শান্তিপ্ৰিয়া ৰায় চৌধুৰী / কলকাতা
বিশাল জলৰাশিক পৰাস্ত কৰি ইতিপূৰ্বেই ইংলিছ চেনেল জয় কৰা হাওৰাৰ উলুবেৰিয়াৰ নিমদিঘিৰ দীৰ্ঘ-দূৰত্বৰ সাঁতোৰবিদ তাহৰিনা নাছৰিন এতিয়া সাজু হৈছে আন এক নতুন ইতিহাস ৰচিবলৈ। অহা মাৰ্চ মাহত নিউজিলেণ্ডৰ দুৰ্গম 'কুক ষ্ট্ৰেইট' সাঁতুৰি পাৰ হোৱাৰ বাবে তেওঁ বৰ্তমান প্ৰস্তুতি চলাইছে। অৱশ্যে, এই প্ৰত্যাহ্বানমূলক অভিযানৰ বাবে প্ৰয়োজন হোৱা বিশাল ব্যয় বহন কৰিবলৈ তেওঁ এতিয়া স্পনছৰশ্বিপ বা আৰ্থিক সাহায্য লাভৰ বাবে চেষ্টা চলাই আছে।
মাত্ৰ আঢ়ৈ বছৰ বয়সতেই তাহৰিনাৰ সাঁতোৰৰ যাত্ৰা আৰম্ভ হৈছিল। তেওঁলোকৰ ঘৰৰ সন্মুখত থকা দুটা ডাঙৰ পুখুৰীত মাতৃয়ে তেওঁক প্ৰথম সাঁতুৰিবলৈ শিকাইছিল। ডাঙৰ হৈ অহাৰ লগে লগে সাঁতোৰৰ প্ৰতি তেওঁৰ অনুৰাগ ক্ৰমান্বয়ে গভীৰ হৈ পৰে।
পিতৃ-মাতৃৰ সৈতে তাহাৰিনা নাছৰিন
পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়ত, আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ তাহাৰিনাই পিতৃৰ সৈতে উলুবেৰিয়া পৌৰসভাৰ ছুইমিং পুলত নামভৰ্তি কৰে। পৰৱৰ্তী সময়ত তেওঁ উলুবেৰিয়াৰ এটা সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুশীলন আৰম্ভ কৰে।
তেওঁৰ পিতৃ শ্বেখ আফছাৰ আহমেদ নিজেও আছিল এগৰাকী ফুটবল খেলুৱৈ, যিয়ে ১৯৭০-ৰ দশকত কলকাতা ময়দানত কুমাৰটুলি ক্লাবৰ হৈ খেলিছিল। তেওঁ কয় যে সাঁতোৰ সদায় তেওঁলোকৰ পৰিয়ালৰ লালন-পালনৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে।
তেওঁ কয়, "আমাৰ পৰিয়ালত ল'ৰা-ছোৱালীৰ বয়স দুই বা তিনি বছৰ হওঁতেই ঘৰৰ সন্মুখৰ পুখুৰীত সাঁতুৰিবলৈ শিকোৱা হয়। তাহৰিনাও ইয়াৰ ব্যতিক্ৰম নাছিল। এইদৰেই ঘৰৰ পুখুৰীত সাঁতুৰিয়েই তাই ডাঙৰ-দীঘল হৈছিল। ২০০৫ চনৰ পৰা তাই বিভিন্ন সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ লয় আৰু সুন্দৰ ফলাফল প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে।"
তাহৰিনা নাছৰিন
পুলৰ সাঁতোৰৰ পৰা দীৰ্ঘ-দূৰত্বৰ প্ৰত্যাহ্বানলৈ
ক্ৰমান্বয়ে তাহৰিনাই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ দক্ষতা প্ৰতিপন্ন কৰিবলৈ আৰম্ভ কৰে। ৰাজ্যিক পৰ্যায়ৰ ৫০ মিটাৰ, ১০০ মিটাৰ আৰু ২০০ মিটাৰ বেকষ্ট্ৰোক প্ৰতিযোগিতাত তেওঁৰ নামত অভিলেখ আছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ ২২টা পদক অৰ্জন কৰিছে। ইয়াৰ উপৰি তেওঁ ইণ্ডো-বাংলা গেমছতো অংশগ্ৰহণ কৰি সফলতা লাভ কৰিছিল।
২০১৩ চনত নিজৰ অন্তিমখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছত, তাহৰিনাই দীৰ্ঘ-দূৰত্বৰ সাঁতোৰত মনোনিৱেশ কৰাৰ সিদ্ধান্ত লয়। সেই বছৰটোৱেই তেওঁৰ কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হয়। তেওঁ কলকাতাৰ বেলেঘাটাৰ সুভাষ সৰোবৰত মাছুদুৰ ৰহমানৰ তত্ত্বাৱধানত প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰে।
২০১৪ চনত এখন ৮১ কিলোমিটাৰ দূৰত্বৰ প্ৰতিযোগিতাত তেওঁ তৃতীয় স্থান লাভ কৰে আৰু বিগত বহু বছৰৰ ভিতৰত এই প্ৰতিযোগিতাত এনে সফলতা অৰ্জন কৰা কেইগৰাকীমান নিৰ্বাচিত মহিলা সাঁতোৰবিদৰ ভিতৰত তেৱোঁ এগৰাকী হৈ পৰে।
তাহাৰিনা নাছৰিন
২০১২ চনত তাহৰিনাই আয়কৰ বিভাগত কৰ্মজীৱন আৰম্ভ কৰিছিল। নিজৰ ইংলিছ চেনেল জয়ৰ সপোনৰ আৰম্ভণিৰ কথা সুঁৱৰি তেওঁ কয় যে ২০১৩ চনত তেওঁৰ প্ৰশিক্ষকে তেওঁক সুধিছিল, তেওঁ চেনেলটো পাৰ হ'ব পাৰিবনে?
