ফিফা বিশ্বকাপ ২০২৬ঃ সাজু কোৱাৰ্টাৰ ফাইনেলৰ মঞ্চ, ৮ খন দেশৰ মাজত হ’ব মহাৰণ!

Story by  atv | Posted by  Nikunja Nath • 1 h ago
ফিফা বিশ্বকাপ ২০২৬ঃ সাজু কোৱাৰ্টাৰ ফাইনেলৰ মঞ্চ, ৮ খন দেশৰ মাজত হ’ব মহাৰণ!
ফিফা বিশ্বকাপ ২০২৬ঃ সাজু কোৱাৰ্টাৰ ফাইনেলৰ মঞ্চ, ৮ খন দেশৰ মাজত হ’ব মহাৰণ!
 
আৱাজ - দ্য ভইচ / নতুন দিল্লী
 
ফুটবলৰ জ্বৰ এতিয়া তুংগত! ২০২৬ চনৰ ফিফা বিশ্বকাপ এতিয়া আহি এক অতি ৰোমাঞ্চকৰ পৰ্যায়ত উপনীত হৈছেহি। প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ তীব্ৰ প্ৰতিযোগিতামূলক মেচসমূহৰ অন্ত পৰাৰ লগে লগে এতিয়া অন্তিম আঠটা দলৰ ছবিখন সম্পূৰ্ণৰূপে স্পষ্ট হৈ পৰিছে।
 
আৰ্জেণ্টিনাই ইজিপ্তৰ বিৰুদ্ধে চমকপ্ৰদ প্ৰত্যাৱৰ্তন কৰি কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰাৰ বিপৰীতে, ছুইজাৰলেণ্ডে কলম্বিয়াক পেনাল্টী শ্বুটআউটত ৪-৩ গ'লৰ ব্যৱধানত পৰাস্ত কৰি অন্তিম আঠত প্ৰৱেশ কৰিছে। এতিয়া বিশ্ব ফুটবলৰ পুৰণি শক্তিশালী দলসমূহ আৰু নৱাগত দলসমূহৰ মাজত খিতাপ দখলৰ এই যুঁজখন অধিক ৰোমাঞ্চকৰ হৈ পৰিব।
এইবাৰ কোৱাৰ্টাৰ ফাইনেলত এনে কেইবাখনো দেশে স্থান লাভ কৰিছে, যিয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয়ৰ সপোন পুহি ৰাখিছে। ইয়াৰ ভিতৰত মৰক্কো, বেলজিয়াম, নৰৱে আৰু ছুইজাৰলেণ্ড অন্যতম। আনহাতে, আৰ্জেণ্টিনা, ফ্ৰান্স, স্পেইন আৰু ইংলেণ্ডৰ দৰে পৰম্পৰাগতভাৱে শক্তিশালী দলসমূহো খিতাপৰ খিতাপৰ দৌৰত নামি পৰিছে।
 
ফ্ৰান্স বনাম মৰক্কো
 
প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল মেচ ফ্ৰান্স আৰু মৰক্কোৰ মাজত অনুষ্ঠিত হ'ব। কিলিয়ান এমবাপেৰ নেতৃত্বাধীন ফ্ৰান্স দলটো বৰ্তমান দুৰ্দান্ত ফৰ্মত আছে, কিন্তু মৰক্কোকো কোনো কাৰণতে সহজভাৱে ল'লে নচলিব। ২০২২ চনৰ বিশ্বকাপত ছেমিফাইনেলত প্ৰৱেশ কৰি ইতিহাস ৰচনা কৰা প্ৰথমটো আফ্ৰিকান দল মৰক্কোৱে পুনৰবাৰ এক ডাঙৰ অঘটন ঘটোৱাৰ সম্ভাৱনা আছে। অধিনায়ক আশ্ৰফ হাকিমি দলটোৰ আটাইতকৈ ডাঙৰ ভৰসা। এই মেচখন ভাৰতীয় সময় অনুসৰি ১০ জুলাইৰ নিশা ১:৩০ বজাত অনুষ্ঠিত হ'ব।
স্পেইন বনাম বেলজিয়াম
 
দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত ২০১০ চনৰ বিশ্ব চেম্পিয়ন স্পেইনে বেলজিয়ামৰ মুখামুখি হ'ব। লামিন য়ামাল, পেড্ৰি, গাভি, ৰড্ৰি আৰু নিকো উইলিয়ামছৰ দৰে যুৱ তাৰকাৰে সজাই তোলা স্পেনিছ দলটোৱে ক্ৰমাগতভাৱে উন্নত প্ৰদৰ্শন কৰি আহিছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল, গ'লৰক্ষক উনাই ছাইমনে সমগ্ৰ প্ৰতিযোগিতাখনত এতিয়ালৈকে এটাও গল দিয়া নাই। আনহাতে, বেলজিয়ামৰ অভিজ্ঞ খেলুৱৈ ৰোমেলু লুকাকু আৰু কেভিন ডি ব্ৰুইনে প্ৰথমবাৰৰ বাবে নিজৰ দলটোক বিশ্ব চেম্পিয়ন কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব। মেচখন ১১ জুলাইৰ নিশা ১২:৩০ বজাত অনুষ্ঠিত হ'ব।
নৰৱে বনাম ইংলেণ্ড
 
তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল প্ৰতিযোগিতাখনৰ আটাইতকৈ চৰ্চিত মেচ হিচাপে পৰিগণিত হৈছে। এই মেচত নৰৱেৰ তাৰকা ষ্ট্ৰাইকাৰ আৰ্লিং হালেণ্ড আৰু ইংলেণ্ডৰ অধিনায়ক হেৰী কেইন মুখামুখি হ'ব। হালেণ্ডে এতিয়ালৈকে সাতটা গল দি গ'ল্ডেন বুটৰ দৌৰত আগবাঢ়ি থকাৰ বিপৰীতে কেইনে ছটা গল দি তেওঁৰ ঠিক পিছতেই আছে। ইংলেণ্ডৰ যুৱ তাৰকা জুড বেলিংহামো বৰ্তমান সুন্দৰ ফৰ্মত আছে। ভাৰতীয় সময় অনুসৰি এই মেচখন ১২ জুলাইৰ পুৱা ২:৩০ বজাত অনুষ্ঠিত হ'ব।
 
আৰ্জেণ্টিনা বনাম ছুইজাৰলেণ্ড
চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত বৰ্তমানৰ ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডৰ মুখামুখি হ'ব। লিঅ'নেল মেছিৰ নেতৃত্বাধীন আৰ্জেণ্টিনা দলটোৱে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ইজিপ্তৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল যদিও দলটোৱে শেষ মুহূৰ্তত চমকপ্ৰদ প্ৰত্যাৱৰ্তন কৰি জয়লাভ কৰে। আনহাতে, ছুইজাৰলেণ্ডে পেনাল্টী শ্বুটআউটত কলম্বিয়াক পৰাস্ত কৰি ৭২ বছৰৰ দীঘলীয়া বিৰতিৰ পাছত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। মেচখন ১২ জুলাইৰ পুৱা ৬:৩০ বজাত (ভাৰতীয় সময় অনুসৰি) অনুষ্ঠিত হ'ব।
 
২০২৬ চনৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত অভিজ্ঞ আৰু যুৱ খেলুৱৈসকলৰ এক অনবদ্য যুঁজ দেখিবলৈ পোৱা যাব। সমগ্ৰ বিশ্বৰ অগণন ফুটবল অনুৰাগীৰ দৃষ্টি এতিয়া কেৱল এই চাৰিখন মেচৰ ওপৰত নিৱদ্ধ। এই মেচসমূহে কেৱল ছেমিফাইনেলৰ পথেই নিৰ্ণয় নকৰে, বিশ্ব চেম্পিয়ন হোৱাৰ সপোন দেখা দলসমূহৰ প্ৰকৃত পৰীক্ষাও ল'ব। সেয়েহে, এক শ্বাসৰুদ্ধকৰ ফুটবল উৎসৱৰ সাক্ষী হ'বলৈ আপুনিও সাজু হওক!