মালিক আছগৰ হাছমী
কোৱা হয়, এনে মানুহ খুব কমেই থাকে, যাৰ শেষ ইচ্ছা জীৱনৰ অন্তিম মুহূৰ্তৰ পূৰ্বেই পূৰণ হয়। কিন্তু যদি মই কওঁ যে, এনে এজন মানুহো আছিল, যিয়ে নিজৰ শেষ ইচ্ছা পূৰণ কৰি কৰি এই পৃথিৱীৰ পৰা বিদায় লৈছিল, তেন্তে হয়তো আপোনাৰ আচৰিত লাগিব। হয়, মই ভাৰত ৰত্ন, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু 'মিছাইল মেন' নামেৰে পৰিচিত ড০ এ পি জে আব্দুল কালামৰ কথা কৈছো।
ড০ কালামৰ নাম যেতিয়া আমাৰ মনলৈ আহে, তেতিয়া মনলৈ কি আহে? এগৰাকী মহান বিজ্ঞানী? মিছাইল নিৰ্মাণৰ পথিকৃৎ? পোখৰাণৰ পাৰমাণৱিক শক্তি? নে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰা 'পিপলছ প্ৰেছিডেণ্ট'?
কিন্তু এই সকলো বৃহৎ সফলতাৰ মাজত কেতিয়াবা আপুনি ভাবি চাইছেনে যে, এই মহান ব্যক্তিগৰাকীৰ নিজৰ শেষ ইচ্ছা কি আছিল? তেওঁ 'ভিজন ২০২০' বাস্তৱায়িত হোৱা চাব বিচাৰিছিল নেকি? নে ৰাষ্ট্ৰপতি ভৱনৰ সুখ-সুবিধাৰ মাজতে জীৱনৰ অন্তিম সময় কটাব বিচাৰিছিল?
২০০৮ চনত আই আই এম আহমেদাবাদত ড° কালামৰ ছাত্ৰ হিচাপে সৃজন পাল সিঙৰ প্ৰথম ক্লাছ
যদি আপুনি তেনেকৈ ভাবিছে, তেন্তে অলপ ৰওঁক। সৰলতাৰ প্ৰতিমূৰ্তি, তপস্বীৰ দৰে জীৱন কটোৱা ড০ কালামৰ ইচ্ছা আছিল ইয়াৰ সম্পূৰ্ণ বিপৰীত। তেওঁ অতি সাধাৰণ ব্যক্তিত্বৰ অধিকাৰী আছিল, যদিও গভীৰ অৰ্থপূৰ্ণ আছিল তেওঁৰ জীৱন।
এই কথাৰ আঁৰৰ ৰহস্য উন্মোচন কৰিছে তেওঁৰ ঘনিষ্ঠ সহযোগী সৃজন পাল সিঙে। ২০০৯ চনৰ পৰা ২০১৫ চনলৈ ড০ কালামৰ উপদেষ্টা হিচাপে কাম কৰা সৃজন পাল সিঙে তেওঁৰ সৈতে কেইবাখনো স্মৰণীয় গ্ৰন্থ লিখিছিল। বৰ্তমান তেওঁ কালাম ফাউণ্ডেচনৰ পৰিচালন সঞ্চালক।
সৃজন পাল সিঙে ড০ কালামৰ সৈতে কাম কৰাৰ সময়ৰ এটা ঘটনা উল্লেখ কৰিছে, যিটো তেওঁৰ সৈতে কাম কৰা প্ৰতিগৰাকী যুৱকৰ বাবেই যেন দৈনন্দিন জীৱনৰ এক শিক্ষা আছিল।
ড০ কালামে তেওঁৰ যুৱ সহকৰ্মীসকলক প্ৰায় প্ৰতিদিনে এটা প্ৰশ্ন সুধিছিল যে, "ভৱিষ্যতে তুমি কিহৰ বাবে স্মৰণীয় হৈ থাকিব বিচৰা? এই বিষয়ে তুমি কি ভাবিছা?" তাৰ পিছত তেওঁ পুনৰ কৈছিল, "ইয়াতকৈ আৰু ভাল এটা উত্তৰ ভাবা।"
