কাজিৰঙা আৰু কাৰ্বি আংলঙত কল খেতিক বিকল্প আৰু বহনক্ষম জীৱিকাৰ উৎস কৰাৰ প্ৰয়াস

Story by  Nikunja Nath | Posted by  Nikunja Nath • 1 h ago
কাজিৰঙা আৰু কাৰ্বি আংলঙত কল খেতিক বিকল্প আৰু বহনক্ষম জীৱিকাৰ উৎস কৰাৰ প্ৰয়াস
কাজিৰঙা আৰু কাৰ্বি আংলঙত কল খেতিক বিকল্প আৰু বহনক্ষম জীৱিকাৰ উৎস কৰাৰ প্ৰয়াস
 
নিকুঞ্জ নাথ / গুৱাহাটী
 
প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সমান্তৰালভাৱে বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ অৰ্থনৈতিক উন্নয়নো এক গুৰুত্বপূৰ্ণ বিষয়। ঘৰৰ চৌহদৰ পৰিত্যক্ত মাটিখিনি বা বাৰীৰ চুকটোতেই যদি উন্নত পদ্ধতিৰে খেতি কৰি এক নিৰ্ভৰযোগ্য উপাৰ্জনৰ পথ মুকলি কৰিব পাৰি! এনে এক সুন্দৰ তথা বহনক্ষম জীৱিকাৰ সন্ধান দিয়াৰ উদ্দেশ্যেই শেহতীয়াকৈ আগবাঢ়ি আহিছে অগ্ৰণী জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ সংস্থা ‘আৰণ্যক’। 
 
কাজিৰঙা–কাৰ্বি আংলং ভূ-খণ্ডৰ খিলঞ্জীয়া গ্ৰাম্য সমূদায়ৰ মাজত উন্নত পদ্ধতিৰ কল খেতিক জনপ্ৰিয় কৰাৰ বাবে আৰণ্যকে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। পৰম্পৰাগত জ্ঞান আৰু আধুনিক বিজ্ঞানৰ সুন্দৰ সমন্বয়ৰে কেনেদৰে কৃষকসকল স্বাৱলম্বী হ'ব পাৰে, তাৰেই এক বাস্তৱিক নিদৰ্শন দাঙি ধৰা হৈছে এই প্ৰয়াসৰ জৰিয়তে।
 
কল খেতিক এক লাভজনক ব্যৱসায় হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে যোৱা ২ ছেপ্টেম্বৰত কাৰ্বি আংলঙৰ ইংলেপথাৰ গাঁৱত এখন বিশেষ শিক্ষামূলক ক্ষেত্ৰ ভ্ৰমণৰ আয়োজন কৰা হয়। "কৃষকৰ পৰা কৃষকলৈ" শীৰ্ষক এই কাৰ্যসূচীত কঁহৰা আৰু ডিৰিং নদী অৱবাহিকাৰ ১০ গৰাকী কৃষকে অংশগ্ৰহণ কৰে। ইয়াত কৃষকসকলক কেৱল তাত্ত্বিক জ্ঞানেৰেই নহয়, হাতে-কামে বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ দিয়া হয়৷ এইসমূহৰ ভিতৰত উন্নত পদ্ধতিৰে কল খেতি কৰা আৰু স্বাস্থ্যৱান পুলি নিৰ্বাচন, কীট-পতংগ আৰু ৰোগৰ সঠিক চিনাক্তকৰণ তথা নিয়ন্ত্ৰণ, সাৰ আৰু পুষ্টি ব্যৱস্থাপনা, উৎপাদিত সামগ্ৰীৰ মূল্য সংযোজন আৰু বজাৰৰ সৈতে ইয়াৰ সংযোগ স্থাপন।
 
কৃষকৰ উৎপাদিত সামগ্ৰীয়ে যাতে উচিত মূল্য পায়, তাৰ বাবে বজাৰৰ সৈতে সংযোগ স্থাপন কৰাটো আটাইতকৈ জৰুৰী। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আৰণ্যকৰ উদ্যোগত গঢ়ি তোলা PIRBI-ৰ সৈতে কৃষকসকলৰ সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
 
