ইউনিফৰ্মৰ আঁৰৰ আত্মীয়তাঃ শ্বহীদ সতীৰ্থৰ কন্যাৰ বিয়াত উপস্থিত হৈ দায়িত্ব পালন কৰিলে BSF জোৱানে

Story by  atv | Posted by  [email protected] • 1 h ago
শ্বহীদ পিতৃৰ বিএছএফৰ বন্ধু সকলে কন্যাৰ বিয়াত উপহাৰ দিয়া মুহূৰ্তত
শ্বহীদ পিতৃৰ বিএছএফৰ বন্ধু সকলে কন্যাৰ বিয়াত উপহাৰ দিয়া মুহূৰ্তত
 
অনিকা মহেশ্বৰী / নতুন দিল্লী
 
কিছুমান সম্পৰ্ক তেজৰ নহয়, কিন্তু সেইবোৰৰ গভীৰতা কোনো পাৰিবাৰিক সম্পৰ্কতকৈ কমো নহয়। কিছুমান বান্ধোন সময়, দূৰত্ব আৰু আনকি মৃত্যুৰ সীমাও অতিক্ৰম কৰি যায়। জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ সীমান্তৱৰ্তী কৰ্ণাহৰ গাব্ৰা অঞ্চলত শেহতীয়াকৈ এনে এক আৱেগিক দৃশ্য দেখিবলৈ পোৱা গ'ল, যেতিয়া শ্বহীদ ৰফিক আহমেদৰ কন্যাৰ বিয়াৰ সময়ত তেওঁৰ 'BSF পৰিয়াল' গৈ তেওঁলোকৰ ঘৰত উপস্থিত হ'লহি।
 
২০০৭ চনত শ্বিলঙত দেশ মাতৃৰ সেৱা কৰি শ্বহীদ হোৱা ৰফিক আহমেদ আজি এই পৃথিৱীত নাই। কিন্তু প্ৰায় দুটা দশকৰ পাছত তেওঁৰ কন্যাৰ বিবাহ উপলক্ষে ৩১ নং বি এছ এফ বেটেলিয়নৰ বিষয়া আৰু জোৱানসকল তেওঁৰ ঘৰৰ পদূলিত উপস্থিত হৈ এই কথা প্ৰমাণ কৰিলে যে এজন সৈনিকৰ মৃত্যুৰ লগে লগেই তেওঁৰ প্ৰতি থকা সন্মান আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি থকা দায়িত্ব কেতিয়াও শেষ হৈ নাযায়।
 
কন্যাৰ বিয়াত পিতৃৰ অভাৱ, কিন্তু কাষত থিয় দিলে BSF পৰিয়ালে

প্ৰতিগৰাকী পিতৃৰ বাবেই কন্যাৰ বিবাহ জীৱনৰ অন্যতম স্মৰণীয় মুহূৰ্ত। কন্যাৰ হাতত জেতুকাৰ বুল, তাইৰ মূৰত হাত থৈ আশীৰ্বাদ দিয়া, তাইক নতুন জীৱনৰ দুৱাৰদলিলৈ আগুৱাই নিয়া- এই সকলোবোৰ সপোনৰ সৈতে এজন পিতৃৰ গভীৰ আৱেগ জড়িত হৈ থাকে। কিন্তু ৰফিক আহমেদৰ কন্যাৰ বাবে এই বিশেষ দিনটো এনে এক শূন্যতাৰ সৈতে আহিছিল, যিটো কোনেও কেতিয়াও সম্পূৰ্ণৰূপে পূৰণ কৰিব নোৱাৰে। বিয়াৰ এই গুৰুত্বপূৰ্ণ ক্ষণত তাইৰ পিতৃ তাইৰ কাষত নাছিল। প্ৰায় ১৯ বছৰৰ পূৰ্বে দেশৰ হৈ সৰ্বোচ্চ বলিদান দিয়া ৰফিক আহমেদৰ স্মৃতি এই আনন্দৰ মুহূৰ্তত পৰিয়ালৰ সৈতে স্বাভাৱিকতেই বিৰাজমান আছিল।
 
