আৰিফুল ইছলাম/গুৱাহাটী
দিচাং আৰু ডিমৌ নৈৰ ব্ৰহ্মপুত্ৰৰ মোহনাত অৱস্থিত পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলৰ চৰগুৱা গ্ৰাণ্ট গাঁৱৰ বাসিন্দাসকলৰ বাবে হাতীৰ সৈতে সহাৱস্থান যেন দৈনন্দিন জীৱনৰেই এক অবিচ্ছেদ্য অংশ। গাঁৱত হাতীৰ বিচৰণ আৰু কেতিয়াবা ঘৰৰ পিছফালৰ বাৰীৰ কাষেৰেই হাতীৰ জাক পাৰ হৈ যোৱাটো তেওঁলোকৰ বাবে নতুন কথা নহয়। কিন্তু কৃষিজীৱি ৰাইজে প্ৰায়েই হাতীৰ সৈতে এই ওচৰ সম্পৰ্কৰ কু-ফল ভুগিব লগা হয়। তেনে কু-ফল দূৰ কৰিবলৈ অসম চৰকাৰৰ বন বিভাগৰ সহযোগত আৰণ্যকে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ।
হঠাৎ আগমন ঘটা হাতীৰ জাকে খেতিয়কৰ কেইবামাহৰ পৰিশ্ৰমৰ ফচল ঘণ্টা চেৰেকৰ ভিতৰতে নিশ্চিহ্ন কৰি পেলাব পাৰে। ফলত কৃষিকৰ্ম বহু পৰিয়ালৰ বাবে এতিয়া এক অনিশ্চিত জীৱিকাত পৰিণত হৈছে।
চৰগুৱা গ্ৰাণ্ট গাঁৱৰ তেনে এটা ক্ষতিগ্ৰস্ত পৰিয়াল আছিল ভৰালী পৰিয়াল। বাৰে বাৰে হাতীয়ে খেতি নষ্ট কৰাত কৃষিকৰ্ম এৰি বিকল্প জীৱিকাৰ সন্ধান কৰিবলৈ বাধ্য হোৱা পৰিয়ালটোৱে কোনো অপৰিচিত জীৱিকাত হাত দিবলগা হোৱা নাছিল। পুৰুষানুক্ৰমে চলি অহা পৰম্পৰাগত মৃৎশিল্পত দক্ষতা থকা ভৰালী পৰিয়ালে আৰণ্যকৰ সহায়ত সেই পুৰণি দক্ষতাৰ বলত লাভ কৰিলে নতুন জীৱন।
শাৰীৰিকভাৱে বাধাগ্ৰস্ত ৬৫ বছৰীয়া ৰাধা ভৰালী এগৰাকী পৰম্পৰাগত মৃৎশিল্পী। মৃৎশিল্পই পৰিয়ালটোক অতীতৰ পৰাই বিকল্প জীৱিকাত অৰিহণা যোগাই আহিছে। চলা-ফিৰাৰ ক্ষেত্ৰত থকা অসুবিধাৰ বাবে ৰাধা ভৰালীৰ বাবে মাটি সংগ্ৰহ আৰু কঢ়িয়াই অনাৰ দৰে কষ্টকৰ কাম সম্ভৱ নাছিল। পত্নী পুতুল ভৰালীয়ে মাটি সংগ্ৰহৰ পৰা আৰম্ভ কৰি সামগ্ৰী প্ৰস্তুত আৰু বজাৰত বিক্ৰী কৰালৈকে অধিকাংশ কামৰ দায়িত্ব কান্ধ পাতি ল'বলগীয়া হৈছিল। কিন্তু তেওঁলোকে সন্মুখীন হোৱা সমস্যাটো দক্ষতাৰ অভাৱ নাইবা বজাৰৰ অভাৱ নাছিল।শিল্পটোক জীয়াই ৰখাৰ বাবে প্ৰায়োজনীয় কেঁচা মাল - মাটিৰ অভাৱেই তেওঁলোকৰ মূল সমস্যা আছিল।
