কেৱল তীৰ্থস্থান নহয়, মানৱ সেৱাৰ অনন্য নিদৰ্শন ফুৰফুৰা শ্বৰীফ

Story by  atv | Posted by  Munni Begum • 1 Months ago
ফুৰফুৰা শ্বৰীফ
ফুৰফুৰা শ্বৰীফ
 
শম্পী চক্ৰৱৰ্তী পুৰকায়স্থ 
 
হুগলী জিলাৰ জাংগিপাৰা ব্লকৰ এক সৰু অঞ্চল ফুৰফুৰা শ্বৰীফ। আজিৰ তাৰিখত এই স্থান কেৱল পশ্চিমবংগতেই নহয়, সমগ্ৰ পূব ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ ছুফি তীৰ্থস্থান হিচাপে পৰিচিত। প্ৰতি বছৰে লক্ষ লক্ষ ভক্তই ইয়ালৈ প্ৰাৰ্থনা কৰিবলৈ, মনৰ আশা পূৰণৰ অৰ্থে অথবা কিছু আধ্যাত্মিক শান্তিৰ সন্ধানত ঢাপলি মেলে। কিন্তু ফুৰফুৰা শ্বৰীফ কেৱল এটা দৰগাহ বা ধৰ্মীয় সমাৱেশৰ স্থানতে সীমাবদ্ধ নহয়, ইয়াৰ প্ৰকৃত পৰিচয় এক ঐতিহাসিক 'খানকাহ' হিচাপেহে। পুৰুষানুক্রমে চলি অহা এই পৰম্পৰাগত ছুফি প্ৰতিষ্ঠানটোত আধ্যাত্মিক সাধনা, ধৰ্মীয় শিক্ষা, সমাজসেৱা আৰু মানৱীয় মূল্যবোধৰ এক অপূৰ্ব চৰ্চা আজিও সজীৱ হৈ আছে।
 
'খানকাহ' শব্দটো পাৰ্চী ভাষাৰ পৰা উৎপত্তি হৈছে। মধ্যযুগত ছুফি সন্তসকলে কিছুমান আধ্যাত্মিক কেন্দ্ৰ স্থাপন কৰিছিল, য'ত তেওঁলোকে নিজৰ শিষ্যসকলৰ সৈতে বসবাস কৰিছিল আৰু আল্লাহৰ স্মৰণ, জিকিৰ, ধৰ্মীয় শিক্ষা, আত্মশুদ্ধি আৰু সাধাৰণ মানুহৰ সেৱাত ব্ৰতী হৈছিল। এই কেন্দ্ৰসমূহেই পৰৱৰ্তী সময়ত 'খানকাহ' নামেৰে জনাজাত হৈ পৰে। দ্বাদশ শতিকাৰ পৰা ভাৰত উপমহাদেশলৈ ছুফি সন্তসকলৰ আগমনৰ লগে লগে এই পৰম্পৰা বহুলভাৱে বিয়পি পৰে। বংগতো বিভিন্ন স্থানত এনে খানকাহ গঢ় লৈ উঠিছিল আৰু ক্ৰমান্বয়ে ই অঞ্চলটোৰ সামাজিক আৰু ধৰ্মীয় জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰিছিল।
 
ফুৰফুৰা শ্বৰীফ
 
ফুৰফুৰা শ্বৰীফৰ আধুনিক পৰিচয় বিশিষ্ট ইছলামিক পণ্ডিত তথা সমাজ সংস্কাৰক আবু বকৰ ছিদ্দিকীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। ঊনবিংশ শতিকাৰ শেষভাগ আৰু বিংশ শতিকাৰ আৰম্ভণিত তেওঁ ধৰ্মীয় শিক্ষাৰ প্ৰসাৰ, নৈতিক জীৱনযাপন, অন্ধবিশ্বাসৰ বিৰোধিতা আৰু সমাজ সংস্কাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ প্ৰচেষ্টাতেই ফুৰফুৰা শ্বৰীফ এক প্ৰভাৱশালী ধৰ্মীয় আৰু সামাজিক কেন্দ্ৰ হিচাপে গা কৰি উঠিছিল। আজিও তেওঁৰ উত্তৰাধিকাৰীসকলে ইয়াৰ আধ্যাত্মিক আৰু সামাজিক কাম-কাজসমূহ নিষ্ঠাৰে পৰিচালনা কৰি আহিছে।
 