শ্বহীদ পিতৃৰ বিএছএফৰ বন্ধু সকলে কন্যাৰ বিয়াত উপহাৰ দিয়া মুহূৰ্তত
 
ঠিক এনে এক আৱেগিক মুহূৰ্ততে বি এছ এফৰ জ্যেষ্ঠ বিষয়া আৰু জোৱানসকল গাব্ৰাত উপস্থিত হৈছিলহি। তেওঁলোক কেৱল আলহী হৈ অহা নাছিল, বৰং উৰ্দিৰ সৈতে গঢ়ি উঠা আৰু শ্বহীদ হোৱাৰ পিছতো জীয়াই থকা সেই বিশেষ সম্পৰ্কটোক পৰিয়ালটোক পুনৰ অনুভৱ কৰাবলৈ আহিছিল। বি এছ এফৰ বিষয়া আৰু জোৱানসকলে পৰিয়ালটোক সাক্ষাৎ কৰে, কন্যাক বিয়াৰ উপহাৰ দিয়ে আৰু বিবাহ অনুষ্ঠানৰ লগত জড়িত বিভিন্ন ব্যৱস্থাত সহযোগ কৰে। তেওঁলোকৰ এই স্নেহ আৰু সহযোগিতাই বিয়াৰ আনন্দৰ মাজত শ্বহীদ পিতৃৰ অনুপস্থিতিয়ে সৃষ্টি কৰা নীৰৱতা কিছু পৰিমাণে হ'লেও আত্মীয়তাৰে পূৰণ কৰিলে।
 
‘আপোনালোক অকলশৰীয়া নহয়’: মৌনতাৰেই বহু কথা কৈ গ’ল এই সম্পৰ্কে

বি এছ এফৰ এই প্ৰচেষ্টা কেৱল উপহাৰ দিয়া বা বিয়াত অংশগ্ৰহণ কৰাতেই সীমাবদ্ধ নাছিল। এয়া আছিল এনে এক বাৰ্তা, যাক প্ৰকাশ কৰিবলৈ কোনো শব্দৰ প্ৰয়োজন নাছিল। বাৰ্তাটো আছিল এনেধৰণৰ— “আমি আজিও আপোনালোকৰ পিতৃক মনত ৰাখিছো আৰু তেওঁৰ পৰিয়ালটো আমাৰ বাবে আজিও আপোন।” ৰফিক আহমেদে দেশৰ সেৱা কৰি নিজৰ প্ৰাণ আহুতি দিছিল। তেওঁৰ বলিদানৰ বছৰ বছৰ পাছতো তেওঁৰ সতীৰ্থ জোৱানসকলে পৰিয়ালটোক আত্মীয়তাৰ অনুভৱ কৰালে। এয়াই হৈছে সেই মানৱীয় সম্পৰ্ক, যি এজন সৈনিকৰ উৰ্দিৰ পৰা ওলাই আহি পৰিয়াল আৰু সমাজলৈকে সম্প্ৰসাৰিত হয়। বিয়াৰ সময়ত বি এছ এফৰ উপস্থিতিয়ে পৰিয়ালটোক এই বিশ্বাস দিলে যে ৰফিক আহমেদৰ স্মৃতি কেৱল কোনো চৰকাৰী অভিলেখ, স্মাৰক বা শ্ৰদ্ধাঞ্জলিতেই আৱদ্ধ হৈ থকা নাই। তেওঁ আজিও তেওঁৰ সতীৰ্থসকলৰ স্মৃতিপটত সজীৱ হৈ আছে।
 
সীমান্তৱৰ্তী গাঁৱত প্ৰতিফলিত হ’ল নিৰাপত্তাৰক্ষী আৰু ৰাইজৰ এক হৃদয়স্পৰ্শী নিদৰ্শন
 
গাব্ৰাৰ দৰে সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰাপত্তাৰক্ষী আৰু স্থানীয় ৰাইজৰ সম্পৰ্কৰ এক সুকীয়া স্পৰ্শকাতৰতা থাকে। ইয়াত জোৱানসকলে কেৱল সীমান্তৰ পহৰাই নিদিয়ে, বৰং বিপদৰ সময়ত স্থানীয় ৰাইজৰ কাষতো থিয় দিয়া দেখা যায়। বি এছ এফৰ এই পদক্ষেপক প্ৰশংসা কৰি স্থানীয় ৰাইজে কয় যে কোনো শ্বহীদৰ পৰিয়ালৰ সুখ-দুখত অংশগ্ৰহণ কৰা কাৰ্যই নিৰাপত্তাৰক্ষী আৰু সাধাৰণ জনতাৰ মাজত বিশ্বাস আৰু ভাতৃত্ববোধক অধিক সুদৃঢ় কৰে।
 
