ডুবাইৰ সোৱাদ এতিয়া গুৱাহাটীত; অসমৰ খাদ্যৰসিকক আৰবীয়ান খাদ্য উপহাৰ ছাকিবা মহম্মদৰ

Story by  Munni Begum | Posted by  Munni Begum • 12 h ago
ডুবাইৰ সোৱাদ এতিয়া গুৱাহাটীত; অসমৰ খাদ্যৰসিকক আৰবীয়ান খাদ্য উপহাৰ ছাকিবা মহম্মদৰ
ডুবাইৰ সোৱাদ এতিয়া গুৱাহাটীত; অসমৰ খাদ্যৰসিকক আৰবীয়ান খাদ্য উপহাৰ ছাকিবা মহম্মদৰ
 
মুন্নী বেগম / গুৱাহাটী
 
এখন দেশৰ ইতিহাস, পৰম্পৰা আৰু জীৱনশৈলীৰ অন্যতম পৰিচয় হৈছে সেই দেশৰ খাদ্য সম্ভাৰ। বিশ্বায়নৰ এই যুগত মানুহে কেৱল নতুন দেশ বা নতুন সংস্কৃতিৰ প্ৰতিয়েই আগ্ৰহী নহয়, মানুহে নতুন খাদ্যৰ সোৱাদো বিচাৰে। সম্প্ৰতি খেজুৰ, কেশৰ, অলিভ অইল, পিষ্টাচিঅ' আৰু সুগন্ধি মছলাৰ মনোমোহা সংমিশ্ৰণেৰে বিশ্বজুৰি বিশেষ পৰিচয় লাভ কৰিছে মধ্যপ্ৰাচ্যৰ খাদ্য সংস্কৃতিয়ে। হাজাৰ বছৰ পুৰণি ঐতিহ্য বহন কৰা এই ৰন্ধনশৈলী কেৱল খাদ্যৰ সোৱাদতেই সীমাবদ্ধ নহয়; ই অতিথি আপ্যায়ন, পাৰিবাৰিক বন্ধন আৰু সংস্কৃতিৰো এক গুৰুত্বপূৰ্ণ প্ৰতীক। 
 
যোৱা কিছু বছৰত ভ্ৰমণ, সামাজিক মাধ্যম আৰু বিদেশত কৰ্মৰত ভাৰতীয়সকলৰ জৰিয়তে আৰবীয়ান খাদ্যৰ জনপ্ৰিয়তা ভাৰতৰ বিভিন্ন চহৰৰ লগতে অসমতো ক্ৰমাৎ বৃদ্ধি পাইছে। বিশেষকৈ শ্বাৱাৰ্মা, মান্দি, কাবচা, পাৰ্চীয়ান ৰাইচ, আদানা কাবাব, বাকলাভা আৰু কুনাফাৰ দৰে সুস্বাদু খাদ্য সম্ভাৰে এতিয়া বহু খাদ্যৰসিকৰ পছন্দৰ তালিকাত আগস্থান লাভ কৰিছে। এই ক্ৰমবৰ্ধমান আগ্ৰহৰ মাজতে গুৱাহাটীৰ এগৰাকী মহিলা উদ্যোগীয়ে ডুবাইত লাভ কৰা দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি অসমত আৰবীয়ান খাদ্যৰ সোৱাদ আৰু সংস্কৃতিক অধিক বিস্তাৰ কৰাৰ এক ব্যতিক্ৰমী প্ৰয়াস আৰম্ভ কৰিছে। তেওঁ হৈছে গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীৰ বাসিন্দা ছাকিবা মহম্মদ। 
 
