গুৱাহাটী
চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ ডাইষ্টং গাঁৱত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাক লৈ বৃহস্পতিবাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী কনৰাড কে ছাংমাই। খাছি ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰতিনিধিৰ সৈতে আলোচনাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ ক্ষেত্ৰত স্থিতি অপৰিৱৰ্তিত ৰাখিবলৈ নিৰ্দেশ দিয়ে। তেওঁ স্পষ্ট কৰি দিয়ে যে তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত প্ৰকল্পস্থলীত কোনো ধৰণৰ নতুন কাম আগবাঢ়িব নোৱাৰিব।
KSU-এ উত্থাপন কৰা ৰাজহুৱা শুনানি, বিভিন্ন পক্ষৰ অংশগ্ৰহণ আৰু পৰিৱেশগত বিষয়সমূহ পৰীক্ষা কৰিবলৈ এখন তথ্য অনুসন্ধান সমিতি গঠন কৰা হ’ব। জিলাখনৰ প্ৰশাসনৰ সৈতে জড়িত নোহোৱা এগৰাকী জ্যেষ্ঠ বিষয়াই সমিতিখনৰ নেতৃত্ব দিব। লগতে KSU-এ উত্থাপন কৰা অভিযোগসমূহ পৰীক্ষা কৰিবলৈ আন সদস্যসকলকো নিযুক্তি দিয়া হ’ব।
মুখ্যমন্ত্ৰী ছাংমাই সাংবাদিকৰ আগত কয় যে সমিতিয়ে নিজৰ কাম সম্পূৰ্ণ কৰি প্ৰতিবেদন দাখিল নকৰালৈকে সকলো কাম বন্ধ থাকিব। অৰ্থাৎ, প্ৰস্তাৱিত কাৰখানাক লৈ এই মুহূৰ্তত কোনো নতুন পদক্ষেপ লোৱা নহ’ব আৰু প্ৰকল্পস্থলীত পূৰ্বৰ অৱস্থাই বাহাল থাকিব।
এই সিদ্ধান্তৰ পটভূমিত আছে কিছুদিন পূৰ্বে শ্বিলঙত সংঘটিত হোৱা হিংসাত্মক ঘটনা। KSU-ৰ ক’লা পতাকা লৈ অনুষ্ঠিত মটৰচাইকেল সমদলৰ সময়ত সংঘৰ্ষৰ সৃষ্টি হৈছিল। এই সংঘৰ্ষত চৰকাৰী আৰু ব্যক্তিগত সম্পত্তিৰ লগতে বহু বাহন ক্ষতিগ্ৰস্ত হৈছিল। আন্তঃৰাজ্যিক যাতায়াত সেৱাতো ইয়াৰ প্ৰভাৱ পৰিছিল। ঘটনাটোৰ পাছতে চৰকাৰে KSU-ৰ সৈতে আলোচনাত বহাৰ উদ্যোগ লৈছিল।
ছাংমাই কয় যে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ বাবে ব্যক্তিগত বিনিয়োগ গুৰুত্বপূৰ্ণ বুলি চৰকাৰে আৰম্ভণিতে প্ৰস্তাৱিত চিমেণ্ট কাৰখানাটোক সমৰ্থন কৰিছিল। শ্ৰী চিমেণ্টৰ এই প্ৰস্তাৱটোৱে আইন অনুসৰি প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লগতে ৰাজহুৱা শুনানিও অনুষ্ঠিত কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কিন্তু KSU-এ উত্থাপন কৰা অভিযোগৰ পাছত এতিয়া সমগ্ৰ প্ৰক্ৰিয়াটো পুনৰ পৰীক্ষা কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
মুখ্যমন্ত্ৰীৰ সিদ্ধান্তক আদৰণি জনাইছে KSU নেতা ড’নাল্ড ভি থাবাহে। অৱশ্যে তেওঁ সতৰ্ক কৰি দিয়ে যে জনজাতীয় মাটিৰ সম্পূৰ্ণ বিক্ৰীৰ দিশে চৰকাৰে আগবাঢ়িলে সংগঠনটোৱে আন্দোলন অধিক তীব্ৰ কৰি তুলিব।