বিয়াখনৰ বিভিন্ন মুহূৰ্তত
 
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, কঠিন পৰিস্থিতি, জৰুৰী অৱস্থা, অগ্নিকাণ্ড বা অন্যান্য প্ৰয়োজনীয়তাৰ সময়তো সেনা, বি এছ এফ আৰু আৰক্ষীয়ে স্থানীয় লোকক সদায় সহায় কৰি আহিছে। একে সময়তে, কোনো এটা পৰিয়ালৰ জীৱনৰ গুৰুত্বপূৰ্ণ মুহূৰ্তত তেওঁলোকৰ ঘৰলৈ যোৱা কাৰ্যই এই সম্পৰ্কৰ আন এক মানৱীয় দিশ পোহৰলৈ আনে। এই দৃশ্যই প্ৰমাণ কৰে যে সীমান্তত নিয়োজিত জোৱান আৰু সীমান্তৱৰ্তী গাঁৱত বসবাস কৰা লোকসকল কেৱল কৰ্তব্য আৰু নিৰাপত্তাৰ সম্পৰ্কৰেই বান্ধ খাই নাথাকে। তেওঁলোকৰ মাজত বিশ্বাস, সহযোগিতা আৰু মানৱতাৰ এক গভীৰ সম্পৰ্কও গঢ় লৈ উঠে।
 
শ্বহীদ হোৱাৰ পিছতো পৰিয়ালটোক পাহৰি যোৱা নাই বি এছ এফে

এজন জোৱান যেতিয়া দেশৰ সেৱাত নিযুক্তি পায়, তেতিয়া তেওঁ কেৱল এটা চাকৰি নিৰ্বাচন নকৰে। তেওঁ এনে এটা পৰিয়ালও লাভ কৰে, যাৰ সদস্যসকল বিভিন্ন ঠাইত নিয়োজিত হৈ থকাৰ পিছতো ইজনে সিজনৰ সুখ-দুখৰ সমভাগী হয়। ৰফিক আহমেদৰ বাবেও বি এছ এফ ঠিক তেনে এটা পৰিয়ালেই আছিল। তেওঁ শ্বহীদ হোৱাৰ প্ৰায় দুটা দশকৰ পাছত তেওঁৰ কন্যাৰ বিয়াত বি এছ এফ জোৱানসকলৰ উপস্থিতিয়ে এই সম্পৰ্কৰ দৃঢ়তাক প্ৰতিফলিত কৰিলে। সময় পাৰ হৈ গ'ল, প্ৰজন্মৰ পিছত প্ৰজন্ম সলনি হ'ল, কিন্তু এজন সতীৰ্থৰ বলিদানৰ স্মৃতি ম্লান হৈ নপৰিল। এই পদক্ষেপ সেই সকলোবোৰ শ্বহীদ পৰিয়ালৰ বাবেও আশাৰ এক বাৰ্তা, যিসকলে দেশৰ বাবে নিজৰ আপোনজনক হেৰুৱাইছে। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে তেওঁলোকৰ বলিদান কেৱল শ্ৰদ্ধাঞ্জলি জনোৱা দিনটোতেই সুঁৱৰি থকা নহয়। তেওঁলোকৰ পৰিয়ালৰ আনন্দ আৰু প্ৰয়োজনৰ সময়তো দেশ আৰু তেওঁলোকৰ সতীৰ্থসকল তেওঁলোকৰ কাষত থিয় দিবলৈ সাজু থাকে।
 
কন্যাৰ নতুন যাত্ৰাত পিতৃৰ স্মৃতিৰ লগতে উপহাৰ পালে আত্মীয়তা
 
বিয়াৰ এই শুভক্ষণত ৰফিক আহমেদৰ কন্যাই জীৱনৰ এক নতুন অধ্যায়ৰ সূচনা কৰিলে। পিতৃৰ অভাৱ হয়তো সদায় তাইৰ জীৱনৰ এক আৱেগিক অংশ হৈ ৰ'ব, কিন্তু এই বিশেষ দিনটোত বি এছ এফ পৰিয়ালৰ উপস্থিতিয়ে তাইক নিশ্চয়কৈ এইটো অনুভৱ কৰালে যে তাইৰ পিতৃৰ পৰিয়ালটো কিমান বিশাল আছিল। কোনো কন্যাৰ বিবাহত পিতৃৰ স্থান কোনেও ল'ব নোৱাৰে। কোনেও সেই শূন্যতা সম্পূৰ্ণৰূপে পূৰণ কৰিব নোৱাৰে। কিন্তু যেতিয়া পিতৃৰ সতীৰ্থসকলে একেই আত্মীয়তাৰে তাইৰ কাষত থিয় দিয়ে, তেতিয়া সেই সান্নিধ্যই বহুত অৰ্থ বহন কৰে। বি এছ এফৰ জোৱানসকলৰ এই পদক্ষেপ হয়তো এই অনুভৱৰেই আটাইতকৈ সুন্দৰ প্ৰকাশ আছিল।
 
