বৰ্তমানৰ ভাৰতত মৌলানা মৌদুদিৰ 'ৰাজনৈতিক ইছলাম' কিয় অপ্ৰাসংগিক?

Story by  atv | Posted by  Munni Begum • 21 m ago
মৌলানা মৌদুদিৰ প্ৰতিনিধিত্বমূলক ছবি
মৌলানা মৌদুদিৰ প্ৰতিনিধিত্বমূলক ছবি
 
ছাকিব ছেলিম
 
“নিশ্চয়কৈ। ভাৰতৰ মুছলমানসকলক সেই চৰকাৰৰ অধীনত শুদ্ৰ আৰু ম্লেছৰ দৰে ব্যৱহাৰ কৰিলেও আৰু তেওঁলোকৰ ওপৰত মনুৰ আইন প্ৰয়োগ কৰি চৰকাৰত তেওঁলোকৰ সকলো অংশগ্ৰহণ আৰু নাগৰিকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলেও মোৰ কোনো আপত্তি নাথাকিব।” - ১৯৫৩ চনৰ জাষ্টিচ মুনিৰ আয়োগৰ প্ৰতিবেদনত লিপিবদ্ধ মৌলানা চৈয়দ আবুল আলা মৌদুদিৰ এই মন্তব্যটোৱেই আছিল প্ৰথম দৃষ্টান্ত, যিয়ে মোক ভাৰতীয় মুছলমানসকলৰ প্ৰতি মৌদুদিৰ ৰাজনৈতিক ধাৰণাৰ বিষয়ে জানিবলৈ উৎসাহিত কৰিছিল।
 
পাকিস্তানৰ মুখ্য ন্যায়াধীশ জাষ্টিচ মুনিৰে ১৯৫৩ চনত হোৱা আহমেদীয়া-বিৰোধী সংঘৰ্ষৰ তদন্তৰ নেতৃত্ব দিছিল আৰু তেওঁ উল্লেখ কৰিছিল, “জামাত-ই-ইছলামীৰ মতাদৰ্শ একেবাৰে সৰল। সমগ্ৰ বিশ্বতে আল্লাহৰ সাৰ্বভৌমত্ব প্ৰতিষ্ঠা কৰাই হৈছে ইয়াৰ লক্ষ্য, অৰ্থাৎ জামায়াতে যাক 'ইছলাম' বুলি কয়, তেনে এক ধৰ্মীয়-ৰাজনৈতিক ব্যৱস্থা প্ৰতিষ্ঠা কৰা। এই আদৰ্শ লাভৰ বাবে ই কেৱল প্ৰচাৰতেই বিশ্বাস নকৰে, বৰং সাংবিধানিক উপায়েৰে আৰু প্ৰয়োজন সাপেক্ষে বলপ্ৰয়োগ কৰি ৰাজনৈতিক নিয়ন্ত্ৰণ দখল কৰাতো বিশ্বাস কৰে। যিখন চৰকাৰ জামায়াতৰ ধাৰণাৰ ওপৰত আধাৰিত নহয়, উদাহৰণস্বৰূপে যিখন চৰকাৰ এটা 'জাতি' ধাৰণাৰ ওপৰত আধাৰিত, মৌলানা আমিন এহছান ইছলাহীৰ মতে সেয়া এখন 'চয়তানী চৰকাৰ'। আনহাতে, স্বয়ং মৌলানা আবুল আলা মৌদুদিৰ মতে সেয়া হৈছে 'কুফৰ'। এনে চৰকাৰত প্ৰশাসক হিচাপে বা আন কোনো ধৰণে অংশগ্ৰহণ কৰা, অথবা স্ব-ইচ্ছাই এনে ব্যৱস্থাৰ ওচৰত আত্মসমৰ্পণ কৰা সকলো লোকেই পাপী।”
 
 
১৯০৩ চনত ঔৰংগাবাদত জন্মগ্ৰহণ কৰা মৌদুদি আছিল পেছাত এজন সাংবাদিক আৰু তেওঁ ১৯৪১ চনত 'জামাত-ই-ইছলামী' প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ পাকিস্তানৰ ইছলামিক সংবিধানৰ দাবীৰ আঁৰৰ মুখ্য আদৰ্শগত কাণ্ডাৰী হৈ পৰিছিল। 'আল-জিহাদ ফিল ইছলাম' আৰু 'দ্য ইছলামিক ল’ এণ্ড দ্য কনষ্টিটিউচন' গ্ৰন্থ দুখন পঢ়িলে ৰাষ্ট্ৰ সম্পৰ্কে মৌদুদিৰ তত্ত্বৰ ভেটি বুজিব পৰা যায়।
 