"কৃষকৰ পৰা কৃষকলৈ" কাৰ্যসূচীত ‘আৰণ্যক’ৰ প্ৰতিনিধিৰ সৈতে কৃষকসকল
 
ক্ষেত্ৰ ভ্ৰমণৰ সময়ত ইংলেপথাৰ গাঁৱৰ প্ৰগতিশীল কৃষক বৰণছন টকবিয়ে তেওঁৰ নিজা বাৰীত কল খেতিৰ বিভিন্ন পদ্ধতি প্ৰদৰ্শন কৰে। তেওঁ কৃষকসকলক দেখুৱায় যে কেনেদৰে শুকান পাত আৰু ধানৰ তুঁহ ব্যৱহাৰ কৰি মাটিত ঢাক (Mulching) দিব পাৰি। লগতে, কলৰ থোকবোৰ কেনেকৈ ঢাকি ৰাখিব লাগে আৰু বেমাৰী গছ কেনেকৈ চিনাক্ত কৰিব লাগে, সেয়াও হাতে-কামে বুজাই দিয়ে।
 
টকবিয়ে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি কয় যে, আৰম্ভণিতে তেওঁৰ বৈজ্ঞানিক পদ্ধতিৰ বিষয়ে বিশেষ জ্ঞান নাছিল। কিন্তু আৰণ্যকৰ পৰা 'জে নাইন জাহাজী' কলৰ পুলি আৰু কৃষি বিভাগৰ পৰা প্ৰশিক্ষণ লাভ কৰাৰ পিছত তেওঁৰ খেতিৰ ধৰণেই সলনি হৈ পৰে। আৰণ্যকৰ কাৰিকৰী পৰামৰ্শ আৰু নিজৰ কঠোৰ শ্ৰমৰ ফলত তেওঁ আজি এগৰাকী সফল কল খেতিয়ক।
 
এই ব্যৱহাৰিক ভ্ৰমণৰ পৰা কৃষকসকলে লাভ কৰা অভিজ্ঞতা আছিল অতি উৎসাহজনক৷ শিৱৰাম তেৰাং গাঁৱৰ ৰামছিং ইংতিয়ে কয় যে তেওঁ ইয়াৰ পূৰ্বে আৰণ্যকৰ পৰা জে নাইন জাতৰ জাহাজী কলৰ পুলি লাভ কৰিছিল যদিও উপযুক্ত পৰিচৰ্যাৰ অভাৱ আৰু গৰু-ছাগলীৰ উপদ্ৰৱত গছবোৰ নষ্ট হৈছিল।
 
“কেৱল পুলি ৰুলেই নহ’ব,” বুলি কৈ ইংতিয়ে কয় যে এই ভ্ৰমণত তেওঁ কলগছ স্বাস্থ্যৱান কৰি ৰখা আৰু ফল বৃদ্ধিত নিয়মীয়া পৰিচৰ্যা, জৈৱিক সাৰ প্ৰয়োগ আৰু উপযুক্ত প্ৰতিপালনৰ গুৰুত্ব ভালদৰে উপলদ্ধি কৰিলে।  
 
ডিৰিং লেকথে গাঁৱৰ উইলছন টাৰোৱে কয় যে তেওঁ কৃষি-বনানীকৰণ অঞ্চলত ৰোপণ কৰা কলগছৰ বেছিভাগেই বনৰীয়া হাতী আৰু গৰুৱে নষ্ট কৰিলে আৰু বাছি থকা গছবোৰো পৰ্যাপ্ত পুষ্টিৰ অভাৱত ভালদৰে নাবাঢ়িল।
 
কাৰ্বি আংলঙৰ ইংলেপথাৰ গাঁৱত ‘আৰণ্যক’ৰ বিশেষ শিক্ষামূলক ক্ষেত্ৰ ভ্ৰমণৰ এটি মুহূৰ্ত
 
এই ভ্ৰমণে তেওঁক সময়মতে শস্য পৰিচৰ্যা, কীট-পতংগ আৰু ৰোগ নিয়ন্ত্ৰণৰ লগতে কল আৰু কলপুলি বিক্ৰী কৰি উপাৰ্জন কৰাৰ অৰ্থনৈতিক সম্ভাৱনাৰ বিষয়ে বুজাত সহায় কৰে বুলি তেওঁ কয়। কলৰ গা-গছ খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ লগতে পচনসাৰৰ বাবেও ব্যৱহাৰ কৰিব পাৰি বুলিও তেওঁ জানিব পাৰে।
 
ফুমেন ইংতি গাঁৱৰ কহৰা তেৰাঙে কয় যে এই প্ৰশিক্ষণে তেওঁক কলৰ পুলি ৰোৱা পদ্ধতি, কীট-পতংগ আৰু ৰোগ চিনাক্তকৰণ তথা নিয়ন্ত্ৰণ আৰু পুলিৰ উপযুক্ত পৰিচৰ্যাৰ গুৰুত্বৰ বিষয়ে বুজাত সহায় কৰে।
 
