মালিক আছগৰ হাছমী
কথাটো অলপ আচহুৱা যেন লাগিব পাৰে, কিন্তু ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হোৱা সেই অকথিত ঘটনাটো যদি নহ'লে হয়, তেন্তে আজি চাগে সমগ্ৰ বিশ্বই যিগৰাকী ব্যক্তিক ‘বলীউডৰ বাদশ্বাহ’ বুলি চিনি পায়, সেই নামটো হয়তো কোনো অচিনাকি বাটত হৈ হেৰাই গ’লহেঁতেন। শ্বাহৰুখ খানে আজি যি উচ্চতাত উপনীত হৈছে, তাৰ ভেটি আচলতে স্থাপন হৈছিল ভাৰত-পাকিস্তান বিভাজনৰ সেই ভয়ংকৰ আৰু ৰাজনৈতিক অস্থিৰ সময়ছোৱাত। সেই বিভাজনেই তেওঁৰ পিতৃক নিজৰ জন্মভূমি এৰি যাবলৈ বাধ্য কৰিছিল।
শেহতীয়াকৈ পাকিস্তানত উৰ্দু ভাষাত প্ৰকাশিত "মে কিয়্যু নেহি টুটা?" (মই কিয় ভাঙি নপৰিলোঁ?" শীৰ্ষক এখন গ্ৰন্থত এই ৰহস্যময় ইতিহাসৰ কিছু অকথিত অধ্যায় পোহৰলৈ আহিছে। গ্ৰন্থখনৰ লেখক ড০ মহম্মদ ছুহাইল খান। তেওঁ হাজিক গুলাম আহমদ বিলৌৰৰ সৈতে দুবছৰ ধৰি চলোৱা দীঘলীয়া আলোচনা আৰু ৰেকৰ্ড কৰা কথোপকথনৰ আধাৰত এই সমগ্ৰ কাহিনী লিপিবদ্ধ কৰি উলিয়াইছে।
শিশু অৱস্থাত শ্বাহৰুখ খান পিতৃ-মাতৃ আৰু ভগ্নীৰ সৈতে
এই কাহিনী স্বাধীনতাৰ পূৰ্বৰ সেই সময়ৰ, যেতিয়া খাইবাৰ পাখতুনখোৱাত তেতিয়াৰ নৰ্থ-ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্সত স্বাধীনতাৰ আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। সেই সময়ত তিনিজন যুৱকৰ বন্ধুত্বৰ কাহিনী যথেষ্ট চৰ্চিত আছিল। তেওঁ লোক হৈছে ক্ৰমে শ্বাহৰুখ খানৰ পিতৃ তাজ মহম্মদ, হাজিক গুলাম আহমদ বিলৌৰৰ পিতৃ বিলৌৰ দীন আৰু ড০ আব্দুল কাইয়ুম খান।
তিনিওজনৰ হৃদয়ত ভাৰতৰ স্বাধীনতাৰ সপোন আছিল। তেওঁলোক কংগ্ৰেছৰ লগতে খান আব্দুল গফ্ফাৰ খান, অৰ্থাৎ ‘বাচা খান’ৰ ঐতিহাসিক ‘খুদাই খিদমতগাৰ আন্দোলন’ৰ সৈতেও জড়িত আছিল। দেশপ্ৰেমৰ এক গভীৰ বন্ধনে তিনিওজনক একেলগে বান্ধি ৰাখিছিল।
কিন্তু ১৯৪৭ চনৰ ভাৰত-পাকিস্তানৰ বিভাজনে সলনি কৰি দিছিল সেই সম্পৰ্ক আৰু ৰাজনৈতিক আনুগত্যৰ সমীকৰণ। মুছলিম লীগৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ লগে লগে ৰাজনৈতিক পৰিস্থিতি অনুধাৱন কৰি ড০ কাইয়ুম খানে কংগ্ৰেছৰ সংগ এৰি মহম্মদ আলী জিন্নাৰ সৈতে যোগ দিছিল। বিভাজনৰ পিছত কাইয়ুম খানক খাইবাৰ পাখতুনখোৱাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছিল।