পৰ্যাপ্ত পুঁজি অভাৱত ভৰালী পৰিয়ালে নিয়মীয়াকৈ প্ৰয়োজনীয় পৰিমাণৰ মাটি ক্ৰয় কৰিব অথবা মাটি সংগ্ৰহ আৰু কঢ়িয়াই আনিবলৈ শ্ৰমিক নিয়োগ কৰাটোও তেওঁলোকৰ সাধ্যৰ বাহিৰত আছিল। ফলস্বৰূপে মাহে প্ৰায় ২০০ৰ পৰা ৩০০টা মাটিৰ পাত্ৰ উৎপাদন তথা মাহে মুঠ প্ৰায় ৪,০০০ৰ পৰা ৬,০০০ টকাতে তেওঁলোকৰ উপাৰ্জন সীমাবদ্ধ আছিল।
ভৰালী পৰিয়ালে সন্মুখীন হোৱা এই নিৰ্দিষ্ট সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই আৰণ্যকে বৃটিছ এছিয়ান ট্ৰাষ্ট, এলিফেণ্ট ফেমিলী আৰু ডাৰউইন ইনিচিয়েটিভৰ সহযোগত এক সৰল কিন্তু লক্ষ্যভিত্তিক ব্যৱস্থা গ্ৰহণ কৰে। প্ৰথম সহায় হিচাপে পৰিয়ালটোক জীৱিকা চলাই নিয়াৰ দিশত মূল সমস্যা হৈ থিয় দিয়া প্ৰয়োজনীয় কেঁচা মাটি যোগান ধৰা হয়।
ইয়াৰ ফলাফল আছিল চমকপ্ৰদ।প্ৰয়োজনীয় মাটি পোৱাৰ পাছত ভৰালী পৰিয়ালে মাহে ৫০০ৰ পৰা ৬০০টা পাত্ৰ উৎপাদন কৰিব পৰা হ'ল। স্থানীয় বজাৰত প্ৰতিটো পাত্ৰ প্ৰায় ২০ টকাকৈ বিক্ৰী কৰি তেওঁলোকৰ মাহিলি মুঠ উপাৰ্জন প্ৰায় ১০,০০০ৰ পৰা ১২,০০০ টকালৈ বৃদ্ধি পালে।
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আৰণ্যকৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ সহকাৰী পৰিচালক জাকিৰ ইছলাম বৰাই কয়; "যিবোৰ মানুহৰ ঘৰৰ সম্পত্তি নষ্ট হৈছে, যিবোৰ ঘৰত হাতী-মানুহৰ সংঘাতৰ ফলত মৃত্যুবৰণ কৰিছে আৰু মহিলা প্ৰধান ঘৰবোৰত আমি সহায় কৰিছিলোঁ। ক্ষতিগ্ৰস্ত মানুহবোৰৰ জীৱিকাৰ বাবে কেঁচামালহে আমি যোগান ধৰিছিলো। তেওঁলোকে খেতিবাটিৰ উপৰিও অন্য তেনেধৰণৰ কাম জানে। আমি প্ৰায় ৬০০ পৰিয়ালক সহায় কৰিছোঁ। এই মৃৎশিল্পৰ লগত জড়িত ভৰালী পৰিয়ালটো সেই ৬০০ ঘৰৰ ভিতৰত অন্যতম। তেওঁলোক বৰ্তমান খেতিবাটিৰ বিকল্প হিচাপে মৃৎশিল্পৰ জৰিয়তে জীৱিকা অৰ্জন কৰি আছে। ৰাধা ভৰালী এগৰাকী পৰম্পৰাগত মৃৎশিল্পী, তেওঁ আর্থিক সমস্যাৰ বাবে মৃৎশিল্পৰ বাবে প্ৰয়োজনীয় মাটিখিনি ক্ৰয় কৰিব নোৱাৰে। আমি সেই মাটি যোগান ধৰাত সহায় কৰিছিলোঁ।"
"আমি তেওঁলোকক চাই থাকোঁ, দৈনন্দিন তেওঁলোকৰ উপাৰ্জন বৃদ্ধি পাইছে নে নাই। ঠিক একেদৰে আচাৰ বনোৱা, বেকাৰী, শিপিনীৰ দৰে কাম জনা মানুহবোৰক আমি কেঁচামাল যোগান ধৰি সহায় কৰিছোঁ। ইয়াৰ একমাত্ৰ উদ্দেশ্য সেইটোৱেই যে, তেওঁলোকৰ ঘৰত বা পথাৰত নষ্ট হোৱাৰ বাবে যাতে উপাৰ্জন নাইকিয়া হৈ নাযায়। তেওঁলোকে এইবোৰ কামৰ পৰা অলপ হ'লেও যাতে সকাহ পাই", জাকিৰ ইছলাম বৰাই কয়।