তেওঁৰ উদ্দেশ্য কেৱল যুৱক-যুৱতীসকলক এটা চাকৰি বা কেৰিয়াৰৰ বিষয়ে চিন্তা কৰিবলৈ বাধ্য কৰা নাছিল। তেওঁ বিচাৰিছিল, প্ৰতিগৰাকী যুৱকে নিজৰ বাবে এক সুস্পষ্ট লক্ষ্য আৰু কৰ্মপন্থা নিৰ্ধাৰণ কৰক, যাতে ভৱিষ্যতে দেশৰ বাবে ভাল কিবা এটা কৰিব পাৰে। তেওঁৰ প্ৰশ্নবোৰে যুৱসকলক নিজকে বিচাৰি উলিয়াবলৈ আৰু নিজৰ লক্ষ্যক অধিক উচ্চ কৰি তুলিবলৈ অনুপ্ৰাণিত কৰিছিল।
যুৱ বিজ্ঞানীসকলৰ উত্তৰো বেলেগ বেলেগ আছিল। কোনোবাই কৈছিল, "মই এগৰাকী ডাঙৰ বিজ্ঞানী হ'ব বিচাৰোঁ।" কোনোবাই কৈছিল, "মই এগৰাকী উৎকৃষ্ট বক্তা হ'ব বিচাৰোঁ।" আনকি কিছুমানে কৈছিল, "মই ৰাজনীতিত আহিব বিচাৰোঁ, কাৰণ দেশক দূৰদৰ্শী নেতাৰ প্ৰয়োজন।"
বিৰল ছবি: যুৱ বিজ্ঞানীসকলৰ সৈতে ড° এ পি জে আব্দুল কালাম
সৃজন পাল সিঙে কয় যে, এদিন ড০ কালামৰ সেই একেটা প্ৰশ্নৰ উত্তৰ দি দি তেওঁৰ এনে লাগিল যে, এতিয়া নতুনকৈ ক'বলৈ যেন একোৱেই বাকী নাই। তেওঁ ভাবিবলৈ ধৰিলে, এই মহান ব্যক্তিগৰাকীক আৰু কি উত্তৰ দিয়া যায়?
সেয়েহে এদিন ড০ কালামে পুনৰ তেওঁৰ সেই পুৰণি প্ৰশ্নটো সোধাত সৃজনে সাহস কৰি ওলোটাই এটা প্ৰশ্ন কৰিলে। তেওঁ সুধিলে, "ছাৰ, প্ৰথমে আপুনিয়েই কওঁকচোন, ভৱিষ্যতে মানুহে আপোনাক কিহৰ বাবে স্মৰণ কৰক বুলি আপুনি "
সৃজনৰ ভয় হৈছিল, হয়তো কালামে তেওঁৰ এই প্ৰশ্নত বেয়া পাব। সেয়েহে তেওঁ লগে লগে চাৰিটা বিকল্পও আগবঢ়ালে।
"ছাৰ, বিকল্প (A)— "স্পেচ মেন অৱ ইণ্ডিয়া", কাৰণ আপুনি মহাকাশলৈ উপগ্ৰহ প্ৰেৰণ কৰিছে?"
"বিকল্প (B)— 'মিছাইল মেন অৱ ইণ্ডিয়া', কাৰণ বহুতে আপোনাক মিছাইল মেন বুলি কয়?"
"বিকল্প (C)— 'নিউক্লিয়াৰ মেন অৱ ইণ্ডিয়া', কাৰণ আপুনি ভাৰতক পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল?"
"নে বিকল্প (D)— 'পিপলছ প্ৰেছিডেণ্ট', কাৰণ দেশৰ মানুহে আপোনাক অন্তৰৰ পৰা ভাল পায়?"
এই চাৰিটা বিকল্প আগবঢ়াই সৃজন পাল সিঙে যেন ড০ কালামৰ উত্তৰটোক এটা সীমাৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰিছিল।
কথাখিনি শুনি ড০ কালামে হাঁহিলে। সেই চিনাকি, নিষ্পাপ হাঁহি। তাৰ পিছত তেওঁ ইংৰাজীত ক’লে এনে এটা বাক্য, যিটো কেৱল সৃজনৰ বাবেই নহয়, সমগ্ৰ যুৱ প্ৰজন্মৰ বাবেই এক গভীৰ শিক্ষা হৈ ৰ'ল।
অলপ ৰৈ ড০ কালামে ক'লে, "সৃজন, মোৰ উত্তৰ এই চাৰিটাৰ এটাও নহয়।"
সৃজন আচৰিত হৈ পৰিল। তেওঁ ভাবিবলৈ ধৰিলে, আৰু কি বাকী থাকিল? তেওঁ কিবা বাদ দিলে নেকি?
