ধৰ্মৰ প্ৰাচীৰ নেওচি মানৱতাৰ জয়গানঃ অসমৰ বঙাইগাঁৱত মুছলমান ৰাইজে সম্পন্ন কৰিলে হিন্দু যুৱকৰ শেষকৃত্য
নিকুঞ্জ নাথ / গুৱাহাটী
বৰ্তমানৰ সময়ছোৱাত ধৰ্মীয় মেৰুকৰণ, সামাজিক বিভেদ আৰু বিদ্বেষৰ বাতৰিয়ে প্ৰায়েই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা দেখা যায়। সমাজৰ এনে এক জটিল ক্ষণতে পোহৰলৈ আহিছে মানৱতা আৰু ভাতৃত্ববোধৰ এক সুন্দৰ বাৰ্তা। ধৰ্মীয় সংকীৰ্ণতাৰ প্ৰাচীৰ খহাই এখন গাঁৱৰ মুছলমান সম্প্ৰদায়ৰ লোকে হিন্দু ৰীতি-নীতি আৰু পৰম্পৰা অনুসৰি এজন হিন্দু যুৱকৰ শেষকৃত্য সম্পন্ন কৰি এক অনন্য নিদৰ্শন দাঙি ধৰিছে। সাম্প্ৰদায়িক সম্প্ৰীতি আৰু চিৰন্তন সামাজিক একতাৰ এই হৃদয়স্পৰ্শী ঘটনাটো পোহৰলৈ আহিছে অসমৰ বঙাইগাঁও জিলাৰ পৰা।
এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত আমবাৰী-পাৰেৰচৰ গাঁৱত। উল্লেখ্য যে, এই গাঁওখন এখন মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল। অলপতে গাঁৱখনৰ বাসিন্দা প্ৰতীক ভৌমিক নামৰ এজন হিন্দু যুৱকৰ অকাল মৃত্যু ঘটে। যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰে। কিন্তু ধৰ্মীয় ভিন্নতাই এই শোকাকুল পৰিৱেশত প্ৰাচীৰ থিয় কৰাব নোৱাৰিলে। প্ৰতীক ভৌমিকৰ আকস্মিক বিয়োগৰ পিছতেই স্থানীয় মুছলমান সম্প্ৰদায়ৰ লোকসকল স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহে আৰু শোকসন্তপ্ত পৰিয়ালটোক সান্ত্বনা দিয়াৰ লগতে অন্ত্যেষ্টিক্ৰিয়া আৰু দাহ কৰাৰ যাৱতীয় ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰাত সম্পূৰ্ণ সহায়ৰ হাত আগবঢ়ায়।
মৃত প্ৰতীক ভৌমিকৰ বাসগৃহত সমবেত ৰাইজ
গাঁৱৰ ৰাইজে ধৰ্ম-বৰ্ণ পাহৰি সমূহীয়াকৈ মৃতদেহটো নিজৰ কান্ধত কঢ়িয়াই লৈ যায়। কেৱল সেয়ে নহয়, হিন্দু ধৰ্মীয় পৰম্পৰাক পূৰ্ণ মৰ্যাদা দি ৰাজহুৱা শ্মশানত যাতে শেষকৃত্যৰ সমগ্ৰ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন হয়, তাকো তেওঁলোকে সজোৰে নিশ্চিত কৰে।
সম্প্ৰীতিৰ এই মহান কাৰ্যত অংশগ্ৰহণ কৰি স্থানীয় বাসিন্দা অমৰ আলীয়ে নিজৰ মন্তব্য প্ৰকাশ কৰি কয়, ‘‘প্ৰতীক ভৌমিকৰ মৃত্যুত আমি আমাবাৰীবাসী ৰাইজে শোক প্ৰকাশ কৰিছো আৰু পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো৷ আজি আমি ইয়াৰ জৰিয়তে এই বাৰ্তা অসমবাসীক দিবলৈ বিচাৰিছো যে হিন্দু-মুছলমান বুলি কোনো কথা নাই৷ মৃত ব্যক্তিৰ হকে আমাৰ আমবাৰীৰ ৰাইজে হাতে কামে লাগি তেওঁৰ সৎকাৰ কৰিবলৈ আমি আগবাঢ়িছো৷ আমি আশা কৰিছো, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো প্ৰতীক ভৌমিক যেন স্বৰ্গবাসী হয়৷’’