বিহু, দীপাৱলী আদি উৎসৱ সমূহেও পৰিয়ালটোলৈ কঢ়িয়াই আনে অতিৰিক্ত সুযোগ। দীপাৱলীৰ সময়ত তেওঁলোকে হস্ত নিৰ্মিত মাটি চাকি প্ৰায় ৪ৰ পৰা ৫ টকাকৈ বিক্ৰী কৰি অতিৰিক্ত উপাৰ্জনৰ কৰিবলৈ সক্ষম হৈছে।
আৰণ্যক এই উদ্যোগে কেৱল ভৰালী পৰিয়ালকে স্বাৱলম্বী হোৱাত সহায় কৰা নাই। উপাৰ্জন বৃদ্ধি পোৱাৰ ফলত এতিয়া ৰাধা আৰু পুতুল ভৰালীয়ে মাটি সংগ্ৰহ আৰু কঢ়িয়াই আনিবলৈ স্থানীয় শ্ৰমিক নিয়োগ কৰিব পৰা হৈছে। অৰ্থাৎ, আৰম্ভণিতে আগবঢ়োৱা সামান্য সহায়ে এতিয়া পৰিয়ালটোৰ লগতে অধিক পৰিয়ালকো স্বাৱলম্বী কৰি তুলিছে।
মৃৎশিল্পত দক্ষতা থকা চৰগুৱা গ্ৰাণ্ট গাঁৱৰ আন পাঁচটা পৰিয়ালকো আৰণ্যকৰ এই পদক্ষেপত অন্তৰ্ভুক্ত কৰা হৈছে। সহায় লাভ কৰাৰ পাছত এই পৰিয়াল কেইটায়ো নিজৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে এই পৰম্পৰাগত জীৱিকাৰ জৰিয়তে স্থানীয়ভাৱে অধিক উপাৰ্জনৰ সুযোগ লাভ কৰিছে।
এই মৃৎশিল্প এতিয়া কেৱল উপাৰ্জনৰ মাধ্যম হৈ থকা নাই। ই এতিয়া গ্ৰাম্য পৰম্পৰাগত জ্ঞান আৰু পৰ্যটকৰ মাজত নতুন সংযোগৰ এক আহিলা হৈ উঠিছে। কিছুমান পৰিয়ালে পৰ্যটকক মৃৎশিল্প প্ৰত্যক্ষ কৰাৰ লগতে নিজ হাতেৰে মাটি পাত্ৰ গঢ়াৰ অভিজ্ঞতা লাভ কৰাৰো সুযোগ দিছে। ফলত পৰম্পৰাগত শিল্পটোত অৰ্থনৈতিক মাত্ৰাৰ লগতে সাংস্কৃতিক মাত্ৰাও সংযোজিত হৈছে।
ৰাধা ভৰালীৰ পৰিয়ালে প্ৰস্তুত কৰা মাটিৰ কলহ
চৰগুৱাৰ মৃৎশিল্পৰ বিশেষত্ব ইয়াৰ সৰলতাত। শিল্পী সকলে আধুনিক যন্ত্ৰপাতিৰ ওপৰত বিশেষ নিৰ্ভৰ নকৰি পুৰুষানুক্ৰমে চলি অহা হাতেৰে গঢ় আৰু আকৃতি দিয়া পদ্ধতিৰে বিভিন্ন সামগ্ৰী আৰু পাত্ৰ নিৰ্মাণ কৰে।
স্থানীয় সমুদায়ৰ জীৱিকা শক্তিশালী কৰিবলৈ সদায় নতুনত্ব প্ৰৱৰ্তন কৰাৰ যে প্ৰায়োজন নাই আৰণ্যকৰ পদক্ষেপে এই গুৰুত্বপুৰ্ণ সংৰক্ষণ নীতিক প্ৰতিষ্ঠা কৰিছে। কেতিয়াবা ইতিমধ্যে থকা দক্ষতাৰ স্বীকৃতি আৰু সফলতাৰ পথত থকা হেঙাৰ আঁতৰাই দিয়াটোৱেই যথেষ্ট। ভৰালী পৰিয়ালৰ ক্ষেত্ৰত সেই হেৰাই যোৱা সংযোগটো আছিল মাত্ৰ মাটি।
