে অহা দিনবোৰত বৃত্তিগত প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাটো সহজ হ’ব। কাৰণ, প্ৰতিমা গঢ়া কামটো কেৱল শিল্পীসত্তাৰ প্ৰকাশেই নহয়, ইয়াৰ সৈতে জড়িত হৈ আছে জীৱিকা নিৰ্বাহৰ এক কঠিন বাস্তৱো। এই শিল্পই দেশৰ সাংস্কৃতিক ঐতিহ্যক ধৰি ৰখাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইউনেস্ক’ৰ দ্বাৰা স্বীকৃত দুৰ্গাপূজাৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে প্ৰতিমা নিৰ্মাণৰ কলাও ওতপ্ৰোতভাৱে জড়িত। সেয়েহে এই বৃত্তিৰ সৈতে জড়িত শিল্পীসকলক জীয়াই ৰখা মানে ঐতিহ্যৰ ধাৰাটোকো সচল কৰি ৰখা।
সন্দীপ পালৰ পিতৃ
"বিসৰ্জনৰ সময়ত আমাৰ অত্যন্ত দুখ লাগে, বহু দিন কষ্ট কৰি আদৰেৰে আমি এটা প্ৰতিমা প্ৰস্তুত কৰোঁ। সেই প্ৰতিমা যেতিয়া বিসৰ্জন দিয়া হয়, আমি আবেগিক হৈ পৰো। বৰ্তমান মূৰ্তিৰ যথেষ্ট বৃদ্ধি পাইছে। বহু দূৰ-দূৰণিৰ পৰা আমাৰ ইয়াতে মূৰ্তি কিনিবলৈ গ্ৰাহক আহে। বহুতেই আগতীয়াকৈ অৰ্ডাৰ কৰিও থৈ দিয়ে। গুৱাহাটী মহানগৰৰ বিভিন্ন ঠাই, চাংসাৰী, বাইহাটা, ৰঙিয়া, মঙলদৈ, মিৰ্জা, আজাৰা আদিৰ পৰাই আমাৰ প্ৰতিমা ক্ৰয় কৰে", সন্দীপ পালে কয়।
বৰ্তমান সন্দীপ পালৰ কৰ্মশালাত ১২ গৰাকী কৰ্মচাৰী নিয়োজিত হৈ আছে। তেওঁ কয়; "প্ৰতিদিনেই আমি ৭-১০ টা মূৰ্তি প্ৰস্তুত কৰোঁ, একেদিনাই এটা মূৰ্তি সম্পূৰ্ণ কৰিব নোৱাৰে, পৰ্যায়ক্ৰমে এটা মূৰ্তি গঢ় লৈ উঠে। বতৰে কেতিয়াবা আমাক অসুবিধাৰ সৃষ্টি কৰে। বৰষুণ দিলে আমাৰ কামত অসুবিধা হয়, কিন্তু অৰ্ডাৰ অনুযায়ী আমি আমাৰ গ্ৰাহকক সময়মতে মূৰ্তি যোগান ধৰোঁ। সময় কম থাকিলে আমি অৰ্ডাৰ নলওঁ, আমি আমাৰ মানদণ্ডৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰোঁ।"
কিন্তু শিল্পৰ প্ৰতি ভালপোৱা থাকিলেও আৰ্থিক নিৰাপত্তাৰ অভাৱে তেওঁলোকৰ দুশ্চিন্তা বৃদ্ধি কৰে। সন্দীপৰ মতে, চৰকাৰী আঁচনি বা পৰ্যাপ্ত সহায় অবিহনেই শিল্পীসকলে নিজৰ প্ৰচেষ্টাৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হয়। পৰিয়ালৰ কোনোবা অসুস্থ হৈ পৰিলে অথবা জৰুৰী চিকিৎসাৰ প্ৰয়োজন হ’লে পৰিস্থিতি অধিক জটিল হৈ পৰে। সেয়েহে মৃৎশিল্পীসকলৰ বাবে চৰকাৰী সাহায্য, স্বাস্থ্য সুৰক্ষা আৰু আৰ্থিক নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ তেওঁ চৰকাৰক আবেদন জনাইছে।
সন্দীপ পালে নিৰ্মান কৰা মাটিৰ প্ৰতিমা
সেয়েহে সন্দীপৰ এই যুঁজ কেৱল নিজৰ বৃত্তিটোক জীয়াই ৰখাৰ যুঁজ নহয়, বৰঞ্চ পূৰ্বপুৰুষৰ পৰা লাভ কৰা এই শিল্পক অহা প্ৰজন্মৰ ওচৰলৈ লৈ যোৱাৰ এক জীৱন সংগ্ৰাম। শিল্পীসকলৰ কাষত চৰকাৰ আৰু সমাজে থিয় দিলে মাটিৰ প্ৰতিমাত প্ৰাণ ঢালি দিয়াৰ এই ঐতিহ্য যেনেকৈ জীয়াই থাকিব, তেনেকৈয়ে সুৰক্ষিত হ’ব তেওঁলোকৰ জীৱন আৰু জীৱিকাও।
উল্লেখ্য যে, সন্দীপ পালে যদিও মৃতশিল্পৰ জৰিয়তে নিজৰ পৰিয়ালৰ পৰম্পৰা অক্ষুন্ন ৰাখিছে, তেওঁ কিন্তু নিজৰ সন্তানক কোনো ধৰণৰ হেঁচা প্ৰয়োগ নকৰে। সন্তানে যি বিচাৰে, সেই কৰ্মকে নিজৰ পেছা হিচাপে বাচি ল'ব পাৰিব।