শম্পী চক্ৰৱৰ্তী পুৰকায়স্থ
পশ্চিমবংগৰ মালদা জিলাৰ অন্তৰ্গত পাণ্ডুৱা কেৱল এখন সাধাৰণ ঐতিহাসিক চহৰ নহয়; ই হৈছে বংগৰ ছুফি ঐতিহ্য আৰু আধ্যাত্মিকতাৰ অন্যতম উন্নত কেন্দ্ৰ। এসময়ত সমগ্ৰ বংগৰ ৰাজধানী হিচাপে গৌৰৱান্বিত এই অঞ্চলটো মধ্যযুগত ধৰ্মীয় শিক্ষা, আধ্যাত্মিক সাধনা আৰু মানৱ সেৱাৰ এক অনন্য সংগমস্থলীত পৰিণত হৈছিল। এই গৌৰৱোজ্জ্বল ইতিহাসৰ মূলতে আছে দুজন মহান ছুফি সন্তৰ অম্লান স্মৃতি— হজৰত মখদুম শ্বেখ আলাউল হক পাণ্ডৱী (ৰাঃ) আৰু তেখেতৰ সুযোগ্য পুত্ৰ হজৰত নুৰ কুতুবুল আলম (ৰাঃ)। তেওঁলোকে প্ৰতিষ্ঠা কৰা খানকাহ (ছুফিসকলৰ উপাসনা কেন্দ্ৰ) বংগৰ আধ্যাত্মিক ইতিহাসৰ অন্যতম উজ্জ্বল আৰু গৌৰৱময় অধ্যায়, যি আজিও মানৱ প্ৰেমৰ বতৰা বিলাই আছে।
চতুৰ্দশ শতিকাত, যেতিয়া বংগৰ ছুলতানী শাসনৰ ভৰপক সময়, তেতিয়াই মধ্য এছিয়া আৰু পাৰস্যৰ পৰা অহা ছুফি পৰম্পৰাই বংগৰ মাটিত গভীৰভাৱে শিপাবলৈ আৰম্ভ কৰিছিল। এই সময়ছোৱাতেই হজৰত মখদুম শ্বেখ আলাউল হক পাণ্ডৱী (ৰাঃ)-এ পাণ্ডুৱাক আধ্যাত্মিক ভক্তি আৰু মানৱ সেৱাৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল। তেওঁ প্ৰতিষ্ঠা কৰা এই খানকাহ কেৱল উপাসনাৰ স্থান নাছিল; ই আছিল শিক্ষা, সমাজ সংস্কাৰ, দৰিদ্ৰক সেৱা আৰু মানৱীয় মূল্যবোধ চৰ্চাৰ এক ব্যতিক্ৰমী প্ৰতিষ্ঠান।
খানকাহত প্ৰতিদিনে পৱিত্ৰ কোৰান, হাদিছ, ইছলামিক দৰ্শন, ফিকহ (ইছলামিক ন্যায়শাস্ত্ৰ) আৰু নৈতিক শিক্ষাৰ পাঠদান কৰা হৈছিল। দূৰ-দূৰণিৰ পৰা অহা ছাত্ৰ, দৰৱেশ আৰু সাধাৰণ মানুহে তাত আশ্ৰয় আৰু শিক্ষা দুয়োটাই লাভ কৰিছিল। যাত্ৰীসকলক থাকিবলৈ ঠাই আৰু আৰ্তজনক অন্ন দান কৰা হৈছিল। ছুফিবাদৰ মূল মন্ত্ৰ— মানৱ সেৱা, নম্ৰতা, দয়া আৰু আত্মশুদ্ধি— খানকাহৰ প্ৰতিটো কামতে প্ৰতিফলিত হৈছিল।
পিতৃয়ে স্থাপন কৰা ভেটিটোক হজৰত নুৰ কুতুবুল আলম (ৰাঃ)-এ অধিক সুদৃঢ় কৰি তুলিছিল। তেওঁ কেৱল এজন ছুফি সন্তই নাছিল, মধ্যযুগীয় বংগৰ অন্যতম প্ৰভাৱশালী ইছলামিক চিন্তাবিদ আৰু সমাজৰ পথপ্ৰদৰ্শকো আছিল। তেওঁৰ আধ্যাত্মিক প্ৰভাৱ কেৱল বংগৰ সীমাৰ মাজতে আবদ্ধ নাছিল, ই উত্তৰ ভাৰত আৰু সেই সময়ৰ মুছলমান বিশ্বৰ বিভিন্ন প্ৰান্তলৈকে বিয়পি পৰিছিল। বুৰঞ্জীবিদসকলৰ মতে, তেওঁৰ খানকাহ জ্ঞান চৰ্চা, সামাজিক সংগঠন আৰু মানৱীয় কাম-কাজৰ অন্যতম প্ৰধান কেন্দ্ৰ হৈ পৰিছিল।
মালদাৰ পাণ্ডুৱা খানকাহ
ঐতিহাসিক সমলবোৰৰ পৰা জনা যায় যে বংগৰ ছুলতানসকলে এই ছুফি সন্তসকলক গভীৰ শ্ৰদ্ধা কৰিছিল আৰু তেওঁলোকৰ মতামতক যথেষ্ট গুৰুত্ব দিছিল। তথাপি, তেওঁলোকে কেতিয়াও শাসক শ্ৰেণীৰ অংশ হৈ পৰা নাছিল; তাৰ পৰিৱৰ্তে, তেওঁলোকে সাধাৰণ মানুহৰ মাজত থাকি ন্যায়, সততা আৰু মানৱতাৰ আদৰ্শ প্ৰচাৰ কৰিছিল। সেইবাবেই তেওঁলোকৰ খানকাহ সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ বাবে সমানেই শ্ৰদ্ধাৰ আৰু গ্ৰহণযোগ্য স্থান হৈ পৰিছিল।