আজিৰ পৰা প্ৰায় এশ বছৰ আগতে লিখা এই গ্ৰন্থ দুখন বৰ্তমান সময়ত পঢ়িলে বুজিব পাৰি যে কিয় মৌদুদিৰ ৰাজনৈতিক দৃষ্টিভংগীক (যিটো তেওঁৰ নিজৰ যুক্তিৰ আধাৰত অতি সাৱধানতাৰে আৰু ধাৰাবাহিকভাৱে উপস্থাপন কৰা হৈছিল) ভাৰতীয় সংবিধান বা ২১ শতিকাৰ বিশ্বৰ লগত কোনোমতেই খাপ খুৱাব নোৱাৰি। ইয়াৰ আৰম্ভণিৰ কথাটো একেবাৰে সৰল আছিলঃ সাৰ্বভৌমত্ব কেৱল ঈশ্বৰৰ (আল্লাহৰ) আৰু একমাত্ৰ ঈশ্বৰৰহে।
 
'দ্য ইছলামিক ল’ এণ্ড দ্য কনষ্টিটিউচন' গ্ৰন্থত মৌদুদিয়ে লিখিছে, "ইছলামে ঈশ্বৰৰ বাহিৰে আন কাৰো সাৰ্বভৌমত্ব স্বীকাৰ নকৰে আৰু ফলস্বৰূপে তেওঁৰ বাহিৰে আন কোনো আইন প্ৰণেতাক স্বীকৃতি নিদিয়ে।" যিহেতু একমাত্ৰ ঈশ্বৰহে সাৰ্বভৌম, সেয়েহে কোনো সংসদ বা নাগৰিকৰ সহমতেও আইন প্ৰণয়ন বা সংশোধন কৰিব নোৱাৰে।
 
একেখন গ্ৰন্থতে তেওঁ লিখিছে, "ঈশ্বৰৰ ন্যায়িক সাৰ্বভৌমত্বৰ ভিত্তিত প্ৰতিষ্ঠা হোৱা এখন ৰাষ্ট্ৰই কেতিয়াও কোৰান আৰু চুন্নাহৰ বিৰুদ্ধে গৈ কোনো আইন প্ৰণয়ন কৰিব নোৱাৰে, আনকি যদি ৰাষ্ট্ৰখনৰ জনসাধাৰণৰ সহমতেও তেনে আইন বিচাৰে, তথাপি সেয়া সম্ভৱ নহয়।"
 
তেওঁ বিচৰা ব্যৱস্থাটোৰ বাবে মৌদুদিয়ে এটা নতুন শব্দৰ আৱিষ্কাৰ কৰিছিল। তেওঁ ইয়াক 'গণতন্ত্ৰ' নুবুলি 'থিঅ'-ডেমক্ৰেচি' বা ধৰ্মতান্ত্ৰিক গণতন্ত্ৰ বুলি কৈছিল। তেওঁ লিখিছে, “যদি মোক এটা নতুন শব্দ উদ্ভাৱন কৰিবলৈ অনুমতি দিয়া হয়, তেন্তে মই এই চৰকাৰী ব্যৱস্থাটোক এটা “থিঅ'-ডেমক্ৰেচি” অৰ্থাৎ এক ঐশ্বৰিক গণতান্ত্ৰিক চৰকাৰ বুলি বৰ্ণনা কৰিম। কাৰণ ইয়াৰ অধীনত ঈশ্বৰৰ আধিপত্যৰ মাজত মুছলমানসকলক এক সীমিত জনপ্ৰিয় সাৰ্বভৌমত্ব প্ৰদান কৰা হৈছে... ই এক অৰ্থত ধৰ্মতন্ত্ৰ কাৰণ য'ত ঈশ্বৰ বা তেওঁৰ নবীৰ কোনো স্পষ্ট নিৰ্দেশ ইতিমধ্যে বিদ্যমান, তাত কোনো মুছলমান নেতা, বিধায়িনী দল বা কোনো ধৰ্মীয় পণ্ডিতে স্বাধীনভাৱে মত পোষণ কৰিব নোৱাৰে। আনকি পৃথিৱীৰ সকলো মুছলমান একগোট হ'লেও তাত সামান্যতম সালসলনি কৰাৰ অধিকাৰ কাৰো নাই।”
 
প্ৰতিনিধিত্বমূলক ছবি
 
ইয়াক ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ আৰম্ভণিৰ শাৰীটোৰ লগত ৰিজাই চাওক। "আমি ভাৰতৰ জনসাধাৰণ, ভাৰতবৰ্ষক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে গঢ়ি তুলিবলৈ আৰু ইয়াৰ সকলো নাগৰিকৰ বাবে সুনিশ্চিত কৰিবলৈ দৃঢ় সংকল্পবদ্ধ হৈছো..."
 