মানৱতা আৰু ভাতৃত্ববোধৰ এক সুন্দৰ নিদৰ্শন
 
ৰফিক আহমেদৰ কাহিনী কেৱল এজন সৈনিকৰ বলিদানৰ কাহিনী নহয়। এয়া সেই সম্পৰ্কৰো কাহিনী, যি ইউনিফৰ্ম, সীমা আৰু সময়ৰো ঊৰ্ধ্বলৈ গুচি যায়। এফালে এজনী কন্যা পিতৃৰ অবিহনে বিবাহৰ মণ্ডপ পালেগৈ, আনফালে তাইৰ পিতৃৰ সতীৰ্থসকল তাইৰ কাষত থিয় দিয়া দেখা গ'ল। এই দৃশ্যত শ্বহীদৰ প্ৰতি সন্মানো আছিল, পৰিয়ালৰ প্ৰতি দায়িত্ববোধো আছিল আৰু মানৱতাৰ উমাল পৰশও আছিল।
 
গাব্ৰাৰ ৰাইজে ৩১ নং বেটেলিয়ন বি এছ এফৰ এই প্ৰয়াসক বিশ্বাস, সন্মান আৰু ভাতৃত্ববোধৰ এক যোগাত্মক নিদৰ্শন বুলি অভিহিত কৰে। তেওঁলোকৰ মতে, এনে পদক্ষেপে স্থানীয় ৰাইজৰ মনত এই বিশ্বাস আৰু অধিক দৃঢ় কৰে যে নিৰাপত্তাৰক্ষী কেৱল নিৰাপত্তা প্ৰদান কৰা সংস্থাই নহয়, বৰং প্ৰয়োজনৰ সময়ত সমাজৰ কাষত থিয় দিয়া এক মানৱীয় মুখাৱয়বো হয়। ৰফিক আহমেদ আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ সাহসিকতা আৰু বলিদান তেওঁৰ পৰিয়াল, তেওঁৰ সতীৰ্থ আৰু তেওঁৰ গাঁৱৰ মানুহৰ স্মৃতিৰ মাজত আজিও জীয়াই আছে। তেওঁৰ কন্যাৰ বিবাহৰ এই অনুষ্ঠানে পুনৰবাৰ এই বাৰ্তা দি গ'ল যে শ্বহীদৰ জীৱন হয়তো শেষ হৈ যাব পাৰে, কিন্তু তেওঁৰ কাহিনী, তেওঁৰ সন্মান আৰু তেওঁৰ পৰিয়ালৰ সৈতে জড়িত সম্পৰ্ক কেতিয়াও শেষ হৈ নাযায়।
 
কেতিয়াবা এটা সৰু উপহাৰ, কাৰোবাৰ ঘৰলৈ আগবঢ়োৱা দুখোজ আৰু কেইটামান আন্তৰিকতাপূৰ্ণ শব্দই বছৰ বছৰ পুৰণি সম্পৰ্ককো পুনৰুজ্জীৱিত কৰি তোলে। গাব্ৰাতো ঠিক তেনে এক ঘটনাই ঘটিল, য’ত এগৰাকী কন্যাৰ বিবাহত প্ৰয়াত পিতৃৰ অনুপস্থিতিৰ মাজতো তেওঁৰ ‘বি এছ এফ পৰিয়ালটো’ ছাঁৰ দৰে কাষত উপস্থিত আছিল। আৰু হয়তো এয়াই হৈছে প্ৰকৃত শ্ৰদ্ধাঞ্জলি! এজন শ্বহীদক কেৱল শ্ৰদ্ধাৰে সোঁৱৰণ কৰাই নহয়, তেওঁৰ আপোনজনকো নিজৰ বুলি আঁকোৱালি লৈ তেওঁলোকৰ সুখ-দুখত সমভাগী হোৱাটোৱেই হৈছে তেওঁৰ প্ৰতি জনোৱা শ্ৰেষ্ঠ সন্মান।