NEET পৰীক্ষাৰ্থীৰ অভিভাৱকৰ বাবে মছজিদসমূহে মুকলি কৰিলে মানৱতাৰ দুৱাৰ

Story by  atv | Posted by  Munni Begum • 53 m ago
NEET পৰীক্ষাৰ্থীৰ অভিভাৱকৰ বাবে মছজিদসমূহে মুকলি কৰিলে মানৱতাৰ দুৱাৰ
NEET পৰীক্ষাৰ্থীৰ অভিভাৱকৰ বাবে মছজিদসমূহে মুকলি কৰিলে মানৱতাৰ দুৱাৰ
 
অনিকা মহেশ্বৰী / নতুন দিল্লী
 
যি সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্ম আৰু পৰিচয়ৰ আধাৰত বৈষম্য বা ভেদাভেদৰ খবৰ সঘনাই পোহৰলৈ আহে, তেনে সময়তে মহাৰাষ্ট্ৰৰ ভিবণ্ডি চহৰখনে মানৱতা, প্ৰেম আৰু সামাজিক একতাৰ এক এনে অনন্য উদাহৰণ দাঙি ধৰিছে, যিয়ে প্ৰতিজন সংবেদনশীল মানুহৰে হৃদয় স্পৰ্শ কৰি গৈছে। ৰাষ্ট্ৰীয় প্ৰাথমিক অৰ্হতা তথা প্ৰৱেশ পৰীক্ষা (NEET)ৰ সময়ত চহৰখনৰ মছজিদসমূহ, মুছলিম সমাজৰ আৱাসিক সমিতিসমূহ আৰু বিভিন্ন সামাজিক সংস্থাসমূহে শ শ পৰীক্ষাৰ্থীৰ অভিভাৱকৰ বাবে নিজৰ দুৱাৰ মুকলি কৰি দিয়ে। ইয়াৰ জৰিয়তে তেওঁলোকে সমাজলৈ এই বাৰ্তা প্ৰেৰণ কৰিলে যে যেতিয়া ল’ৰা-ছোৱালীৰ ভৱিষ্যত আৰু শিক্ষাৰ কথা আহে, তেতিয়া ধৰ্ম, জাতি আৰু সম্প্ৰদায়ৰ প্ৰাচীৰবোৰ স্বয়ংক্ৰিয়ভাৱে সংকুচিত হৈ পৰে।
 
NEET পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে দূৰ-দূৰণিৰ অঞ্চলৰ পৰা হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী নিজৰ পিতৃ-মাতৃ তথা অভিভাৱকৰ সৈতে ভিবণ্ডিত উপস্থিত হৈছিল। পৰীক্ষা কেন্দ্ৰসমূহৰ বাহিৰত প্ৰচণ্ড ৰ’দ, আৰ্দ্ৰ গৰম আৰু কেইবা ঘণ্টাও ধৰি অপেক্ষা কৰিবলগীয়া হোৱা অভিভাৱকসকলৰ দুৰৱস্থা দেখি স্থানীয় মুছলমান সমাজ আগবাঢ়ি আহে। তেওঁলোকে যি ব্যৱস্থা কৰিলে, তাক বৰ্তমান সময়ত সকলোৱে একমুখে প্ৰশংসা কৰিছে।
চহৰখনৰ কেইবাটাও মছজিদ, দাৰুল উলুম দীনিয়াত, মুছলমান আৱাসিক সমিতি আৰু সামাজিক সংগঠনসমূহে অভিভাৱকসকলৰ বহা, জিৰণি লোৱা আৰু সময় অতিবাহিত কৰাৰ বাবে নিজৰ চৌহদসমূহ এৰি দিয়ে। মানুহৰ বাবে শীতল আৰু ছায়াযুক্ত স্থানৰ ব্যৱস্থা কৰা হয়। বহু ঠাইত ফেনৰ সুবিধাযুক্ত ডাঙৰ হলঘৰ মুকলি কৰি দিয়া হয়, য’ত অভিভাৱকসকলে আৰামেৰে বহিব পাৰিছিল। ইয়াৰ উপৰি খোৱা ঠাণ্ডা পানী, চাহ, জলপান আৰু অন্যান্য প্ৰয়োজনীয় সা-সুবিধাসমূহো সম্পূৰ্ণ নিঃস্বাৰ্থভাৱে যোগান ধৰা হৈছিল।
 
এই পদক্ষেপৰ ফলত শ শ অভিভাৱক উপকৃত হয়, তেওঁলোকে প্ৰচণ্ড গৰমত ৰাস্তাৰ কাষত ঘণ্টাব্যাপী থিয় হৈ থকা বা ইফালে-সিফালে ঘূৰি ফুৰাৰ কষ্টৰ পৰা পৰিত্ৰাণ পায়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই সমগ্ৰ ব্যৱস্থাত কোনো ধৰণৰ ধৰ্মীয় বা সামাজিক বৈষম্য কৰা হোৱা নাছিল। হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান- প্ৰতিটো সম্প্ৰদায়ৰ লোকক সমানেই সন্মান আৰু আন্তৰিকতাৰে আদৰণি জনোৱা হৈছিল।
 