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত ছাকিবা মহম্মদে কয়, "মই প্ৰায় ১১ বছৰ ডুবাইত আছিলোঁ। তাত থকাৰ সময়ত কেৱল আৰবীয়ান খাদ্য উপভোগ কৰাই নহয়, ইয়াৰ প্ৰস্তুত প্ৰণালী, মছলাৰ ব্যৱহাৰ আৰু খাদ্য সংস্কৃতিৰ সৈতে গভীৰভাৱে পৰিচিত হোৱাৰ সুযোগো লাভ কৰিছিলোঁ। অসমলৈ উভতি অহাৰ পিছত মই উপলব্ধি কৰিলোঁ যে, এই ব্যতিক্ৰমী খাদ্য সংস্কৃতি অসমৰ মানুহৰ মাজলৈও লৈ যোৱাৰ যথেষ্ট সম্ভাৱনা আছে। সেয়েহে মই ঘৰতে কিছু কিছু আৰবীয়ান খাদ্য তথা মিঠাই প্ৰস্তুত কৰিবলৈ ল'লো। মই প্ৰথমে আত্মীয়-স্বজন আৰু বন্ধুসকলৰ বাবেই বাকলাভা, কুনাফা, পাৰ্চিয়ান ৰাইচ, মান্দি আদি খাদ্য প্ৰস্তুত কৰিছিলো। কিন্তু ধীৰে ধীৰে সেই খাদ্যৰ সোৱাদ বহু লোকৰ মুখে মুখে বিয়পি পৰে। নতুন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় খাদ্যৰ প্ৰতি গুৱাহাটীৰ মানুহৰ আগ্ৰহ লক্ষ্য কৰি মই উপলব্ধি কৰিলো যে, এই ক্ষেত্ৰখনক ব্যৱসায়িকভাৱেও আগবঢ়াই নিয়াৰ যথেষ্ট সম্ভাৱনা আছে।"  
 
ছাকিবাই কয় যে, আৰবীয়ান খাদ্যৰ মূল বৈশিষ্ট্য হৈছে ইয়াৰ সুষম মছলা আৰু উৎকৃষ্ট মানৰ উপাদান। বহুতে ভাবে যে, আৰবীয়ান খাদ্য মানেই অত্যধিক মছলা বা তেলীয়া খাদ্য হব। কিন্তু আচলতে এনে নহয়। এই খাদ্যত মছলাৰ পৰিমাণতকৈ সুগন্ধ আৰু উপাদানৰ গুণগত মানৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।
 
কাবচা ৰাইচ
 
ছাকিবা মহম্মদে কয়, "বহুতে আৰবীয়ান খাদ্য শ্বাৱাৰ্মা বা মান্দিৰ নাম শুনিলেও, আৰবীয়ান খাদ্যৰ জগতখন ইয়াতেই সীমাবদ্ধ নহয়। মধ্যপ্ৰাচ্যৰ খাদ্য সম্ভাৰ যথেষ্ট বিস্তৃত। মান্দি (Mandi), কাবচা ৰাইচ(Kabsa Rice), মাচবুছ (Machboos), পাৰ্চীয়ান ৰাইচ (Persian Rice), শ্বাৱাৰ্মা (Shawarma), হুমুছ (Hummus), ফালাফেল (Falafel), মুতাব্বাল (Moutabal), তাব্বৌলেহ (Tabbouleh) আৰু ফাত্তুছ (Fattoush)ৰ দৰে জনপ্ৰিয় খাদ্যৰ লগতে বাকলাভা (Baklava), কুনাফা (Kunafa), বাসবৌছা (Basbousa), উম্ম আলি (Umm Ali), খাবুছ, পিটা ব্ৰেড আৰু মামৌল  (Maamoul)ৰ দৰে পৰম্পৰাগত খাদ্যও বহু জনপ্ৰিয়।" 
 
সাধাৰণতে আৰবীয়ান খাদ্যত অলিভ অইল, উৎকৃষ্ট মানৰ বাটাৰ, ঘিউ, বাচমতি চাউল, কেশৰ, ইলাচি, দালচিনি, লং, জিৰা, ধনীয়া, পেপ্ৰিকা, জালুক, শুকান নেমু (Dried Lime), জা'আতাৰ (Za'atar), সুমেক (Sumac), বাহাৰাত (Baharat), অ'ৰেঞ্জ ব্ল'ছম ৱাটাৰ, ৰ'জ ৱাটাৰ, তাহিনি, পিষ্টাচিঅ', আলমণ্ড, আখৰোট, খেজুৰ, পাইন নাটছ আৰু ফিলো পেষ্ট্ৰীৰ দৰে উপাদান ব্যৱহাৰ কৰা হয়। এইবোৰেই খাদ্যত এক অনন্য সুগন্ধ আৰু গভীৰ সোৱাদ প্ৰদান কৰে।   
 
