ভাৰত কোনো ধৰমশালা নহয়ঃ অবৈধ অনুপ্ৰৱেশকাৰীক কঠোৰ সকীয়নি অমিত শ্বাহৰ

Story by  atv | Posted by  Nikunja Nath • 37 m ago
ভাৰত কোনো ধৰমশালা নহয়ঃ অবৈধ অনুপ্ৰৱেশকাৰীক কঠোৰ সকীয়নি অমিত শ্বাহৰ
ভাৰত কোনো ধৰমশালা নহয়ঃ অবৈধ অনুপ্ৰৱেশকাৰীক কঠোৰ সকীয়নি অমিত শ্বাহৰ
 
নতুন দিল্লী
 
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। ইণ্টেলিজেন্স ব্যুৰ’ৰ (IB) ৰাষ্ট্ৰীয় নিৰাপত্তা ৰণনীতি সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে দ্ব্যৰ্থহীনভাৱে কয় যে, "ভাৰত কোনো ধৰমশালা নহয়, কেৱল এই দেশৰ বৈধ নাগৰিকসকলৰহে ইয়াত বসবাস কৰাৰ পূৰ্ণ অধিকাৰ আছে।"
 
অবৈধ অনুপ্ৰৱেশকাৰীয়ে সমগ্ৰ দেশৰ নিৰাপত্তা, অৰ্থনীতি আৰু জনসংখ্যাতন্ত্ৰৰ প্ৰতি এক বৃহৎ ভাবুকি কঢ়িয়াই আনিছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰে। এই সমস্যা নিৰ্মূল কৰাৰ উদ্দেশ্যে গৃহ মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্ত সংলগ্ন ৰাজ্যসমূহৰ সহযোগত এক বিশেষ 'চাৰি দফীয়া কৌশল' প্ৰস্তুত কৰিছে। ইয়াৰ মূল লক্ষ্য হৈছে অতি কম সময়ৰ ভিতৰতে ভাৰতবৰ্ষক সম্পূৰ্ণৰূপে অনুপ্ৰৱেশকাৰী মুক্ত কৰা।
 
বৰ্তমানৰ গোলকীয় অনিশ্চয়তা, শক্তি সংকট আৰু চাইবাৰ জগতৰ ভুৱা তথ্যৰ দৰে নতুন প্ৰত্যাহ্বানসমূহৰ মুখামুখি হ'বলৈ দেশৰ অভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থা অধিক সুদৃঢ় কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।
 
এই প্ৰত্যাহ্বানসমূহ নিয়ন্ত্ৰণৰ বাবে ৰাজ্যিক আৰক্ষী বাহিনীসমূহক ২০২৬-২০২৯ চনৰ নিৰ্দেশনাৱলী অনুসৰি "Detect, Disrupt and Destroy"- এই কঠোৰ নীতিৰে অগ্ৰসৰ হ'বলৈ তেওঁ আহ্বান জনায়।
 
ভাষণ প্ৰসংগত গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, পূৰ্বৰ চৰকাৰসমূহৰ কাৰ্যকালৰ তুলনাত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে মাওবাদী সমস্যা, উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰবাদ আৰু ড্ৰাগছৰ অবাধ প্ৰচলনৰ দৰে গুৰুতৰ সমস্যাসমূহ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে।
 
অৱশ্যে, তেওঁ এই কথাও স্পষ্ট কৰি দিয়ে যে যিসকল লোকে সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে ভাৰতলৈ আহি দেশৰ উন্নয়ন আৰু প্ৰগতিত অৱদান আগবঢ়ায়, তেওঁলোকক সদায় আদৰণি জনোৱা হ'ব। কিন্তু দেশৰ আইন উলংঘা কৰি প্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চৰকাৰে কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰে।