AIIMSৰ পৰা 'শ্ৰীমতী কিৰপাল কৌৰ মেডেল ২০২৫' সন্মানীয় পদক লাভ ডাঃ ছাৰ্লেপ এ আই কাথাৰৰ
গুৱাহাটী
হামৰেনৰ ডাঃ ছাৰ্লেপ এ আই কাথাৰক সন্মানীয় "শ্ৰীমতী কিৰপাল কৌৰ মেডেল ২০২৫" প্ৰদানৰ বাবে নিৰ্বাচিত কৰা হৈছে। নতুন দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (AIIMS)ৰ পৰা লাভ কৰা এই সন্মানে কাৰ্বি সমাজৰ লগতে সমগ্ৰ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে।
ডাঃ কাথাৰ হামৰেনৰ নিউ মাৰ্কেটস্থিত কাথাৰছন গাঁৱৰ শ্ৰী বাৰ্টন মুলিৰ ইংতি কাথাৰ আৰু শ্ৰীমতী আন্না এইচ ৰেংমাৰ পুত্ৰ। তেওঁ বৰ্তমান নতুন দিল্লীৰ এইমছত স্নাতকোত্তৰ অধ্যয়ন কৰি আছে। তেওঁক কাৰ্বি জনগোষ্ঠীৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে দেশৰ অন্যতম প্ৰতিষ্ঠিত চিকিৎসা প্ৰতিষ্ঠান এইমছত অধ্যয়নৰ সুযোগ লাভ কৰা ব্যক্তি হিচাপে স্বীকৃতি দিয়া হৈছে।
এইমছৰ এক আনুষ্ঠানিক জাননী অনুসৰি, উৎকৃষ্ট শৈক্ষিক প্ৰদৰ্শনৰ বাবে ডাঃ কাথাৰক এই সন্মানীয় পদকৰ বাবে নিৰ্বাচিত কৰা হৈছে। নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া পদক, পুথি-পুৰস্কাৰ আৰু স্নাতক সমাৱৰ্তন অনুষ্ঠানত(AIIMS Medal, Book Prize and Graduation Ceremony)ত তেওঁক আনুষ্ঠানিকভাৱে এই পদক প্ৰদান কৰা হ’ব।
ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এই স্বীকৃতিয়ে ডাঃ কাথাৰৰ অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু চিকিৎসা বিজ্ঞানৰ প্ৰতি থকা গভীৰ নিষ্ঠাৰ প্ৰতিফলন ঘটাইছে। কাথাৰছন গাঁৱৰ পৰা এইমছ, নতুন দিল্লীলৈ তেওঁৰ এই যাত্ৰাই হামৰেন, কাৰ্বি আংলং আৰু সমগ্ৰ অসমৰ বহু ছাত্ৰ-ছাত্ৰীৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।
বিশেষকৈ গ্ৰাম্য আৰু জনজাতীয় সমাজৰ যিসকল যুৱক-যুৱতীয়ে চিকিৎসা বিজ্ঞান তথা অন্যান্য পেছাদাৰী ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সপোন দেখে, তেওঁলোকৰ বাবে ডাঃ কাথাৰৰ এই সফলতা এক আশাৰ বতৰা আৰু অনুকৰণীয় উদাহৰণ।