তেওঁ কয়, "মই কৈছিলো যে হয়, মই পাৰিম। এবাৰ কোৱাৰ পিছতেই মই তাৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিছিলো। ২০১৩ চনৰ পৰা মই সেই লক্ষ্য আগত ৰাখিয়েই প্ৰশিক্ষণ আৰম্ভ কৰিছিলো। মোৰ ৰুটিন আছিল এনেধৰণৰ- পুৱা ৯ বজাত ঘৰৰ পৰা ওলোৱা, অফিচৰ কাম কৰা আৰু তাৰ পিছত সাঁতোৰ অনুশীলনৰ বাবে বেলেঘাটালৈ যোৱা।"
প্ৰশিক্ষকৰ মৃত্যুৱে প্ৰায় শেষ কৰি দিছিল সপোন
কিন্তু ২০১৫ চনৰ ২৬ এপ্ৰিলত তাহৰিনাৰ যাত্ৰাত এক বৃহৎ বাধাৰ সৃষ্টি হয়। তেওঁৰ প্ৰশিক্ষক মাছুদুৰ ৰহমানৰ দেহাৱসান ঘটে।
প্ৰশিক্ষকৰ মৃত্যুত ভাঙি পৰা তাহৰিনাই ইংলিছ চেনেল পাৰ হোৱাৰ সপোন প্ৰায় বাদেই দিছিল। অৱশ্যে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক আগবাঢ়ি যাবলৈ সাহস দিয়ে। তেওঁলোকে তাহৰিনাক বুজায় যে সফলতাৰে চেনেলটো পাৰ হোৱাই হ'ব প্ৰশিক্ষকগৰাকীৰ প্ৰতি সৰ্বশ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি।
ইয়াৰ মাজতে আন এক ডাঙৰ বাধা আহি পৰিছিল। একেবাৰে শেষ মুহূৰ্তত কলকাতাৰ ব্ৰিটিছ হাই কমিছনাৰে তেওঁৰ ভিছাৰ আবেদন নাকচ কৰে। তাহৰিনাই প্ৰায় আশাই এৰি দিছিল, কিন্তু শেষত কেইগৰাকীমান জ্যেষ্ঠ অলিম্পিয়ানৰ সহায়ত তেওঁ এই যাত্ৰা কৰাৰ অনুমতি লাভ কৰিবলৈ সক্ষম হয়।
অৱশেষত সেই ঐতিহাসিক মুহূৰ্তটো আহিছিল ২০১৫ চনৰ ৩ ছেপ্টেম্বৰত। তাহৰিনাই বিয়লি ৩:২৫ বজাত পানীত নামিছিল আৰু বিয়লি ৪:০৩ বজাত সফলতাৰে ইংলিছ চেনেল সাঁতুৰি পাৰ হৈছিল।
এই বিৰল কৃতিত্ব অৰ্জন কৰাৰ পিছত তাহৰিনাই নিজৰ প্ৰশিক্ষকৰ কথা সুঁৱৰি কয়ঃ "মাছুদুৰ ছাৰে সদায় কৈছিল যে তুমি নিজকে তেতিয়াহে প্ৰকৃত চেম্পিয়ন বুলি ক'ব পাৰিবা, যেতিয়া তোমাৰ সফলতাই দেশক গৌৰৱান্বিত কৰিব পাৰিব। মই আজিও গৌৰৱ অনুভৱ কৰোঁ যে মই তেওঁৰ কথাবোৰ আখৰে আখৰে পালন কৰিবলৈ সক্ষম হ'লোঁ।"
বহুকেইটা চেনেলৰ বুকু ফালি অৰ্জন কৰিছে বিজয়
ইংলিছ চেনেল জয় কৰাটো আছিল মাথোঁ এক আৰম্ভণি। তাৰ পিছৰ পৰা তাহৰিনাই কেইবাটাও প্ৰত্যাহ্বানমূলক মুক্ত জলৰাশিৰ যাত্ৰা সফলতাৰে সম্পন্ন কৰিছে:
* ছুইম বেংগল চেনেল ছ'লো ক্ৰছ (একক যাত্ৰা): ২৩ নৱেম্বৰ, ২০১৮ (অভিলেখ সৃষ্টি কৰি ৩ ঘণ্টা ৯ মিনিটত সম্পূৰ্ণ কৰে)
