গ্ৰহাণু আৱিষ্কাৰৰ পিছত সৌৰ ধুমুহাৰ গৱেষণাত মনোনিবেশ ৰঙিয়াৰ আৰিয়ান জিছান আহমেদৰ

Story by  Ariful Islam | Posted by  Munni Begum • 16 m ago
আৰিয়ান জিছান আহমেদ
আৰিয়ান জিছান আহমেদ
 
আৰিফুল ইছলাম / গুৱাহাটী
 
শেহতীয়াকৈ কামৰূপ জিলাৰ  ৰঙিয়াৰ নিবাসী আৰিয়ান জিছান আহমেদে মহাকাশত দুটাকৈ নতুন গ্ৰহাণু আৱিষ্কাৰ কৰি আমেৰিকাৰ আগশাৰীৰ মহাকাশ অনুসন্ধান সংস্থা 'নাছা'ৰ পৰা বিশেষ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই বৃহৎ সাফল্যই সমগ্ৰ অসম তথা ৰঙিয়াবাসীৰ বাবে কঢ়িয়াই আনিছিল এক অভূতপূৰ্ব গৌৰৱ। মহাকাশ গৱেষণাৰ এই যাত্ৰাত আৰিয়ান কেৱল গ্ৰহাণু আৱিষ্কাৰতে আৱদ্ধ থকা নাই। বৰ্তমান তেওঁ সূৰ্যৰ চক্ৰ (Helio-Cycle) আৰু সৌৰ ধুমুহাৰ (Helio-Solar Storm) অধ্যয়নৰ বাবে মেচিন লাৰ্নিং (Machine Learning) আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) আৰ্হি প্ৰয়োগৰ ওপৰত গভীৰভাৱে কাম কৰি আছে।
 
এইটো এটা সম্পূৰ্ণ স্বতন্ত্ৰ অধ্যয়ন, যিটো আৰিয়ানে তেওঁৰ সতীৰ্থ তথা বান্ধৱী তানফা য়াকিন নুৰৰ সৈতে মিলি এই অধ্যয়ন চলাই আছে। আৰিয়ানৰ মতে, "এই প্ৰকল্পত সূৰ্য আৰু পৃথিৱীৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে জানিবলৈ আধুনিক কৌশল ব্যৱহাৰ কৰা হৈছে। আমাৰ লক্ষ্য হৈছে ভাৰতীয় সৌৰ মানমন্দিৰসমূহৰ তথ্য ব্যৱহাৰ কৰি সৌৰ বতৰৰ আগজাননী দিব পৰা এটা উন্নত 'মেক ইন ইণ্ডিয়া' ব্যৱস্থা গঢ়ি তোলা।"
 
 
ইয়াৰ পূৰ্বেই আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান অনুসন্ধান সংস্থাৰ এক বিশেষ প্ৰকল্পৰ অধীনত আৰিয়ানে এক গ্ৰহাণুৰ অনুসন্ধান আৰু গৱেষণা চলাইছিল। তেওঁৰ এই নিৰন্তৰ প্ৰচেষ্টাক নাছাই আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰিছে। বৰ্তমান আই এ এছ চিয়ে এই নতুন গ্ৰহাণু দুটাৰ অস্থায়ী নামকৰণ কৰিছে '২০২৪ ভি ই ৮' (2024 VE8) আৰু '২০২৪ ভি চি ২৩' (2024 VC23)। যোৱা ১৭ ডিচেম্বৰত নাছাই আৰিয়ানৰ সৈতে যোগাযোগ কৰি তেওঁৰ এই আৱিষ্কাৰক আনুষ্ঠানিক স্বীকৃতি দিয়ে। বৰ্তমান নাছাই গ্ৰহাণু দুটাৰ লক্ষণসমূহৰ ওপৰত বিস্তৃত গৱেষণা চলাই আছে, যি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বলৈ নূন্যতম এবছৰ বা ততোধিক সময়ৰ প্ৰয়োজন হ'ব। এই গৱেষণা সমাপ্ত হোৱাৰ পিছত আৰিয়ানে নিজে গ্ৰহাণু দুটাৰ চূড়ান্ত নামকৰণ কৰাৰ বিৰল সন্মান লাভ কৰিব।
 