বাকলাভা আৰু বাসবৌছা
 
ছাকিবা মহম্মদে কয়, "অসমীয়া আৰু আৰবীয়ান খাদ্য সংস্কৃতিৰ মাজত যথেষ্ট পাৰ্থক্য আছে। অসমীয়া খাদ্যত সাধাৰণতে সৰিয়হৰ তেল, খাৰ, টেঙা, মাছ, শাক-পাচলি আৰু স্থানীয় উপাদানৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। খাদ্যৰ প্ৰাকৃতিক সোৱাদ অক্ষুণ্ণ ৰখাটোৱেই অসমীয়া ৰন্ধনশৈলীৰ অন্যতম বৈশিষ্ট্য। আনহাতে, আৰবীয়ান খাদ্যত অলিভ অইল, সুগন্ধি মছলা, ড্ৰাই ফ্ৰুটছ, বাদাম আৰু ধীৰে ধীৰে সিজোৱা মাংসৰ ব্যৱহাৰ অধিক হয়। বিশেষকৈ ঈদ, বিবাহ বা পাৰিবাৰিক উৎসৱত বৃহৎ পৰিসৰত অতিথি আপ্যায়নৰ বাবে বিশেষ খাদ্য প্ৰস্তুত কৰাটো মধ্যপ্ৰাচ্যৰ সংস্কৃতিৰ এক উল্লেখযোগ্য অংশ।"  
 
অসমত আৰবীয়ান খাদ্যসমূহ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰত্যাহ্বান আছে। ছাকিবাই কয়, "আৰবীয়ান খাদ্যসমূহ প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় বহু উপাদান গুৱাহাটীৰ বজাৰত সহজে উপলব্ধ নহয়। বিশেষকৈ মিঠাইৰ বাবে ব্যৱহাৰ হোৱা অ'ৰেঞ্জ ব্ল'ছম ৱাটাৰ, ফিলো পেষ্ট্ৰী, উন্নতমানৰ পাইন নাটছ, উৎকৃষ্ট মানৰ অলিভ অইল, পিষ্টাচিঅ' আৰু কেশৰৰ দৰে বহু সামগ্ৰীৰ লগতে জা'আতাৰ, সুমাক, বাহাৰাত আদি মছলা অধিকাংশ ক্ষেত্ৰতে অনলাইনযোগে সংগ্ৰহ কৰিবলগীয়া হয়। ফলত খাদ্য প্ৰস্তুতৰ ব্যয়ো যথেষ্ট বৃদ্ধি পায়।"  
 
আদানা কাবাব আৰু শ্বাৱাৰ্মা
 
বিশেষকৈ বাকলাভা আৰু কুনাফাৰ দৰে মিঠাই প্ৰস্তুত কৰাটো যথেষ্ট ব্যয়বহুল হয়। ছাকিবাই কয়, "এই মিঠাইসমূহত যথেষ্ট পৰিমাণে ড্ৰাই ফ্ৰুটছ, বিশুদ্ধ বাটাৰ, পিষ্টাচিঅ', আলমণ্ড, আখৰোট, মৌ আৰু বিশেষ ফিলো পেষ্ট্ৰী ব্যৱহাৰ কৰা হয়। এই সকলো উপাদানৰ দাম বেছি হোৱাৰ বাবেই ইয়াৰ ব্যয়ো অধিক হয়।"    
 
