মছজিদৰ ইমাম আব্দুল হামিদৰ UGC-NET পৰীক্ষাত বৃহৎ সাফল্য

Story by  atv | Posted by  Munni Begum • 2 h ago
আব্দুল হামিদ
আব্দুল হামিদ
 
তৰুন নন্দী / কলকাতা  
 
হৃদয়ত অলেখ সপোন লৈ প্ৰতিদিনে পুৱা পিতৃৰ সৈতে খেতিপথাৰলৈ গৈছিল আব্দুল হামিদ। কৃষিকৰ্মত পিতৃক সহায় কৰাৰ লগতে কেতিয়াবা গৰু-ছাগলী চৰোৱা, কেতিয়াবা ঘাঁহ কটা আদিবোৰেই আছিল তেওঁৰ দৈনন্দিন জীৱনৰ অংশ। কিন্তু এইবোৰ কামৰ মাজতো যেতিয়াই সময় পাইছিল, তেতিয়াই তেওঁ হাতত তুলি লৈছিল কিতাপ। অভাৱ-অনাটনে আগুৰি ধৰা জীৱনতো পঢ়া-শুনাৰ প্ৰতি থকা  হামিদৰ আগ্ৰহ কেতিয়াও ম্লান হৈ পৰা নাছিল।
 
পৰৱৰ্তী সময়ত মছজিদৰ ইমাম হিচাপে দায়িত্ব পালন কৰাৰ লগতে ইউজিচি-নেট পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাইছিল আব্দুল হামিদে। অৱশেষত পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে আনন্দৰ জোৱাৰ উঠিল। আৰবী বিষয়ত সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰিলে আব্দুল হামিদে। পশ্চিমবংগৰ বীৰভূম জিলাৰ নলহাটি থানাৰ অন্তৰ্গত কুখুৰা গাঁৱৰ এইগৰাকী যুৱক এতিয়া সমগ্ৰ অঞ্চলটোৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
 
আব্দুল হামিদ
 
২০২৬ চনৰ জুন মাহৰ ইউজিচি-নেট পৰীক্ষাত আৰবী বিষয়ত ৩০০ৰ ভিতৰত ২৬৬ নম্বৰ লাভ কৰি ১০০ শতাংশ লাভ কৰিছে হামিদে। এই বিষয়ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ১,৬৪৯ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত তেওঁ প্ৰথম স্থান লাভ কৰিছে। ইয়াৰ লগতে তেওঁ কনিষ্ঠ গৱেষণা বৃত্তি (জেআৰএফ) আৰু সহকাৰী অধ্যাপকৰ পদৰ বাবেও যোগ্যতা অৰ্জন কৰিছে।

অভাৱ-অনাটনৰ মাজেৰে পাৰ হৈছিল শৈশৱ
 
আব্দুল হামিদৰ জীৱনৰ প্ৰতিটো খোজতে সংগী হৈছিল আৰ্থিক অভাৱ। তেওঁৰ পিতৃ আব্দুত তোৱাবে সামান্য পাৰিতোষিক লৈ শিক্ষকতা কৰাৰ লগতে খেতি-বাতি কৰিও পৰিয়ালটো পোহপাল দিছিল। আৰ্থিক সংকট থাকিলেও সন্তানসকলৰ পঢ়া-শুনাত যাতে কোনো বাধা নাহে, সেই কথাত পিতৃয়ে সদায় গুৰুত্ব দিছিল। সৰুৰে পৰাই পিতৃৰ সৈতে খেতিপথাৰত কাম কৰি পৰিয়ালক সহায় কৰাৰ সমান্তৰালকৈ পঢ়া-শুনাও অব্যাহত ৰাখিছিল হামিদে।
 
মাদ্ৰাছাত হামিদৰ শিক্ষাজীৱনৰ আৰম্ভণি হৈছিল। তাতেই হামিদে পৱিত্ৰ কোৰাণ মুখস্থও কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ আলিয়া বিশ্ববিদ্যালয়ৰ পৰা আৰবী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত উচ্চশিক্ষাৰ বাবে দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াত নামভৰ্তি কৰি স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। এই পৰ্যায়ত তেওঁ ৮.৭৫ চিজিপিএ লাভ কৰিবলৈ সক্ষম হয়। 
 