তেওঁ পুনৰ সুধিলে, "ছাৰ, মই কিবা বাদ দিলোঁ নেকি?"
কালামে ক'লে, "এই প্ৰশ্নটোৰ আৰু এটা বিকল্প আছে— বিকল্প নম্বৰ (E)।"
অলপ ৰৈ তেওঁ ক'লে, "E মানে Education— শিক্ষা। মই বিচাৰোঁ, পৃথিৱীয়ে মোক এগৰাকী শিক্ষক হিচাপে স্মৰণ কৰক।"
তেওঁ কিয় শিক্ষক হিচাপে স্মৰণীয় হৈ থাকিব বিচাৰিছিল, সেই কথাও ড০ কালামে বুজাইছিল।
সৃজন পাল সিঙৰ পৰিয়ালৰ সৈতে ড° এ পি জে আব্দুল কালাম
তেওঁ কৈছিল, "শিক্ষকেই আনৰ জীৱনত পোহৰ বিলায়। শিক্ষকেই এখন ৰাষ্ট্ৰ গঢ়ি তোলে। শিক্ষকেই ভাৰতক চিকিৎসক, বিজ্ঞানী, অভিযন্তা, ৰাজনৈতিক নেতা আৰু আই এ এছ বিষয়া আদি গঢ়ি দিয়ে।"
ইয়াৰ পিছত তেওঁ কৈছিল, "শিক্ষকেই সমাজ গঢ়ে। দ্ৰোণাচাৰ্যই অৰ্জুনক গঢ়ি তুলিছিল। সেয়েহে মই ভাবোঁ, মোৰ ইচ্ছা হৈছে— ৰাষ্ট্ৰই মোক এগৰাকী শিক্ষক হিচাপে স্মৰণ কৰক।"
ৰাষ্ট্ৰপতি ভৱনৰ পৰা ওলাই অহাৰ পিছদিনাই ড০ কালাম চেন্নাইলৈ ৰাওনা হৈছিল। তেওঁ প্ৰায়ে কৈছিল যে, পঢ়োৱাই তেওঁৰ প্ৰকৃত আবেগ।
তেওঁ ভিজিটিং প্ৰফেছৰ হিচাপে আই আই এম শ্বিলং, আই আই এম আহমেদাবাদ, আৰু আই আই এম ইন্দোৰৰ দৰে প্ৰতিষ্ঠানসমূহ ভিজিটিং প্ৰফেছৰ হিচাপে পৰিদৰ্শন কৰিছিল। অন্না বিশ্ববিদ্যালয়ত তেওঁ এৰ'স্পেচ ইঞ্জিনিয়াৰিঙৰ সন্মানীয় অধ্যাপক হিচাপেও কাম কৰিছিল। তিৰুৱনন্তপুৰমৰ ভাৰতীয় মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIST)ৰ চ্যান্সেলৰ হিচাপে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পথ প্ৰদৰ্শন কৰিছিল।
জীৱনৰ অন্তিম মুহূৰ্তলৈকে ড০ কালাম ছাত্ৰ-ছাত্ৰীৰ সৈতে সাক্ষাৎ কৰি আছিল। ২০১৫ চনৰ ২৭ জুলাইত আই আই এম শ্বিলঙত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বক্তৃতা দি থকাৰ সময়তে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়।
ড০ কালামৰ এই কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে যে, পদ, প্ৰতিপত্তি আৰু সফলতা এফালে, আৰু এগৰাকী শিক্ষকৰ মৰ্যাদা আৰু সমাজ তথা দেশ গঢ়াৰ ভূমিকা আনফালে। জীৱনৰ লক্ষ্য কেৱল এটা ভাল চাকৰি বা সফল কেৰিয়াৰতে সীমাবদ্ধ হ'ব নালাগে। আনৰ জীৱনত পোহৰ বিলোৱা আৰু দেশ গঢ়াৰ কামত নিজৰ অৱদান আগবঢ়োৱাই হ'ব পাৰে জীৱনৰ সৰ্বোচ্চ সাফল্য।
ড০ কালামে সেয়াই নিজৰ জীৱনেৰে দেখুৱাই গৈছে যে, এজন মহান মানুহৰ সৰ্বশ্ৰেষ্ঠ পৰিচয় তেওঁৰ পদ নহয়, তেওঁ আনৰ জীৱনত উজ্বলাই থৈ যোৱা পোহৰ।