বিশিষ্ট ছুন্নী ইছলামিক পণ্ডিত তথা ভাৰতৰ গ্ৰেণ্ড মুফতি কান্থাপুৰম এ পি আবুবকৰ মুছলিয়াৰ
মুন্নী বেগম / গুৱাহাটী
সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ মহিলাই বিশিষ্ট ছুন্নী ইছলামিক পণ্ডিত তথা ভাৰতৰ গ্ৰেণ্ড মুফতি হিচাপে পৰিচিত ৯৫ বছৰীয়া কান্থাপুৰম এ পি আবুবকৰ মুছলিয়াৰৰ শেহতীয়া মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ মন্তব্য কৰিছিল যে, মহিলাসকল ঘৰৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিব লাগে। লগতে তেওঁ মহিলাক সোণৰ অলংকাৰৰ সৈতে তুলনা কৰি কৈছিল যে, ৰাজহুৱা স্থানত প্ৰদৰ্শিত হ’লে অলংকাৰৰ মূল্য বা সৌন্দৰ্যও হ্ৰাস পায়।
কেৰালাৰ কোচিত অনুষ্ঠিত এখন ধৰ্মীয় অনুষ্ঠানত ভাষণ দি ধৰ্মীয় নেতাগৰাকীয়ে মহিলাসকলক ঘৰৰ ভিতৰতে থকাৰ পৰামৰ্শ দিয়াৰ লগতে ৰাজহুৱা মঞ্চত তেওঁলোকৰ উপস্থিতিক লৈ সমালোচনা কৰে। তেওঁ কয়, "এই ধৰণেৰে মহিলাসকলক ৰাজহুৱা মঞ্চত অনাৰ ফলত যে, বৃহৎ ধ্বংসৰ সৃষ্টি কৰিছে, সেয়া হুবহু স্বীকাৰ কৰি ইছলামে মহিলাৰ বাবে পৰ্দাক বাধ্যতামূলক কৰাটোৱে কৰিছে। মহিলাক সোণৰ অলংকাৰৰ সৈতে তুলনা কৰি তেওঁ কয় যে সোণৰ অলংকাৰৰ সৌন্দৰ্য আৰু মূল্য অটুট ৰাখিবলৈ যিদৰে তাক সুৰক্ষিতভাৱে বাকচৰ ভিতৰত ৰখা হয়, একেদৰে মহিলাসকলেও ৰাজহুৱা পৰিসৰৰ পৰা আঁতৰি থকা উচিত।
তেওঁ কোৰাণৰ এটা আয়াতৰ উল্লেখ কৰি মহিলাসকলে ঘৰৰ ভিতৰতে থকা উচিত আৰু ৰাজহুৱা ক্ষেত্ৰত প্ৰৱেশ নকৰা উচিত বুলি মত প্ৰকাশ কৰে। তেওঁৰ মতে, বিগত এশ বছৰ ধৰি ইছলামিক পণ্ডিতসকলে এনে ধৰণৰ শিক্ষা দি আহিছে। তেওঁৰ এই মন্তব্যৰ কিছুদিন পূৰ্বে তেওঁৰ সংগঠন সমস্ত কেৰালা জামিয়াতুল উলামাই জাৰি কৰা এখন পৰিপত্ৰতো মহিলাসকলক ৰাজহুৱা মঞ্চৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছিল। এই পৰিপত্ৰক লৈও কেইবাগৰাকী মহিলা ৰাজনৈতিক নেত্ৰীয়ে তেওঁক সমালোচনা কৰিছিল।
এই মন্তব্যৰ সন্দৰ্ভত অসমৰ বিশিষ্ট অধিবক্তা শ্বেহনাজ ৰহমানে কয়, "ধৰ্মীয় নেতাগৰাকীৰ এই ধাৰণাটো মূলতঃ ধৰ্মীয় নেতাগৰাকীৰ ব্যক্তিগত বিশ্বাস বা মানসিকতাৰ প্ৰতিফলন। এগৰাকী মহিলাই কেনেদৰে জীৱন যাপন কৰিব, কি পৰিধান কৰিব, কেনেদৰে নিজকে সমাজত উপস্থাপন কৰিব অথবা নিজৰ ধৰ্মীয় বিশ্বাস কেনেদৰে পালন কৰিব আদি সকলোবোৰ বহু ক্ষেত্ৰত মহিলাগৰাকীৰ ব্যক্তিগত পছন্দৰ বিষয়। সেয়েহে মহিলাসকলক ৰাজহুৱা জীৱনৰ পৰা আঁতৰাই ৰখাৰ এই দৃষ্টিভংগীৰ সৈতে মই সম্পূৰ্ণৰূপে একমত নহয়।
