চলিত মাহৰ পৰা অসমত বৃদ্ধি বিদ্যুতৰ মাচুল; প্ৰতি ইউনিটত পাঁচ পইচাকৈ বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
নৱেম্বৰ মাহৰ পৰা অসমত বিদ্যুৎ গ্ৰাহকে পূৰ্বতকৈ অধিক মাচুল আদায় দিব লাগিব। অসম বিদ্যুৎ নিয়ামক আয়োগে (AERC) বিদ্যুৎ ক্ৰয় আৰু ইন্ধনৰ মূল্যৰ সমন্বয়জনিত অতিৰিক্ত ব্যয় (FPPPAS) আদায়ৰ বাবে বিদ্যুতৰ মাচুল বৃদ্ধিত অনুমোদন জনাইছে। অৱশ্যে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (APDCL) নিজৰ লোকচানৰ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ পিছতে এই বৰ্ধিত মাচুল প্ৰত্যাহাৰ কৰা হ’ব বুলি গ্ৰাহকসকলক আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
 
মঙলবাৰে বাজপেয়ী ভৱনত সংবাদ মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, এই সংশোধিত মাচুল পাঁচ মাহৰ বাবেহে কাৰ্যকৰী হৈ থাকিব। ইয়াক বিদ্যুতৰ মাচুলৰ স্থায়ী বৃদ্ধি হিচাপে বিবেচনা কৰিব নালাগে।
 
তেওঁ কয়, “আমি লোকচানৰ ধন উদ্ধাৰ কৰিব পাৰিলেই এই বৰ্ধিত মাচুল প্ৰত্যাহাৰ কৰা হ’ব। যিধৰণে ইয়াক বৃহৎ মাচুল বৃদ্ধি বুলি প্ৰচাৰ কৰা হৈছে, প্ৰকৃততে তেনে নহয়। মই স্পষ্টকৈ কৈছোঁ, প্ৰতি ইউনিটত এই বৃদ্ধি পাঁচ পইচাতকৈ অধিক নহ’ব।”
 
মাচুল বৃদ্ধিৰ কাৰণ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পশ্চিম এছিয়াৰ চলি থকা অস্থিৰ পৰিস্থিতি আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য বৃদ্ধিৰ ফলত বিদ্যুৎ ক্ৰয়ৰ ব্যয় বৃদ্ধি পোৱা বুলি উল্লেখ কৰে।
 
তেওঁ কয়, “তেলৰ মূল্য বৃদ্ধি হ’লে আমিও অধিক মূল্যত বিদ্যুৎ ক্ৰয় কৰিবলগীয়া হয়। পশ্চিম এছিয়াৰ অস্থিৰ পৰিস্থিতিৰ বাবে তেলৰ দাম বৃদ্ধি পাইছে। কালি পৰ্যন্ত প্ৰতি বেৰেল তেলৰ মূল্য ১১৫ ডলাৰ আছিল।” বিদ্যুৎ ক্ৰয়ৰ ব্যয় বৃদ্ধি পালে বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰি থকাটো সম্ভৱ নহয় বুলিও তেওঁ মন্তব্য কৰে।
 
উল্লেখ্য যে, ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে জমা হৈ থকা ইন্ধন আৰু বিদ্যুৎ ক্ৰয় মূল্যৰ সমন্বয়জনিত অতিৰিক্ত মাচুল (FPPPAS) পৰ্যায়ক্ৰমে আদায়ৰ অনুমতি বিচাৰি এপিডিচিএল (APDCL)এ অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত এখন আবেদন দাখিল কৰিছিল।
 
আয়োগৰ ওচৰত দাখিল কৰা তথ্য অনুসৰি, ২০২৬ চনৰ এপ্ৰিলৰ পৰা আগষ্টলৈকে পাঁচ মাহৰ সময়ছোৱাত বিদ্যুৎ ক্ৰয়ৰ ব্যয়ৰ তাৰতম্যৰ ফলত প্ৰায় ১৫৬ কোটি টকাৰ FPPPAS জমা হৈছে। অৱশ্যে ইয়াত পৰৱৰ্তী সময়ত লাভ কৰা পৰিপূৰক বিলসমূহৰ ধন অন্তৰ্ভুক্ত কৰা হোৱা নাই। 
 
এই জমা হোৱা ধন উদ্ধাৰৰ বাবে এপিডিচিএল'য়ে ২০২৬ চনৰ নৱেম্বৰৰ পৰা ২০২৭ চনৰ মাৰ্চলৈকে পাঁচ মাহৰ ভিতৰত পৰ্যায়ক্ৰমে মাচুল আদায়ৰ প্ৰস্তাৱ আগবঢ়াইছিল। অনুমোদিত নতুন মাচুল অনুসৰি, জীৱন ধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ ৩০ কিলোৱাটতকৈ কম অনুমোদিত বিদ্যুৎ সংযোগ থকা নিম্ন-চাপৰ (LT) গ্ৰাহকৰ ক্ষেত্ৰত প্ৰতি ইউনিটত ০.০৫ টকাকৈ মাচুল বৃদ্ধি পাব।
 
আনহাতে, অন্যান্য নিম্ন-চাপৰ গ্ৰাহকৰ ক্ষেত্ৰত প্ৰতি ইউনিটত প্ৰায় ০.৩০ টকা আৰু ২০ কিলোৱাটতকৈ অধিক সংযোগ থকা উচ্চ-চাপৰ (HT) গ্ৰাহকৰ ক্ষেত্ৰতো প্ৰতি ইউনিটত ০.৩০ টকাকৈ মাচুল বৃদ্ধি কৰা হ’ব।
 
মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ স্পষ্ট কৰি দিয়ে যে, এই মাচুল বৃদ্ধি সম্পূৰ্ণৰূপে সাময়িক। এপিডিচিএল'য়ে নিজৰ লোকচানৰ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগে লগে বৰ্ধিত মাচুল প্ৰত্যাহাৰ কৰা হ’ব। বিদ্যুতৰ মাচুল দীৰ্ঘদিনলৈ বৃদ্ধি হৈ থাকিব বুলি গ্ৰাহকৰ মাজত সৃষ্টি হোৱা আশংকা দূৰ কৰাৰ বাবেও তেওঁ এই আশ্বাস প্ৰদান কৰে।


শেহতীয়া খবৰ