মানৱ-হাতী সংঘাতপ্ৰৱণ অঞ্চলত এই প্ৰভেদ বিশেষকৈ গুৰুত্বপূৰ্ণ। একেবাৰে নতুন জীৱিকা প্ৰৱৰ্তন কৰিবলৈ প্ৰশিক্ষণ, আন্তঃগাঁথনি, বজাৰ সৃষ্টি আৰু দীৰ্ঘম্যাদী প্ৰতিষ্ঠানিক সহায়ৰ প্ৰয়োজন হয়। তাৰ বিপৰীতে, স্থানীয় লোকৰ জ্ঞান আৰু পৰম্পৰাৰে সমৃদ্ধ জীৱিকাক শক্তিশালী কৰাটো তুলনামূলকভাৱে অধিক বাস্তৱিক তথা বহনক্ষম আৰু স্থানীয় সমুদায়ৰ পৰম্পৰাগত জ্ঞান আৰু দক্ষতা বৰ্তি থকাতো সহায়ক হয়।
চৰগুৱা গ্ৰাণ্ট গাঁৱৰ সফলতা জীৱিকা হিচাপে মৃৎশিল্পক কৰা সহায়ৰ কেৱল প্ৰতিফলন নহয়। মানৱ-হাতী সংঘাতৰ বাবে কৃষিভিত্তিক জীৱিকা অনিশ্চিত হৈ পৰা পৰিয়ালসমূহৰ বাবে স্বকীয় পৰম্পৰা, দক্ষতা আৰু সাংস্কৃতিক পৰিচয় অক্ষুন্ন ৰাখি কৰিব পৰা আয়ৰ এক বিকল্প পথৰ সম্ভাৱনাও।
সংৰক্ষণৰ সমাধান সদায় সমুদায়ৰ বাহিৰৰ পৰা আহিব লাগিব বুলি কোনো নিয়ম নাই। কেতিয়াবা সমাধান স্থানীয় সমুদায়ৰ মাজতেই এটা পুৰণি দক্ষতা, পৰিচিত কোনো সম্পদত অথবা উপযুক্ত সহায়ৰ অপেক্ষাত থকা এটা পৰম্পৰাৰ ৰূপত নীৰৱে জীয়াই থাকে। ভৰালী পৰিয়ালৰ বাবে এলডা মাটিৰ পৰাই সেই নতুন আশাৰ সূচনা হৈছিল।
উল্লেখযোগ্য যে, নামনি অসমৰ তুলনাত উজনি অসমত হাতী-মানুহৰ সংঘাতৰ সংখ্যা কম যদিও, লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে। হাতী মানুহৰ সংঘাতৰ ঘটনাৰ ওপৰত লক্ষ্য ৰাখি ২০২২ চনৰ পৰা ২০২৫ চনলৈ আৰণ্যকে প্ৰকল্প হিচাপে উজনি অসমৰ ৫ খন জিলা ক্ৰমে- যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, মাজুলী আৰু তিনিচুকীয়াত জৰীপ কৰা আৰম্ভ কৰিছিল। তাৰ পৰৱৰ্তী সময়ত কিছুমান কৰ্মশালাৰ জৰিয়তে সজাগতাৰ সৃষ্টি কৰা হৈছিল।
জাকিৰ ইছলাম বৰাই কয়; "হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আমাৰ হাতত কিছুমান আহিলা আছে। তাৰে ৫ টা প্ৰধান আহিলাৰ ওপৰত গুৰুত্ব দি আমি কামবোৰ কৰিছিলোঁ। আমি সেই অঞ্চলসমূহৰ মানুহৰ মাজত আমি সজাগতা সৃষ্টি কৰিছিলোঁ। আমি তেওঁলোকক প্ৰশিক্ষণ দিছিলোঁ। আমি হোৱাটছএপৰ জৰিয়তেও মানুহৰ মাজৰ সজাগতাৰ সৃষ্টি কৰিছিলোঁ।"