দিল্লী অভিমুখী ২৫০ খন ৰে’ল বাতিল, বন্ধ ৪৫টা মেট্ৰ’ ষ্টেচন; চিজেপিৰ প্ৰতিবাদেৰে আজি কঁপিব যন্তৰ-মন্তৰ

Story by  atv | Posted by  [email protected] • 1 h ago
চিজেপিৰ প্ৰতিবাদেৰে আজি কঁপিব যন্তৰ-মন্তৰ
চিজেপিৰ প্ৰতিবাদেৰে আজি কঁপিব যন্তৰ-মন্তৰ
 
নতুন দিল্লী
 
দেশৰ ৰাজধানী দিল্লীৰ যন্তৰ-মন্তৰ আজি পুনৰবাৰ এক বিশাল প্ৰতিবাদী কাৰ্যসূচীৰে কঁপি উঠিবলৈ সাজু হৈছে। শনিবাৰে ক’কৰোছ জনতা পাৰ্টীয়ে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত এক বৃহৎ প্ৰতিবাদৰ আহ্বান কৰিছে। এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক লোক দিল্লী অভিমূখে ৰাওনা হৈছে।
 
প্ৰতিবাদকাৰীসকলৰ সোঁত ৰোধ কৰিবলৈ আৰু আইন-শৃংখলা অটুট ৰাখিবলৈ প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। নিৰাপত্তাজনিত কাৰণত দিল্লীলৈ অহা প্ৰায় ২৫০খন ৰে’ল ইতিমধ্যে বাতিল কৰা হৈছে আৰু দিল্লী মেট্ৰ'ৰ ৪৫টাকৈ ষ্টেচন বন্ধ কৰি দিয়া হৈছে। শুকুৰবাৰে নিশাৰ পৰাই ৰে’ল আৰু পথেৰে দিল্লীত প্ৰৱেশ কৰা সকলো পথ সম্পূৰ্ণৰূপে প্ৰশাসনৰ কঠোৰ নিয়ন্ত্ৰণলৈ অনা হৈছে।
 
নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ সৈতে সংলগ্ন দিল্লীৰ সকলো পথ আৰু সীমান্তত কটকটীয়া বেৰিকেড স্থাপন কৰা হৈছে। গুৰুগ্ৰাম, ফৰিদাবাদ, পানীপাট, গাজিয়াবাদ আৰু নয়দাৰ পৰা দিল্লীলৈ প্ৰৱেশ কৰা প্ৰতিটো পইণ্টতে বৃহৎ পৰিমাণৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। ইয়াৰ উপৰিও, সতৰ্কতামূলক ব্যৱস্থা হিচাপে যন্তৰ-মন্তৰৰ চাৰি কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিশা ১০ বজালৈকে ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।
 
প্ৰতিবাদৰ প্ৰভাৱ সমগ্ৰ ৰাজধানী চহৰখনৰ সাধাৰণ জীৱনযাত্ৰাতো পৰিছে। আজিৰ দিনটোৰ বাবে দিল্লীৰ সকলো বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে আৰু নিৰ্ধাৰিত পৰীক্ষাৰ সময়সূচীসমূহো সলনি কৰা হৈছে। ৰে’ল বিভাগে প্ৰকাশ কৰা অনুসৰি, শুকুৰবাৰে দুপৰীয়া ২ বজাৰ পিছত দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰা আৰু ১০ অক্টোবৰৰ পুৱা ৪ বজাৰ পৰা দুপৰীয়া ২ বজাৰ ভিতৰত নতুন দিল্লী বা হজৰত নিজামুদ্দিন ষ্টেচনত উপস্থিত হ’বলগীয়া ২৫০খন এক্সপ্ৰেছ ৰে’ল বাতিল কৰা হৈছে। ইয়াৰ লগতে দিল্লীৰ সমীপৱৰ্তী চহৰসমূহৰ পৰা চলাচল কৰা দৈনিক যাত্ৰীবাহী ৰে’লসমূহৰ যাত্ৰাও বাতিল কৰা হৈছে।
 
একেদৰে, দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেচনে জনপথ, বাৰাখাম্বা ৰোড, পেটেল চক আৰু ৰাজীৱ চককে ধৰি ৪৫টা গুৰুত্বপূৰ্ণ মেট্ৰ’ ষ্টেচনৰ সেৱা বন্ধ ৰাখিছে। উল্লেখযোগ্য যে, প্ৰশাসনৰ ফালৰ পৰা প্ৰথমে ৫৭ টা মেট্ৰ' ষ্টেচন বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এই সংখ্যা ৪৫ টালৈ হ্ৰাস কৰা হয়। সামগ্ৰিকভাৱে, চিজেপিৰ এই প্ৰতিবাদক কেন্দ্ৰ কৰি ৰাজধানী চহৰখনত এক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।