কহিমা
উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায়িক কাৰ্যকলাপ সম্প্ৰসাৰণৰ লগতে চুবুৰীয়া দেশসমূহৰ বজাৰত নতুন সম্ভাৱনাৰ সন্ধান কৰিবলৈ বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠানসমূহক আহ্বান জনাইছে নাগালেণ্ডৰ শক্তিমন্ত্ৰী কে জি কেনিয়ে। তেওঁ কয় যে, উত্তৰ-পূৰ্বাঞ্চলে ভৱিষ্যতে চুবুৰীয়া দেশসমূহৰ এতিয়াও সম্পূৰ্ণৰূপে বিকশিত নোহোৱা বজাৰসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে ভূমিকা পালন কৰিব পাৰে।
ভাৰতীয় বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাতা সংস্থা (IEEMA)ৰ উদ্যোগত কহিমাত আয়োজিত ‘ELECRAMA 2027’ৰ পূৰ্বপ্ৰস্তুতিমূলক অনুষ্ঠানত ৩ নৱেম্বৰত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেনিয়ে কয় যে, উদ্যোগপতি আৰু সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠানসমূহে কেৱল কলকাতাক কেন্দ্ৰ কৰিয়েই ব্যৱসায়িক পৰিকল্পনা সীমাবদ্ধ নাৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক সম্ভাৱনাসমূহৰ প্ৰতিও গুৰুত্ব দিয়া উচিত। বিশেষকৈ ভাৰত চৰকাৰৰ ‘এক্ট ইষ্ট পলিচী’ আৰু অঞ্চলটোত ক্ৰমাৎ উন্নত হৈ অহা যোগাযোগ ব্যৱস্থাই নতুন বাণিজ্যিক সুযোগৰ সৃষ্টি কৰিছে বুলি তেওঁ উল্লেখ কৰে।
তেওঁ কয় যে, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰে থকা বহু অঞ্চলত এতিয়াও বিদ্যুৎ যোগানৰ পৰ্যাপ্ত আন্তঃগাঁথনি গঢ় লৈ উঠা নাই। কিন্তু সেই অঞ্চলসমূহত গ্ৰাহকৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক সামগ্ৰীৰ ব্যৱসায় সম্প্ৰসাৰণৰ যথেষ্ট সম্ভাৱনা আছে।
নাগালেণ্ডক ব্যৱসায়িক কাৰ্যকলাপ আৰম্ভ কৰাৰ এক উপযুক্ত কেন্দ্ৰ হিচাপে বিবেচনা কৰিবলৈ উদ্যোগপতিসকলক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যখনৰ পৰা চুবুৰীয়া অঞ্চলসমূহলৈ ব্যৱসায় সম্প্ৰসাৰণৰ যথেষ্ট সুযোগ আছে। উন্নত পথ যোগাযোগ আৰু আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ বিকাশে আগন্তুক দিনত এই সম্ভাৱনা অধিক বৃদ্ধি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
ইয়াৰ লগতে ৰাজ্যখনত নতুন উদ্যোগ স্থাপন আৰু বিনিয়োগৰ জৰিয়তে যুৱপ্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈও উদ্যোগপতিসকলক আহ্বান জনায় শক্তিমন্ত্ৰীগৰাকীয়ে।
তেওঁ কয় যে, নাগালেণ্ডত শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ সংখ্যা যথেষ্ট বেছি। আনহাতে, চৰকাৰী চাকৰিত নতুনকৈ নিযুক্তি দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সামৰ্থ্য প্ৰায় সীমাত উপনীত হৈছে। ৰাজ্যখনৰ বিত্তীয় সম্পদৰ এক বৃহৎ অংশ চৰকাৰী কৰ্মচাৰীৰ দৰমহা আৰু মজুৰি আদায়ত ব্যয় হোৱাৰ ফলত অন্যান্য উন্নয়নমূলক কাম-কাজৰ বাবে পৰ্যাপ্ত ধন উপলব্ধ নহয়।
সেয়েহে ব্যক্তিগত খণ্ডৰ উদ্যোগ আৰু বিনিয়োগ বৃদ্ধি কৰাটো ৰাজ্যখনৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে।
নাগালেণ্ডত উদ্যোগ স্থাপনৰ ক্ষেত্ৰত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে কেতবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে বুলি স্বীকাৰ কৰি কেনিয়ে কয় যে, ৰাজ্য চৰকাৰে বিনিয়োগৰ বাবে অধিক শান্তিপূৰ্ণ আৰু অনুকূল পৰিৱেশ গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উদ্যোগ স্থাপন কৰিবলৈ আগ্ৰহী প্ৰতিষ্ঠানসমূহক চৰকাৰৰ ফালৰ পৰা সম্ভৱপৰ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।
ইফালে, অনুষ্ঠানত উপস্থিত থকা নাগালেণ্ডৰ শক্তি বিভাগৰ প্ৰধান সচিব কে ডি ভিজোৱেও বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাতা প্ৰতিষ্ঠানসমূহক নাগালেণ্ডৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত উৎপাদন, সংযোজন আৰু মেৰামতিৰ কেন্দ্ৰ স্থাপনৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
তেওঁ কয় যে, উৎপাদন খণ্ডৰ বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল এতিয়াও দেশৰ আন বহু অঞ্চলৰ তুলনাত পিছপৰি আছে। সেয়েহে বৃহৎ উৎপাদন উদ্যোগ স্থাপন কৰাটো তাৎক্ষণিকভাৱে সম্ভৱ নহ’লেও প্ৰতিষ্ঠানসমূহে আংশিকভাৱে সংযোজিত অৱস্থাত অহা সামগ্ৰীসমূহ সম্পূৰ্ণৰূপে সংযোজন কৰাৰ বাবে সৰু সৰু কেন্দ্ৰ স্থাপনৰ কথা বিবেচনা কৰিব পাৰে।
এনে উদ্যোগসমূহে অঞ্চলটোৰ নিবনুৱা সমস্যা হ্ৰাস কৰাৰ লগতে নতুন প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ভিজোৱে উল্লেখ কৰে। উল্লেখযোগ্য যে ১৯৪৮ চনত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাতা সংস্থা (IEEMA) হৈছে দেশৰ বৈদ্যুতিক আৰু ঔদ্যোগিক ইলেক্ট্ৰনিক সঁজুলি নিৰ্মাতা প্ৰতিষ্ঠানসমূহক প্ৰতিনিধিত্ব কৰা শীৰ্ষস্থানীয় সংগঠন।