এই পৰীক্ষাৰ সময়ত বহু সংখ্যক মহিলাইও নিজৰ সন্তানৰ সৈতে পৰীক্ষা কেন্দ্ৰলৈ আহিছিল। তেওঁলোকৰ বাবেও সুকীয়া আৰু সুৰক্ষিত বহাৰ ব্যৱস্থা কৰা হৈছিল। স্থানীয় স্বেচ্ছাসেৱকসকলে অবিৰতভাৱে অভিভাৱকসকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছিল আৰু তেওঁলোকক নিজৰ ঘৰৰ দৰে এক পৰিৱেশ দিবলৈ সৰ্বাত্মক চেষ্টা চলাইছিল।
 
পৰীক্ষা শেষ হোৱাৰ পিছৰ দৃশ্যটো আছিল অত্যন্ত আৱেগিক আৰু অনুপ্ৰেৰণাদায়ক। বহু হিন্দু অভিভাৱকে মছজিদ পৰিচালনা সমিতি আৰু স্বেচ্ছাসেৱকসকলক হাতযোৰ কৰি ধন্যবাদ জ্ঞাপন কৰে। কিছুমান অভিভাৱক ইমানেই আৱেগিক হৈ পৰিছিল যে তেওঁলোকে শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে মছজিদৰ দায়িত্বত থকা লোকসকলৰ ভৰি চুই আশীৰ্বাদ লয়। এই দৃশ্যই প্ৰমাণ কৰিছিল যে মানৱতাৰ ভাষা কোনো ধৰ্ম, জাতি বা সম্প্ৰদায়ৰ মাজত আবদ্ধ নহয়।
 
NEET পৰীক্ষাৰ্থীৰ অভিভাৱক
 
এগৰাকী অভিভাৱকে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি কয়, "যোৱাবাৰ যেতিয়া আমাৰ ছোৱালীয়ে NEET পৰীক্ষা দিছিল, তেতিয়া আমি এনে কোনো ব্যৱস্থা দেখা নাছিলোঁ। কিন্তু এইবাৰ আমি গোটেই পৰিয়ালটো একেলগে আহিছিলোঁ। বৰষুণ আৰু গৰম দুয়োটাকে লৈ চিন্তিত আছিলোঁ। আমি বুজি পোৱা নাছিলোঁ যে কেইবা ঘণ্টাও ক’ত আশ্ৰয় ল’ম। তেতিয়াই ইয়াত শমা নামৰ এগৰাকী স্বেচ্ছাসেৱিকা আমাৰ দৃষ্টিগোচৰ হ’ল, তেওঁ অতি আন্তৰিকতাৰে আমাক মাতি আনি বহাৰ ব্যৱস্থা দেখুৱাই দিলে।
 
প্ৰথমে আমাক পানী দিয়া হ’ল, তাৰ পিছত জলপানৰ ব্যৱস্থা কৰা হ’ল। জিৰণি ল’বলৈ এটা সুকীয়া কোঠা দিয়া হৈছিল, য’ত বিছনাৰো সুব্যৱস্থা আছিল। আমি কেইবা ঘণ্টাও অতি আৰামেৰে কটালোঁ। আজিকালিৰ যুগত মানৱতাৰ এনে সঁচা ৰূপ খুবেই কম দেখিবলৈ পোৱা যায়। আমাৰ সকলো ভয়, সংকোচ আৰু দুঃচিন্তা ইয়ালৈ অহাৰ পিছত দূৰ হৈ গ’ল। আমি ইয়াত প্ৰকৃত ভাতৃত্ববোধ প্ৰত্যক্ষ কৰিলোঁ। এই অভিজ্ঞতা আমি জীৱনত কেতিয়াও নাপাহৰোঁ আৰু আমাৰ ছোৱালীজনীয়েও ইয়াক সদায় মনত ৰাখিব।"
 
স্থানীয় লোকসকলৰ মতে, মছজিদ পৰিচালনা সমিতিয়ে পূৰ্বতেও এনে ধৰণৰ সামাজিক কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। এই সমগ্ৰ আয়োজনত স্থানীয় জনপ্ৰতিনিধি আৰু সমাজকৰ্মীসকলৰো গুৰুত্বপূৰ্ণ অৱদান আছিল। সকলোৱে মিলি নিশ্চিত কৰিছিল যাতে কোনো এজন অভিভাৱকেও অসুবিধা নাপায় আৰু তেওঁলোকে যাতে সন্তানৰ পৰীক্ষাৰ সময়খিনিত মানসিকভাৱে শান্তিৰে থাকিব পাৰে।
 
