খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত দেওবাৰে অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ চতুৰ্থ দীক্ষান্ত সমাৰোহ
মুন্নী বেগম / গুৱাহাটী
অসমৰ যুৱ জনশক্তিক বিশ্বৰ মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনৰ যুৱ জনগাঁথনিগত সুবিধাক চিকিৎসা, নাৰ্ছিং আৰু ডেন্টেল শিক্ষাৰ সম্প্ৰসাৰণৰ সৈতে সংযোগ কৰি বিশ্বমানৰ দক্ষ মানৱ সম্পদ গঢ়ি তুলিবলৈ তেওঁ আহ্বান জনায়। গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত দেওবাৰে অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ চতুৰ্থ দীক্ষান্ত সমাৰোহত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে।
অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ভাৰতৰ জনসংখ্যাৰ মধ্যম বয়স বৰ্তমান ২৯ বছৰ হোৱাৰ বিপৰীতে অসমৰ মাত্ৰ ২৩ বছৰ। ফলত অহা দুটা দশকলৈ অসম এখন যুৱ জনসংখ্যাৰে সমৃদ্ধ ৰাজ্য হিচাপে বিশেষ সুবিধাজনক অৱস্থাত থাকিব। এই সুযোগ সঠিকভাৱে ব্যৱহাৰ কৰি অসমৰ যুৱপ্ৰজন্মক বিশ্বৰ চাহিদা অনুযায়ী প্ৰস্তুত কৰিব পাৰিলে আগন্তুক কেইবা দশকলৈ বিশ্বৰ কৰ্মবজাৰত তেওঁলোকৰ চাহিদা অটুট থাকিব।
খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত দেওবাৰে অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ চতুৰ্থ দীক্ষান্ত সমাৰোহত ভাষণ প্ৰদান কৰি থকা অৱস্থাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নাৰ্ছিং শিক্ষাৰ সৈতে জাপানীজ ভাষাৰ দৰে বিদেশী ভাষাৰ প্ৰশিক্ষণ সংযোজন কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে উদাৰভাৱে আৰ্থিক সাহায্য আগবঢ়াব বুলিও ঘোষণা কৰিছে। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলক কেৱল চিকিৎসা শিক্ষাতে সীমাবদ্ধ নাৰাখি ছফ্ট স্কিল, ব্যৱহাৰিক ইংৰাজী ভাষা আৰু প্ৰযুক্তিগত দক্ষতাৰে সমৃদ্ধ কৰি তোলাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰিছে। বিশ্ববিদ্যালয়ে এই প্ৰত্যাহ্বান গ্ৰহণ কৰি বিশ্বমানৰ মানৱ সম্পদ সৃষ্টিত অগ্ৰণী ভূমিকা ল’ব বুলিওঁ তেওঁ আশা প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, ২০০৭ চনত প্ৰতিষ্ঠা হোৱাৰ সময়ৰে পৰা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সৈতে নিবিড়ভাৱে জড়িত হৈ থকাৰ সুযোগ লাভ কৰিছে ৰাজ্য চৰকাৰে। বিশ্ববিদ্যালয়খনৰ সহযোগত চিকিৎসা শিক্ষাৰ আন্তঃগাঁথনি নিৰ্মাণ আৰু পাঠ্যক্ৰমৰ আধুনিকীকৰণৰ জৰিয়তে অসমত চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত এক ব্যাপক পৰিৱৰ্তনৰ সূচনা হৈছে।
ইফালে, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য হিচাপেও দায়িত্ব পালন কৰা মুখ্যমন্ত্ৰীয়ে ডিগ্ৰী আৰু ডিপ্ল’মা লাভ কৰা শিক্ষাৰ্থীসকলৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষাগুৰুসকলক অভিনন্দন জ্ঞাপন কৰে। আনহাতে, ২০২২ চনত অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ সময়ত চিকিৎসা শিক্ষাৰ দূৰদৰ্শী পথপ্ৰদৰ্শক ডাঃ জন বেৰী হোৱাইটৰ নামত এম বি বি এছ চূড়ান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা শিক্ষাৰ্থীৰ বাবে ঘোষণা কৰা বিশেষ বঁটা প্ৰদান কৰা হয়।
অনুষ্ঠানত ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ স্নাতক ডাঃ বিকী দত্ত, ২০২৪ বৰ্ষৰ ডাঃ ভাগ্যশ্ৰী মোদী আৰু ২০২৫ বৰ্ষৰ ডাঃ প্ৰীতম ডেকাই এই বঁটা গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁলোকক অভিনন্দন জনাই তেওঁলোকৰ সাফল্যই অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰখনক অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে।
দেশত চিকিৎসা শিক্ষাৰ প্ৰতি বৃদ্ধি পোৱা আগ্ৰহৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ২০১৯ চনত সৰ্বভাৰতীয় পৰ্যায়ত মেডিকেল শিক্ষা প্ৰত্যাশী পৰীক্ষাৰ্থীৰ সংখ্যা প্ৰায় ১৪ লাখ আছিল যদিও ২০২৬ চনত এই সংখ্যা প্ৰায় ২০ লাখলৈ বৃদ্ধি পাইছে। ইয়াৰে প্ৰায় ৫৬ শতাংশ উত্তীৰ্ণ হৈছে। ইয়াৰ বিপৰীতে দেশত বৰ্তমান এম বি বি এছ আসনৰ সংখ্যা ১,৩৯,৮৬৪ খন বুলি উল্লেখ কৰি তেওঁ কয় যে, চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীসকলে যথেষ্ট প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ চিকিৎসা খণ্ডত হোৱা পৰিৱৰ্তনৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। তেওঁৰ মতে, ২০১৪ চনৰ পূৰ্বে দেশত ৩৮৭ খন চিকিৎসা মহাবিদ্যালয় থকাৰ বিপৰীতে বৰ্তমান এই সংখ্যা ৮৪৬ খনলৈ বৃদ্ধি পাইছে। একেদৰে এম বি বি এছ আসন ৫১,৩৪৮ খনৰ পৰা ১,৩৯,৮৬৪ খনলৈ আৰু স্নাতকোত্তৰ আসন ৩১,১৮৫ খনৰ পৰা ৮৬,৩৬০ খনলৈ বৃদ্ধি পাইছে।
অসমৰ চিকিৎসা শিক্ষাৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে, স্বাধীনতাৰ প্ৰথম পাঁচটা দশকত ৰাজ্যখনত মাত্ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় আছিল। বৰ্তমান এই সংখ্যা ১৪ খনলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰি চৰাইদেউ, বিশ্বনাথ চাৰিআলি, গোলাঘাট, মৰিগাঁও, তামুলপুৰ, ধেমাজি, শিৱসাগৰ, শ্ৰীভূমি আৰু গোৱালপাৰাত আন ৯ খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য চলি আছে। বজালী, হাইলাকান্দি, হোজাই আৰু মাজুলীতো নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ প্ৰক্ৰিয়া চলি আছে।
বৰ্তমান ৰাজ্যৰ ১৪ খন চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ আসনৰ সংখ্যা ১,৮৭৫ খন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শেহতীয়াকৈ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ক অসমৰ ১৫ সংখ্যক চিকিৎসা মহাবিদ্যালয় হিচাপে অনুমোদন জনোৱাত ৰাজ্যত এম বি বি এছ আসনৰ সংখ্যা ১,৯৭৫ খনলৈ বৃদ্ধি পাইছে। গুৱাহাটীৰ ইএছআইচি চিকিৎসা মহাবিদ্যালয়খনকো সামৰি ল’লে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১৬ খন আৰু মুঠ এম বি বি এছ আসনৰ সংখ্যা দুহেজাৰৰো অধিক হৈছে।
ৰাজ্যৰ ৰাজহুৱা স্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰাৰ ফলত প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস পোৱাৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যত চিকিৎসালয়ত প্ৰসৱৰ হাৰ ৯৮ শতাংশ আৰু শিশুৰ প্ৰতিষেধক প্ৰদানৰ হাৰ ৯৫ শতাংশ অতিক্ৰম কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।
কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰতো অসমে গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, টাটা ট্ৰাষ্টৰ সহযোগত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত ৩,৭০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ১৭ খন চিকিৎসালয়ৰ ভিতৰত ইতিমধ্যে ১২ খনে সেৱা আগবঢ়াই আছে। ইয়াৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৬০০ কোটি টকা ব্যয়েৰে অত্যাধুনিক প্ৰ’টন বীম থেৰাপি কেন্দ্ৰ স্থাপন কৰা হ’ব। এই কেন্দ্ৰটো ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰথমটো প্ৰ’টন বীম থেৰাপি কেন্দ্ৰ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
নৱাগত চিকিৎসকসকলক বৃত্তিৰ নীতি-নিয়ম মানি সময়ানুবৰ্তিতা, সততা, আন্তৰিকতা আৰু নিষ্ঠাৰে কৰ্মক্ষেত্ৰত আত্মনিয়োগ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে সমাজৰ প্ৰতি থকা দায়বদ্ধতা কেতিয়াও পাহৰি নাযাবলৈ আহ্বান জনায়। দৰিদ্ৰ আৰু আৰ্তজনৰ প্ৰতি সমৰ্পিত মনোভাবেৰে সেৱা আগবঢ়াই চিকিৎসক হিচাপে পেছাদাৰী মৰ্যাদা অটুট ৰাখিবলৈও তেওঁ আহ্বান জনায়।
অনুষ্ঠানত চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহল, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, কেইবাগৰাকীও বিধায়ক, মুখ্যসচিব ৰবি কোটা, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ অনুপ কুমাৰ বৰ্মনকে ধৰি বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, অন্যান্য বিশিষ্ট ব্যক্তি আৰু বহুসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।