গুৱাহাটী
অম্বুবাচী নিবৃত্তিৰ লগে লগে শুকুৰবাৰে পুৱা ভক্তৰ বাবে মুকলি কৰা হয় কামাখ্যা মন্দিৰৰ দুৱাৰ৷ যথাবিহিত ৰীতি-নীতিৰে দেৱীৰ পূজাৰ অন্তত মা কামাখ্যা মন্দিৰৰ দুৱা মুকলি কৰি দিয়া হয়৷ মা কামাখ্যাৰ দৰ্শনৰ বাবে নিশাৰ পৰাই লাখ লাখ ভক্তই নীলাচল পাহাৰত ভিৰ কৰা দেখা যায়৷
শুকুৰবাৰে পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই৷ পুৱাতেই ভক্তৰ ৰূপত নীলাচল পাহাৰত দেখা যায় ৰাজ্যপালগৰাকীক৷ কামাখ্যা মন্দিৰত সেৱা জনোৱাৰ অন্তত সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ৰাজ্যপালগৰাকীয়ে৷
তেওঁ কয়, "এই শুভ অনুষ্ঠানৰ পৰা মই ৰাজ্যবাসীলৈ বহুত অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ৷ মই সুখী যে লাখ লাখ লোকে মা কামাখ্যাক সেৱা জনাবলৈ আহিছে, আৰু সকলোৱে মা কামাখ্যাৰ চৰণত আশিস গ্ৰহণ কৰিছে। প্ৰশাসনে সকলোকে দৰ্শনৰ বাবে সুসংগঠিত ব্যৱস্থা কৰিছে।"
অম্বুবাচীত ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছিল আৰক্ষী প্ৰশাসনে৷ এই ক্ষেত্ৰত বান্ধি দিয়া হৈছিল কেতবোৰ নীতি নিৰ্দেশনাও৷ কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ অম্বুবাচীৰ অন্ত পৰাত প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছে ৰাজ্যপালে৷
এইবাৰ কামাখ্যা মন্দিৰত অম্বুবাচীৰ সময়ত প্ৰায় আঠ লাখ ভক্তৰ সমাগম হোৱা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয়, "পৱিত্ৰ অম্বুবাচী মহাযোগৰ সমাপ্তিৰ পাছত আজি পুনৰ ভক্তসকলৰ বাবে মুকলি হৈছে মা কামাখ্যা ধামৰ পৱিত্ৰ দ্বাৰ। নীলাচল পাহাৰত আজি পুনৰ অনুভূত হ'ল আদ্যাশক্তিৰ অপাৰ মহিমা আৰু আধ্যাত্মিক শক্তিৰ স্পন্দন। এই শুভ আৰু মংগলময় ক্ষণত মা কামাখ্যাৰ শ্ৰীচৰণত সকলোৰে সুখ-শান্তি, সমৃদ্ধি আৰু কল্যাণৰ বাবে আন্তৰিক প্ৰাৰ্থনা জনালোঁ। ই অসমৰ ঐতিহ্যত নাৰী শক্তিৰ কেন্দ্ৰীয়তাৰ প্ৰতীক। যোৱা কেইদিনত ৮ লাখৰো অধিক ভক্তই এই অনন্য উদযাপনত অংশগ্ৰহণ কৰে।"
উল্লেখ্য যে, যোৱা ২২ জুনৰ নিশা অম্বুবাচীৰ প্ৰবৃত্তি হয় আৰু ২৫ জুনৰ নিশা নিবৃত্তি ঘটে৷ এই সময়ছোৱাত বন্ধ কৰি ৰখা হৈছিল কামাখ্যা মন্দিৰৰ দুৱাৰ৷ অম্বুবাচী উপলক্ষে কামাখ্যা ধামলৈ আগমণ ঘটে দেশ-বিদেশৰ অগণন ভক্তৰ৷ তদুপৰি সাধু-সন্যাসী, তপস্বী-অঘৰী আদিৰো সোঁত বয় নীলাচললৈ৷
এই সময়ছোৱাত অপৰিসীম শক্তি জাগ্ৰত হয় আৰু সেই শক্তিৰ আভাস লাভৰ বাবে এইসকল সাধু-তপস্বীয়ে মাৰ আৰাধনা কৰে৷ যুগ যুগ ধৰি কামাখ্যাত এইদৰেই চলি আহিছে অম্বুবাচী৷ প্ৰতিবছৰে আহাৰ মাহত অম্বুবাচী পালন কৰা হয়৷