১৯ বছৰ বয়সতে ‘Miss Universe India 2026’ৰ মুকুট কেজিয়া লিজ মেজোৰ শিৰত

Story by  atv | Posted by  Munni Begum • 2 h ago
কেজিয়া লিজ মেজো
কেজিয়া লিজ মেজো
 
নতুন দিল্লী 
 
কেৰালাৰ ১৯ বছৰীয়া কেজিয়া লিজ মেজোৱে দেওবাৰে জয়পুৰৰ জি ষ্টুডিও'ত অনুষ্ঠিত গ্ৰেণ্ড ফিনালেত সন্মানীয় মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬ৰ খিতাপ অৰ্জন কৰিছে।
 
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৫২গৰাকী প্ৰতিযোগীক পৰাস্ত কৰি কেজিয়াই এই সন্মান লাভ কৰে। গ্ৰেণ্ড ফিনালেত মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৫ মণিকা বিশ্বকৰ্মাই তেওঁৰ উত্তৰাধিকাৰীক মুকুট কেজিয়াক পিন্ধাই দিয়ে।
 

Kezia Liz Major has been crowned Miss Universe India 2026 at the age of 19th="cke_pastebin" style="text-align: justify;"> এতিয়া কেজিয়া লিজ মেজোৱে নৱেম্বৰ মাহত পুৱেৰ্টো ৰিকোত অনুষ্ঠিত হ’বলগীয়া ৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

 
খিতাপ জয় কৰাৰ পিছত আনন্দ প্ৰকাশ কৰি কেজিয়াই কয়, “মই অত্যন্ত আনন্দিত। এয়া মোৰ বাবে এক বিশেষ আৰু ঐতিহাসিক মুহূৰ্ত। যোৱা তিনিবছৰতকৈও অধিক সময় ধৰি মই এই মুহূৰ্তটোৰ বাবে পৰিশ্ৰম কৰি আহিছোঁ। মোৰ কেৰালালৈ এই মুকুট লৈ যাব পাৰি আৰু মোৰ জন্মস্থানখনক বিশ্বৰ সন্মুখত চিনাকি কৰাই দিব পাৰি বুলি মই অত্যন্ত সুখী।”
 
নিজৰ সংগ্ৰামৰ বিষয়ে কেজিয়াই কয় যে, আটাইতকৈ কঠিন সংগ্ৰাম সাধাৰণতে নিজৰ ভিতৰতে চলে। নিজৰ সামৰ্থ্য আৰু যোগ্যতাৰ ওপৰত বিশ্বাস ৰখাটো অতি গুৰুত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰে। মাত্ৰ ১৯ বছৰ বয়সতে মিছ ইউনিভাৰ্ছ ইণ্ডিয়াৰ দৰে বৃহৎ মঞ্চত থিয় দিয়াটো যথেষ্ট সাহস আৰু আত্মবিশ্বাসৰ প্ৰয়োজন হোৱা কাম আছিল বুলিও তেওঁ উল্লেখ কৰে। 
 
ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে কেজিয়াই কয় যে, তেওঁৰ প্ৰথম আৰু আটাইতকৈ ডাঙৰ লক্ষ্য হৈছে মিছ ইউনিভাৰ্ছৰ মুকুট ভাৰতলৈ অনা। তেওঁ লগতে কয় যে, জীৱনত যিকোনো কাম কৰিলেও ভাৰত আৰু কেৰালাক প্ৰতিনিধিত্ব কৰাৰ লগতে ভাৰতীয় হোৱাৰ অৰ্থ বিশ্বৰ সন্মুখত তুলি ধৰিবলৈ তেওঁ চেষ্টা কৰিব।
 
প্ৰতিযোগিতাখনৰ বিচাৰকৰ পেনেলত আছিল ভাৰতৰ প্ৰথমগৰাকী মিছ ইউনিভাৰ্ছ সুষ্মিতা সেন, প্ৰাক্তন মিছ ইউনিভাৰ্ছ ইণ্ডিয়া উৰ্বশী ৰাউটেলা, মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৪ ৰিয়া সিংহা আৰু পৰিৱেশবিদ তথা চলচ্চিত্ৰ প্ৰযোজক প্ৰজ্ঞা কাপুৰ। প্ৰাক্তন মিছ ইণ্ডিয়া ইউনিভাৰ্ছ তথা মিছ ইউনিভাৰ্ছৰ ৰানাৰ্ছ-আপ চেলিনা জেটলিও বিচাৰকৰ পেনেলৰ অংশ আছিল।
 
ইফালে বৈষ্ণৱী গণেশে প্ৰথম ৰানাৰ্ছ-আপ আৰু মিছ ইণ্টাৰ্নেশ্যনেল ইণ্ডিয়া ২০২৬ৰ খিতাপ লাভ কৰে। অনুশ্ৰী সাতৱালেকাৰে দ্বিতীয় ৰানাৰ্ছ-আপ, তেজস্বিনী শ্ৰীবাস্তৱে তৃতীয় ৰানাৰ্ছ-আপ আৰু অনুভা বশিষ্ঠ চৌধুৰীয়ে চতুৰ্থ ৰানাৰ্ছ-আপৰ সন্মান অৰ্জন কৰে।