ভাৰতৰ গণৰাজ্য বা আন যিকোনো আধুনিক ৰাষ্ট্ৰই কোনো ধৰ্মগ্ৰন্থৰ পৰা নিজৰ কৰ্তৃত্ব লাভ নকৰে। ই প্ৰতিটো ধৰ্মৰ বা ধৰ্মহীন জনসাধাৰণৰ পৰাই এই কৰ্তৃত্ব লাভ কৰে। নিৰ্বাচিত প্ৰতিনিধিৰ দ্বাৰা গঠিত সংসদৰ জৰিয়তে জনসাধাৰণে চৰকাৰ সলনি কৰিব পাৰে আৰু সংবিধান সংশোধন কৰিব পাৰে। অৰ্থাৎ, আইন প্ৰণয়ন বা সংশোধনৰ ক্ষমতা জনসাধাৰণৰ হাততহে অৰ্পণ কৰা হৈছে।
 
মৌদুদিৰ তত্ত্বই এই সম্ভাৱনাক নস্যাৎ কৰাৰ পৰাই আৰম্ভ হয়। তেওঁ এখন আদৰ্শগত ৰাষ্ট্ৰৰ আহ্বান জনাইছিল, য'ত "ৰাষ্ট্ৰখন ভৌগোলিক, বৰ্ণবাদী, ভাষিক বা আন কোনো ভৌতিক ধাৰণাৰ ওপৰত নহয়, বৰং ইছলামিক মতাদৰ্শৰ নীতি আৰু আদৰ্শৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিব।"
 
এটা ধৰ্মৰ মতাদৰ্শৰ ওপৰত গঢ়ি উঠা ৰাষ্ট্ৰ এখনত, সেয়া যিমানেই আন্তৰিকতাৰে পালন কৰা নহওক কিয়, ডেৰশ কোটি নাগৰিকৰ দেশ এখনত ইয়াৰ কোনো স্থান নাই, য'ত হাজাৰটা বেলেগ বেলেগ উপাসনাৰ পদ্ধতি আছে।
 
'দ্য ইছলামিক ল’ এণ্ড দ্য কনষ্টিটিউচন' গ্ৰন্থত তেওঁ আইনী নিৰ্ভুলতাৰে নিৰ্ধাৰণ কৰি দিছে যে এখন ইছলামিক ৰাষ্ট্ৰৰ ভিতৰত অমুছলমানসকলে কি কৰিব পাৰিব আৰু কি কৰিব নোৱাৰিব। মৌদুদিয়ে লিখিছে, "অমুছলমানসকলে গুৰুত্বপূৰ্ণ পদবীসমূহ দখল কৰিব নোৱাৰিব, যিবোৰ পদৰ পৰা ৰাষ্ট্ৰৰ আদৰ্শগত নীতিত প্ৰভাৱ পেলাব পাৰি। কিন্তু তেওঁলোকে সাধাৰণ প্ৰশাসনিক পদবীত অধিষ্ঠিত হ'ব পাৰিব আৰু ৰাষ্ট্ৰৰ সেৱাত কাম কৰিব পাৰিব।”
 
তেওঁৰ মতে, ৰাষ্ট্ৰপ্ৰধান "অৱশ্যেই এজন মুছলমান হ'ব লাগিব।" ১৯৫১ চনৰ জানুৱাৰী মাহত কৰাচীত মৌদুদিয়ে নিজেই আয়োজন কৰা উলেমাসকলৰ এখন সন্মিলনত প্ৰস্তাৱ লোৱা হৈছিল যে "ৰাষ্ট্ৰপ্ৰধানজন সদায় এজন পুৰুষ মুছলমান হ'ব লাগিব যাৰ ধৰ্মপৰায়ণতা, জ্ঞান আৰু বিচাৰবোধৰ ওপৰত জনসাধাৰণৰ বা তেওঁলোকৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ আস্থা থাকে।"
 
আধুনিক যুগৰ যিকোনো ৰাষ্ট্ৰৰ সংবিধানত এনে এটা দফা কল্পনা কৰিবলৈ চেষ্টা কৰকচোন, য'ত দেশৰ সৰ্বোচ্চ পদবীটো এটা নিৰ্দিষ্ট লিংগ, ধৰ্ম বা বৰ্ণৰ মাজত আৱদ্ধ ৰখা হয়।
 
মৌদুদিৰ 'জিম্মি'ৰ ধাৰণাটোৱে এনে অমুছলমানসকলক বুজায় যিসকলক সুৰক্ষা প্ৰদান কৰা হয় যদিও মুছলমান শাসনৰ অধীনত জীয়াই থকাৰ বাবে তেওঁলোকে 'জিজিয়া' কৰ দিবলৈ বাধ্য আৰু তেওঁলোক চিৰদিনৰ বাবে তলতীয়া হৈ থাকে। এনে ধাৰণাৰ কোনো সমকক্ষ ব্যৱস্থা এখন গণৰাজ্যত থাকিব নোৱাৰে য'ত এজন মুছলমান ব্যক্তিয়েও ৰাষ্ট্ৰপতি আৰু মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। ইয়াৰ কাৰণ হ'ল সংবিধানে কোনো নাগৰিককে ধৰ্মৰ ভিত্তিত উচ্চ বা নীচ বুলি স্বীকৃতি নিদিয়ে।
 
যুদ্ধৰ বিষয়ে মৌদুদিয়ে লিখিছে যে কিতাপৰ লোকসকলৰ বিৰুদ্ধে যুদ্ধ চলাব পাৰি "যেতিয়ালৈকে তেওঁলোকে বশ্যতা স্বীকাৰ কৰি স্বেচ্ছাই কৰ নিদিয়ে।" আৰু 'জিজিয়া'ৰ বিষয়ে তেওঁ বৰ্ণনা কৰিছে যে, "ই হৈছে পৰাজিত অমুছলমানসকলৰ ওপৰত আৰোপ কৰা এক কৰ যিসকল মুছলমান ৰাষ্ট্ৰৰ আশ্ৰিত হৈ পৰে।" ৰাষ্ট্ৰসংঘৰ চনদৰ দ্বাৰা একগোট হোৱা আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ সন্মুখত সকলো সমান বুলি গণ্য কৰা (নাগৰিকে যি ভগৱানকেই প্ৰাৰ্থনা নকৰক কিয়) আধুনিক সাৰ্বভৌম ৰাষ্ট্ৰসমূহে বিশ্বাসী আৰু কৰদাতাসকলৰ মাজত মৌদুদিয়ে সৃষ্টি কৰা এই সভ্যতাৰ স্তৰবিভাজনক ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে।
 
মৌলানা মৌদুদিৰ প্ৰতিনিধিত্বমূলক ছবি
 
মৌদুদিয়ে তেওঁৰ আটাইতকৈ কঠোৰ শব্দবোৰ ভাৰতীয় সভ্যতাৰ বাবে সাঁচি ৰাখিছিল। 'আল-জিহাদ ফিল ইছলাম' গ্ৰন্থত মৌদুদিয়ে ধৰ্ম আৰু যুদ্ধৰ তুলনামূলক অধ্যয়নৰ বাবে এটা সম্পূৰ্ণ অধ্যায় উছৰ্গা কৰিছে, আৰু ইয়াতেই তেওঁৰ ৰাজনীতিয়ে ভাৰতৰ সন্মিলিত সমাজ ব্যৱস্থাটোক আটাইতকৈ বেছি আঘাত কৰিছে।
 
বেদৰ পৰা দীঘলীয়া উদ্ধৃতি দি তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে "আৰ্যসকলে তেওঁলোকৰ শত্ৰুসকলক মানুহৰূপী চয়তান আৰু দুষ্ট আত্মা বুলি গণ্য কৰিছিল।" জাতিভেদ প্ৰথাৰ বিষয়ে তেওঁ পোনপটীয়াকৈ লিখিছে, "কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে হিন্দু ধৰ্ম অনুসৰি মানৱতাৰ যি স্তৰবিভাজন কৰা হৈছে, সেয়া কেৱল বৰ্ণবাদৰ ওপৰত ভিত্তি কৰিয়েই কৰা হৈছে, আন কোনো কথাৰ ওপৰত নহয়।"
 
