মুন্নী বেগম / গুৱাহাটী
মানুহৰ জীৱনত কিছুমান সম্পৰ্কৰ কোনো সংজ্ঞা নাথাকে। সেই সম্পৰ্কবোৰক বুজাবলৈ হয়তো প্ৰায়ে শব্দৰ অভাৱ হয় কিন্তু অনুভৱ কৰিবলৈ মাত্ৰ এটা মুহূৰ্তই যথেষ্ট হয়। ভাতৃ-ভগ্নীৰ সম্পৰ্কও তেনে এক অনন্য সম্পৰ্ক। কেতিয়াবা সৰু কথাতে কাজিয়া, কেতিয়াবা অভিমান, কেতিয়াবা ইজনে সিজনক জোকোৱা, আকৌ বিপদৰ সময়ত সকলোতকৈ আগতে কাষত থিয় হোৱা। শৈশৱৰ সেই দুষ্টামি আৰু কাজিয়াৰ মাজতেই গঢ় লৈ উঠে এক আজীৱনৰ বন্ধন। সেই বন্ধনক মৰম আৰু বিশ্বাসৰ প্ৰতীকেৰে উদযাপন কৰা উৎসৱ হৈছে ৰাখী বন্ধন।
ৰাখীবন্ধন বা ৰক্ষা বন্ধন সাধাৰণতে শাওণ মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই দিনটোত প্ৰতিগৰাকী ভগ্নীয়ে নিজৰ ভাতৃৰ হাতত ৰাখী বান্ধি তেওঁৰ সুখ, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। ভায়েকেও ভনীয়েকৰ প্ৰতি মৰম আৰু দায়িত্বৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু ৰাখীৰ মাত্ৰ এডাল সূতাৰ অৰ্থ ইয়াতকৈ বহু গভীৰ হয়। ই যেন দুখন হৃদয়ৰ মাজত থকা সেই অদৃশ্য সম্পৰ্কটোক দৃশ্যমান কৰি তোলে, যাক সময়, দূৰত্ব বা জীৱনৰ ব্যস্ততাই সহজে বিচ্ছিন্ন কৰি পেলাব নোৱাৰে।
প্ৰতিনিধিত্বমূলক ছবি
ৰাখী বন্ধনৰ ইতিহাস বহু পুৰণি আৰু ইয়াৰ সৈতে জড়িত বহু পৌৰাণিক আৰু ঐতিহাসিক কাহিনী প্ৰচলিত হৈ আহিছে। মহাভাৰতৰ জনপ্ৰিয় কাহিনী অনুসৰি, শ্ৰীকৃষ্ণৰ হাতত আঘাত লাগি তেজ ওলোৱাৰ সময়ত দ্ৰৌপদীয়ে নিজৰ বস্ত্ৰৰ এটা অংশ ফালি তেওঁৰ হাতত বান্ধি দিছিল। দ্ৰৌপদীৰ সেই আন্তৰিকতাক সন্মান জনাই শ্ৰীকৃষ্ণই তেওঁৰ সুৰক্ষাৰ দায়িত্ব লোৱাৰ প্ৰতিশ্ৰুতি দিছিল। যদিও এই কাহিনী প্ৰচলিত ৰাখী বন্ধনৰ পৰম্পৰাৰ সৈতে সম্পূৰ্ণ একে নহয়, তথাপি ইয়াত থকা মৰম, বিশ্বাস আৰু সুৰক্ষাৰ অনুভূতিয়ে ৰাখীৰ মূল তাৎপৰ্যক প্ৰতিফলিত কৰি আহিছে।
মধ্যযুগীয় ভাৰতৰ আন এক বহুল প্ৰচলিত কাহিনী ৰাণী কৰ্ণাৱতী আৰু মোগল সম্ৰাট হুমায়ুনক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল। কাহিনী অনুসৰি, ৰাণী কৰ্ণাৱতীয়ে এবাৰ সম্ৰাট হুমায়ুনলৈ ৰাখী পঠিয়াই সহায় বিচাৰিছিল। ঘটনাটোৰ ঐতিহাসিক সত্যতা সম্পৰ্কে ইতিহাসবিদসকলৰ মাজত মতভেদ থাকিলেও, জনস্মৃতিত এই কাহিনীয়ে ৰাখীক ধৰ্মীয় সীমাৰ ঊৰ্ধ্বত থকা বিশ্বাস আৰু সুৰক্ষাৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰি আহিছে।
