ব্যৱসায় আৰম্ভ কৰাৰ সুবৰ্ণ সুযোগ; প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ই এতিয়া দিব ২০ লাখ টকালৈকে ঋণ

Story by  atv | Posted by  Munni Begum • 16 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
মালিক আছগৰ হাছমী
 
আপুনি নিজৰ এটা সৰু উদ্যোগ আৰম্ভ কৰাৰ সপোন দেখিছে নেকি? ছাগলী পালন, হাঁহ-কুকুৰা পালন, মৌ-মাখি পালন অথবা এনে আন কোনো ক্ষুদ্ৰ ব্যৱসায়ত হাত দিব বিচাৰে? বহু সময়ত দৃঢ় ইচ্ছাশক্তি আৰু সুন্দৰ ব্যৱসায়িক পৰিকল্পনা থকাৰ পিছতো মূলধনৰ অভাৱত এনে বহু সপোন আধৰুৱা হৈ ৰয়। কিন্তু এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই। দেশত প্ৰতিভা আৰু উদ্যোগী মনোভাৱ থকা লোকসকলক আগবঢ়াই নিয়াৰ বাবে চৰকাৰৰ বিভিন্ন পদক্ষেপ অব্যাহত আছে।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্য হৈছে দেশৰ যুৱ সমাজক কেৱল চাকৰি প্ৰত্যাশী হোৱাই নহয়, তেওঁলোকে আনৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা সফল উদ্যোগপতি হিচাপে গঢ়ি তোলা। সেই লক্ষ্য বাস্তৱায়িত কৰাৰ উদ্দেশ্যেই কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ (PMMY)। এই আঁচনিখন উদ্যোগীসকলৰ সপোন বাস্তৱায়িত কৰাৰ এক শক্তিশালী মাধ্যম হিচাপে বিবেচিত হৈছে।
এই আঁচনিখনৰ আটাইতকৈ ডাঙৰ সুখবৰ হৈছে যে, ইয়াৰ অধীনত প্ৰদান কৰা ঋণৰ সৰ্বোচ্চ সীমা এতিয়া দুগুণ বৃদ্ধি কৰা হৈছে। পূৰ্বে য'ত সৰ্বাধিক ১০ লাখ টকালৈকে ঋণ লাভ কৰা সম্ভৱ আছিল, এতিয়া সেই সীমা বৃদ্ধি কৰি ২০ লাখ টকা কৰা হৈছে। এই সিদ্ধান্তই বিশেষকৈ সেইসকল যুৱ উদ্যোগীৰ বাবে এক নতুন সুযোগ কঢ়িয়াই আনিছে, যিসকলে বৃহৎ পৰিসৰত নিজৰ ব্যৱসায় গঢ়ি তুলিবলৈ আগ্ৰহী। ২০২৪ চনৰ ২৪ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা কেন্দ্ৰীয় বাজেট ২০২৪-২৫ত এই কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীয়ে।
 
প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা দেশৰ প্ৰতিগৰাকী যোগ্য নাগৰিকৰ বাবে উপলব্ধ। সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলেও এই আঁচনিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব পাৰে। যদি আপোনাৰ হাতত এটা বাস্তৱসন্মত ব্যৱসায়িক পৰিকল্পনা আছে আৰু নিজাববীয়াকৈ কিবা এটা কৰাৰ ইচ্ছা আছে, তেন্তে আপুনি নিশ্চিন্তে এই আঁচনিৰ অধীনত ঋণৰ বাবে আবেদন কৰিব পাৰে। এই আঁচনিয়ে কেৱল আপোনাক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰায়ে নহয়, ই আন লোকৰ বাবেও কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ পথ মুকলি কৰিছে। 
 
মুদ্ৰা যোজনাৰ চাৰিটা শ্ৰেণী: আপোনাৰ বৃদ্ধিৰ প্ৰতিটো পৰ্যায়তে সহায় 
 
প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা ২০১৫ চনৰ ৮ এপ্ৰিলত আৰম্ভ কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে অ-কৰ্পোৰেট, অ-কৃষি ক্ষুদ্ৰ আৰু সৰু উদ্যোগসমূহক আৰ্থিক সহায় আগবঢ়োৱা। ব্যৱসায়ৰ বিকাশৰ বিভিন্ন পৰ্যায়ৰ ওপৰত ভিত্তি কৰি এই আঁচনিৰ ঋণক চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
শিশু ঋণ
 
এই শ্ৰেণী মূলতঃ সেইসকল ব্যক্তিৰ বাবে, যিসকলে প্ৰথমবাৰৰ বাবে নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে। এই ঋণৰ জৰিয়তে ৫০ হাজাৰ টকালৈকে আৰ্থিক সহায় লাভ কৰিব পাৰি। সৰু ব্যৱসায় আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় প্ৰাথমিক মূলধন সংগ্ৰহত এই ঋণ যথেষ্ট সহায়ক হয়। 
 