জাতিভেদ প্ৰথাৰ বিষয়ে যিয়েই যি নাভাবক কিয় আৰু ভাৰতৰ সংবিধান খচৰা সমিতিৰ অধ্যক্ষতা কৰা সময়ত ড০ আম্বেদকাৰে ইয়াৰ বিষয়ে ইয়াতকৈয়ো কঠোৰ কথা কৈছিল যদিও, মৌদুদিয়ে কিন্তু হিন্দু চুবুৰীয়াৰ সৈতে সম্পৰ্ক গঢ়াৰ উদ্দেশ্যে এইবোৰ লিখা নাছিল। হিন্দু আৰু মুছলমান যে দুটা সম্পূৰ্ণ পৃথক সভ্যতাৰ অংশ আৰু তেওঁলোকে একেখন চৰকাৰ ভাগ-বতৰা কৰিব নোৱাৰে, তাক প্ৰমাণ কৰিবলৈহে তেওঁ এইবোৰ লিখিছিল।
 
ইয়াত এই কথা মনত ৰখা উচিত যে মৌলানা আবুল কালাম আজাদ আৰু মৌলানা হুছেইন আহমেদ মাদানীৰ দৰে পণ্ডিতসকল, যিসকল কোৰান আৰু হাদিছৰ জ্ঞানত মৌদুদিৰ সমকক্ষ আছিল, তেওঁলোকে ইয়াৰ একেবাৰে বিপৰীত সিদ্ধান্তত উপনীত হৈছিল। তেওঁলোকে জোৰ দি কৈছিল যে 'কওম' আৰু 'মিল্লত' একে বস্তু নহয় আৰু হিন্দু আৰু মুছলমানে মিলি এক ঐক্যবদ্ধ ভাৰতীয় জাতি গঠন কৰিছে। সংবিধান সভাই আজাদ আৰু মাদানীৰ পক্ষ লৈছিল, যেতিয়া ই সিদ্ধান্ত লৈছিল যে প্ৰতিজন নাগৰিকে, তেওঁৰ ধৰ্ম যিয়েই নহওক কিয়, একেজন প্ৰতিনিধিৰ বাবেই একেটা সমষ্টিতে ভোটদান কৰিব।
 
মৌদুদিৰ এই ব্লুপ্ৰিণ্ট বা পৰিকল্পনা বাস্তৱত কিমান অকাৰ্যকৰী আছিল তাৰ এক চূড়ান্ত আৰু বিড়ম্বনাপূৰ্ণ প্ৰমাণ পোৱা যায় স্বয়ং তেওঁৰ নিজৰ সংগঠনটোৰ পৰাই। দেশ বিভাজনৰ পিছত ভাৰতত তেওঁৰ অনুগামীসকলে গঢ়ি তোলা 'জামাত-ই-ইছলামী হিন্দ' অৱশেষত ভাৰতীয় সংবিধানক ৰাজহুৱাভাৱে গ্ৰহণ কৰিবলৈ আৰু ইয়াৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ বাধ্য হৈছিল। যিখন জনতাৰ সাৰ্বভৌমত্বক অস্বীকাৰ কৰি ইয়াৰ প্ৰতিষ্ঠাপকজনে সমগ্ৰ জীৱন পাৰ কৰিছিল, অৱশেষত তেওঁলোকেই তাক সাবটি ল'বলগীয়া লৈছিল।
 
আজিৰ 'জামাত-ই-ইছলামী'-এ ভাৰতীয় গণতন্ত্ৰক মানি লয়, আদালতত গোচৰৰ যুক্তি প্ৰদৰ্শন কৰে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে আৰু মুছলমানসকলৰ মাজত তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে কাম কৰে।
 
(ছাকিব ছেলিম দিল্লীৰ এজন পাব্লিক হিষ্ট'ৰিয়ান বা জন-ইতিহাসবিদ, যিয়ে দিল্লীৰ লালকিল্লাৰ ভিতৰত থকা সংগ্ৰহালয়কে ধৰি কেইবাটাও সংগ্ৰহালয়ৰ গৱেষণাত নেতৃত্ব দিছে আৰু বৰ্তমান তেওঁ 'আৱাজ -দ্য ভইচ'ৰ সৈতে কাম কৰি আছে।)