ভোটাৰ তালিকাৰ খচৰাত নাম নথকাসকলে নতুনকৈ আবেদন কৰিব পাৰিব বুলি ঘোষণা নিৰ্বাচন আয়োগৰ

Story by  atv | Posted by  Munni Begum • 54 m ago
ভাৰতীয় নিৰ্বাচন আয়োগ
ভাৰতীয় নিৰ্বাচন আয়োগ
 
নতুন দিল্লী
 
ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা লোকসকলৰ বাবে ভাল খবৰ৷ ভাৰতীয় নিৰ্বাচন আয়োগে মঙলবাৰে এই কথা স্পষ্ট কৰি দিয়ে যে, যিসকল ভোটাৰৰ নাম বিশেষ বিস্তৃত পুনৰীক্ষণ অৰ্থাৎ এছআইআৰৰ অংশ হিচাপে প্ৰকাশিত নিৰ্বাচনী তালিকাৰ খচৰাত নাথাকে, তেনেক্ষেত্ৰত তেওঁলোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নতুনকৈ আবেদন দাখিল কৰিব লাগিব।
 
পূৰ্বৰ নিৰ্বাচনী তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰা হ'লেও তালিকাত নাম নাথাকিলে এই নীতি প্ৰযোজ্য হ'ব৷ এইসকল লোকে এতিয়া নতুন আবেদন দাখিল কৰিব লাগিব। ইতিমধ্যে পঞ্জীয়ন হোৱাৰ পিছতো নতুনকৈ আবেদন দাখিল কৰাৰ বাবেই এনে ভোটাৰৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা লোৱা নহ'ব বুলিও নির্বাচন আয়োগে আশ্বাস দিয়ে৷
 
আনহাতে, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা এক পত্ৰত নিৰ্বাচন আয়োগে ইতিমধ্যে পঞ্জীয়নভুক্ত একাংশ ভোটাৰে 'ফৰ্ম ৬' দাখিল কৰিবলৈ দ্বিধাবোধ কৰা বুলি উদ্বেগ প্ৰকাশ কৰে৷ কিয়নো ইয়াৰ বাবে প্ৰথমবাৰৰ বাবে নিৰ্বাচনী তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে বুলি ঘোষণাৰ প্ৰয়োজন।
 
এনে ভোটাৰসকলে আশংকা কৰিছিল যে পূৰ্বৰ নাম অন্তৰ্ভুক্তিৰ পিছতো এই ঘোষণা কৰাটো ভুৱা তথ্য প্ৰদান কৰাৰ সমান হ'ব পাৰে আৰু ১৯৫০ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ৩১নং ধাৰাত তেওঁলোকক বিচাৰৰ সন্মুখীন হ'ব পাৰে৷ এই কথা নিৰ্বাচন আয়োগে জানিবলৈ দিছে৷
 
বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট কৰি নিৰ্বাচন আয়োগে কয় যে, প্ৰপত্ৰ ৬ৰ অধীনত নিৰ্ধাৰিত ঘোষণা ২০২২ চনৰ ১ আগষ্টৰ পৰাই প্ৰযোজ্য হৈ আছে। যিসকল ভোটাৰৰ নাম খচৰা তালিকাত নাই, তেওঁলোকে নিৰ্ধাৰিত পদ্ধতি অনুসৰি চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ প্ৰপত্ৰ ৬ দাখিল কৰিব পাৰে।
 
এনে পৰিস্থিতিত এছআইআৰ প্ৰক্ৰিয়াৰ সময়ত বা তাৰপিছত কোনো ভোটাৰৰ প্ৰপত্ৰ ৬ দাখিল কৰাৰ উদ্দেশ্য হ'ব নিৰ্বাচনী তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰা৷ আবেদনকাৰীৰ নাম ইতিমধ্যে নিৰ্বাচনী তালিকাত পঞ্জীয়ন হোৱাটোৱেই নিজৰ বাবেই ভুৱা ঘোষণা নহয় বুলি নিৰ্বাচন আয়োগে আশ্বাস প্ৰদান কৰে। 
 
আয়োগে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে, নিৰ্বাচনী পঞ্জীয়ন বিষয়াসকলে এনে ভোটাৰৰ বিৰুদ্ধে 'জনপ্ৰতিনিধি আইন'ৰ ৩১ নং ধাৰাত ব্যৱস্থা গ্ৰহণ কৰা অনুচিত৷
 
যদিহে আবেদনকাৰী ইতিমধ্যে আন কোনো সংসদীয় বা বিধানসভা সমষ্টিত নামৰ পঞ্জীয়ন কৰা নাই আৰু তেওঁলোকৰ ঘোষণা আইন অনুসৰিয়েই হয়, তেনেক্ষেত্ৰতহে তেওঁলোকে এই সুবিধা লাভ কৰিব পাৰিব।
 
ভাৰতীয় নিৰ্বাচন আয়োগে মুখ্য কাৰ্যবাহী বিষয়াক এই স্পষ্টীকৰণ সংশ্লিষ্ট প্ৰতিটো পক্ষলৈ প্ৰেৰণ কৰাৰ লগতে জনস্বাৰ্থত ইয়াৰ ব্যাপক প্ৰচাৰ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি, মুখ্য কাৰ্যবাহী বিষয়াক এই তথ্য স্থানীয় ভাষাকে ধৰি নিজ নিজ অঞ্চলত উপলব্ধ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
 
উল্লেখ্য যে, নিৰ্বাচনী তালিকাত নতুন ভোটাৰ হিচাপে পঞ্জীয়নৰ বাবে আবেদন কৰিবলৈ ভোটাৰসকলে ৬ নং প্ৰপত্ৰ ব্যৱহাৰ কৰে৷