আজিও পাণ্ডুৱাত থকা হজৰত মখদুম শ্বেখ আলাউল হক পাণ্ডৱী (ৰাঃ) আৰু হজৰত নুৰ কুতুবুল আলম (ৰাঃ)ৰ দৰগাহ আৰু খানকাহলৈ প্ৰতিদিনে অগণন ভক্ত আৰু দৰ্শনাৰ্থীৰ আগমন ঘটে। মুছলমানসকলৰ লগতে আন ধৰ্মৰ লোকসকলেও এই পৱিত্ৰ স্থান দৰ্শন কৰিবলৈ আহে। কোনোৱে প্ৰাৰ্থনা কৰিবলৈ, কোনোৱে মনোকামনা পূৰণৰ বাবে, আকৌ আন কোনোৱে এই ঐতিহ্যক্ষেত্ৰখনৰ ঐতিহাসিক আৰু স্থাপত্যৰ আকৰ্ষণত ইয়ালৈ ঢাপলি মেলে।
মালদাৰ পাণ্ডুৱা খানকাহ
প্ৰতি বছৰে উৰুচ শ্বৰীফৰ সময়ত পাণ্ডুৱা হেজাৰ হেজাৰ মানুহৰ অংশগ্ৰহণেৰে এক বিশাল মহামিলনৰ স্থানলৈ ৰূপান্তৰিত হয়। পাণ্ডুৱাৰ এই ছুফি কেন্দ্ৰবোৰৰ গুৰুত্ব কেৱল ধৰ্মীয় দিশতে আৱদ্ধ নহয়। এইবোৰ ওচৰৰে ঐতিহাসিক সমল যেনে- একলাখী মকবাৰা(সমাধিস্থল), আদিনা মছজিদ আৰু অন্যান্য মধ্যযুগীয় স্থাপত্যৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত। সেয়েহে, পাণ্ডুৱা কেৱল বংগৰ ৰাজনৈতিক ইতিহাসৰ সাক্ষীয়েই নহয়, ই ছুফি দৰ্শন আৰু বহুত্ববাদী সাংস্কৃতিক পৰম্পৰাৰ এক অমূল্য ভঁৰাল। যদিও এই ঐতিহাসিক খানকাহত আজিও ধৰ্মীয় কাম-কাজ অব্যাহত আছে, তথাপি বুৰঞ্জীবিদসকলে অনুভৱ কৰে যে ইয়াৰ বহু প্ৰাচীন লিপি, পাণ্ডুলিপি আৰু মৌখিক ইতিহাস এতিয়াও উপযুক্তভাৱে সংৰক্ষণ কৰা হোৱা নাই। শৃংখলাবদ্ধ গৱেষণা, বিজ্ঞানসন্মত সংৰক্ষণ আৰু পৰ্যটন-সহায়ক আন্তঃগাঁথনিৰ বিকাশ ঘটিলে, এই ছুফি ঐতিহ্য দেশ-বিদেশৰ গৱেষক আৰু ইতিহাসপ্ৰেমীসকলৰ মাজত আৰু অধিক পৰিচিত হৈ পৰিব।
সাম্প্ৰতিক সময়ৰ বিভেদকামী আৰু সংঘাতেৰে জৰ্জৰিত পৃথিৱীখনত পাণ্ডুৱাৰ এই খানকাহে আমাক এক গভীৰ সত্য সোঁৱৰাই দিয়ে যে মানুহৰ হৃদয় জয় কৰিব পৰা আটাইতকৈ শক্তিশালী অস্ত্ৰপাত হ'ল প্ৰেম, জ্ঞান, মমতা আৰু নিঃস্বাৰ্থ সেৱা। প্ৰায় সাতশ বছৰ ধৰি হজৰত মখদুম শ্বেখ আলাউল হক পাণ্ডৱী (ৰাঃ) আৰু হজৰত নুৰ কুতুবুল আলম (ৰাঃ)ৰ কালজয়ী শিক্ষাই বংগৰ সমাজত যি সম্প্ৰীতি আৰু মানৱতাৰ বীজ সিঁচি থৈ গৈছিল, তাৰ প্ৰাসংগিকতা আজিও একেই আছে।
মালদাৰ পাণ্ডুৱা খানকাহ
মালদাৰ পাণ্ডুৱাৰ খানকাহ সেয়েহে কেৱল এক ধৰ্মীয় স্থানেই নহয়; ই হৈছে বংগৰ ইতিহাস, ছুফি দৰ্শন, জ্ঞানৰ পোহৰ, মানৱ সেৱা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক চিৰন্তন প্ৰতীক, যিয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মানুহৰ মন আৰু আত্মাক আলোকিত কৰি আহিছে।