ৰঙিয়াৰ ৩নং ৱাৰ্ডৰ বাসিন্দা আৰিয়ান হৈছে জয়ন্তীপুৰ যোগেশ্বৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মিৰাজুল ইছলাম আৰু ৰুমা নাজৰিনৰ জ্যেষ্ঠ পুত্ৰ। আৰিয়ানে নিজৰ প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা ৰঙিয়াৰ ফাতিমা ক'নভেণ্ট বিদ্যালয়ৰ পৰা মেধাৰে সম্পূৰ্ণ কৰে। বৰ্তমান তেওঁ মেঘালয়স্থিত ইউনিভাছিটী অৱ ছায়েন্স এণ্ড টেকন'লজিত (USTM) বি-টেক কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ প্ৰথম ষাণ্মাসিকত অধ্যয়নৰত।
 
টেলিস্কোপেৰে মহাকাশৰ ফালে চাই থকা মুহূৰ্তত আৰিয়ান
 
'আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত আৰিয়ানে নিজৰ এই যাত্ৰাৰ বিষয়ে কয়, "সৰুৰে পৰা মই জ্যোতিৰ্বিজ্ঞান আৰু মহাকাশৰ গতি-বিধিৰ প্ৰতি আকৰ্ষিত আছিলোঁ। আকাশখনলৈ চাই মই এক অনাবিল আনন্দ পাইছিলোঁ আৰু জ্যোতিৰ্বিজ্ঞানৰ বহুতো কিতাপ পঢ়িছিলোঁ।" অষ্টম শ্ৰেণীৰ পৰাই মহাকাশ বিজ্ঞানক গভীৰভাৱে বুজিবলৈ আৰম্ভ কৰা আৰিয়ানে একাদশ শ্ৰেণীত পঢ়ি থকা অৱস্থাত নিজৰ প্ৰথমটো টেলিস্কোপ ক্ৰয় কৰে। বৰ্তমান তেওঁৰ সংগ্ৰহত দুটা অতি শক্তিশালী টেলিস্কোপ আছে, যাৰ জৰিয়তে তেওঁ ঘৰৰ ছাদৰ পৰাই নিশাৰ আকাশ নিৰীক্ষণ কৰে। ২০২৪ চনত নাছাই যুৱ গৱেষকসকলক প্ৰদান কৰা এক বিশেষ সুযোগ গ্ৰহণ কৰি আৰিয়ানে নিজৰ গৱেষণা পত্ৰ দাখিল কৰিছিল, যাক এবছৰজোৰা নিৰীক্ষণৰ অন্তত নাছাই এই বিৰল স্বীকৃতি দিয়ে।
 
আৰিয়ানৰ ভৱিষ্যতৰ সপোন হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ত যোগদান কৰি দেশৰ বাবে সেৱা আগবঢ়োৱা। ইয়াৰ বাবে তেওঁ ইতিমধ্যে প্ৰস্তুতিও আৰম্ভ কৰিছে। পুত্ৰৰ এই অসাধাৰণ সাফল্যত আৱেগিক হৈ পিতৃ মিৰাজুল ইছলামে কয়, "ৰঙিয়াৰ দৰে এখন সৰু ঠাইৰ পৰা আমাৰ দৰে সাধাৰণ পৰিয়ালৰ এটা ল'ৰাই এনে এক বৃহৎ সাফল্য অৰ্জন কৰাটো সঁচাকৈয়ে গৌৰৱৰ বিষয়। ৰাইজে তাক আশীৰ্বাদ কৰিব যাতে সি ভৱিষ্যতে এজন সফল জ্যোতিৰ্বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে।"