আন এজন অভিভাৱকে কয়, "আমি কল্যাণৰ পৰা আহিছোঁ। ইয়াত আমাৰ বাবে বৰ ধুনীয়া ব্যৱস্থা কৰা হৈছিল। আমি ৰ’দত থিয় হৈ থাকিবলগীয়া হোৱা নাছিল। পানী, বহিবলৈ আসন আৰু বাকী সকলো সা-সুবিধা উপলব্ধ আছিল। আটাইতকৈ ডাঙৰ কথাটো হ’ল, ইয়াত সকলো লোককে সমান সন্মান প্ৰদান কৰা হৈছিল।" সামাজিক কৰ্মীসকলৰ মতে, এয়া কেৱল সা-সুবিধা যোগান ধৰাৰ কথাই নাছিল, বৰং সমাজৰ প্ৰতি থকা দায়িত্ববোধ আৰু মানৱতাৰ উচ্চ মূল্যবোধৰ এক পৰিচয় আছিল। যেতিয়া সন্তানসকলে নিজৰ ভৱিষ্যতৰ বাবে সংগ্ৰাম কৰে, তেতিয়া সমাজৰো কৰ্তব্য হৈ পৰে যে তেওঁলোকৰ পৰিয়ালবৰ্গৰ কাষত থিয় দি তেওঁলোকৰ কষ্টখিনি লাঘৱ কৰাৰ চেষ্টা কৰা।
 
 
উল্লেখ্য যে ২১ জুনত অনুষ্ঠিত NEET-UG পৰীক্ষাত সমগ্ৰ দেশৰ পৰা প্ৰায় ২২ লাখতকৈও অধিক পৰীক্ষাৰ্থী অবতীৰ্ণ হৈছিল। নেচনেল টেষ্টিং এজেন্সী (NTA)ৰ দ্বাৰা ভাৰতৰ ৫৫১খন চহৰত অৱস্থিত ৫,৪৪০টা পৰীক্ষা কেন্দ্ৰ আৰু ১৪টা আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত এই পৰীক্ষা পৰিচালনা কৰা হৈছিল। পৰীক্ষা চলি থকাৰ সময়ত অভিভাৱকসকলে বহু ঘণ্টা ধৰি বাহিৰত অপেক্ষা কৰিবলগীয়া হৈছিল, তেনেস্থলত ভিবণ্ডিত গ্ৰহণ কৰা এই মানৱীয় পদক্ষেপে তেওঁলোকক এক বৃহৎ সকাহ দিয়ে।
 
ভিবণ্ডিৰ এই হৃদয়স্পৰ্শী ঘটনাটো কেৱল মাত্ৰ এক সামাজিক সেৱাই নহয়, এয়া ভাৰতবৰ্ষৰ বাৰেচহৰীয়া সাংস্কৃতিক ঐতিহ্য আৰু ঐতিহ্যমণ্ডিত 'গংগা-যমুনা সংস্কৃতি'ৰ এক জীৱন্ত প্ৰতিচ্ছবি। এই ঘটনাই আমাক সোঁৱৰাই দিয়ে যে সমাজত ঘৃণা বা বিভেদৰ চিঞৰ যিমানেই তীব্ৰ নহওক কিয়, প্ৰেম, মানৱতা আৰু ভাতৃত্ববোধৰ শক্তি সদায় তাতকৈ বহুগুণে শক্তিশালী। 
 
মছজিদ, মুছলমান সমাজ আৰু স্থানীয় স্বেচ্ছাসেৱকসকলে কৰা এই কাৰ্যই সমগ্ৰ দেশবাসীলৈ বাৰ্তা দিলে যে এজন ব্যক্তিৰ প্ৰকৃত পৰিচয় তেওঁৰ ধৰ্ম নহয়, বৰং তেওঁৰ চৰিত্ৰ, সংবেদনশীলতা আৰু বিপদে-আপদে আনৰ সহায়ৰ বাবে আগবাঢ়ি অহাৰ উদাৰ মানসিকতাহে। ভিবণ্ডিয়ে সমগ্ৰ দেশৰ চকু মুকলি কৰি দেখুৱাই দিলে যে যেতিয়া বুকুত মানৱতা জীয়াই থাকে, তেতিয়া প্ৰতিখন বন্ধ দুৱাৰ আপোনা আপুনি খোল খাই পৰে আৰু প্ৰতিজন অচিনাকি মানুহো আপোন হৈ পৰে। 
 
আজিৰ সময়ত সমাজক বিভাজনৰ নহয়, একতা আৰু সহযোগিতাৰ প্ৰয়োজন, ভিবণ্ডিৰ এই অনন্য উদাহৰণ অনাগত প্ৰজন্মৰ বাবে এক চিৰন্তন অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব। এই ঘটনাই সদায় প্ৰমাণ কৰি যাব যে শিক্ষা, মানৱতা আৰু প্ৰেমৰ বিশালতাৰ সন্মুখত ধৰ্ম-জাতিৰ সংকীৰ্ণ দেৱালবোৰ চিৰদিনৰ বাবে থৰক-বৰক হৈ পৰে।