ক্ষমতা লাভ কৰাৰ পিছত কাইয়ুম খানে নিজৰ পুৰণি বন্ধু তাজ মহম্মদ আৰু বিলৌৰ দীনক মুছলিম লীগত যোগদান কৰিবলৈ ৰাজনৈতিকভাৱে তীব্ৰ হেঁচা দিবলৈ আৰম্ভ কৰিছিল। কিন্তু তাজ মহম্মদ আছিল নিজৰ আদৰ্শ আৰু নীতিৰ প্ৰতি অটল থকা এজন ব্যক্তি। কাইয়ুম খানৰ মনত সদায় এটা সন্দেহ আছিল যে, তাজ মহম্মদৰ হৃদয় এতিয়াও ভাৰততে আছে আৰু তেওঁ যিকোনো সময়তে পাকিস্তান এৰি যাব পাৰে।
পাকিস্তানত উৰ্দু ভাষাত প্ৰকাশিত 'মে কিয়্যু নেহি টুটা?' শীৰ্ষক গ্ৰন্থৰ বেটুপাত
বহু হেঁচা প্ৰয়োগ কৰাৰ পিছতো তাজ মহম্মদে নিজৰ আদৰ্শৰ সৈতে আপোচ কৰিবলৈ আৰু মুছলিম লীগত যোগদান কৰিবলৈ অস্বীকাৰ কৰাত তেওঁৰ প্ৰতি কাইয়ুম খানৰ মনোভাৱ ক্ৰমে কঠোৰ হৈ পৰিছিল। তেতিয়াৰ পৰাই আৰম্ভ হৈছিল পুৰণি বন্ধুত্বৰ ঠাইত এক তিক্ততাৰ অধ্যায়।
ড০ কাইয়ুম খানে নিজৰেই পুৰণি বন্ধুক বিভিন্ন ধৰণে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছিল। তাজ মহম্মদৰ বিৰুদ্ধে মিছা গোচৰ ৰুজু কৰা হৈছিল, তেওঁক নিৰ্যাতন কৰা হৈছিল আৰু বাৰে বাৰে কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। ৰাজনৈতিক প্ৰতিহিংসা আৰু এই অপমানজনক আচৰণে তাজ মহম্মদৰ আত্মসন্মানত গভীৰভাৱে আঘাত হানিছিল।
শ্বাহৰুখ খান
অৱশেষত সহ্যৰ সীমা পাৰ হৈ যোৱাত ভগ্ন হৃদয়েৰে তাজ মহম্মদে নিজৰ মাতৃভূমিক বিদায় জনোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁ পেছোৱাৰ এৰি চিৰদিনৰ বাবে ভাৰতত আহি উপস্থিত হৈছিল। ভাৰতলৈ আহি তেওঁ নতুন জীৱনৰ পাতনি মেলিছিল। ইয়াতেই তেওঁ বিবাহপাশত আবদ্ধ হৈছিল আৰু এই ভূমিতেই জন্ম লৈছিল তেওঁৰ পুত্ৰ শ্বাহৰুখ খানে।
গ্ৰন্থখনত ড০ ছুহাইল খানে লিখিছে যে, সেই সময়ত যদি তাজ মহম্মদৰ সৈতে এনে অন্যায় নহ’লহেঁতেন, যদি তেওঁ নিজৰ প্ৰাপ্য সন্মান আৰু মৰ্যাদা লাভ কৰিলেহেঁতেন, তেন্তে হয়তো তেওঁ কেতিয়াও পেছোৱাৰ এৰি ভাৰতলৈ নাহিলেহেঁতেন। আৰু যদি তেওঁ পাকিস্তানতে থাকিলেহেঁতেন? তেন্তে হয়তো শ্বাহৰুখ খান ভাৰতলৈ কেতিয়াও নাহিলেহেঁতেন। আৰু বলীউডেও হয়তো নাপালেহেঁতেন নিজৰ ‘কিং খান’ক। কিয়নো আজিলৈকে পাকিস্তানৰ শিল্প জগতৰ কোনো শিল্পীয়ে ভাৰতৰ ভূমিত শ্বাহৰুখে যি আন্তৰ্জাতিক মৰ্যাদা অৰ্জন কৰিছে, সেয়া লাভ কৰিবলৈ সক্ষম হোৱা নাই।
ইতিহাসৰ এটা কলা অধ্যায়ে তাজ মহম্মদৰ পৰা তেওঁৰ আপোন মাতৃভূমি কাঢ়ি লৈ গৈছিল। কিন্তু সেই একেটা ঘটনাৰ পৰাই যেন ইতিহাসে আন এটা নতুন কাহিনীৰ জন্ম দিছিল। সেই কাহিনী হৈছে শ্বাহৰুখ খানৰ। যিগৰাকী শিল্পীয়ে ভাৰতৰ ভূমিতে থিয় হৈ বিশ্বজুৰি লাভ কৰিলে এক অভূতপূৰ্ব জনপ্ৰিয়তা আৰু খ্যাতি।