আৰিফুল ইছলাম/গুৱাহাটী
হিয়াৰ আমঠু জুবিন গাৰ্গ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই শুকুৰবাৰে জামিন লাভ কৰে। অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰা বিষয়টো সমগ্ৰ অসমতে চৰ্চা লাভ কৰিছিল। মানুহৰ মনত প্ৰশ্নৰ সৃষ্টি হৈছিল যে- জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়াত সুৰুঙা থাকি গ'ল নেকি? তাৰ ফলস্বৰূপেই আজি সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জুবিনক্ষেত্ৰত আয়োজিত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হৈ শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে গৰজি উঠিল।
গৰিমাই চৰকাৰ আৰু ন্যায় ব্যৱস্থাৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰি গৰিমাই কয়; "সমগ্ৰ গোচৰটোৰ মূল অভিযুক্তই কিদৰে জামিন লাভ কৰিবলৈ সক্ষম হ’ল। সুৰুঙা থকা দুৰ্বল চাৰ্জশ্বীট আমি বিচৰা নাছিলো। মুখ্যমন্ত্রীয়ে সদনত ঘোষণা কৰিছিল জুবিন গাৰ্গক হত্যা কৰা বুলি। ইয়াৰ পিছতে আমি বিশ্বাসী হৈছিলো যে জুবিন গাৰ্গক হত্যাৰ উচিত প্রমাণ আছে। পানী নসৰকা অভিযোগনামা দাখিল কৰাৰ কথা উল্লেখ কৰা হৈছিল আমি আইন নাজানো, আমি ন্যায় বিচাৰো। জুবিনৰ লগত যি অন্যায় হ’ল তাৰ বাবেহে আমি ন্যায় বিচাৰিছিলো। মূল অভিযুক্ত এগৰাকী কেনেকৈ ওলাই আহিব পাৰিলে। অমৃতপ্রভা মহন্তই বহু ভিডিঅ’ প্রস্তুত কৰিছিলে,সেই ভিডিঅ’ টেম্পাৰিং কৰা হৈছিলে নেকি?"
"জুবিন সকলোৰে স্বাভিমান, সকলোৰে আৱেগ। আমি জুবিনৰ সঠিক ন্যায় বিচাৰি আজি ৰাজপথলৈ ওলাই আহিছো। আমাক কেৱল ন্যায় লাগে আৰু ঘটনাৰ মূল অভিযুক্তই কোনো কাৰণতে ৰেহাই পাব নালাগে", গৰিমাই কয়।
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ প্ৰতিবাদস্থলীত ‘মায়াবিনী’ গীত গাই প্ৰতিবাদত বহিল গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰৰ লগতে একাংশ জুবিন অনুৰাগী। জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত জুবিনক্ষেত্ৰত বৰ্তমানো হাজাৰ হাজাৰ অনুৰাগী একত্ৰিত হৈ প্ৰতিবাদ অব্যাহত ৰাখিছে।
জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে কয়; “আজি আমি জুবিনক্ষেত্ৰত সকলোৱে সমবেত হৈছো। আমি সম্পূৰ্ণৰূপে বিশ্বাস কৰিছো যে SITয়ে ভালকৈ কাম কৰিছে। চাৰ্জশ্বীট দাখিল কৰিছে। আমি আইনৰ কথা বাৰু বুজি নাপাও। কিন্তু বহু মানুহে কৈ আছিল যে- চাৰ্জশ্বীটখনত সুৰুঙা আছে বুলি। এতিয়া সেই কথাবোৰেই যেন এটা এটাকৈ প্ৰমাণিত হৈছে। আমাৰ তেনেকুৱাই এটা ধাৰণা হৈছে। নহ’লেনো এগৰাকী অভিযুক্তই কেনেকৈ জামিন লাভ কৰিলে? কিহৰ ভিত্তিত তেওঁ জামিন পালে? যদি বাকী অভিযুক্ত কেইজনেও জামিন লাভ কৰে, তেতিয়া আমাৰ কাৰণে বহুত অসুবিধা হ’ব। দাদাৰ ন্যায়টো কি হ’ব?”
জুবিনক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰ
লগতে তেওঁ প্ৰশ্ন কৰে- “শ্যামকানু মহন্তই জে’লৰ ভিতৰত থাকি কিদৰে সুবিধা পালে নথি-পত্ৰ জালিয়াতি কৰিবলৈ? জে’লৰ ভিতৰত তেওঁলোকক কয়দিৰ দৰে ৰাখিছে নে VIP ৰ দৰে ৰাখিছে? আমাৰ সন্দেহ হৈছে। তেওঁলোকে জুবিন দাকেই শেষ কৰি পেলালে। এতিয়াৰ পৰা যিবোৰ বিচাৰ প্ৰক্ৰিয়া হ’ব, তাতে যাতে কোনো ক্ৰুটি নাথাকে। সেই কথাখিনিৰে আহ্বান জনাবলৈ আজি আহিছো আমি। কাৰণ আমি আৰু কোনো অজুহাত বিচৰা নাই।”
ইফালে জুবিনক্ষেত্ৰত হোৱা এই প্ৰতিবাদ আৰু উচ্চ ন্যায়ালয়ৰ ৰায়দানক লৈ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে; ''ন্যায়ালয়ৰ কোনো সিদ্ধান্তৰ সন্দৰ্ভত চৰকাৰে মন্তব্য দিব নোৱাৰে। ফাষ্টট্ৰেক আদালতত ইতিমধ্যে বিচাৰ প্ৰক্ৰিয়া চলি আছে আৰু এতিয়ালৈকে আদালতে বিচাৰ অব্যাহত ৰাখিছে। চৰকাৰ সম্পূৰ্ণ আশাবাদী যে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ গোচৰত এক সঠিক আৰু সুন্দৰ ন্যায় লাভ কৰা হ'ব। আমি আশাবাদী ফাষ্টট্ৰেক আদালতত এক সুন্দৰ ন্যায় পাম।'