* ছুইম বেংগল চেনেল ডাবল ক্ৰছ (দ্বৈত যাত্ৰা): ১৫ ডিচেম্বৰ, ২০১৯ (অভিলেখ সৃষ্টি কৰি ৮ ঘণ্টা ১৩ মিনিটত সম্পূৰ্ণ কৰে)
* জিব্ৰাল্টাৰ প্ৰণালী: ১১ আগষ্ট, ২০২২ (৪ ঘণ্টা ২৩ মিনিটত সম্পূৰ্ণ কৰে)
* ধৰমতাৰ গেটৱে ছুইম: ৯ জানুৱাৰী, ২০২৬ (৯ ঘণ্টা ১৯ মিনিটত সম্পূৰ্ণ কৰে)
প্ৰশিক্ষকৰ সৈতে তাহাৰিনা নাছৰিন
পৰৱৰ্তী লক্ষ্য 'কুক ষ্ট্ৰেইট'
বংগৰ এইগৰাকী দীৰ্ঘ-দূৰত্বৰ সাঁতোৰবিদে এতিয়া তেওঁৰ পৰৱৰ্তী বৃহৎ প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুতি চলাইছেঃ সেয়া হৈছে অহা মাৰ্চ মাহত নিউজিলেণ্ডৰ কুক ষ্ট্ৰেইট পাৰ হোৱা। প্ৰস্তাৱিত এই জলপথটো পিকটনৰ পৰা ৱেলিংটনলৈকে বিস্তৃত, যাৰ দৈৰ্ঘ্য প্ৰায় ২২ কিলোমিটাৰ।অৱশ্যে, এই প্ৰত্যাহ্বান কেৱল শাৰীৰিকেই নহয়। অভিযানটোৰ বাবে ধনৰ যোগাৰ কৰাটো তেওঁৰ সন্মুখত আন এক প্ৰধান বাধা।
তাহৰিনাই তেওঁৰ ডাঙৰ অভিযানসমূহৰ বেছিভাগ ব্যয় নিজেই বহন কৰি আহিছে। ইংলিছ চেনেল পাৰ হোৱাৰ বাবে তেওঁ প্ৰায় ১২ লাখ টকা আৰু জিব্ৰাল্টাৰ প্ৰণালী পাৰ হোৱাৰ বাবে প্ৰায় ৮ লাখ টকা ব্যয় কৰিছিল।
পিতৃৰ ব্যৱসায়ৰ সঞ্চয়, বেংকৰ ঋণ আৰু নিজৰ উপাৰ্জনৰ একাংশ ব্যৱহাৰ কৰি তেওঁ এই খৰচসমূহ পৰিচালনা কৰিছিল। তেওঁ জানিবলৈ দিয়া মতে, চৰকাৰী বা বেচৰকাৰী কোনো সংস্থাই এই অভিযানসমূহৰ বাবে তেওঁক বিশেষ আৰ্থিক সাহায্য প্ৰদান কৰা নাছিল।
আৰ্থিক প্ৰত্যাহ্বানৰ পাছতো তাহৰিনা নিজৰ লক্ষ্যত অটল। তেওঁ কয়, "যদি মই ইয়াৰ বাবে কিবা স্পনছৰশ্বিপ পালোঁহেঁতেন তেন্তে খুব ভাল হ'লহেঁতেন। মই মোৰ ফালৰ পৰা সকলো ধৰণে চেষ্টা চলাই আছো।"
কিন্তু, ইয়াৰ মাজতে এটা আশাব্যঞ্জক খবৰো আহিছে। এক দীঘলীয়া অপেক্ষাৰ অন্তত, উলুবেৰিয়াৰ ক্ৰীড়া সংস্থা 'ফ্ৰেণ্ডছ এণ্টাৰপ্ৰাইজ'য়ে তাহৰিনাক এই কঠিন যাত্ৰাত আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে। সংস্থাটোৱে ভৱিষ্যতেও তেওঁক সহায়ৰ হাত আগবঢ়াই যোৱাৰ আশ্বাস দিছে।
সন্মুখত এতিয়া আন এক বিশাল মুক্ত জলৰাশিৰ প্ৰত্যাহ্বান। ইংলিছ চেনেল আৰু জিব্ৰাল্টাৰ প্ৰণালীৰ গৌৰৱময় ইতিহাসৰ পাছত, তাহৰিনাই এতিয়া নিজৰ বৰ্ধিত সাফল্যৰ তালিকাত নিউজিলেণ্ডৰ 'কুক ষ্ট্ৰেইট'কো সন্নিৱিষ্ট কৰাৰ সপোন দেখিছে।