শ্বেহনাজে কয়, "ধৰ্মীয় নেতাগৰাকীয়ে কৰা মন্তব্যৰ বিষয়টো দুটা ভিন্ন দৃষ্টিকোণৰ পৰা চাব পাৰি। তেওঁ কৰা মন্তব্য হয়তো তেওঁৰ ব্যক্তিগত অভিজ্ঞতা, ধৰ্মীয় বিশ্বাস অথবা ধৰ্মৰ প্ৰতি তেওঁৰ নিজস্ব বুজাবুজিৰ ওপৰত আধাৰিত। তেওঁ কোৰাণৰ ভিত্তিতেই হওক বা তেওঁৰ নিজৰ বিশ্বাস আৰু বুজাবুজিৰ আধাৰতেই হওক, মূলতঃ তেওঁ নিজৰ দৃষ্টিভংগীহে প্ৰকাশ কৰিছে। কিন্তু এই মতামত সকলো মহিলাৰ ক্ষেত্ৰতে একেধৰণে প্ৰযোজ্য হ’ব বুলি মই নাভাবো। কিয়নো সমাজত এনে বহু মহিলা আছে, যিসকলৰ বাবে কাম কৰাটো কেৱল নিজৰ পছন্দ নহয়, বৰং তেওঁৰ বাবে জীৱন-জীৱিকাৰ প্ৰয়োজনীয়তা।"
তেওঁ লগতে কয়, "এনে বহু পৰিয়াল আছে, য’ত উপাৰ্জন কৰা আন কোনো সদস্য নাথাকিব পাৰে। আনকি পৰিয়ালত দুজন উপাৰ্জনক্ষম ব্যক্তি থাকিলেও আজিকালি বহু ক্ষেত্ৰত দুয়োজনে কাম নকৰিলে সংসাৰ চলোৱাটো কঠিন হৈ পৰে। সকলো দায়িত্ব এজন মানুহৰ ওপৰত দি এখন সংসাৰ চলাই নিয়াটো সদায় সম্ভৱ নহয়। বিশেষকৈ বিধৱা, স্বামীৰ পৰা পৃথক হৈ থকা অথবা অবিবাহিত মহিলাৰ ক্ষেত্ৰত পৰিস্থিতি আৰু অধিক ভিন্ন হ’ব পাৰে। যদি এগৰাকী মহিলা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য হয়, তেন্তে তেওঁৰ বাবে কাম কৰাটো কেৱল পছন্দৰ বিষয় নহয়; বৰং সেয়া জীৱন-জীৱিকাৰ প্ৰয়োজনীয়তা হৈ পৰিব পাৰে। গতিকে তেওঁ যিখিনি কৈছে, সেইটো এটা বিশেষ পৰিস্থিতিৰ পৰা অহা দৃষ্টিভংগী হ’ব পাৰে। কিন্তু সকলো মহিলাৰ ক্ষেত্ৰত একে ধৰণে প্ৰযোজ্য বুলি ক’ব নোৱাৰি।"
ধৰ্মীয় নেতাগৰাকীৰ এই মন্তব্যৰ পিছতে সাংবাদিক, লেখিকা, কনটেণ্ট ক্ৰিয়েটৰ আৰু ৰাজনৈতিক নেতাসকলৰ মাজতো প্ৰতিক্ৰিয়া সৃষ্টি হয়।সাংবাদিক তথা আগশাৰীৰ মুছলিম ডিজিটেল কনটেণ্ট ক্ৰিয়েটৰ আৰফা খানম শ্বেৰৱানীয়ে মন্তব্যটোক তীব্ৰ সমালোচনা কৰিছে। আনহাতে, মুছলিম সমাজৰ বিভিন্ন বিষয়ত লিখা কলামিষ্ট আমনা আনছাৰীয়েও ধৰ্মীয় নেতাগৰাকীৰ মতামতক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
কনটেণ্ট ক্ৰিয়েটৰ ৰাছিনা নৌশ্বাদে মহিলাৰ ভূমিকা কেৱল ঘৰৰ মাজতে সীমাবদ্ধ কৰি ৰখাৰ ধাৰণাক সমালোচনা কৰিছে। তেওঁ কয় যে, এনে মানসিকতাত মহিলাৰ ভূমিকা যেন কেৱল ঘৰত থকা, সন্তান জন্ম দিয়া আৰু ৰন্ধা-বঢ়াৰ মাজতে সীমাবদ্ধ। তেওঁ লগতে প্ৰশ্ন কৰে, "যিসকলে ভাবে মহিলাসকলে বাহিৰলৈ ওলাব নালাগে, তেওঁলোকে নিজেই তালিবানৰ ওচৰলৈ কিয় নাযায়? কেৰালাক তালিবানৰ দৰে কৰি তুলিবলৈ কিয় চেষ্টা কৰা হৈছে?"
