নতুন দিল্লী
আকৌ সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা৷ উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এই দুৰ্ঘটনা। সংবাদ সংস্থা ANI এ উল্লেখ কৰা তথ্য মতে, বৃহস্পতিবাৰে বিয়লি কানপুৰৰ কটৰী অঞ্চলৰ নাথুপুৰৱা গাঁৱৰ সমীপত এখন প্ৰশিক্ষণৰত বিমানে হঠাতে নিয়ন্ত্ৰণ হেৰুৱায়। ফলত গাঁওখনৰ এখন পথাৰত বাগৰি পৰে। এই ভয়ংকৰ দুৰ্ঘটনাত বিমানখনত থকা দুয়োজন প্ৰশিক্ষাৰ্থী পাইলটৰ কৰুণ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷
কানপুৰ আৰক্ষী আয়ুক্ত ৰঘুবীৰ লালে প্ৰশিক্ষাৰ্থী দুই পাইলটৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে । ইফালে এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু তদন্তকাৰী বিষয়া উপস্থিত হৈ দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।
এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে, এখন প্ৰশিক্ষণৰত বিমানখন হঠাতে তীব্ৰ বেগেৰে পথাৰত বাগৰি পৰে আৰু এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ এই ঘটনা সংঘটিত হোৱাৰ লগে লগে অঞ্চলটোত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু সেই স্থানতে বৃহৎ সংখ্যক গাঁওবাসীৰ সমাগম হয়। আকস্মিক এই দুৰ্ঘটনাৰ বাবে সমগ্ৰ গাঁওখনতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।