আব্দুল হামিদ
 
কিন্তু তেওঁৰ শিক্ষাজীৱনৰ প্ৰতিটো স্তৰেই আছিল সংগ্ৰামপূৰ্ণ। উচ্চশিক্ষাৰ বাবে দিল্লীলৈ যোৱাটো বিশেষভাৱে প্ৰত্যাহ্বানজনক আছিল। থকা-খোৱাৰ খৰচ যোগাৰ কৰাটো সহজ নাছিল। কেতিয়াবা আন তিনিজন ছাত্ৰৰ সৈতে একেটা কোঠাতে থাকিবলগীয়া হৈছিল হামিদে। আন কেতিয়াবা খৰচ কমাবলৈ বন্ধুবৰ্গৰ সৈতে নিজেই ৰান্ধি-বাঢ়ি খাই পঢ়া-শুনা অব্যাহত ৰাখিছিল।
 
ব্যয়বহুল প্ৰশিক্ষণ অবিহনেই ইউজিচি-নেটত সাফল্য
 
ইউজিচি-নেট পৰীক্ষাত শীৰ্ষস্থান লাভ কৰাটো হামিদৰ প্ৰথম লক্ষ্য নাছিল। ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাহে তেওঁ এই পৰীক্ষাৰ বাবে বিশেষভাৱে প্ৰস্তুতি আৰম্ভ কৰে। সেই সময়ত তেওঁ এখন মাদ্ৰাছাত শিক্ষকতা কৰাৰ লগতে মছজিদৰ ইমাম হিচাপেও দায়িত্ব পালন কৰি আছিল। অৱশেষত পঢ়া-শুনাত অধিক সময় দিব পৰাকৈ তেওঁ শিক্ষকতাৰ চাকৰিটো এৰি দিয়াৰ সিদ্ধান্ত লয়।
 
পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে তেওঁ কোনো ব্যয়বহুল প্ৰশিক্ষণ প্ৰতিষ্ঠানত নামভৰ্তি কৰা নাছিল। কেইখনমান কিতাপ, ইউটিউবৰ পাঠদান, নিজে প্ৰস্তুত কৰা টোকা আৰু পূৰ্বৰ বছৰবোৰৰ প্ৰশ্নকাকতৰ বিশ্লেষণ আদিবোৰেই আছিল তেওঁৰ প্ৰস্তুতিৰ মূল সম্বল। ২৯ জুনত ছুৰীৰ এটা পৰীক্ষাকেন্দ্ৰত ইউজিচি-নেট পৰীক্ষাত অৱতীৰ্ণ হৈছিল হামিদ। তাৰ পিছত আৰম্ভ হৈছিল ফলাফলৰ বাবে দীঘলীয়া অপেক্ষা।
 
আব্দুল হামিদ
 
অৱশেষত ২৮ আগষ্টত ফলাফল ঘোষণা কৰা হ’ল। নিজৰ নম্বৰ তালিকাখন দেখি প্ৰথমে যেন বিশ্বাসেই কৰিব পৰা নাছিল হামিদে। আৰবী বিষয়ত ১০০ শতাংশ লাভ। ১,৬৪৯ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত প্ৰথম স্থান। 
 
তেওঁৰ সাফল্যৰ খবৰ বিয়পি পৰাৰ লগে লগে শুভেচ্ছা জনাবলৈ মানুহে তেওঁৰ ঘৰলৈ আহিবলৈ ধৰিলে। যিগৰাকী যুৱকে এসময়ত পিতৃৰ সৈতে খেতিপথাৰত কাম কৰি পৰিয়ালক সহায় কৰিছিল, সেইগৰাকীয়েই আজি নিজৰ সাফল্যৰে গোটেই গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।  মাটিৰ সৈতে নিবিড় সম্পৰ্ক থকা কুখুৰা গাঁৱৰ এইগৰাকী যুৱকৰ সাফল্য এতিয়া কেৱল তেওঁৰ পৰিয়ালৰে নহয়, সমগ্ৰ গাঁওখনৰে গৌৰৱৰ বিষয় হৈ পৰিছে।
 
আগলৈ আৰু এক ডাঙৰ সপোন 
 
আব্দুল হামিদে এতিয়া আৰু এক ডাঙৰ সপোন দেখিছে। তেওঁ আৰবী বিষয়ত গৱেষণা কৰি দিল্লী বিশ্ববিদ্যালয় অথবা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰিব বিচাৰে।
 
তেওঁৰ বিশ্বাস যে, জীৱনত সুযোগ-সুবিধা সীমিত হ’ব পাৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মানুহৰ সপোন অথবা কঠোৰ পৰিশ্ৰম কৰাৰ সংকল্পও সীমিত হৈ থাকিব লাগিব। অদম্য ইচ্ছাশক্তি, একাগ্ৰতা আৰু অধ্যৱসায় থাকিলে অভাৱ-অনাটনৰ মাজতো যে সাফল্যৰ শিখৰ স্পৰ্শ কৰিব পাৰি, আব্দুল হামিদৰ জীৱনযাত্ৰাই তাৰেই এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে।