গুৱাহাটী
ৰাজ্যত পুনৰ বিদেশী নাগৰিকৰ অবৈধ প্ৰৱেশৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। স্থানীয় ৰাইজৰ সজাগতাৰ ফলত গোৱালপাৰাত শিশুসহ মুঠ ১২ জন বাংলাদেশী নাগৰিকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, বাংলাদেশী লোকৰ এই দলটোৱে গুৱাহাটীৰ পৰা অহা এখন যাত্ৰীবাহী বাছত উঠি গোৱালপাৰাত উপস্থিত হৈছিল। গোৱালপাৰা বাছ আস্থানত বাছখনৰ পৰা নমাৰ পিছতেই তেওঁলোকৰ সন্দেহজনক চাল-চলন স্থানীয় ৰাইজৰ চকুত পৰে। বাছ আস্থানৰ সমীপত তেওঁলোকক প্ৰত্যক্ষ কৰা একাংশ সচেতন লোকে পলম নকৰি লগে লগে আৰক্ষীক খবৰ দিয়ে।
ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীৰ এটা দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ শিশুসহ আটাইকেইগৰাকী লোকক আটক কৰে। পৰৱৰ্তী সময়ত অধিক সোধা-পোচাৰ বাবে তেওঁলোকক গোৱালপাৰা সদৰ থানালৈ লৈ যোৱা হয়। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি, আটক কৰা লোককেইজন বাংলাদেশৰ চিলেট জিলাৰ লগতে বৰোলেখাৰ হাছিমপুৰ গাঁৱৰ বাসিন্দা।
উল্লেখযোগ্য যে, বৰ্তমান সমগ্ৰ ঘটনাটো সন্দৰ্ভত গোৱালপাৰা আৰক্ষীয়ে এক সুক্ষ্ম তদন্ত অব্যাহত ৰাখিছে। তেওঁলোক কিদৰে অসমত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকৰ আগমণৰ প্ৰকৃত উদ্দেশ্য কি আছিল, সেয়া আৰক্ষীৰ পুংখানুপুংখ তদন্তৰ পাছতহে স্পষ্ট হ'ব।