ফুৰফুৰা শ্বৰীফৰ খানকাহত প্ৰতিদিনে কোৰান আৰু হাদিছৰ পাঠ, জিকিৰ, প্ৰাৰ্থনা আৰু ইছলামিক আলোচনা অনুষ্ঠিত হয়। বহু ছাত্ৰই ইয়াত ধৰ্মীয় শিক্ষা গ্ৰহণ কৰে। একে সময়তে, দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকসকলক সেৱা আগবঢ়োৱাটো এই প্ৰতিষ্ঠানটোৰ এক অন্যতম প্ৰধান পৰম্পৰা। ইয়াত মাজে-সময়ে অন্ন বিতৰণ, চিকিৎসা সাহায্য, শৈক্ষিক পদক্ষেপ আৰু বিভিন্ন মানৱীয় কাৰ্যসূচীৰ আয়োজন কৰা হয়। ছুফিবাদৰ মূল মন্ত্ৰ— মানৱ সেৱা, নম্ৰতা, প্ৰেম আৰু সহানুভূতি— এই সকলোবোৰ কাৰ্যকলাপত সুন্দৰকৈ প্ৰতিফলিত হয়।
 
ইছলামিক কেলেণ্ডাৰ অনুসৰি প্ৰতি বছৰে ইয়াত উৰুছ শ্বৰীফ উদযাপন কৰা হয়। এই উপলক্ষে কেৱল পশ্চিমবংগৰ বিভিন্ন জিলাৰ পৰাই নহয়, বিহাৰ, ঝাৰখণ্ড, অসম, ওড়িশা আৰু বাংলাদেশৰ পৰাও অগণন ভক্ত ফুৰফুৰা শ্বৰীফত সমৱেত হয়। এই অনুষ্ঠানত ধৰ্মীয় আলোচনা, কোৰান পাঠ, প্ৰাৰ্থনা সভা আৰু অন্যান্য আধ্যাত্মিক কাৰ্যসূচী অন্তৰ্ভুক্ত থাকে। তদুপৰি, এই বিশাল জনসমাগমে স্থানীয় ব্যৱসায়-বাণিজ্য, পৰিবহন আৰু ক্ষুদ্ৰ অৰ্থনীতিৰ ওপৰতো এক উল্লেখযোগ্য ইতিবাচক প্ৰভাৱ পেলায়।
 
ফুৰফুৰা শ্বৰীফৰ আন এক অনন্য বৈশিষ্ট্য হৈছে ইয়াৰ দীৰ্ঘদিনীয়া সাম্প্ৰদায়িক সম্প্ৰীতিৰ পৰম্পৰা। স্থানীয় লোকসকলৰ মতে, বহু অ-মুছলমান দৰ্শনাৰ্থীয়েও ইয়ালৈ আহি প্ৰাৰ্থনা কৰে। ছুফিবাদৰ মানৱতাবাদী আদৰ্শই মানুহৰ মাজত ধৰ্মীয় বিভাজনৰ পৰিৱৰ্তে পাৰস্পৰিক শ্ৰদ্ধা, সহানুভূতি আৰু শান্তিৰহে প্ৰসাৰ কৰে। সেইবাবেই ফুৰফুৰা শ্বৰীফক দীৰ্ঘদিন ধৰি বংগৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক হিচাপে গণ্য কৰা হয়।
 
ফুৰফুৰা শ্বৰীফ
 
অৱশ্যে, ইতিহাসবিদসকলে আঙুলিয়াই দিয়ে যে ইমান গুৰুত্বপূৰ্ণ এক ছুফি কেন্দ্ৰ হোৱা সত্ত্বেও ফুৰফুৰা শ্বৰীফৰ ইতিহাস, পাণ্ডুলিপি, পুৰণি নথিপত্ৰ আৰু মৌখিক পৰম্পৰাসমূহৰ বেছিভাগেই এতিয়াও উপযুক্তভাৱে লিপিৱদ্ধ কৰা হোৱা নাই। গৱেষণা, সংৰক্ষণ আৰু ডিজিটেল আৰ্কাইভ সৃষ্টিৰ দৰে পদক্ষেপসমূহে এই অমূল্য ঐতিহ্যক ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাত সহায় কৰিব পাৰে।
 
বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাত ফুৰফুৰা শ্বৰীফৰ এই খানকাহ কেৱল মাত্ৰ এটা ধৰ্মীয় প্ৰতিষ্ঠানতেই আৱদ্ধ হৈ থকা নাই। ই হৈ পৰিছে বংগৰ ইতিহাস, সংস্কৃতি, সমাজসেৱা আৰু মানৱীয় মূল্যবোধৰ এক সজীৱ ভঁৰাল। এটা শতিকাতকৈয়ো অধিক কাল ধৰি এই কেন্দ্ৰটোৱে মানৱ সমাজত প্ৰেম, সহানুভূতি আৰু আধ্যাত্মিকতাৰ অমিয়া সুৰ বিলাই আহিছে, যিয়ে ইয়াক বংগৰ সাংস্কৃতিক ঐতিহ্যৰ এক অমূল্য আৰু অবিচ্ছেদ্য অংগ হিচাপে প্ৰতিষ্ঠা কৰিছে।