কিশোৰ ঋণ 
 
যিসকল উদ্যোগীৰ ব্যৱসায় ইতিমধ্যে চলি আছে আৰু তেওঁলোকে সেই ব্যৱসায় অধিক সম্প্ৰসাৰণ কৰিব বিচাৰে, তেওঁলোকৰ বাবে কিশোৰ ঋণ উপযোগী। এই শ্ৰেণীৰ অধীনত ৫০ হাজাৰ টকাৰ পৰা ৫ লাখ টকালৈকে ঋণ প্ৰদান কৰা হয়।
 
তৰুণ ঋণ
 
ইতিমধ্যে প্ৰতিষ্ঠিত ব্যৱসায়ক অধিক বৃহৎ পৰিসৰলৈ নিয়াৰ লক্ষ্যৰে এই শ্ৰেণীৰ ঋণ প্ৰদান কৰা হয়। ইয়াৰ অধীনত ৫ লাখ টকাৰ পৰা ১০ লাখ টকালৈকে ঋণ লাভৰ ব্যৱস্থা আছে।
 
তৰুণ প্লাছ ঋণ
 
তৰুণ প্লাছ হৈছে মুদ্ৰা যোজনাৰ নতুন আৰু বিশেষ শ্ৰেণী। ইয়াৰ অধীনত ১০ লাখ টকাৰ পৰা ২০ লাখ টকালৈকে ঋণ প্ৰদান কৰা হয়। এই ঋণ বিশেষভাৱে সেইসকল উদ্যোগীৰ বাবে, যিসকলে পূৰ্বে ‘তৰুণ’ শ্ৰেণীৰ অধীনত ঋণ লৈ সফলতাৰে পৰিশোধ কৰিছে আৰু এতিয়া নিজৰ ব্যৱসায়ক অধিক বৃহৎ পৰিসৰলৈ সম্প্ৰসাৰণ কৰিব বিচাৰে। এই শ্ৰেণীয়ে উদ্যোগীসকলক নিজৰ ব্যৱসায়ক নতুন উচ্চতালৈ লৈ যোৱাৰ এক সুবৰ্ণ সুযোগ প্ৰদান কৰে।
 
সংখ্যালঘু সম্প্ৰদায়ৰ বাবে এক সুবৰ্ণ সুযোগ
 
প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ বাবে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ এক উল্লেখযোগ্য সুযোগ কঢ়িয়াই আনিছে। এই আঁচনিৰ অধীনত উৎপাদন, ব্যৱসায়, সেৱা খণ্ডৰ লগতে কৃষি-সম্পৰ্কীয় বিভিন্ন উদ্যোগ যেনে কুকুৰা পালন, দুগ্ধ উৎপাদন, মৌ-মাখি পালন আদি আৰম্ভ বা সম্প্ৰসাৰণৰ বাবে ঋণ লাভৰ ব্যৱস্থা আছে। এই আঁচনিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল, এই ঋণ লাভ কৰিবলৈ কোনো ধৰণৰ জামিন বা গেৰাণ্টি দিব নালাগে।
 
সংখ্যালঘু সম্প্ৰদায়ৰ উদ্যোগীসকলে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি কেৱল নিজৰ আৰ্থিক অৱস্থাৰ উন্নতি সাধন কৰিব নোৱাৰে, নিজৰ সম্প্ৰদায়ৰ আন বহু লোকৰ বাবেও কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পাৰে। সমাজৰ সকলো শ্ৰেণীৰ লোকক অৰ্থনৈতিক মূলসুঁতিলৈ আনিবলৈ আৰু অন্তৰ্ভুক্তিমূলক উন্নয়নক ত্বৰান্বিত কৰিবলৈ চৰকাৰৰ এই পদক্ষেপ এক উল্লেখযোগ্য প্ৰয়াস।
 
২০২৩-২৪ বিত্তীয় বৰ্ষত শিশু শ্ৰেণীৰ সংখ্যালঘু ঋণগ্ৰহণকাৰীক ১৫,৭৫৯.৬৬ কোটি, কিশোৰ শ্ৰেণীত ২০,৭৬৬.৩ কোটি আৰু তৰুণ শ্ৰেণীত ৮৫৬২.২৭ কোটি টকা প্ৰদান কৰা হৈছে। এই পৰিসংখ্যাই দেখুৱাইছে যে, সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে এই আঁচনিৰ সুবিধা লৈ নিজৰ ভৱিষ্যত গঢ় দিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
মুদ্ৰা কাৰ্ড আৰু 'মুদ্ৰা মিত্ৰ' এপঃ ঋণ লাভৰ প্ৰক্ৰিয়া অধিক সহজ
 
ঋণ লাভৰ প্ৰক্ৰিয়া অধিক সৰল, স্বচ্ছ আৰু সহজলভ্য কৰি তুলিবলৈ চৰকাৰে কেইবাটাও নতুন পদক্ষেপ গ্ৰহণ কৰিছে।
 