অনুষ্ঠানত উপস্থিত থকা আৰণ্যকৰ প্ৰতিনিধি লাৰবীন তেৰাংপিয়ে পৰম্পৰাগত কৃষি জ্ঞানৰ সৈতে বৈজ্ঞানিক পদ্ধতিৰ সমন্বয় ঘটাই আৰু স্থানীয়ভাৱে পোৱা সম্পদৰ ব্যৱহাৰ কৰি স্বাস্থ্যৱান শস্য উৎপাদনত উদগনি যোগোৱাৰ সমানে পৰিৱেশৰ বহনক্ষমতা বজাই ৰখা আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণতো কৰিব পৰা সহায়ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
 
তেওঁ আঙুলিয়াই দিয়ে যে, কাজিৰঙালৈ অহা বৃহৎ সংখ্যক পৰ্যটকৰ বাবে স্থানীয় বজাৰ, হোটেল আৰু ৰেস্তোৰাঁসমূহত কলৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে, যিটো কৃষকসকলৰ বাবে এক সোণালী সুযোগ। 
 
তেৰাংপিয়ে ডিৰিং নদী অৱবাহিকা আৰু কঁহৰা নদী অৱবাহিকা অঞ্চলত খাদ্য সংসাধন কেন্দ্ৰ স্থাপন কৰা পি আই আৰ বি আইৰ ভূমিকাৰ বিষয়েও উল্লেখ কৰে। এই কেন্দ্ৰসমূহে স্থানীয় লোকসকলক হালধি, আদা, মাটি আলু, চজিনা  আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ সংসাধন  আৰু মূল্য সংযোজনৰ সুযোগ প্ৰদান কৰি আহিছে।
 
কাৰ্বি আংলঙৰ ইংলেপথাৰ গাঁৱত ‘আৰণ্যক’ৰ বিশেষ শিক্ষামূলক ক্ষেত্ৰ ভ্ৰমণৰ এটি মুহূৰ্ত
 
কল খেতিয়ে কেৱল অতিৰিক্ত উপাৰ্জনৰ বাট মুকলি কৰাই নহয়, ই ঋতুভিত্তিক শ্ৰম আৰু কৰ্মসংস্থাপনৰ বাবে কৰা প্ৰব্ৰজন হ্ৰাস কৰাতো সহায় কৰিব। এই পদ্ধতিৰ জৰিয়তে ঘৰৰ চৌহদৰ খালী ঠাই আৰু স্থানীয়ভাৱে পোৱা সম্পদক উৎপাদনমুখী কামত ব্যৱহাৰ কৰাত উদগনি যোগোৱা হৈছে।
 
আৰণ্যকে কয় যে উন্নত পদ্ধতিৰ কলৰ খেতিয়ে ঋতুভিত্তিক মজুৰি শ্ৰম আৰু প্ৰব্ৰজনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে স্থানীয় বজাৰৰ সৈতে সংযোগ শক্তিশালী কৰা আৰু গ্ৰাম্য অৰ্থনৈতিক বিকাশৰ সুযোগ সৃষ্টি কৰিব পাৰে।
 
আৰণ্যক উত্তৰ-পূব ভাৰতৰ জৈৱ-বৈচিত্ৰ্য আৰু প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণৰ লগতে বিকল্প আৰু বহনক্ষম জীৱিকা আৰু প্ৰকৃতি-ভিত্তিক অন্যান্য সমাধানৰ জৰিয়তে খিলঞ্জীয়া লোক আৰু স্থানীয় সমূদায়ক সহায় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আৰণ্যকে "আই ইউ চি এন-কে এফ ডব্লিউ", "ইউ এছ ফিছ এণ্ড ৱাইল্ড লাইফ ছাৰ্ভিচ" আৰু "ডিজনী কনজাৰভেচন ফাণ্ড"ৰ সহযোগিতাত প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।
 
যিসকল লোকে এই বিষয়ে অধিক জানিবলৈ আগ্ৰহী, তেওঁলোকে আৰণ্যকৰ ব্যাঘ্ৰ গৱেষণা আৰু সংৰক্ষণ শাখাৰ সঞ্চালক তথা মুৰব্বী ড০ ফিৰোজ আহমেদৰ সৈতে যোগাযোগ কৰিব পাৰে। তেওঁৰ যোগাযোগৰ নম্বৰ +91-9435017652  আৰু E-mail ID : [email protected]