গুৱাহাটী
পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য ২০২৬-২৭ পৰ্যটনবৰ্ষৰ বাবে মুকলি কৰা হয়। মঙলবাৰে পুৱাই ৰাজ্যৰ বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে মুকলি কৰে। পৰ্যটকৰ বাবে মঙলবাৰৰ পৰা জীপ চাফাৰী আৰু নৱেম্বৰৰ পৰা হাতী চাফাৰী মুকলি হ’ব বুলি মন্ত্ৰী মল্লবৰুৱাই উল্লেখ কৰিছে। বিগত বৰ্ষৰ তুলনাত এইবাৰ অধিক পৰ্যটকৰ আগমন হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷
মন্ত্ৰী বৰুৱাই কয়, “পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে যথেষ্ট সম্ভাৱনা আছে। পবিতৰাক আমি আৰু অধিক আকৰ্ষণীয় কৰাৰ বাবে চেষ্টা কৰিম। অভয়াৰণ্যৰ পৰ্যটন ক্ষেত্ৰৰ সৈতে স্থানীয় লোকৰ জীৱিকাও জড়িত হৈ আছে। সেয়ে স্থানীয় লোকসকলেও বন্যপ্ৰাণী সংৰক্ষণত গুৰুত্ব প্ৰদান কৰিছে।”
পবিতৰা অভয়াৰণ্য মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ দেৱাশীষ শৰ্মাই পবিতৰা অভয়াৰণ্যলৈ পৰ্যটকক স্বাগতম জনাই কয়, “বিগত বৰ্ষত পবিতৰা অভয়াৰণ্যলৈ প্ৰায় ৩৫ হাজাৰ পৰ্যটকৰ আগমন ঘটিছিল। ইয়াৰে ৫ শৰো অধিক বিদেশী পৰ্যটক আছিল। এইবাৰো পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।’’
তেওঁ লগতে কয়, "এইবাৰ স্থানীয় নিবনুৱা যুৱকসকল ওলাই আহিছে৷ ফলত জীপৰ সংখ্যা বৃদ্ধি পাইছে। পবিতৰা অভয়াৰণ্যলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে স্থানীয় নিবনুৱাৰ সংস্থাপনৰ বাট মুকলি হ’বলৈ ধৰিছে। পৰ্যটকৰ সমান্তৰালকৈ স্থানীয় নিবনুৱাৰ সংস্থাপনৰ দিশটোক আমি গুৰুত্ব প্ৰদান কৰাৰ চেষ্টা কৰিম।”
উল্লখ্য যে, ১৯৭১ চনত পবিতৰাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। ১৯৮৭ চনত ইয়াক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় আৰু ১৯৯৮ চনত চূড়ান্ত সীমা নিৰ্ধাৰণ কৰি সম্পূৰ্ণ ৰূপ দিয়া হয়। বৰ্তমান ইয়াৰ মুঠ মাটিকালি প্ৰায় ৩৮.৮ বৰ্গ কিলোমিটাৰ। ইয়াৰে প্ৰায় ১৬ বৰ্গ কিঃমিঃ অঞ্চল গঁড়ৰ মূল বাসস্থান হিচাপে পৰিগণিত।
পবিতৰা অভয়াৰণ্য, বিশ্ব বিখ্যাত এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণস্থল হৈ পৰিছে। অভয়াৰণ্যখনত এশিঙিয়া গঁড়ৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাইছে। পবিতৰা বন্যপ্ৰাণী সংমণ্ডল বিষয়া আলেখ চাক্সেনাই জনোৱা মতে, ২০২২ চনৰ গণনা অনুসৰি পবিতৰা অভয়াৰণ্যত এশিঙীয়া গঁড়ৰ সংখ্যা ১০৭ টা। ইয়াৰে প্ৰায় ৩০ টা মতা, ৫০ টা মাইকী আৰু ২৭ টা পোৱালি গঁড়। ঘনত্ব প্ৰায় ৬-৭ টা প্ৰতি বৰ্গ কিঃমিঃ। ২০১৬ চনৰ পৰা এই পৰ্যন্ত পবিতৰা অভয়াৰণ্যত গঁড় চিকাৰৰ শূন্য হৈ আছে।
বন বিভাগৰ তথ্য অনুসৰি, পবিতৰা অভয়াৰণ্যত প্ৰায় ২০০-৩৮৫ প্ৰজাতিৰ চৰাই আছে। শীতকালত পৰিভ্ৰমী চৰাইৰ সংখ্যা ১১,০০০ ৰো অধিক হয় (প্ৰায় ৮০% পৰিভ্ৰমী)। জলাশয় আৰু ঘাঁহনিত বহুতো জলচৰ চৰাইৰ আগমন ঘটে। বৰ্তমান অভয়াৰণ্যখনত ১০৭ টা এশিঙীয়া গঁড় থকাৰ উপৰিও বহুকেইটা বনৰীয়া ম’হ, হৰিণা, বনগাহৰি আদি আছে, যি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে৷