নতুন দিল্লী
দেশত খাৰুৱা তেল আৰু বিমানৰ ইন্ধন (এটিএফ)ৰ মূল্য বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিমানৰ টিকটৰ অত্যধিক ভাড়াক লৈ উদ্বেগ সৃষ্টি হোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে এক নতুন নিয়ম অধিসূচিত কৰিছে। এই নিয়ম অনুসৰি, বিশেষ বা অসাধাৰণ পৰিস্থিতিত জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিমানৰ টিকটৰ ভাড়া নিৰ্ধাৰণৰ ক্ষেত্ৰত হস্তক্ষেপ কৰিব পাৰিব।
কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে অধিসূচিত কৰা ‘ভাৰতীয় বায়ুযান নিয়ম, ২০২৬’ অনুসৰি, কোনো অসাধাৰণ পৰিস্থিতিৰ উদ্ভৱ হ’লে আৰু জনস্বাৰ্থত হস্তক্ষেপৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলে কেন্দ্ৰীয় চৰকাৰে বিমান সংস্থাসমূহক ভাড়া সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰিব পাৰিব। অৱশ্যে এনে নিৰ্দেশনা পৰিস্থিতিৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্যপূৰ্ণ হ’ব লাগিব। লগতে নিৰ্দেশনাসমূহ কেৱল নিৰ্ধাৰিত সময়সীমাৰ বাবেহে বলৱৎ থাকিব।
নতুন নিয়মৰ ১৯২ নং বিধি অনুসৰি, নিয়মীয়া বিমান সেৱা আগবঢ়োৱা সংস্থাসমূহে পৰিচালন ব্যয়কে ধৰি বিভিন্ন দিশ বিবেচনা কৰি টিকটৰ ভাড়া নিৰ্ধাৰণ কৰিব লাগিব। ইয়াৰ লগতে ভাড়াৰ সবিশেষ তথ্য অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (ডিজিচিএ)ৰ ওচৰত দাখিল কৰাটো বাধ্যতামূলক কৰা হৈছে।
এই বিধিত উল্লেখ কৰা হৈছে যে, কোনো অসাধাৰণ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি চৰকাৰে বিবেচনা কৰিলে আৰু জনস্বাৰ্থত ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰিলে বিমান সংস্থাসমূহলৈ লিখিত নিৰ্দেশনা জাৰি কৰিব পাৰিব।
নতুন নিয়মত বিমানৰ টিকটৰ ভাড়া নিৰ্ধাৰণৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰখাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। সেই অনুসৰি, বিমান সংস্থাসমূহে নিজৰ ৱেবছাইট আৰু অন্যান্য ডিজিটেল মাধ্যমত টিকটৰ ভাড়াৰ তথ্য প্ৰকাশ কৰিব লাগিব, যাতে যাত্ৰীসকলে ভাড়া সম্পৰ্কে স্পষ্ট ধাৰণা লাভ কৰিব পাৰে। আনহাতে, নিয়মীয়া বিমান সেৱা আগবঢ়োৱা সংস্থাসমূহে নিৰ্ধাৰণ কৰা ভাড়াৰ ওপৰত ডিজিচিএই নজৰ ৰাখিব।
ইয়াৰ উপৰি, টিকট বুকিং কৰাৰ সময়ত আৰু টিকটতো যাত্ৰীয়ে পৰিশোধ কৰিবলগীয়া মুঠ ধনৰ পৰিমাণ স্পষ্টভাৱে উল্লেখ কৰাটো বাধ্যতামূলক কৰা হৈছে। বিমান সংস্থাসমূহে মূল ভাড়া, কৰ, বিভিন্ন মাচুল, টিকট বাতিলৰ বাবদ আদায় কৰা ধন, ধন ঘূৰাই দিয়াৰ চৰ্তাৱলী আৰু অন্যান্য প্ৰযোজ্য খৰচৰ সবিশেষ পৃথকে পৃথকে প্ৰকাশ কৰিব লাগিব।
নতুন নিয়মত চৰকাৰক পৰিশোধ কৰিবলগীয়া কৰ আৰু যাত্ৰীসকলক আগবঢ়োৱা বিভিন্ন সেৱা বা সা-সুবিধাৰ বাবদ বিমান সংস্থাসমূহে আদায় কৰা মাচুলৰ মাজতো স্পষ্ট পাৰ্থক্য নিৰ্ধাৰণ কৰা হৈছে।
উল্লেখযোগ্য যে, ১৯৯৪ চনত ভাৰতত বিমানৰ টিকটৰ ভাড়া নিৰ্ধাৰণৰ ব্যৱস্থা নিয়ন্ত্ৰণমুক্ত কৰা হৈছিল। তাৰ পাছৰে পৰা বিমান সংস্থাসমূহে বজাৰৰ পৰিস্থিতি অনুসৰি নিজাববীয়াকৈ টিকটৰ ভাড়া নিৰ্ধাৰণ কৰি আহিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে পূৰ্বৰে পৰা উল্লেখ কৰি আহিছে যে, সাধাৰণতে যাত্ৰীৰ চাহিদা, বিমান পৰিচালনাৰ ব্যয় আৰু টিকট বুকিং কৰাৰ সময়ৰ ওপৰত ভিত্তি কৰি বিমান সংস্থাসমূহে বিভিন্ন হাৰত ভাড়া নিৰ্ধাৰণ কৰে।
পূৰ্বৰ ‘বিমান নিয়ম, ১৯৩৭’ৰ ১৩৫(৪) নং বিধি অনুসৰি, বিমান সংস্থাসমূহে অত্যধিক ভাড়া আদায় কৰা, প্ৰতিযোগিতাত আন সংস্থাক ক্ষতিগ্ৰস্ত কৰাৰ উদ্দেশ্যে অস্বাভাৱিকভাৱে কম ভাড়া নিৰ্ধাৰণ কৰা অথবা কেইটামান সংস্থাৰ আধিপত্যৰ সুযোগ লৈ বজাৰত অনুচিত ব্যৱসায়িক পদ্ধতি অৱলম্বন কৰা বুলি ধৰা পৰিলে ডিজিচিএই প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিব পাৰিছিল।
কিন্তু নতুনকৈ অধিসূচিত ১৯২ নং বিধিত বিমানৰ টিকটৰ ভাড়া নিৰীক্ষণৰ ব্যৱস্থা বাহাল ৰখা হৈছে যদিও অত্যধিক ভাড়া, প্ৰতিযোগিতাবিৰোধী উদ্দেশ্যে কম ভাড়া নিৰ্ধাৰণ বা কেইটামান সংস্থাৰ আধিপত্যৰ দৰে বিষয়সমূহক চৰকাৰী হস্তক্ষেপৰ নিৰ্দিষ্ট কাৰণ হিচাপে পৃথকে উল্লেখ কৰা হোৱা নাই।
অৱশ্যে নতুন নিয়মে অসাধাৰণ পৰিস্থিতিত জনস্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰক বিমানৰ টিকটৰ ভাড়া সম্পৰ্কে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰিছে। এনে হস্তক্ষেপ নিয়মত উল্লেখ কৰা চৰ্ত আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে সীমাবদ্ধ থাকিব।