প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পৰম্পৰাগত ‘দেৱ ৰাখী’ নিৰ্মাণ কৰি আহিছে মহাৰাষ্ট্ৰৰ এক মুছলমান পৰিয়ালে

Story by  atv | Posted by  Munni Begum • 1 h ago
পৰম্পৰাগত ‘দেৱ ৰাখী’ নিৰ্মাণ কৰি আহিছে মহাৰাষ্ট্ৰৰ এক মুছলমান পৰিয়ালে
পৰম্পৰাগত ‘দেৱ ৰাখী’ নিৰ্মাণ কৰি আহিছে মহাৰাষ্ট্ৰৰ এক মুছলমান পৰিয়ালে
 
ভক্তি চালক
 
ৰাখীবন্ধন কেৱল ভাতৃ-ভগ্নীৰ প্ৰেমৰ উৎসৱেই নহয়, ই হৈছে সমাজক একতাৰ সূতাৰে বান্ধি ৰখাৰ এক সুন্দৰ মাধ্যম। ধৰ্মীয় বিভেদ নেওচি সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে মহাৰাষ্ট্ৰৰ আকোলা জিলাৰ বালাপুৰৰ নিবাসী তাজ মহম্মদ আৰু তেওঁৰ পৰিয়ালে। ৰাখীবন্ধনৰ পৱিত্ৰ ক্ষণত মহাৰাষ্ট্ৰৰ ঘৰে ঘৰে ভগৱানলৈ বুলি যি প্ৰথম ৰাখী আগবঢ়োৱা হয়, যাক 'দেৱ ৰাখী' বুলি কোৱা হয়, সেই বিশেষ ৰাখীডাল এই মুছলমান পৰিয়ালটোৱেই নিজ হাতেৰে প্ৰস্তুত কৰে।
 
আকোলা জিলাৰ বালাপুৰ নিবাসী তাজ মহম্মদৰ পৰিয়ালটোৱে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ৰাখী বনোৱা কাম কৰি আহিছে। ককাকৰ নামৰ সৈতে সংগতি ৰাখিয়েই তাজ মহম্মদৰ নাম ৰখা হৈছিল। ককাকৰ মৃত্যুৰ পিছত জন্মগ্ৰহণ কৰা এই নাতিয়েকে আজিও নিজৰ পূৰ্বপুৰুষৰ এই পৰম্পৰা একেই সততা আৰু একাগ্ৰতাৰে আগবঢ়াই নিছে।
 
'আৱাজ - দ্য ভইচ'ৰ আগত তাজ মহম্মদে কয়, “আমি হৈছো ৰাখী নিৰ্মাণ কৰা আমাৰ পৰিয়ালৰ পঞ্চমটো প্ৰজন্ম। ৰাখীবন্ধনত ব্যৱহাৰ হোৱা ‘দেৱ ৰাখী’ আমাৰ ইয়াতেই প্ৰস্তুত কৰা হয়। আমাৰ পূৰ্বপুৰুষৰ দিনৰ পৰাই এই কাম চলি আহিছে। কেৱল ৰাখীয়েই নহয়, আমি দীপাৱলী উৎসৱৰ বাবে কৰদোডে (কঁকালত পিন্ধা বিশেষ সূতা), দুৰ্গা পূজাৰ বাবে মা দুৰ্গাৰ ওৰণিৰ সামগ্ৰী আৰু শাৰী আদি হিন্দু ধৰ্মৰ প্ৰতিটো উৎসৱৰ প্ৰয়োজনীয়তা অনুসৰি সামগ্ৰী প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰোঁ।”
 
বৰ্তমান সময়ত বজাৰখন প্লাষ্টিক আৰু চীনা ৰাখীৰে ভৰি পৰিছে। কিন্তু বালাপুৰৰ এই পৰিয়ালটোৰ পুৰণি ঐতিহ্যৰ বিশেষত্বই সুকীয়া। তেওঁলোকে বিশেষ 'দেৱ ৰাখী' নিৰ্মাণ কৰে। ভগৱানক এই ৰাখী নাবান্ধিলে কোনো ধৰ্মীয় পূজা-অৰ্চনা সম্পূৰ্ণ হোৱা বুলি গণ্য কৰা নহয়। ডাঠ কাগজ বা ৰেডিমেড সূতাৰে বনোৱা আধুনিক ৰাখীতকৈ এই পৰম্পৰাগত দেৱ ৰাখীৰ স্থান মানুহৰ হৃদয়ত বহু ওপৰত।
 
ৰাখী নিৰ্মাণঃ এক শ্ৰমসাধ্য পাৰিবাৰিক প্ৰচেষ্টা
 
ৰাখী বনোৱা কামটো দেখাত সহজ যেন লাগিলেও ইয়াৰ আঁৰত কঠোৰ পৰিশ্ৰম সোমাই থাকে। এডাল সাধাৰণ বগা সূতাৰ পৰাই দেৱ ৰাখী নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হয়। বজাৰৰ পৰা সংগ্ৰহ কৰা কেঁচামাল কেৱল বগা সূতাৰ ৰূপতহে থাকে। সেইবোৰ ঘৰলৈ অনাৰ পিছতহে ৰাখী বনোৱাৰ প্ৰকৃত কাম আৰম্ভ হয়।
 
বগা সূতা অনা, সেইবোৰক পছন্দৰ ৰঙেৰে ৰঙীন কৰা, ৰংবোৰ স্থায়ী কৰিবলৈ সিজোৱা, শুকুওৱা আৰু তাৰ পিছত সেইবোৰৰ পৰা বিভিন্ন ৰঙৰ ধুনীয়া সূতা গুঁঠা-এই সকলোবোৰ কাম সযতনে কৰা হয়। ৰঙা, হালধীয়া আৰু আন আন পৰম্পৰাগত ৰঙৰ সংমিশ্ৰণেৰে এই দেৱ ৰাখী প্ৰস্তুত কৰা হয়। ৰাখীবন্ধনৰ উৎসৱ কাষ চপাৰ লগে লগে, প্ৰায় দুমাহ আগৰ পৰাই গোটেই পৰিয়ালটোৱে দিন-ৰাতি একাকাৰ কৰি এই কামত নিয়োজিত হয়।
 
এই কাম কেৱল তাজ মহম্মদৰ পৰিয়ালৰ মাজতেই সীমাবদ্ধ নহয়। উৎসৱৰ দিনবোৰত ওচৰ-চুবুৰীয়াইও ইয়াৰ জৰিয়তে দুপইচা উপাৰ্জন কৰাৰ সুযোগ লাভ কৰে। এটা পৰিয়ালৰ পক্ষে অকলে ইমান বৃহৎ পৰিমাণৰ সামগ্ৰী প্ৰস্তুত কৰা সম্ভৱ নহয়। সেয়েহে তেওঁলোকে আকোলাত থকা নিজৰ চুবুৰীয়া পৰিয়ালবোৰৰ মাজত এই কাম ভগাই দিয়ে। এই কাম দিয়াৰ সময়ত কাম কৰাজন হিন্দু নে মুছলমান, সেই কথা কেতিয়াও বিচাৰ কৰা নহয়।
 
তাজ মহম্মদে কয়, “আমাৰ যিসকল পুৰণি কাৰিকৰ আছে, তেওঁলোকক ৮০ টকা আৰু নতুনসকলক ৬০ টকাৰ হিচাপত পাৰিশ্ৰমিক দি আমি সামগ্ৰীসমূহ প্ৰস্তুত কৰাওঁ। ইয়াৰ ফলত উৎসৱৰ বতৰত চুবুৰীয়াসকলো অলপ লাভান্বিত হয়। আমাৰ ব্যৱসায়টো এনেকুৱা যে ই সকলোকে একেলগে আগুৱাই লৈ যায়।”
 
তাজ মহম্মদক মাকৰ সৈতে তেওঁলোকে বনোৱা ৰাখী হাতত লৈ থকা অৱস্থাত
 
মুনাফাতকৈ আৱেগ আৰু বিশ্বাসৰ প্ৰতি অধিক গুৰুত্ব
 
বৰ্তমান সময়ত য'ত মানুহে ব্যৱসায়ত সৰ্বাধিক মুনাফা অৰ্জনৰ প্ৰতিযোগিতাত নামি পৰিছে, তেনেস্থলত তাজ মহম্মদৰ পৰিয়ালে নিজৰ ঐতিহ্যক সজীৱ কৰি ৰাখিছে। লাখ লাখ টকাৰ টাৰ্নঅভাৰ বা কোটি কোটি টকাৰ লাভ অৰ্জন কৰাটো এই কামৰ আঁৰৰ উদ্দেশ্য কেতিয়াও নাছিল। হাজাৰ হাজাৰ টকাৰ কেঁচামাল ক্ৰয় কৰি, হাড়ভঙা পৰিশ্ৰমৰ মাজেৰে দেৱ ৰাখী প্ৰস্তুত কৰা হয়।
 
তাজ মহম্মদে কয়, “অধিক ধনৰ লোভ সেইসকল মানুহৰ থাকে, যাৰ প্ৰয়োজনবোৰ ডাঙৰ। আমাৰ ক্ষেত্ৰত তেনে নহয়। আমাৰ দুবেলা-দুমুঠি অন্নৰ যোগাৰ হ’লে, আমাৰ কাম চলি থাকিলে আৰু আমাৰ সৈতে জড়িত চুবুৰীয়াসকলৰো কিবা এটা উপকাৰ হ’লে, আমি তাতেই সন্তুষ্ট থাকোঁ। ১০ টকাৰ সামগ্ৰীৰ পৰা ৫০ টকা উপাৰ্জন কৰাটো আমাৰ চিন্তা নহয়। এয়া আমাৰ পূৰ্বপুৰুষৰ ব্যৱসায়, এয়া মানুহৰ আস্থা আৰু বিশ্বাসৰ লগত জড়িত বিষয়, কেৱল এই কথাষাৰ হৃদয়ত ৰাখিয়েই আমি এই কাম কৰোঁ।”
 