আন এগৰাকী কনটেণ্ট ক্ৰিয়েটৰ নাদিয়া খদৰে মহিলাসকলক কাম কৰাৰ পৰা আঁতৰাই ৰখাৰ আৰ্থিক প্ৰভাৱৰ কথাও উত্থাপন কৰে। তেওঁৰ মতে, বিশেষকৈ সাধাৰণ পৰিয়ালৰ মহিলাসকলৰ বাবে উপাৰ্জনৰ সুযোগ অতি গুৰুত্বপূৰ্ণ।
নাদিয়াই লগতে কয় যে, এগৰাকী মহিলাক নিজৰ বা পৰিয়ালৰ সাধাৰণ প্ৰয়োজন পূৰণ কৰিবলৈও নিজা উপাৰ্জনৰ প্ৰয়োজন হ'ব পাৰে। উদাহৰণ হিচাপে তেওঁ কয়, "এগৰাকী মহিলাই যদি নিজৰ মাকৰ বাবে এখন বোৰ্খা কিনিব বিচাৰে, তেন্তে তাৰ বাবে তেওঁ স্বামীৰ পৰা টকা বিচাৰিব লাগিব। যদি স্বামীয়ে টকা দিবলৈ অস্বীকাৰ কৰে, তেন্তে কি হ'ব? মই আপোনালোকৰ দৰে সুবিধাপ্ৰাপ্ত পৰিয়ালৰ মহিলাৰ কথা কোৱা নাই; মই কেৰালাৰ সাধাৰণ মুছলিম পৰিয়ালৰ মহিলাৰ কথা কৈছোঁ।"
লেখিকা তথা কনটেণ্ট ক্ৰিয়েটৰ শিমনা জিনাথেও মন্তব্যটোক সমালোচনা কৰি কয় যে, মহিলাসকলক সাংস্কৃতিক আৰু ৰাজনৈতিক আলোচনাৰ পৰা আঁতৰাই ৰাখি তেওঁলোকৰ চিন্তা-চেতনাক সীমিত কৰি কেৱল সন্তান জন্ম দিয়াৰ ভূমিকালৈ হ্ৰাস কৰাটো ইছলামৰ ইতিহাসৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়।
চলচ্চিত্ৰ নিৰ্মাতা আইশা ছুলতানাইও ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰি ‘জামালৰ যুদ্ধৰ নেতৃত্ব কোনে দিছিল?’ বুলি প্ৰশ্ন কৰে। ৬৫৬ খ্ৰীষ্টাব্দত সংঘটিত এই যুদ্ধ প্ৰাৰম্ভিক ইছলামিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা। এই সংঘাতত ইছলামৰ প্ৰাৰম্ভিক যুগৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ ভূমিকা আছিল। ইয়াৰ ভিতৰত নবী হজৰতমহম্মদৰ পত্নী আয়েশা বিন্ত আবু বকৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি আছিল।
ইফালে কংগ্ৰেছ সাংসদ ইমৰান মাছুদে ভাৰতৰ গ্ৰেণ্ড মুফতি হিচাপে পৰিচিত শ্বেইখ আবুবকৰ আহমদক ইছলামিক পণ্ডিত নহয় বুলি মন্তব্য কৰাৰ লগতে তেওঁৰ ইছলাম সম্পৰ্কে পৰ্যাপ্ত জ্ঞান নাই বুলিও দাবী কৰিছে। আনকি তেওঁ গ্ৰেণ্ড মুফতিৰ পদটোক “চৰকাৰৰ এজেণ্ট” বুলিও অভিহিত কৰিছে।
অৱশ্যে, কান্থাপুৰমৰ মন্তব্যক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া কেৱল সামাজিক মাধ্যমতে সীমাবদ্ধ হৈ থকা নাই। কেৰালাৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাই ধৰ্মীয় নেতাগৰাকীৰ মন্তব্যক সমালোচনা কৰি ইয়াক মহিলাবিৰোধী বুলি অভিহিত কৰিছে। কেৰালাৰ গৃহমন্ত্ৰী ৰমেশ চেন্নিথালাই আবুবকৰৰ এই মতামত প্ৰত্যাখ্যান কৰি কয় যে, মহিলাসকলৰ ৰাজহুৱা জীৱনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে।
উল্লেখ্য যে, বয়স বঢ়াৰ পিছতো কান্তপুৰম এ পি আবুবাকাৰ মুছলিয়াৰক এজন উচ্চ পদস্থ ইছলামিক পণ্ডিত হিচাপে গণ্য কৰা হয়। তেওঁ সৰ্বভাৰতীয় চুন্নী জামিয়াতুল উলামা আৰু সমস্থ কেৰালা জামিয়াতুল উলামা দুয়োটাৰে সাধাৰণ সম্পাদকও। আনকি চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁক আতিথ্য প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।