প্ৰতীক ভৌমিকৰ শৱদেহ সৎকাৰৰ বাবে লৈ যোৱাৰ এটি মুহূৰ্ত
একেদৰে আন এজন স্থানীয় সচেতন বাসিন্দা আবুল কালাম আজাদে অঞ্চলটোৰ সামাজিক বান্ধোনৰ কথা সুঁৱৰি এইদৰে কয়, ‘‘প্ৰয়াত প্ৰতীক হিন্দু পৰিয়ালৰ ব্যক্তি যদিও আমি কেতিয়াও হিন্দু-মুছলমান মনভাৱ ৰখা নাই, আমাৰ আমবাৰী টিলাপাৰা পাহাৰতলী অঞ্চলত এই পৰিয়ালটিৰ সৈতে আমি একেলগে বসবাস কৰি আছো৷ সকলো সমস্যাৰ লগত একেলগে সহযোগ কৰি আহিছো৷ বিভিন্ন সমস্যাৰে মোকাবিলা কৰি আমি সকলোৱে আগবাঢ়ি গৈছো৷ এই পৰিয়ালটিৰ কাম-কাজে আমবাৰীবাসীৰ মনত এটা গভীৰ সাজ বহুৱাই ৰাখিছে, বিশেষকৈ প্ৰয়াত প্ৰতীক ভৌমিকৰ কাম-কাজ আমি সদায় মনত ৰাখিম৷... তেওঁক অকালতে হেৰুৱাই আমি মৰ্মাহত হৈছো৷’’
বৰ্তমান সময়ত হিন্দু-মুছলমানক কেন্দ্ৰ কৰি একাংশ কাৰ্যকলাপৰ বাবে সামাজিক পৰিৱেশ দূষিত হোৱাক লৈ কালামে গভীৰ উদ্বেগ প্ৰকাশ কৰে। ইয়াৰ কু-প্ৰভাৱ যাতে তেওঁলোকৰ অঞ্চলটোৰ শান্তি আৰু সম্প্ৰীতিত কেতিয়াও নপৰে, তাৰ বাবেও তেওঁ সকলোকে সজাগ আৰু ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়।
ধৰ্মীয় সীমাৰেখাক সম্পূৰ্ণভাৱে অতিক্ৰম কৰি বিপদে-আপদে মানুহৰ কাষত থিয় দিয়াৰ এই মহান কাৰ্যই ইতিমধ্যে সমগ্ৰ অঞ্চলটোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বহু সচেতন লোকে আমবাৰী-পাৰেৰচৰ গাঁৱৰ এই পদক্ষেপক বিভিন্ন সম্প্ৰদায়ৰ মাজত যুগ যুগ ধৰি চলি অহা শান্তিপূৰ্ণ সহাৱস্থান আৰু পাৰস্পৰিক শ্ৰদ্ধাবোধৰ এক উৎকৃষ্ট তথা অনন্য উদাহৰণ হিচাপে অভিহিত কৰিছে।
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত যেতিয়া ধৰ্মীয় মেৰুকৰণ আৰু সামাজিক বিভাজনক লৈ নানা বিতৰ্ক তথা উদ্বেগ প্ৰকাশ পাই থকা দেখা যায়, তেনে সময়তে আমবাৰী-পাৰেৰচৰৰ বাসিন্দাসকলে দেখুৱাই দিয়া এই পথ আচলতে প্ৰকৃত মানৱতা, সামাজিক একতা আৰু সাম্প্ৰদায়িক সদিচ্ছাৰ এক সঁচা প্ৰতিফলন।
বঙাইগাঁৱৰ আমবাৰী-পাৰেৰচৰ গাঁৱৰ এই ঘটনাই সমাজলৈ পুনৰবাৰ এই চিৰন্তন সত্যটোকে প্ৰমাণ কৰি পঠিয়ালে যে "মানৱতাৰ কোনো ধৰ্ম নাই, মানুহৰ পৰিচয় মানৱতাহে"। ধৰ্ম কেৱল উপাসনাৰ পদ্ধতি হ'ব পাৰে, কিন্তু ই কেতিয়াও মানুহৰ মাজত প্ৰাচীৰ হ'ব নোৱাৰে। এই গাঁৱৰ ৰাইজে বুকুত হাত দি যি ভাতৃত্ববোধ আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে, সেয়া কেৱল অসমৰে নহয়, সমগ্ৰ বিশ্ব সমাজৰে বাবে এক ডাঙৰ অনুপ্ৰেৰণা।