ন্যায়ৰ জৰিয়তে জুবিনৰ আত্মাক মুক্তি দিব লাগিব: পাপন

Story by  Ariful Islam | Posted by  [email protected] • 38 m ago
একেখন মঞ্চত গীত পৰিবেশন কৰা মুহূৰ্তত জুবিন আৰু পাপন
একেখন মঞ্চত গীত পৰিবেশন কৰা মুহূৰ্তত জুবিন আৰু পাপন
 
আৰিফুল ইছলাম/গুৱাহাটী
 
শনিবাৰে সমগ্ৰ অসমবাসীয়ে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে গভীৰ শ্ৰদ্ধা আৰু মৰমেৰে তেওঁক সোঁৱৰণ কৰে। ৰাজ্যৰ চৌদিশে কেৱল প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি আৰু তেওঁৰ অমৰ সৃষ্টিৰ গুণানুকীৰ্তন।
 
এই আৱেগিক ক্ষণত প্ৰয়াত শিল্পীগৰাকীৰ অভিন্ন হৃদয়ৰ বন্ধু তথা জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই সোণাপুৰত উপস্থিত হৈ তেওঁৰ প্ৰিয় বন্ধুগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সোণাপুৰৰ এই পৰিৱেশ আছিল অত্যন্ত শোকাকুল। তাত উপস্থিত থাকি পাপনে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতো বাৰ্তালাপ কৰে আৰু এই বেদনাদায়ক মুহূৰ্তত দুখৰ সমভাগী হয়। নিজৰ অন্তৰৰ আৱেগ ব্যক্ত কৰি পাপনে ছ'চিয়েল মিডিয়াত স্মৃতিচাৰণ কৰি লিখে, "জিলিকি থাকা মোৰ বলিয়া হীৰা, এই ক্ষতি বুজাব নোৱাৰি। তোমালৈ বৰকৈ মনত পৰিছে ভাই।"
 
উল্লেখ্য যে, জুবিনৰ অতি ঘনিষ্ঠ বন্ধু হিচাপে পাপনে প্ৰায়েই তেওঁক স্মৰণ কৰি আহিছে। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত জুবিনৰ মৃত্যুৰ পিছতো পাপনে তেওঁলোকৰ অন্তৰংগ মুহূৰ্তৰ এখন পুৰণি ফটো শ্বেয়াৰ কৰি আক্ষেপৰ সুৰত লিখিছিল, "তোমালৈ বৰকৈ মনত পৰিছে ভাই। য'তেই আছা, ভালে থাকা।"
 
বন্ধু জুবিনৰ নশ্বৰ দেহৰ ওচৰত পাপন

কেৱল আৱেগিক শ্ৰদ্ধাঞ্জলিতে ক্ষান্ত নাথাকি পাপনে সংবাদ মাধ্যমৰ আগত জুবিনৰ মৃত্যুৰ উচিত বিচাৰ আৰু ন্যায়ৰ দাবী অতি কঠোৰভাৱে উত্থাপন কৰে। আৱেগ আৰু ক্ষোভেৰে পাপনে কয়, "জুবিনৰ ন্যায় সোনকালে পাব লাগে। কিমান আৰু ৰৈ থাকিম? ইতিমধ্যে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকল আহি সাক্ষ্য প্ৰদান কৰিছে। ৰাইজ এতিয়া অতিষ্ঠ হৈ গৈছে।"
 
আমাৰ আধ্যাত্মিক দৰ্শন আৰু বিশ্বাসৰ কথা উল্লেখ কৰি তেওঁ লগতে কয়, "আমাৰ হিন্দু ৰীতি-নীতি অনুসৰি আমাৰ এটা আত্মা থাকে। এই আত্মাটোক আমি মুক্তি দিব লাগিব। ন্যায়ৰ জৰিয়তেহে তেওঁৰ আত্মাই মুক্তি পাব। তেওঁ আকৌ পুনৰ জনম ল'ব লাগিব নহয়। বহুত সময় হৈ গ'ল, অতি সোনকালে ন্যায় লাগে।"
 
সমগ্ৰ ভাৰতবাসীয়ে সাংস্কৃতিক প্ৰতীক আৰু সংগীতশিল্পীগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অনুৰাগী, পৰিয়ালৰ সদস্য, ৰাজনৈতিক নেতা আৰু বলীউডৰ সতীৰ্থসকলে একত্ৰিত হৈ জুবিনৰ অৱদানক সন্মান জনায়, যি অৱদানে আজীৱন এই অসমৰ শিল্প-সংস্কৃতিক প্ৰভাৱিত কৰি থাকিব।
 
জুবিন ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনোৱা মুহূৰ্তত পাপন
 
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত অনুষ্ঠিত এখন অনুষ্ঠানত তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে। সদৌ অসম ছাত্ৰ সন্থাই (আছু) অসমীয়া সংস্কৃতিলৈ গাৰ্গৰ অৱদানক সুঁৱৰি এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।
 
নতুন দিল্লীৰ অসম ভৱনতো এক পুষ্পাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়, য'ত আৱাসিক আয়ুক্ত কবিতা পদ্মনাভন লগতে আন বিষয়া আৰু কৰ্মচাৰীসকলে প্ৰয়াত গায়ক, সুৰকাৰ আৰু অভিনেতাগৰাকীৰ প্ৰতিচ্ছবিত ফুল দি সন্মান জনায়। নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত গীত পৰিৱেশন কৰাৰ ঠিক এদিন পূৰ্বে, ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত গাৰ্গৰ দেহাৱসান ঘটিছিল।
 
জুবিনৰ জীৱন আৰু কৰ্মৰাজিক সুঁৱৰি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগতো ১৭ ৰ পৰা ১৯ ছেপ্টেম্বৰলৈকে এখন তিনিদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয়।
 
জুবিন গাৰ্গ এগৰাকী গায়ক, সুৰকাৰ, সংগীতশিল্পী, অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা হিচাপে পৰিচিত আছিল আৰু তেওঁ ৪০ ৰো অধিক ভাষাত প্ৰায় ৪০০০০ গীত গাইছিল। ২০০৬ চনৰ হিন্দী ছবি 'গেংষ্টাৰ'ৰ "য়া আলী" গীতটোৰ জৰিয়তে তেওঁ সমগ্ৰ দেশতে খ্যাতি লাভ কৰিছিল, আৰু একে সময়তে নিজৰ সমগ্ৰ কৰ্মজীৱনত অসমীয়া সংগীত আৰু সংস্কৃতিৰ সৈতেও এক গভীৰ সম্পৰ্ক বজাই ৰাখিছিল।