পুনৰ উত্তপ্ত মণিপুৰ; পাহাৰীয়া জিলাসমূহত সংঘটিত হৈছে হিংসাত্মক সংঘৰ্ষৰ ঘটনা, কমেও ১০ জন নিহত

Story by  atv | Posted by  [email protected] • 36 m ago
পুনৰ উত্তপ্ত মণিপুৰ
পুনৰ উত্তপ্ত মণিপুৰ
 
গুৱাহাটী
 
দেওবাৰে মণিপুৰৰ কেইবাখনো জিলাত সংঘটিত হোৱা হিংসাত্মক ঘটনাত কমেও ১০ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছে। এই সংঘৰ্ষত কুকি উগ্ৰপন্থী আৰু নগা গাঁওৰক্ষী বাহিনী জড়িত থকা বুলি জানিব পৰা গৈছে। দেখা গৈছে যে ২০২৩ চনৰ মে’ মাহৰ পৰা ৰাজ্যখনত অব্যাহত থকা হিংসাত্মক পৰিস্থিতি আৰু অধিক বৃদ্ধি পাইছে।
 
শুকুৰবাৰে নিশা চাছাদত ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়নৰ টহলদাৰী দল এটাৰ ওপৰত আক্ৰমণ কৰাৰ পিছতে কামজং জিলাত হিংসাত্মক পৰিস্থিতি বিয়পি পৰে। ইয়াৰ পিছত হোৱা গুলীয়াগুলিৰ ঘটনাক উগ্ৰপন্থীক সহায় কৰি থকা এগৰাকী মহিলাৰ মৃত্যু হয়।
 
ইয়াৰ পিছতে উগ্ৰপন্থীয়ে নগা সাধাৰণ নাগৰিকক আক্ৰমণ কৰে, কামজং মুখ্য কাৰ্যালয়ত ৯টা ঘৰত অগ্নিসংযোগ কৰে আৰু চাছাদ থানাৰ বিপৰীতে থকা ২৩টাতকৈও অধিক ঘৰ জ্বলাই দিয়ে। নগা গাঁওৰক্ষী বাহিনীৰ প্রত্যাক্ৰমণত দুজন গাঁওৰক্ষী আহত হোৱাৰ বিপৰীতে দুজন কুকি উগ্ৰপন্থী নিহত হোৱাৰ খবৰ পোৱা গৈছে।
 
চাছাদৰ সমীপত এক সুকীয়া আক্ৰমণত ভাৰত আৰু ম্যানমাৰৰ কুকি উগ্ৰপন্থীৰ এটা দলে বোমা আৰু আগ্নেয়াস্ত্ৰৰে নিংচৌ গাঁৱক লক্ষ্য কৰি লোৱা বুলি জানিব পৰা গৈছে। ম্যানমাৰৰ সীমান্ত পাৰ হৈ পিছুৱাই যোৱাৰ পূৰ্বে দুজন সাধাৰণ নাগৰিকক হত্যা কৰে।
 
কাংপকপি আৰু উখৰুল জিলাতো আক্রমণ সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে৷ উখৰুলত ইম্ফল-উখৰুল পথৰ কাষৰ কৃষিভূমিলৈ গৈ থকা অৱস্থাত নেপালী সম্প্ৰদায়ৰ এজন সাধাৰণ নাগৰিকক গুলীয়াই হত্যা কৰা হয়।
 
কাংপোকপিত মাকুই আছাং নগা গাঁৱত চলোৱা আক্ৰমণত তিনিজন নগা গাঁওৰক্ষী বাহিনীৰ সদস্য নিহত হয়।

খবৰ অনুসৰি এজনৰ মূৰটো কাটি পেলোৱা হৈছে। টাপন লিয়াংমাই গাঁৱত আন এক আক্ৰমণৰ ঘটনাত এজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে আন দুজন আহত হয়। পিছত দিনটোৰ ভিতৰতে উগ্ৰপন্থীয়ে পোনৰিংলং নগা গাঁৱত গুলীচালনা কৰে আৰু চাৰৈই পাণ্ডোংবা খুনঠাকত প্ৰায় ১০টা ঘৰত অগ্নিসংযোগ কৰাত বাসিন্দাসকলে পলায়ন কৰিবলৈ বাধ্য হয়।
 
ৰাজ্য আৰু কেন্দ্ৰৰ নিৰাপত্তা বাহিনীয়ে অশান্ত অঞ্চলত অতিৰিক্ত দল মোতায়েন কৰিছে। অৱশ্যে ক্ষতিগ্ৰস্ত জিলাসমূহৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে।