শিল্পী ইন্দ্ৰজিৎ পালৰ AI প্ৰযুক্তিৰ দুৰ্গা প্ৰতিমা এতিয়া উত্তৰবংগৰ কলিয়াগঞ্জত, উৎফুল্লিত অঞ্চলবাসী

Story by  atv | Posted by  Munni Begum • 53 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
শান্তিপ্ৰিয় ৰায়চৌধুৰী
 
কলকাতাৰ কুমাৰটুলীৰ প্ৰখ্যাত প্ৰতিমা শিল্পী ইন্দ্ৰজিৎ পালৰ বিশেষ প্ৰযুক্তিৰে নিৰ্মিত প্ৰতিমাই এইবাৰ উত্তৰবংগৰ কালিয়াগঞ্জলৈ যাত্ৰা কৰিছে। ভৌগোলিকভাৱে ই উত্তৰ দিনাজপুৰ জিলাৰ অন্তৰ্গত যদিও অঞ্চলটো দক্ষিণ দিনাজপুৰৰ সীমান্তৱৰ্তী আৰু এক বিস্তীৰ্ণ এলেকাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত।
 
কুমাৰটুলীৰ ইন্দ্ৰজিৎ পালৰ ‘থ্ৰি-ডি মেজিক’ এইবাৰ কালিয়াগঞ্জৰ পূজাৰ এক অভিনৱ চমক। বাঙালীৰ শ্ৰেষ্ঠ উৎসৱৰ দিন যিমানেই কাষ চাপি আহিছে, সিমানেই AI প্ৰযুক্তিৰ প্ৰতিমা দৰ্শনক লৈ কালিয়াগঞ্জৰ ৰাইজৰ মাজত উদ্দীপনা বৃদ্ধি পাইছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
কাৰণ, এইবাৰৰ পূজাত প্ৰখ্যাত প্ৰতিমা শিল্পী ইন্দ্ৰজিৎ পালৰ এই মূৰ্তিটোৱেই হ’ব আটাইতকৈ ডাঙৰ আকৰ্ষণ। পৰম্পৰাগত মাটিৰ মূৰ্তিত সম্পূৰ্ণ নতুন এক প্ৰযুক্তিৰ মেলবন্ধন ঘটাই তেওঁ এনে এক প্ৰতিমা নিৰ্মাণ কৰি উলিয়াইছে, যাক চাবলৈ এইবাৰ দূৰ-দূৰণিৰ পৰা মানুহে উত্তৰবংগৰ কালিয়াগঞ্জলৈ ঢাপলি মেলিব।
 
কি এই বিশেষ প্ৰযুক্তি?
 
শিল্পী ইন্দ্ৰজিৎ পালে এইবাৰ তেওঁৰ প্ৰতিমাত বিশেষ 3D effect আৰু আমেৰিকান ডাইমণ্ডৰ চকু ব্যৱহাৰ কৰিছে। মাটিৰ পৰম্পৰাগত ৰূপৰ সৈতে আধুনিক আলোকসজ্জা আৰু 3D প্ৰযুক্তিৰ এনে সুনিপুণ সংমিশ্ৰণ সাধাৰণতে দেখিবলৈ পোৱা নাযায়। দেৱীৰ চকুৰ মণি আৰু দৃষ্টি নিৰ্মাণ কৰিবলৈ বিশেষ জিলিকি থকা শিল আৰু গ্লাছ ৰিফ্লেক্টিভ মেটেৰিয়েল ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত মণ্ডপৰ পোহৰ যেতিয়াই দেৱীৰ চকুত পৰিব, তেতিয়াই দেৱীক জীৱন্ত যেন লাগিব। মণ্ডপৰ যিকোনো প্ৰান্তৰ পৰাই দৰ্শনাৰ্থীয়ে নাচাওক কিয়, তেওঁলোকৰ এনে অনুভৱ হ'ব যেন দেৱীয়ে ঠিক তেওঁলোকৰ ফালেই চাই আছে। দূৰৰ পৰা চালে সমগ্ৰ প্ৰতিমাটোতে এক যাদুকৰী ত্ৰিমাত্ৰিক (3D) গভীৰতা বা থ্ৰি-ডি ডাইমেনচন ফুটি উঠিব।
 
কুমাৰটুলীৰ পৰা কালিয়াগঞ্জলৈ
 
সাধাৰণতে কলকাতাৰ ডাঙৰ ডাঙৰ পূজাবোৰতহে এনে অত্যাধুনিক প্ৰযুক্তিৰ প্ৰতিমা বেছিকৈ দেখিবলৈ পোৱা যায়। কিন্তু এইবাৰ কলকাতাৰ গণ্ডী অতিক্ৰম কৰি কালিয়াগঞ্জ এই অনন্য শিল্পকৰ্মৰ সাক্ষী হ’বলৈ গৈ আছে।
 
AI প্ৰযুক্তিৰ সোৱাদ দিবলৈকে জিলা বিষয়ববীয়াসকলৰ এই প্ৰয়াস
 
দক্ষিণ আৰু উত্তৰ দিনাজপুৰৰ সংযোগস্থল কালিয়াগঞ্জৰ পূজা সমিতিৰ কৰ্মকৰ্তাসকলে বহু আগৰ পৰাই কুমাৰটুলীৰ এই শিল্পীগৰাকীৰ সৈতে যোগাযোগ কৰি আছিল। গ্ৰামাঞ্চল আৰু মফছলীয় এলেকাৰ মানুহক কলকাতাৰ পূজাৰ সোৱাদ দিবলৈকে তেওঁলোকে এই অভিনৱ পদক্ষেপ হাতত লৈছে।
 
