অসমৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অহা পৰ্যটকক কামাখ্যা, কাজিৰঙা, উমৰাংছ’ আদি ভ্ৰমণৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Story by  atv | Posted by  Munni Begum • 55 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী 
 
অসমলৈ ভ্ৰমণলৈ অহা পৰ্যটকসকলক ৰাজ্যখনৰ ধৰ্মীয় ঐতিহ্য, বন্যপ্ৰাণী আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পছন্দৰ পাঁচখন পৰ্যটনস্থলীৰ কথা উল্লেখ কৰিছে।
 
এক ফোনযোগে হোৱা বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই পৰ্যটকসকলক অসম ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱাৰ লগতে ৰাজ্যখনত ভ্ৰমণ কৰিবলগীয়া কেইখনমান বিশেষ ঠাইৰ কথা উল্লেখ কৰে। তেওঁৰ পছন্দৰ তালিকাত কামাখ্যা মন্দিৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, উমৰাংছ' হ্ৰদ আৰু মানস ৰাষ্ট্ৰীয় উদ্যানকে ধৰি কেইবাখনো আকৰ্ষণীয় স্থান আছে। 
 
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমেই অসমৰ অন্যতম প্ৰধান ধৰ্মীয় স্থান কামাখ্যা মন্দিৰৰ কথা উল্লেখ কৰিছে। তেওঁৰ মতে, অসম ভ্ৰমণলৈ আহিলে কামাখ্যা মন্দিৰ দৰ্শন কৰাটো এক গুৰুত্বপূৰ্ণ অংশ হোৱা উচিত।
 
ইয়াৰ পিছতে তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা উল্লেখ কৰিছে। ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত কাজিৰঙা এশিঙীয়া গঁড়ৰ বাবে বিশেষভাৱে পৰিচিত। লগতে উদ্যানখনৰ সমৃদ্ধ বন্যপ্ৰাণী আৰু জৈৱ-বৈচিত্ৰ্যই পৰ্যটকক আকৰ্ষণ কৰে। 
 
মুখ্যমন্ত্ৰীৰ তৃতীয় পছন্দ আছিল ডিমা হাছাও জিলাৰ উমৰাংছ' হ্ৰদ। ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰশংসা কৰি তেওঁ কয় যে, উমৰাংছ'ৰ মনোমোহা দৃশ্যই দৰ্শনাৰ্থীৰ মনত বহুদিনলৈ সাঁচ বহুৱাই ৰাখিব। 
 
ইয়াৰ উপৰি মুখ্যমন্ত্ৰী শৰ্মাই মানস ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবেও পৰ্যটকসকলক আহ্বান জনায়। ভূটানৰ সৈতে আন্তঃসীমান্ত পৰিৱেশতন্ত্ৰ ভাগ-বতৰা কৰা মানসৰ বিশেষত্বৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ভাৰত-ভূটান সীমান্ত পাৰ হৈ বন্যপ্ৰাণীৰ স্বাভাৱিক বিচৰণ এই অঞ্চলটোৰ এক অনন্য বৈশিষ্ট্য।
 
"গঁড় আৰু বাঘে কোনো ঠাইলৈ যাবলৈ ভিছাৰ প্ৰয়োজন নাই" বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সীমান্তৰ দুয়োপাৰে বন্যপ্ৰাণীৰ অবাধ বিচৰণৰ জৰিয়তে মানসৰ অনন্য প্ৰাকৃতিক পৰিৱেশৰ দিশটো দাঙি ধৰে।   
 
মানস ৰাষ্ট্ৰীয় উদ্যানো ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত আৰু ইয়াৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্য আৰু বন্যপ্ৰাণীৰ বাবে বিশেষভাৱে পৰিচিত। 
 
মুখ্যমন্ত্ৰী শৰ্মাই পৰ্যটকসকলক অসমৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে ৰাজ্যখনৰ মানুহৰ আতিথ্যও অনুভৱ কৰিবলৈ আহ্বান জনায়।
 
তেওঁ কয়, "আপুনি যেতিয়াই এই পাঁচখন ঠাই ভ্ৰমণ কৰিবলৈ আহিব, আমি নিশ্চয় লগ পাম আৰু একেলগে অসম অন্বেষণ কৰি সুন্দৰ সময় কটাম।"