ৰাখীবন্ধনৰ এদিন আগতে বালাপুৰৰ এই কাৰখানাটোত সকলো সামগ্ৰী প্ৰস্তুত কৰি আকোলাৰ মূল বজাৰলৈ যোগান ধৰা হয়। যোৱা কেইবা দশকো ধৰি এই পৰিয়ালটোৰ পৰা ৰাখী ক্ৰয় কৰা আকোলাৰ ব্যৱসায়ীসকলে আজিও তাজ মহম্মদৰ পৰা একেই বিশ্বাসেৰে ৰাখী ক্ৰয় কৰে।
 
প্ৰজন্মৰ বিশ্বাস আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন
 
গুজৰাটী, মাৰোৱাৰী আৰু সিন্ধি সম্প্ৰদায়ৰ ব্যৱসায়ীসকলে কেইবা প্ৰজন্ম ধৰি তাজ মহম্মদৰ পৰাই দেৱ ৰাখী ক্ৰয় কৰি আহিছে। পুৰণি ব্যৱসায়ীসকলে তেওঁলোকৰ নৱপ্ৰজন্মকো কৈ থৈছে যে, “বালাপুৰৰ এই পৰিয়ালটোৰ পৰাই সামগ্ৰী ল'ব লাগে, কিয়নো তেওঁলোকৰ সামগ্ৰীৰ মান অতি উন্নত আৰু তেওঁলোকৰ সৈতে আমাৰ সম্পৰ্ক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছে।”
 
তাজ মহম্মদে আৱেগিক হৈ কয়, “আমাৰ পূৰ্বপুৰুষসকলে আমাক কেতিয়াও এইটো শিকোৱা নাছিল যে এইটো বেলেগ ধৰ্মৰ কাম বা এইটো হিন্দুসকলৰ কাম, তোমালোকে এইটো নকৰিবা। আমাৰ বাবে এয়াই আমাৰ জীৱিকা। মানুহৰ আস্থা আৰু বিশ্বাসৰ সৈতে জড়িত এই কামটো কৰি আমি অতিকৈ আনন্দ পাওঁ।”
 
তেওঁ লগতে কয়, “আজিকালি দেশত যি এক ঘৃণাৰ পৰিৱেশ বিয়পাই দিয়া হৈছে, তেনে সময়ত যদি আমাৰ এই কাহিনীটো হিন্দু-মুছলমান ভাই-ভনীসকলৰ মাজলৈ যায়, তেন্তে ময়েই আটাইতকৈ বেছি সুখী হ'ম। ইয়াক দেখি হয়তো মুছলমানসকলৰ প্ৰতি মানুহৰ দৃষ্টিভংগী সলনি হ'ব।”
 
শেষত তাজে দৃঢ়তাৰে কয়, “আমাৰ কামৰ দ্বাৰা মানুহ সুখী হওক, সেয়াই আমাৰ একমাত্ৰ আন্তৰিক কামনা। আমাৰ পূৰ্বপুৰুষৰ পৰা চলি অহা এই পৰম্পৰাক মানুহে সন্মান কৰক। মই সমাজক কেৱল এইখিনিয়েই ক'ম যে কোনো কামেই কেতিয়াও কোনো নিৰ্দিষ্ট ধৰ্মৰ নহয়। কোনো কামেই কাকো সৰু কৰিবলৈ নহয়, হাতলৈ যি কামেই নাহক কিয়, মানুহে সেয়া সম্পূৰ্ণ একাগ্ৰতাৰে কৰা উচিত।”
 
ৰাখীবন্ধন কেৱল ভাতৃ-ভগ্নীৰ মৰমৰ প্ৰতীকী উৎসৱেই নহয়, ই সমগ্ৰ সমাজখনক একতাৰ ডোলেৰে বান্ধি ৰাখে। ধৰ্মীয় পৰিচয় যিয়েই নহওক কিয়, আনৰ আৱেগ, অনুভূতি আৰু সংস্কৃতিক সন্মান জনাই কেনেকৈ ব্যৱসায় কৰিব পাৰি, তাৰ এক জ্বলন্ত আৰু অনুপ্ৰেৰণাদায়ক নিদৰ্শন দাঙি ধৰিছে আকোলাৰ এই বিশেষ পৰিয়ালটোৱে। তাজ মহম্মদ আৰু তেওঁৰ পৰিয়ালে প্ৰস্তুত কৰা প্ৰতিডাল 'দেৱ ৰাখী' কেৱল এডাল সূতা নহয়, ই হৈছে সাম্প্ৰদায়িক সম্প্ৰীতি, ভাতৃত্ববোধ আৰু মানৱতাৰ এক চিৰযুগমীয়া বান্ধোন।