বৰ্তমান ছাকিবাই 'বেক ট্ৰী' নামৰ ইনষ্টাগ্ৰাম পেজ আৰু একে নামেৰে ক্লাউড কিচেনৰ জৰিয়তে বিভিন্ন ধৰণৰ বেকাৰী সামগ্ৰী আৰু বিশেষ খাদ্যৰ অ'ৰ্ডাৰ গ্ৰহণ কৰি আহিছে। জন্মদিন, বিবাহ বাৰ্ষিকী, কৰ্পৰেট অনুষ্ঠান অথবা ৪০-৫০ জন বা তাতকৈ অধিক লোকৰ বাবে কেটাৰিং সেৱাও আগবঢ়াই আহিছে। ভৱিষ্যতে তেওঁ কেটাৰিং মেনুত অধিক সংখ্যক আৰবীয়ান খাদ্য সংযোজন কৰাৰো পৰিকল্পনা কৰিছে। লগতে তেওঁ কলাকৃতি সংঘৰ উদ্যোগত আৰবীয়ান খাদ্য প্ৰস্তুতৰ এক বিশেষ কুকিং ক্লাছৰো পৰিকল্পনা কৰিছে। এই প্ৰশিক্ষণত অংশগ্ৰহণকাৰীসকলে মধ্যপ্ৰাচ্যৰ বিভিন্ন জনপ্ৰিয় খাদ্য আৰু মিঠাই প্ৰস্তুতৰ কৌশল হাতে-কামে শিকিব পাৰিব।
 
পাৰ্চীয়ান ৰাইচ
 
ছাকিবাই বিশ্বাস কৰে যে, অসমৰ খাদ্য ৰসিকসকলে নতুন সোৱাদক সদায় আদৰি লয়। সঠিক প্ৰশিক্ষণ, গুণগত মানৰ উপাদান আৰু আগ্ৰহ থাকিলে আৰবীয়ান খাদ্যও অদূৰ ভবিষ্যতে অসমৰ খাদ্য সংস্কৃতিৰ এক সুপৰিচিত নাম হৈ উঠিব পাৰে। স্থানীয় খাদ্যৰ স্বকীয়তা অক্ষুণ্ণ ৰাখিয়েই বিশ্বৰ আন প্ৰান্তৰ সোৱাদক আদৰি লোৱাৰ এই প্ৰয়াসে অসমত খাদ্য উদ্যোগৰ এক নতুন সম্ভাৱনাৰো দুৱাৰ মুকলি কৰিব।  
 
উল্লেখ্য যে, সৰুৰে পৰা ৰন্ধা-বঢ়াৰ প্ৰতি আগ্ৰহী ছাকিবাই তেওঁৰ শৈশৱ আইতাকৰ সৈতে শ্বিলঙত কটাইছিল। তেওঁ নিজৰ আইতাকৰ পৰাই ৰন্ধা-বঢ়া শিকিছিল। শ্বাকিবাই পঢ়ি থকা সময়তে কেক, কুকিছ আদি বেকাৰী সামগ্ৰীৰ অৰ্ডাৰ লাভ কৰিছিল। বিবাহৰ পিছত তেওঁ ২০০০ চনত ডুবাই লৈ গৈছিল, যদিও ২০১১ চনত অসমলৈ ঘূৰি অহাৰ পিছত গ্ৰাহকৰ অনুগ্ৰহত তেওঁ পুনৰ বেকাৰীৰ লগতে অন্যান্য খাদ্য প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰে।
 
মটন লেগ ৰোষ্ট
 
নিজৰ সন্তান, স্বামী তথা মাতৃৰ প্ৰতি থকা দ্বায়িত্ব সুচাৰুৰূপে পালন কৰা শ্বাকিবাই বহু ৰন্ধন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কৃত হৈছে। তেওঁ মাষ্টাৰ চেফ ছিজন-৩ তো অংশগ্ৰহণ কৰিছিল। ছাকিবাই 'প্ৰিয় বন্ধু'ৰ কেক প্ৰতিযোগিতাত তৃতীয় পুৰস্কাৰ, জি প্লাছৰ হোম বেকাৰ অনুষ্ঠানত ট'প-৩ প্ৰতিযোগী, ব্লু পেৰাইডাইজৰ ৰন্ধন প্ৰতিযোগিতাত তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। শ্বাকিবাই ভাবে যে, প্ৰতিভা আৰু ইচ্ছা থাকিলে প্ৰতিগৰাকী মহিলাইয়ে স্বাৱলম্বী হ'ব পাৰে।