ৰাখী বন্ধনে সামাজিক আৰু জাতীয় পৰিসৰতো এক বিশেষ অৰ্থ লাভ কৰিছিল। ১৯০৫ চনত বংগভংগৰ বিৰোধিতাৰ সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰে ৰাখী বন্ধনৰ ভাবনাক হিন্দু-মুছলমানৰ মাজত ঐক্য আৰু ভাতৃত্ববোধৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰাৰ আহ্বান জনাইছিল বুলি ইতিহাসত উল্লেখ আছে। অৰ্থাৎ ৰাখীৰ অৰ্থ কেৱল পৰিয়ালৰ মাজত সীমাবদ্ধ নাথাকি সামাজিক সম্প্ৰীতিৰ বাৰ্তাও বহন কৰি আহিছে।
প্ৰতিনিধিত্বমূলক ছবি
ৰাখী বন্ধনৰ প্ৰকৃত সৌন্দৰ্য হয়তো উৎসৱৰ আড়ম্বৰ বা উপহাৰত নহয়, বৰং সেই সৰু মুহূৰ্তটোত অন্তৰ্নিহিত হৈ আছে, যেতিয়া এগৰাকী ভনীয়েকে ভায়েকৰ হাতখন নিজৰ হাতত লৈ ৰাখী বান্ধে, সেই সময়ত হয়তো দুয়োৰে মনলৈ উভতি আহে শৈশৱৰ সেই দিনবোৰ। তেওঁলোকে একেলগে খেলা, সৰু কথাত কাজিয়া কৰা, মাকৰ পৰা লুকাই দুষ্টামি কৰা, পৰীক্ষাৰ সময়ত ইজনে সিজনক সহায় কৰা আদি সকলোবোৰ স্মৃতি যেন ৰাখী এডাল ৰঙীন সূতাৰ সৈতে পুনৰ জীয়াই উঠে।
কিন্তু বয়স বঢ়াৰ লগে লগে জীৱনো সলনি হবলৈ আৰম্ভ কৰে। কোনো ভায়েকে কৰ্মসূত্ৰে আন এখন চহৰত থাকে, কোনো ভনীয়েক বিবাহৰ পিছত আন এটা পৰিয়ালৰ সদস্য হৈ পৰে। আগৰ দৰে তেওঁলোকৰ মাজত প্ৰতিদিনে কথা নহয়। সময়ৰ অভাৱত কেতিয়াবা ফোন এটাও কৰা নহয়। তথাপি বছৰৰ সেই এটা বিশেষ দিনত অহা এটি ৰাখীয়ে যেন কয় উঠে, "দূৰত্ব বাঢ়িলেও আমাৰ সম্পৰ্কৰ দূৰত্ব বঢ়া নাই।"
কোনো ভগ্নীয়ে হয়তো নিজ হাতে ৰাখী বান্ধিবলৈ আহিব নোৱাৰে। ডাকযোগে পঠিওৱা এটি সৰু ৰাখী ভাতৃৰ হাতত পৰে। ভাতৃ গৰাকীয়েও সেই ৰাখী হাতত বান্ধি লওঁতে হয়তো ভনীয়েকৰ মুখখন মনলৈ আহে। এই অনুভূতিয়েই হৈছে ৰাখী বন্ধনৰ আটাইতকৈ মূল্যবান সম্পদ।
প্ৰতিনিধিত্বমূলক ছবি
আধুনিক সমাজত ৰাখী বন্ধনৰ অৰ্থক নতুন দৃষ্টিৰে চোৱাৰ প্ৰয়োজন আছে। পৰম্পৰাগতভাৱে এই উৎসৱত ভায়েকে ভনীয়েকক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু আজিৰ সময়ত সুৰক্ষা একপক্ষীয় দায়িত্ব হ'ব নোৱাৰে। ভনীয়েকেও ভায়েকৰ জীৱনৰ সুখ-দুখৰ অংশীদাৰ। মানসিকভাৱে ভাঙি পৰা সময়ত ভনীয়েকৰ এটি ফোন, কঠিন সময়ত ভায়েকৰ এটি সাহসী কথা অথবা জীৱনৰ কোনো সিদ্ধান্তত ইজনে সিজনৰ সমৰ্থন কৰা আদিবোৰেই হৈছে প্ৰকৃত সুৰক্ষা।