মুদ্ৰা কাৰ্ড
 
মুদ্ৰা কাৰ্ড হৈছে এখন RuPay ডেবিট কাৰ্ড। যিয়ে ঋণগ্ৰহণকাৰীক অ'ভাৰড্ৰাফ্ট সুবিধাৰ জৰিয়তে ব্যৱসায়ৰ চলিত মূলধন (Working Capital) ব্যৱহাৰ কৰাৰ সুযোগ দিয়ে। এই কাৰ্ডৰ সহায়ত এটিএমৰ পৰা নগদ ধন উলিয়াব পাৰি, পিঅ'এছ (POS) মেচিনৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰিব পাৰি, প্ৰয়োজন অনুসৰি ঋণৰ ধন ব্যৱহাৰ কৰি সুতৰ বোজাও হ্ৰাস কৰিব পাৰি।

মুদ্ৰা মিত্ৰ এপ
 
মুদ্ৰা মিত্ৰ এপ হৈছে এক মোবাইল এপ্লিকেচন, য'ত মুদ্ৰা যোজনা আৰু ইয়াৰ বিভিন্ন সুবিধাৰ বিষয়ে বিস্তৃত তথ্য উপলব্ধ। এই এপৰ জৰিয়তে ঋণ বিচৰা ব্যক্তিসকলে বেংকৰ সৈতে কেনেদৰে যোগাযোগ কৰিব, ঋণ আবেদন কেনেকৈ কৰিব আৰু আবেদন প্ৰক্ৰিয়াৰ বিভিন্ন দিশ সম্পৰ্কে দিহা-পৰামৰ্শ লাভ কৰিব পাৰে। লগতে নমুনা ঋণ আবেদন-পত্ৰসহ আন বহু প্ৰয়োজনীয় তথ্যও ইয়াত সন্নিবিষ্ট কৰা হৈছে। 
 
কেনেদৰে আবেদন কৰিব?
 
মুদ্ৰা ঋণ লাভৰ বাবে আপুনি যিকোনো বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰাম্য বেংক (RRB), ক্ষুদ্ৰ বিত্ত বেংক (SFB), মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠান (MFI), অথবা অ-বেংকিং বিত্তীয় প্ৰতিষ্ঠান (NBFC)ৰ জৰিয়তে আবেদন কৰিব পাৰে। অনলাইনযোগেও আবেদন কৰাৰ সুবিধা আছে। ইয়াৰ বাবে www.udyamimitra.in প'ৰ্টেল ব্যৱহাৰ কৰিব পাৰি। ঋণ আবেদন-পত্ৰ অধিক সৰল কৰি তোলা হৈছে। লগতে বিভিন্ন বেংকত মুদ্ৰা ন'ডেল বিষয়া নিযুক্তি দিয়া হৈছে, যিসকলে আবেদনকাৰীসকলক আবেদন জমা দিয়া আৰু ঋণ প্ৰক্ৰিয়া সম্পন্ন কৰাত প্ৰয়োজনীয় সহায় আগবঢ়ায়।
 
আত্মনিৰ্ভৰতাৰ দিশে এক ডাঙৰ পদক্ষেপ
 
প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাই (PMMY) দেশত উদ্যোগীকৰণৰ ক্ষেত্ৰখনত এক যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। এই আঁচনিখনে বিত্তীয় অন্তৰ্ভুক্তিক (Financial Inclusion) উৎসাহিত কৰাৰ লগতে দেশৰ যুৱসমাজ, বিশেষকৈ মহিলা আৰু সংখ্যালঘু সম্প্ৰদায়ক আৰ্থিকভাৱে সবল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ঋণৰ সৰ্বোচ্চ সীমা ২০ লাখ টকালৈ বৃদ্ধি কৰাত ক্ষুদ্ৰ ব্যৱসায়সমূহ অধিক শক্তিশালী হোৱাৰ সুযোগ লাভ কৰিব আৰু দেশক অধিক সমৃদ্ধ, আত্মনিৰ্ভৰশীল আৰু অন্তৰ্ভুক্তিমূলক অৰ্থনীতি গঢ়ি তোলাত সহায়ক হ'ব।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনি সন্দৰ্ভত কৈছে, "এই দেশৰ লাখ লাখ সাধাৰণ পুৰুষ আৰু মহিলাই ক্ষুদ্ৰ ব্যৱসায় চলাই অৰ্থনীতিলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। কিন্তু তেওঁলোকৰ বেছিভাগেই আনুষ্ঠানিক বিত্তীয় ব্যৱস্থাৰ আওতাৰ বাহিৰত আছিল। এই বঞ্চিত লোকসকলক আৰ্থিক সহায় আগবঢ়োৱাৰ বাবে 'মুদ্ৰা' হৈছে আমাৰ এক অভিনৱ পদক্ষেপ।" 
 
যদি আপোনাৰো নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ সপোন আছে, তেন্তে দৃঢ় সংকল্প লওক, এখন সুপৰিকল্পিত ব্যৱসায়িক পৰিকল্পনা (Business Plan) প্ৰস্তুত কৰক আৰু প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ সুবিধা গ্ৰহণ কৰি আপোনাৰ সপোনক বাস্তৱ ৰূপ দিয়ক। এই আঁচনিখনে আপোনাৰ আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাত এক শক্তিশালী সহযোগী হিচাপে কাম কৰিব।