আৱেগিক শিল্পী আৰু উদ্যোক্তাসকল
 
কুমাৰটুলীৰ বিশিষ্ট শিল্পী ইন্দ্ৰজিৎ পালৰ ষ্টুডিঅ' কলকাতাৰ ১/১, বনমালী চৰকাৰ ষ্ট্ৰীটৰ হাটখোলাত অৱস্থিত। ষ্টুডিঅ’ত শেষ মুহূৰ্তৰ তুলিকাৰ টান দিবলৈ তেওঁ আৰু তেওঁৰ সহযোগীসকলে দিন-ৰাতি একাকাৰ কৰি কাম কৰি আছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
শিল্পীগৰাকীয়ে জনায়, "বিশ্বই যেতিয়া কৃত্ৰিম বুদ্ধিমত্তা আৰু আধুনিক প্ৰযুক্তিৰ দিশে ঢাল খাইছে, তেতিয়া আমাৰ সনাতন মৃৎশিল্পকো সেই আধুনিকতাৰ স্পৰ্শ দিবলৈকে এই প্ৰয়াস কৰা হৈছে। আমেৰিকান হীৰা আৰু বিশেষ প্ৰতিসৰণ প্ৰযুক্তিৰ (refraction technology) জৰিয়তে দেৱীৰ চকুত এক ঐশ্বৰিক দৃষ্টি ফুটাই তোলাৰ চেষ্টা কৰিছোঁ। কলকাতাৰ বাহিৰৰ দৰ্শকে মোৰ এই কাম দেখি আনন্দ পালে মোৰ পৰিশ্ৰম সাৰ্থক হ'ব।"
 
কালিয়াগঞ্জৰ সেই পূজা মণ্ডপত পূৰ্ণদমে প্ৰস্তুতি আৰম্ভ হৈ গৈছে। কুমাৰটুলীৰ এই 'টেক-স্মাৰ্ট' প্ৰতিমা মণ্ডপ পোৱালৈ অধীৰ আগ্ৰহেৰে দিন গণিছে কালিয়াগঞ্জ তথা দুই দিনাজপুৰৰ আবাল-বৃদ্ধ-বনিতাই। কোৱা বাহুল্য যে, এইবাৰৰ পূজাত উত্তৰবংগৰ অন্যতম শ্ৰেষ্ঠ আকৰ্ষণ হ’বলৈ গৈ আছে শিল্পী ইন্দ্ৰজিৎ পালৰ এই অনবদ্য সৃষ্টি।
 
অৱশ্যে কুমাৰটুলীৰ প্ৰখ্যাত এই মৃৎশিল্পীগৰাকীৰ দ্বাৰা নিৰ্মিত কৃত্ৰিম বুদ্ধিমত্তা বা AI-অনুপ্ৰাণিত ৰব'টিক দুৰ্গা প্ৰতিমাটো এইবাৰ বিদেশলৈ যোৱা নাই। এই বিশেষ প্ৰতিমাটো কেৱল উত্তৰ দিনাজপুৰৰ কালিয়াগঞ্জৰ দেশপ্ৰিয় ক্লাবলৈহে যাব।
 
এই অনন্য প্ৰতিমাটোৰ মূল বৈশিষ্ট্যসমূহঃ
 
* শিল্পী ইন্দ্ৰজিৎ পালে AI প্ৰযুক্তিৰ সহায় লৈ প্ৰতিমাৰ মূল ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে। অৱশ্যে কৃত্ৰিম বুদ্ধিমত্তাই তৈয়াৰ কৰা নক্সাৰ ত্ৰুটিসমূহ তেওঁ নিজ হাতেৰেই সংশোধন কৰিছে।
 
* এই প্ৰতিমাৰ চকু, চুলি আৰু অস্ত্ৰত ৰিচাৰ্জেবল ইলেক্ট্ৰিক-ব্লু লাইট ব্যৱহাৰ কৰা হৈছে, যি কোনো প্ৰত্যক্ষ বিদ্যুৎ সংযোগ নোহোৱাকৈয়ে জ্বলিব।
 
* অন্যান্য আকৰ্ষণৰ ভিতৰত মহিষাসুৰৰ ৰূপ আৰু মণ্ডপৰ থিমতো থাকিব এই AI প্ৰযুক্তিৰ স্পৰ্শ। য'ত ৰব'টৰ দৰে এক আৱহ সৃষ্টি কৰা হ'ব।
 
প্ৰতিবছৰেই কুমাৰটুলীৰ পৰা এই শিল্পীগৰাকীৰ বহু ফাইবাৰ গ্লাছৰ প্ৰতিমা বিদেশলৈ যায়, কিন্তু এইবাৰ যোৱা নাই। ইন্দ্ৰজিৎ পালৰ দ্বাৰা নিৰ্মিত এই বছৰৰ অন্যতম চৰ্চিত "সপৰিয়ালে AI দুৰ্গা" চাবলৈ হ'লে দৰ্শনাৰ্থী কালিয়াগঞ্জৰ মণ্ডপলৈকে যাব লাগিব।


শেহতীয়া খবৰ