আৰু এগৰাকী ভনীয়েকৰ সুৰক্ষা মানে কেৱল তেওঁক বিপদৰ পৰা ৰক্ষা কৰাটো নহয়; তেওঁৰ শিক্ষা, স্বাধীনতা, মতামত, পছন্দ আৰু সন্মানকো সুৰক্ষিত কৰাক বুজায়। ভনীয়েকৰ জীৱনৰ সিদ্ধান্তক সন্মান কৰা, তেওঁক নিজৰ সপোন পূৰণ কৰিবলৈ উৎসাহিত কৰা আদিবোৰো ভায়েকৰ মৰমৰ এক আধুনিক প্ৰকাশ।
বৰ্তমান সময়ত ৰাখী বন্ধন বহু ক্ষেত্ৰত উপহাৰ, বজাৰ আৰু বাণিজ্যিকতাৰ সৈতে জড়িত হৈ পৰিছে। ব্যয়বহুল উপহাৰ, বিশেষ আয়োজন বা সামাজিক মাধ্যমত ছবি দিয়াটো উৎসৱৰ অংশ হ'ব পাৰে, কিন্তু এইবোৰেই ৰাখী বন্ধনৰ মূল উদ্দেশ্য হব নোৱাৰে। এগৰাকী ভাতৃয়ে ভনীয়েকক দিয়া আটাইতকৈ মূল্যবান উপহাৰ হ'ব পাৰে তেওঁৰ সময়, সন্মান আৰু বিশ্বাস। আকৌ এগৰাকী ভনীয়েকে ভাতৃক দিব পৰা আটাইতকৈ মূল্যবান উপহাৰ হ'ব পাৰে তেওঁৰ নিঃস্বাৰ্থ সমৰ্থন আৰু মৰম।
প্ৰতিনিধিত্বমূলক ছবি
সেয়ে ৰাখীৰ মূল্য বজাৰত কিমান টকা, তাৰ ওপৰত নিৰ্ভৰ নকৰে। কেতিয়াবা কেইটামান টকাৰ এটি অতি সাধাৰণ ৰাখীয়েই বহু বছৰৰ অভিমান ভাঙি দিব পাৰে; এটি ফোন কলে বহু দূৰত থকা ভাতৃ-ভগ্নীক পুনৰ ওচৰ চপাই আনিব পাৰে। ৰাখী বন্ধনৰ তাৎপৰ্য পৰিয়ালৰ সীমা অতিক্ৰম কৰিও সমাজলৈ বিস্তাৰিত হ'ব পাৰে। ৰাখীৰ মূল বাৰ্তা হৈছে, বিশ্বাস কৰা, সন্মান কৰা আৰু ইজনে সিজনৰ কাষত থিয় হোৱা।
আজিৰ বিভাজিত আৰু ব্যস্ত সমাজত এই বাৰ্তা অতি প্ৰাসংগিক। ধৰ্ম, ভাষা, জাতি বা সামাজিক পৰিচয়ৰ পাৰ্থক্যৰ ঊৰ্ধ্বত মানুহে মানুহক সন্মান কৰাৰ শিক্ষা যদি ৰাখীৰ মাধ্যমেৰে শক্তিশালী হয়, তেন্তে এই সৰু সূতাডালেই বৃহত্তৰ মানৱীয়তাৰ প্ৰতীক হৈ উঠিব পাৰে।
সময় সলনি হয়, শৈশৱ যৌৱনলৈ পৰিৱৰ্তিত হয়, ভাতৃ-ভগ্নী নিজৰ নিজৰ সংসাৰ আৰু দায়িত্বত ব্যস্ত হৈ পৰে, কিন্তু কিছুমান সম্পৰ্ক সময়ৰ সৈতে পুৰণি হৈ নাযায় বৰং অধিক গভীৰহে হৈ পৰে। ৰাখী বন্ধন হৈছে সেই অটুট সম্পৰ্কৰেই এক উদযাপন। ৰাখী মাত্ৰ এডাল সূতা নহয়, ই হৈছে শৈশৱৰ স্মৃতি, আজিৰ মৰম আৰু ভৱিষ্যতৰ দায়িত্বৰ মাজত বান্ধি ৰখা এক অদৃশ্য সেতু। হয়তো এদিন ভাতৃ-ভগ্নী দুয়ো বৃদ্ধ হ'ব। শৈশৱৰ সেই কাজিয়াবোৰ মনত পৰি দুয়োৱে হাঁহিব। হাতত বান্ধি দিয়া ৰাখীৰ ৰং হয়তো ম্লান হৈ যাব। কিন্তু সেই ৰাখীৰ আঁৰত থকা মৰম কেতিয়াও ম্লান হৈ নাযায়। কাৰণ ৰাখী বন্ধনৰ প্ৰকৃত অৰ্থ এয়াই যে, "হাতত বান্ধি দিয়া ৰাখী এদিন খুলি পেলাব পাৰি, কিন্তু হৃদয়ত বান্ধি দিয়া ভাতৃ-ভগ্নীৰ মৰমৰ বন্ধন কোনোদিন খুলি পেলাব নোৱাৰি।"